পোষ্ট কৰা হৈছে:
21 NOV 2026 11:48AM by PIB Guwahati
চৰকাৰী ক্ৰয়-বিক্ৰয় প’ৰ্টেল চমুকৈ জেম (Government e-Marketplace)-এ চৰকাৰী ক্ৰয় প্ৰক্ৰিয়াত জনজাতীয় উদ্যোগী আৰু প্ৰতিষ্ঠানসমূহৰ অংশগ্ৰহণ শক্তিশালী কৰাৰ লক্ষ্যৰে যোৱা ২০ নৱেম্বৰত ‘জনজাতীয় ভাৰতীয় চেম্বাৰ অব কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী’ (টি আই চি চি আই)-ৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই সহযোগিতাৰ জৰিয়তে বিশেষ প্ৰচাৰ অভিযান, দক্ষতা বিকাশ, পঞ্জীয়নৰ ক্ষেত্ৰত সহায় আৰু নিৰন্তৰ সহযোগিতাৰ ব্যৱস্থাৰে জনজাতীয় ব্যৱসায়সমূহক চৰকাৰী ক্ৰয়ৰ সুযোগৰ সৈতে সংযুক্ত কৰাৰ লক্ষ্য লোৱা হৈছে।
জেম(GeM)-ৰ অতিৰিক্ত মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী অজিত বি. চৱন আৰু টি চি চি আই-ৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ শ্ৰী সুধাকৰ ধৰাৱাথে এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। ইয়াৰ জৰিয়তে জেম(GeM)-ৰ মাধ্যমেৰে চৰকাৰী ক্ৰয় প্ৰক্ৰিয়াত জনজাতীয় উদ্যোগীসকলৰ মাজত সজাগতা বৃদ্ধি, দক্ষতা বিকাশ আৰু অধিক অংশগ্ৰহণ নিশ্চিত কৰাৰ বাবে দুয়োটা প্ৰতিষ্ঠানৰ মাজৰ সহযোগিতাই আনুষ্ঠানিক ৰূপ লাভ কৰে।
এই সহযোগিতা সন্দৰ্ভত জেম(GeM)-ৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী মিহিৰ কুমাৰে কয়, “জনজাতীয় উদ্যোগীসকলৰ বাবে চৰকাৰী ক্ৰয়ৰ সুযোগ সম্প্ৰসাৰিত কৰাৰ দিশত টি চি চি আই-ৰ সৈতে এই অংশীদাৰিত্ব এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। তেওঁলোকৰ মাজত সজাগতা বৃদ্ধি, দক্ষতা গঢ়ি তোলা আৰু জেম(GeM)-ৰ অন্তৰ্ভুক্তিমূলক ব্যৱস্থাত তেওঁলোকৰ অংশগ্ৰহণ অধিক শক্তিশালী কৰাৰ লগতে জেম(GeM)-ৰ স্বচ্ছ আৰু সামগ্ৰিক ক্ৰয় ব্যৱস্থাত তেওঁলোকৰ অংশগ্ৰহণ উন্নত কৰাই আমাৰ লক্ষ্য।”
এই বুজাবুজিৰ চুক্তি অনুসৰি, টি চি চি আই-এ জনজাতীয় উদ্যোগীসকলক চিনাক্ত আৰু সংগঠিত কৰাৰ লগতে আঞ্চলিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত সজাগতা তথা প্ৰচাৰ কাৰ্যসূচী ৰূপায়ণ, ক্ষেত্ৰ পৰ্যায়ত সহায় আগবঢ়োৱা আৰু প্ৰশিক্ষক তথা পৰামৰ্শদাতাৰ নেটৱৰ্ক গঢ়ি তোলাৰ দায়িত্ব পালন কৰিব। আনহাতে, জেম(GeM)-এ প্ৰশিক্ষণৰ সমল, পঞ্জীয়নৰ ক্ষেত্ৰত সহায়, দক্ষতা বিকাশৰ পদক্ষেপ আৰু উপযুক্ত সমস্যা সমাধানৰ ব্যৱস্থাৰ জৰিয়তে এই প্ৰচেষ্টাসমূহলৈ সহযোগিতা আগবঢ়াব। দুয়োটা প্ৰতিষ্ঠানে যৌথভাৱে কৰ্মপৰিকল্পনা প্ৰস্তুত, অগ্ৰগতিৰ পৰ্যালোচনা আৰু উদ্যোগীসকলৰ পৰা লাভ কৰা মতামতৰ ভিত্তিত অংশগ্ৰহণ বৃদ্ধিৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব।
বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানত শ্ৰী অজিত বি. চৱনে কয়, “এই অংশীদাৰিত্বৰ জৰিয়তে বিশেষ প্ৰচাৰ, প্ৰশিক্ষণ আৰু নিৰন্তৰ সহযোগিতাৰ মাধ্যমেৰে জেম(GeM)-ৰ সেৱাক জনজাতীয় উদ্যোগীসকলৰ অধিক কাষ চপাব পৰা হ’ব। ইয়াৰ ফলত তেওঁলোকে চৰকাৰী ক্ৰয়ৰ সুযোগসমূহ অধিক সহজে লাভ কৰিবলৈ সমৰ্থ হ’ব।”
এই সহযোগিতাই বিভিন্ন পটভূমিৰ উদ্যোগসমূহক ৰাষ্ট্ৰীয় চৰকাৰী ক্ৰয় ব্যৱস্থাত অংশগ্ৰহণ আৰু ব্যৱসায়িক বিকাশৰ সুযোগ লাভৰ সুবিধা প্ৰদান কৰি চৰকাৰী ক্ৰয় প্ৰক্ৰিয়াক অধিক অন্তৰ্ভুক্তিমূলক কৰি তোলাৰ ক্ষেত্ৰত জেম(GeM)-ৰ প্ৰতিশ্ৰুতিকে পুনৰ দৃঢ় কৰিছে।
Abhishek Dayal/ Shabbir Azad/ Abhimanyu Panwar/UD