57th International Film Festival of India 2026
20 – 28 Nov 2026

এখন বিশ্ব, অগণন কাহিনী, অসীম আৱেগ: ৫৭ সংখ্যক আইএফএফআই (IFFI)-ৰ বাবে ৰেড কাৰ্পেট পাৰি সাজু গোৱা

চলচ্চিত্ৰ নিৰ্মাণ আৰু সম্পূৰ্ণকৰণৰ কেন্দ্ৰ হিচাপে গোৱাক গঢ়ি তুলিব বিচাৰোঁ: গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে প্ৰকাশ কৰিলে ৰাজ্যখনৰ চলচ্চিত্ৰৰ বাবে ভৱিষ্যৎ পৰিকল্পনা

সত্য, আৱেগ আৰু মনোগ্ৰাহী কাহিনীয়ে সদায় দৰ্শকৰ সৈতে সংযোগ স্থাপন কৰে: ৰবি কিষাণ

চলচ্চিত্ৰ হৈছে ভাৰতৰ কোমল শক্তি (Soft Power) প্ৰকাশৰ অন্যতম শক্তিশালী মাধ্যম: তথ্য আৰু সম্প্ৰচাৰ সচিব চঞ্চল কুমাৰ

এটা কাহিনীয়ে পাৰপত্ৰ অবিহনেই সীমান্ত অতিক্ৰম কৰিব পাৰে: মহোৎসৱৰ সঞ্চালক আশুতোষ গোৱাৰিকৰ

মিউজিক উইদাউট বৰ্ডাৰছ উদযাপনেৰে ২০২৬ চনৰ আইএফএফআই (IFFI)-ত ৰিকি কেজে বিশ্বজুৰি দৰ্শকৰ মন জয় কৰি তুলিলে সুৰৰ লহৰ

পোষ্ট কৰা হৈছে: 20 NOV 2026 9:19PMby PIB Guwahatiৰিলিজ আই ডি : 2339417Views: 2

পোহৰৰ প্ৰথমটো চমকনি আৰু ৰূপালী পৰ্দাত ভাহি উঠা প্ৰথমটো দৃশ্যৰ মাজৰ কোনো এক মুহূৰ্তত সমগ্ৰ পৃথিৱীয়ে একত্ৰিত হোৱাৰ এক কাৰণ বিচাৰি পায়।  গোৱা আজি সেই বিশ্বৰে প্ৰতিচ্ছবি হৈ উঠিছে। আৰব সাগৰৰ চিকমিকনিৰ পটভূমিত গোৱা পুনৰ এবাৰ এখন বিশ্বজনীন মঞ্চলৈ ৰূপান্তৰিত হৈছে, য’ত চলচ্চিত্ৰ নিৰ্মাতা, প্ৰসিদ্ধ চলচ্চিত্ৰ তাৰকা আৰু চলচ্চিত্ৰপ্ৰেমীসকলৰ সমাগম ঘটিছে, বিভিন্ন সংস্কৃতিৰ মিলন ঘটিছে আৰু কল্পনাই মেলিছে নতুন ডেউকা।

 

গোৱাৰ ড° শ্যামাপ্ৰসাদ মুখাৰ্জী ষ্টেডিয়ামত আয়োজিত এক বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠানৰ জৰিয়তে ৫৭ সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI)-ৰ দ্বাৰ মুকলি কৰা হয়। চলন্ত ছবিৰ অসীম যাদু উদযাপনৰ এই আয়োজনত ৮৬খন দেশৰ অংশগ্ৰহণৰ লগতে ১৫০খনতকৈও অধিক চলচ্চিত্ৰ একত্ৰিত হৈছে, যাৰ জৰিয়তে কাহিনীৰ এক বিশাল জগতৰ সৈতে দৰ্শকৰ পৰিচয় ঘটিছে। ‘ষ্ট’ৰিজ উইদাউট বৰ্ডাৰছ (Stories Without Borders)’ শীৰ্ষক মূল বিষয়বস্তুৰ আধাৰত আয়োজিত এইবাৰৰ মহোৎসৱে ভৌগোলিক সীমা অতিক্ৰম কৰা, সাংস্কৃতিক বিভেদ দূৰ কৰা আৰু ভিন্ন কণ্ঠস্বৰক এক উমৈহতীয়া অভিজ্ঞতাৰে সংযুক্ত কৰাৰ ক্ষেত্ৰত চলচ্চিত্ৰৰ অসাধাৰণ শক্তিকে উদযাপন কৰিছে।

সমবেত দৰ্শকসকলক সম্বোধন কৰি গোৱাৰ মুখ্যমন্ত্ৰী ড° প্ৰমোদ সাৱন্তে কয় যে ২২ বছৰতকৈও অধিক সময় ধৰি গোৱাৰ সাংস্কৃতিক বৰ্ষপঞ্জীৰ এক অবিচ্ছেদ্য অংগ হৈ পৰা আইএফএফআই (IFFI)-এ সীমা অতিক্ৰম কৰি বিভিন্ন সংস্কৃতিক একত্ৰিত কৰা চলচ্চিত্ৰৰ শক্তিক উদযাপন কৰি আহিছে। মহোৎসৱৰ মূল বিষয়বস্তুৰ সৈতে ভাৰতৰ চিৰন্তন দৰ্শন ‘বসুধৈৱ কুটুম্বকম’, অৰ্থাৎ সমগ্ৰ বিশ্বই এটা পৰিয়ালৰ সম্পৰ্ক স্থাপন কৰি তেওঁ কয়, “চলচ্চিত্ৰই আমাক বিভিন্ন সংস্কৃতিৰ অভিজ্ঞতা লাভ কৰিবলৈ আৰু আমাক একত্ৰিত কৰা উমৈহতীয়া দিশসমূহ বিচাৰি উলিয়াবলৈ সুযোগ দিয়ে।”

ব্ৰিকছ (BRICS) চলচ্চিত্ৰ শাখাত ৰামায়ণ  অন্তৰ্ভুক্ত হোৱাটো ভাৰতৰ বাবে এক গৌৰৱৰ মুহূৰ্ত বুলি উল্লেখ কৰি তেওঁ ভাৰতীয় চলচ্চিত্ৰৰ সমৃদ্ধি, বিশেষকৈ মাৰাঠী, কোংকণী আৰু গোৱাৰ চলচ্চিত্ৰসমূহ বিশ্বৰ দৰ্শকৰ সন্মুখত তুলি ধৰাৰ ক্ষেত্ৰত আইএফএফআই (IFFI)-ৰ ভূমিকাৰ ওপৰত আলোকপাত কৰে। এই স্বীকৃতিয়ে গোৱাৰ  অধিকসংখ্যক যুৱক-যুৱতীক চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰখনলৈ আহিবলৈ আৰু তেওঁলোকৰ কাহিনীসমূহ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ কাষলৈ লৈ যাবলৈ অনুপ্ৰাণিত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

গোৱাক চলচ্চিত্ৰ নিৰ্মাণৰ এক পূৰ্ণাংগ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনাৰ বিষয়ে উল্লেখ কৰি ড° সাৱন্তে কয়, “আমি গোৱাক এনে এখন ঠাই হিচাপে গঢ়ি তুলিব বিচাৰোঁ, য’ত চলচ্চিত্ৰ নিৰ্মাণৰ লগতে সেইবোৰৰ সম্পূৰ্ণকৰণৰ কামো সম্পন্ন হ’ব।” ৰাজ্যখনৰ চলচ্চিত্ৰ উদ্যোগৰ পৰিৱেশতন্ত্ৰক অধিক শক্তিশালী কৰাৰ বাবে তেওঁ গোৱা চলচ্চিত্ৰ দৃশ্যগ্ৰহণ আইন, ২০২১ (Goa Film Shooting Act, 2021), অনলাইন ছিংগল উইণ্ড’ অনুমোদন ব্যৱস্থা আৰু চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে বিত্তীয় সাহায্য আঁচনিসমূহক কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে উল্লেখ কৰে। লগতে, প্ৰাক্-নিৰ্মাণ, নিৰ্মাণোত্তৰ কাম, ভিএফএক্স (VFX) আৰু চলচ্চিত্ৰ শিক্ষাৰ সুবিধাৰে সমৃদ্ধ এখন ফিল্ম চিটী (Film City) স্থাপনৰ পৰিকল্পনাৰ কথাও তেওঁ ঘোষণা কৰে।

 

এনিমেচন, কৃত্ৰিম বুদ্ধিমত্তা আৰু ভাৰ্চুৱেল প্ৰডাকচনৰ ক্ষেত্ৰত প্ৰযুক্তিৰ অগ্ৰগতিৰ ফলত সৃষ্টি হোৱা নতুন সুযোগসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে বিশ্বৰ চলচ্চিত্ৰ উদ্যোগৰ ক্ৰমবিকাশমান ধাৰাৰ সৈতে খোজ মিলাব পৰাকৈ গোৱাৰ যুৱ সৃষ্টিশীল প্ৰতিভাসকলক প্ৰস্তুত কৰি তোলাই ৰাজ্যখনৰ লক্ষ্য।

‘ষ্ট’ৰিজ উইদাউট বৰ্ডাৰছ (Stories Without Borders)’ শীৰ্ষক মূল বিষয়বস্তু সন্দৰ্ভত বিশিষ্ট অভিনেতা তথা সাংসদ ৰবি কিষাণে কয় যে ভাৰতৰ বিভিন্ন ভাষা আৰু অঞ্চলৰ প্ৰায় ৭০০খন চলচ্চিত্ৰত কাম কৰাৰ অভিজ্ঞতাৰ বাবে এই বিষয়বস্তুৱে তেওঁৰ মন গভীৰভাৱে স্পৰ্শ কৰিছে। তেওঁ উল্লেখ কৰে যে ভাষা বা ভৌগোলিক পৰিচয় যিয়েই নহওক কিয়, দৰ্শকসকল চলচ্চিত্ৰৰ একেই মৌলিক উপাদান—সত্য, আৱেগ আৰু মনোগ্ৰাহী কাহিনীৰ সৈতে সংযুক্ত হয়।

 

 

“পৃথিৱীৰ কোনোবা এটা কোণত জন্ম লোৱা এটা কাহিনীয়ে হাজাৰ হাজাৰ মাইল দূৰৈৰ আন এখন ঠাইতো আপোন ঘৰ বিচাৰি পাব পাৰে। এয়াই চলচ্চিত্ৰৰ যাদু,” বুলি তেওঁ কয়। ইয়াৰ জৰিয়তে সীমা অতিক্ৰম কৰি উমৈহতীয়া মানৱীয় অভিজ্ঞতাৰ সৃষ্টি কৰাৰ চলচ্চিত্ৰৰ শক্তিৰ ওপৰত তেওঁ আলোকপাত কৰে। ভাৰতৰ সজীৱ চলচ্চিত্ৰ উদ্যোগটোক শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ কথাও তেওঁ স্বীকাৰ কৰে। তেওঁ লগতে উল্লেখ কৰে যে ভাৰত বিশ্বৰ সৰ্বাধিক চলচ্চিত্ৰ নিৰ্মাণ কৰা দেশ।

অনুষ্ঠানত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী চঞ্চল কুমাৰে সীমা অতিক্ৰম কৰি বিভিন্ন সংস্কৃতি আৰু দৃষ্টিভংগীক একত্ৰিত কৰাৰ চলচ্চিত্ৰৰ শক্তিৰ ওপৰত আলোকপাত কৰে। আইএফএফআই (IFFI)-ক কেৱল চলচ্চিত্ৰ উদযাপনৰ এক অনুষ্ঠানতকৈও অধিক বুলি অভিহিত কৰি তেওঁ কয়, “এয়া হৈছে বিভিন্ন সংস্কৃতি, ধাৰণা, স্মৃতি আৰু মানৱীয় অভিজ্ঞতাৰ এক মিলনস্থলী।”

 

 “সকলো দিশৰ পৰা আমাৰ ওচৰলৈ মহৎ চিন্তাধাৰা আহক”—ঋকবেদৰ এই বৈদিক চিন্তাধাৰাৰ উদ্ধৃতি দি তেওঁ গুৰুত্ব আৰোপ কৰে যে বিশ্বৰ প্ৰতি মুকলি মনোভাৱে ভাৰতৰ পৰিচয়ক অধিক সমৃদ্ধ কৰে। চলচ্চিত্ৰক ভাৰতৰ কোমল শক্তি (Soft Power) প্ৰকাশৰ অন্যতম শক্তিশালী মাধ্যম বুলি অভিহিত কৰি তেওঁ উল্লেখ কৰে যে সাংস্কৃতিক আদান-প্ৰদানৰ এই ভাবনা ২০২৬ চনৰ আইএফএফআই (IFFI)-ত ৰাছিয়া আৰু স্পেইনৰ বিশেষ চলচ্চিত্ৰ প্ৰদৰ্শনী তথা ব্ৰিকছ (BRICS) ৰাষ্ট্ৰসমূহৰ ২১খন চলচ্চিত্ৰৰ জৰিয়তে প্ৰতিফলিত হৈছে।

এই বছৰৰ ‘ষ্ট’ৰিজ উইদাউট বৰ্ডাৰছ (Stories Without Borders)’ শীৰ্ষক মূল বিষয়বস্তুৰ কথা উল্লেখ কৰি তেওঁ কয়, “পৃথিৱীৰ এটা প্ৰান্তৰ পৰা অহা এটা কাহিনীয়ে আৱেগ, কল্পনা আৰু মানৱীয় অভিজ্ঞতাৰ জৰিয়তে আন এটা প্ৰান্ততো প্ৰৱেশ কৰিব পাৰে।” তেওঁ নতুন প্ৰতিভাৰ কণ্ঠস্বৰ আৰু সকলোকে সামৰি লোৱা কাহিনী কথনৰ প্ৰতি আইএফএফআই (IFFI)-ৰ দায়বদ্ধতাৰ কথাও বিশেষভাৱে উল্লেখ কৰে। এইবাৰৰ মহোৎসৱত ৫২ গৰাকী মহিলা চলচ্চিত্ৰ নিৰ্মাতা আৰু প্ৰথমবাৰৰ বাবে চলচ্চিত্ৰ নিৰ্মাণ কৰা ৬২ গৰাকী পৰিচালকৰ চলচ্চিত্ৰই স্থান লাভ কৰিছে।

এইবাৰৰ মহোৎসৱৰ প্ৰেক্ষাপট সম্পৰ্কে ক’বলৈ গৈ আইএফএফআই (IFFI)-ৰ মহোৎসৱ সঞ্চালক শ্ৰী আশুতোষ গোৱাৰিকৰে অতি-সংযোগে (Hyper-connectivity) প্ৰায়ে সাংস্কৃতিক বিচ্ছিন্নতাৰ সৃষ্টি কৰা এক স্ববিৰোধী সময়ত  ঐক্যবদ্ধ কৰাৰ চলচ্চিত্ৰৰ শক্তিৰ দিশটোত আলোকপাত কৰে। এই বছৰৰ মহোৎসৱৰ ‘ষ্ট’ৰিজ উইদাউট বৰ্ডাৰছ (Stories Without Borders)’ শীৰ্ষক মূল বিষয়বস্তুৰ অন্তৰ্নিহিত দৰ্শন ব্যাখ্যা কৰি তেওঁ দৰ্শকসকলক সোঁৱৰাই দিয়ে যে বিভাজনৰ সৃষ্টি প্ৰায়ে আমি নিজেই কৰোঁ। তেওঁ আঙুলিয়াই দি কয়, “সীমা কেৱল মানচিত্ৰত অংকন কৰা ৰেখাই নহয়। নিজৰ চাৰিওফালে আমি গঢ়ি তোলা অভ্যাসসমূহো একো একোটা সীমা।”

Top of Form

Bottom of Form

 

চলচ্চিত্ৰই কেনেদৰে এই বাধাসমূহ আঁতৰাই পেলাব পাৰে, সেই বিষয়ত আলোকপাত কৰি গোৱাৰিকৰে কয় যে দৰ্শকে যেতিয়া অপৰিচিত ভাষাৰ চলচ্চিত্ৰৰ চৰিত্ৰসমূহৰ সৈতে একাত্মতা অনুভৱ কৰে, তেতিয়া মানুহৰ মাজৰ দূৰত্ব তৎক্ষণাৎ হ্ৰাস পায়। তেওঁ মন্তব্য কৰে, “পাৰপত্ৰ অবিহনেই এই সীমাসমূহ অতিক্ৰম কৰিব পৰা কেইটামান বস্তুৰ ভিতৰত কাহিনী অন্যতম।” এই দৃষ্টিভংগীক বাস্তৱ ৰূপ দিবলৈ এইবাৰৰ আইএফএফআই (IFFI)-ত ৯খন বিশ্বৰ প্ৰথম প্ৰদৰ্শনী,দুখন আন্তঃৰাষ্ট্ৰীয় প্ৰথম প্ৰদৰ্শনী, ২৪খন এছিয়াৰ প্ৰথম প্ৰদৰ্শনী আৰু ১১৬খন ভাৰতৰ প্ৰথম প্ৰদৰ্শনীকে ধৰি চলচ্চিত্ৰৰ এক বিস্তৃত সম্ভাৰ প্ৰদৰ্শন কৰা হৈছে। ইয়াৰ জৰিয়তে ৰাষ্ট্ৰসমূহৰ মাজৰ সীমা, চলচ্চিত্ৰৰ বিভিন্ন যুগ, উদীয়মান প্ৰতিভাৰ কণ্ঠস্বৰ আৰু স্বয়ং প্ৰাণৱন্ত আয়োজক চহৰখনৰ পৰিসৰ অতিক্ৰম কৰিবলৈ সকলোকে এক মুকলি আমন্ত্ৰণ জনোৱা হৈছে।

উদ্বোধনী অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ শ্ৰী সদানন্দ ম্হালু শ্বেট তনাৱড়ে; ছিওলিম সমষ্টিৰ বিধায়িকা তথা গোৱা এণ্টাৰটেইনমেণ্ট ছ’চাইটিৰ উপাধ্যক্ষা শ্ৰীমতী ডেলিলা লোবো; গোৱাৰ মুখ্য সচিব ড° ভি. কান্দাভেলু; ভাৰতৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (NFDC)-ৰ অধ্যক্ষ শ্ৰী জি. কৃষ্ণকুমাৰ; প্ৰসাৰ ভাৰতীৰ অধ্যক্ষ শ্ৰী প্ৰসূন যোশী; ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (NFDC)-ৰ পৰিচালন সঞ্চালক শ্ৰী ধীৰাজ সিং আৰু গোৱা এণ্টাৰটেইনমেণ্ট ছ’চাইটিৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী দীপক বান্দেকাৰ উপস্থিত থাকে।

 

Film personalities including Kartik Aaryan and Sai Pallavi added star power to the opening ceremony.

International Competition Jury Chairman Mr Aanand L. Rai along with jury members Mr. Bogdan Mureșanu, Ms. Sol Berruezo Pichon-Rivière, Ms. María Alejandra Rojas, Mr. Ratchapoom Boonbunchachoke were felicitated in the opening ceremony. Chairperson of Indian Panorama Feature section Shri Madhur Bhandarkar and Chairperson of Non-Feature film section Shri Himanshu Sekhar Khatua were also felicitated.

কাৰ্তিক আৰিয়ান আৰু সাই পল্লৱীকে ধৰি চলচ্চিত্ৰ জগতৰ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিয়ে উদ্বোধনী অনুষ্ঠানৰ আকৰ্ষণ আৰু অধিক বৃদ্ধি কৰে।

উদ্বোধনী অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা শাখাৰ জুৰিৰ অধ্যক্ষ শ্ৰী আনন্দ এল. ৰায়ৰ লগতে জুৰিৰ সদস্য শ্ৰী বগদান মুৰেছানু, শ্ৰীমতী ছল বেৰুছ’ পিশ্বন-ৰিভিয়েৰ, শ্ৰীমতী মাৰিয়া আলেহান্দ্ৰা ৰোহাছ আৰু শ্ৰী ৰতচাপুম বুনবুনচাচ’কেক সম্বৰ্ধনা জনোৱা হয়। ভাৰতীয় পেনোৰামাৰ কাহিনী ছবি শাখাৰ অধ্যক্ষ শ্ৰী মধুৰ ভাণ্ডাৰকাৰ আৰু অ-কাহিনী শাখাৰ অধ্যক্ষ শ্ৰী হিমাংশু শেখৰ খাটুৱাকো সম্বৰ্ধনা জনোৱা হয়।

 

 

 

 

 

 

 

বিশ্বজনীন সংগীতানুষ্ঠানেৰে উদ্বোধনী অনুষ্ঠানৰ আকৰ্ষণ বৃদ্ধি

উদ্বোধনী অনুষ্ঠানত চলচ্চিত্ৰৰ সাৰ্বজনীন ভাষাক উদযাপন কৰি ধাৰাবাহিকভাৱে কেইবাটাও সংগীত আৰু সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয়। তিনিবাৰকৈ গ্ৰেমী বঁটা লাভ কৰা সংগীত পৰিচালক ৰিকি কেজৰ নেতৃত্বত ‘এ ৱৰ্ল্ড অৱ চিনেমা থ্ৰু মিউজিক (A World of Cinema Through Music)’ শীৰ্ষক বিষয়বস্তুৰ আধাৰত পৰিৱেশিত ছিম্ফনিক অৰ্কেষ্ট্ৰাই দৰ্শকসকলক বিভিন্ন সংস্কৃতি আৰু কাহিনী কথনৰ পৰম্পৰাৰ মাজেৰে এক সংগীতময় যাত্ৰালৈ লৈ যায়। ইয়াৰ জৰিয়তে ভাষিক আৰু ভৌগোলিক সীমা অতিক্ৰম কৰাৰ চলচ্চিত্ৰৰ সামৰ্থ্যৰ ওপৰতো আলোকপাত কৰা হয়।

 

 

উদ্বোধনী নিশাৰ আন এক আকৰ্ষণ আছিল ‘মিউজিক উইদাউট বৰ্ডাৰছ (Music Without Borders)’ শীৰ্ষক অনুষ্ঠান। বিভিন্ন দেশৰ সংগীতজ্ঞসকলৰ অংশগ্ৰহণেৰে আয়োজিত এই আন্তঃৰাষ্ট্ৰীয় সংগীত সহযোগিতামূলক পৰিৱেশনত সংগীতৰ পৰম্পৰা, সম্প্ৰীতি আৰু সাংস্কৃতিক আদান-প্ৰদান উদযাপন কৰা হয়।

মহোৎসৱৰ স্বকীয় ময়ূৰৰ প্ৰতীকটো ‘বিয়ণ্ড দ্য ফ্ৰেম (Beyond the Frame)’ শীৰ্ষক এক বিশেষ নৃত্য পৰিৱেশনতো তুলি ধৰা হয়। নৃত্যৰ ছন্দ আৰু কলাত্মক প্ৰকাশভংগীৰ জৰিয়তে এই পৰিৱেশনত আইএফএফআই (IFFI)-ৰ প্ৰতীকটোক জীৱন্ত ৰূপ দিয়া হয়।

 

 

 

 

ৱেভছ ফিল্ম বজাৰৰ গৌৰৱোজ্জ্বল ২০ বছৰ উদযাপন

ভাৰতীয় চলচ্চিত্ৰক বিশ্বজুৰি সুযোগৰ সৈতে সংযোগ স্থাপনৰ দুটা দশক উদযাপনেৰে ২০ সংখ্যক ৱেভছ ফিল্ম বজাৰ (WAVES Film Bazaar)-ৰ শুভাৰম্ভ ২০২৬ চনৰ ২০ নৱেম্বৰত গোৱাত ৫৭ সংখ্যক আইএফএফআই (IFFI)-ৰ সমান্তৰালভাৱে কৰা হয়। উদ্বোধনী অনুষ্ঠানত এক বিশেষ দৃশ্য-শ্ৰাব্য উপস্থাপনৰ জৰিয়তে ইয়াৰ উল্লেখযোগ্য যাত্ৰা আৰু চলচ্চিত্ৰ ব্যৱসায়, যুটীয়া প্ৰযোজনা, বিত্তীয় সাহায্য, নেটৱৰ্কিং তথা বিশ্বজুৰি সহযোগিতাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদান তুলি ধৰা হয়।

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (NFDC)-ৰ উদ্যোগত আয়োজিত ৱেভছ ফিল্ম বজাৰে ২০০৭ চনত ১৮খন দেশৰ ২০৪গৰাকী প্ৰতিনিধিৰ অংশগ্ৰহণেৰে আৰম্ভ কৰা যাত্ৰাৰ পৰা ক্ৰমে এক আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বজাৰলৈ ৰূপান্তৰিত হৈছে। বৰ্তমান ইয়াত ৪০খনতকৈও অধিক দেশৰ ২,৫০০ৰো অধিক চলচ্চিত্ৰ উদ্যোগৰ পেছাদাৰী ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

 

 

 

 

 

 

 

 

 

আইএফএফআই (IFFI)-২০২৬ৰ  আকৰ্ষণসমূহ

৫৭ সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI)-এ  ‘ষ্ট’ৰিজ উইদাউট বৰ্ডাৰছ (Stories Without Borders)’ শীৰ্ষক প্ৰেৰণাদায়ক মূল বিষয়বস্তুৰ আধাৰত ৮৬খন দেশৰ ১৫০খনতকৈও অধিক চলচ্চিত্ৰৰ সমাহাৰেৰে চলচ্চিত্ৰৰ এক বৰ্ণাঢ্য উদযাপনৰ প্ৰতিশ্ৰুতি বহন কৰিছে। ১৩৭খন দেশৰ পৰা লাভ কৰা ১,৯০০ৰো অধিক চলচ্চিত্ৰৰ মাজৰ পৰা নিৰ্বাচিত ছবিসমূহে দৰ্শকক এক মনোগ্ৰাহী চলচ্চিত্ৰ যাত্ৰাৰ অভিজ্ঞতা প্ৰদান কৰিব। মহোৎসৱৰ উদ্বোধনী চলচ্চিত্ৰ হিচাপে ফাদাৰলেণ্ড (Fatherland), মাজভাগৰ বিশেষ চলচ্চিত্ৰ হিচাপে আই মেটাৰ (I Matter) আৰু সামৰণি চলচ্চিত্ৰ হিচাপে উই আৰ অল ষ্ট্ৰেঞ্জাৰ্ছ (We Are All Strangers) প্ৰদৰ্শিত হ’ব।

চলচ্চিত্ৰ উপভোগৰ অভিজ্ঞতাত নতুন মাত্ৰা সংযোজন কৰি এইবাৰৰ মহোৎসৱত দুটা আকৰ্ষণীয় শাখা—এনিমেচন (Animation) আৰু চলচ্চিত্ৰ সম্পৰ্কীয় চলচ্চিত্ৰ (Films About Films) প্ৰৱৰ্তন কৰা হৈছে। স্পেইনে সন্মানীয় দেশ (Country of Honour) হিচাপে বিশেষ স্থান লাভ কৰাৰ বিপৰীতে ৰাছিয়াই সহযোগী দেশ (Partner Country) হিচাপে যোগদান কৰিছে। আনহাতে, ব্ৰিকছ চিনেমা (BRICS Cinema) শাখাই বিশ্বৰ নিত্য-নতুন কাহিনীসমূহৰ বৈচিত্ৰ্যপূৰ্ণ চলচ্চিত্ৰীয় কণ্ঠস্বৰ উদযাপন কৰিছে। ভাৰতীয় পেনোৰামা শাখাত দেশৰ কাহিনী কথনৰ পৰম্পৰাৰ সমৃদ্ধি তুলি ধৰি ১৮টা ভাষাৰ ৭৬খন চলচ্চিত্ৰ অন্তৰ্ভুক্ত কৰা হৈছে।

More than a celebration of films, IFFI 2026 is a confluence of cultures, perspectives and creative voices, reaffirming the power of cinema to transcend borders and bring the world together. Cinema, after all, speaks a language without borders, spins stories without boundaries and sets emotions in motion. As nine days of cinematic discovery unfold, one thing is certain: the world may be divided by borders, but in the dark of a cinema hall, we all dream in the same light.

নতুন প্ৰতিভাক বিকশিত কৰা আৰু সকলোকে সামৰি লোৱা পৰিৱেশ গঢ়ি তোলাৰ প্ৰতি দৃঢ় দায়বদ্ধতাৰে আইএফএফআই (IFFI)২০২৬-ত  ৫২ গৰাকী মহিলা চলচ্চিত্ৰ নিৰ্মাতা আৰু প্ৰথমবাৰৰ বাবে চলচ্চিত্ৰ পৰিচালনা কৰা ৬২ গৰাকী পৰিচালকে বিশেষ গুৰুত্ব লাভ কৰিছে। ক্ৰিয়েটিভ মাইণ্ডছ অৱ টুম’ৰ’ (Creative Minds of Tomorrow)-ৰ ষষ্ঠ সংস্কৰণত ১৩টা কাৰিকৰী শাখাত ১০০ গৰাকী যুৱ চলচ্চিত্ৰ নিৰ্মাতাক পৰামৰ্শ আৰু দিহা-পৰামৰ্শ প্ৰদান কৰা হ’ব, যাৰ জৰিয়তে সৃষ্টিশীলতাৰ পৰৱৰ্তী প্ৰজন্মক শক্তিশালী কৰি তোলা হ’ব। এই পদক্ষেপৰ পৰিপূৰক হিচাপে ১৪টা মাষ্টাৰক্লাছ আৰু পেনেল আলোচনা অনুষ্ঠিত হ’ব, যিয়ে শিক্ষাগ্ৰহণ, সহযোগিতা, মত-বিনিময় আৰু সৃষ্টিশীল আদান-প্ৰদানৰ বাবে এক প্ৰাণৱন্ত মঞ্চ গঢ়ি তুলিব।

চলচ্চিত্ৰৰ উদযাপনতকৈও অধিক, আইএফএফআই (IFFI)-২০২৬ হৈছে বিভিন্ন সংস্কৃতি, দৃষ্টিভংগী আৰু সৃষ্টিশীল কণ্ঠস্বৰৰ এক মিলনস্থলী। ই সীমা অতিক্ৰম কৰি সমগ্ৰ বিশ্বক একত্ৰিত কৰাৰ চলচ্চিত্ৰৰ শক্তিক পুনৰ দৃঢ়তাৰে প্ৰতিপন্ন কৰিছে। কাৰণ, চলচ্চিত্ৰই এনে এক ভাষাৰে কথা কয়, যাৰ কোনো সীমা নাই; ই সীমাহীন কাহিনীৰ সৃষ্টি কৰে আৰু আৱেগ সঞ্চালিত কৰে। চলচ্চিত্ৰৰ মাজেৰে নতুন নতুন অভিজ্ঞতা আৱিষ্কাৰৰ এই নদিনীয়া যাত্ৰা আৰম্ভ হোৱাৰ লগে লগে এটা কথা নিশ্চিত হৈছে—সীমাৰেখাই হয়তো পৃথিৱীক বিভক্ত কৰে, কিন্তু  চলচ্চিত্ৰগৃহৰ আন্ধাৰৰ মাজত আমি সকলোৱে একেই পোহৰতে সপোন দেখোঁ।

 

* * *

PIB IFFI Team | Rajith Chandran/ Supriya Ghaytadak/ Bibin S Nath/ Swadhin / Darshana Rane | IFFI 57 - 042


Great films resonate through passionate voices. Share your love for cinema with #IFFI2026 and #StoriesWithoutBorders. Tag us @pibindia on Instagram and @PIB_India on X, and we will help amplify your festival moments!

For accredited journalists, critics, bloggers, and vloggers seeking 1-on-1 interviews with filmmakers and festival juries, write to us at:
iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Official Release ID: 2339417
•
Media Centre: Goa
•
Festival Dates: Nov 20 – 28, 2026