কৃষি মন্ত্ৰালয়
azadi ka amrit mahotsav

আত্মনিৰ্ভৰশীলতাৰ দিশত ভাৰতৰ ঐতিহাসিক পদক্ষেপ: কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে ভূপালত দেশৰ প্ৰথমটো থলুৱা এইচ৫এন১ বাৰ্ড ফ্লু ভেকচিন ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানৰ

‘বিদেশত ভাৰতক বদনাম কৰাসকলক উচিত প্ৰত্যুত্তৰ: বিশ্বই নতুন, আত্মনিৰ্ভৰশীল আৰু উন্নত ভাৰতক প্ৰত্যক্ষ কৰা উচিত ‘ : শ্ৰী শিৱৰাজ সিং চৌহানে

ভূপালত ৩০০ টকা কোটি ব্যয় সাপেক্ষে অত্যাধুনিক পশু ৰোগ গৱেষণাগাৰ স্থাপনৰ কথা ঘোষণা শ্ৰী শিৱৰাজ সিং চৌহানৰ
প্ৰতি পালিত মাত্ৰ ১-২ টকা মূল্যত উপলব্ধ হ’বলগীয়া থলুৱা বাৰ্ড ফ্লু ভেকচিনে কুকুৰা পালকসকলক ৰোগৰ প্ৰাদুৰ্ভাৱৰ পৰা সুৰক্ষা দিব: শ্ৰী চৌহান

থলুৱা বাৰ্ড ফ্লু ভেকচিন উদ্ভাৱনৰ ক্ষেত্ৰত মাহজোৰা গৱেষণা আৰু অভূতপূৰ্ব দায়বদ্ধতাৰ বাবে বিজ্ঞানীসকলক অভিবাদন জনালে শ্ৰী চৌহানে

পশু ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ ওপৰত আলোকপাত কৰি বৃহৎ সফলতাৰ কৃতিত্ব ৰাষ্ট্ৰীয় টিকাকৰণ অভিযানক দিলে শ্ৰী চৌহানে

ভাৰতৰ প্ৰতিষ্ঠান আৰু বৈজ্ঞানিক সাফল্যক লৈ প্ৰশ্ন উত্থাপন কৰা সমালোচকসকলক উভতি ধৰি শ্ৰী চৌহানে কয় যে দেশৰ অগ্ৰগতিয়েই ইয়াৰ প্ৰমাণ দাঙি ধৰিছে

পোষ্ট কৰা হৈছে: 20 NOV 2026 5:53PM by PIB Guwahati

ভাৰতৰ বৈজ্ঞানিক সামৰ্থ্য আৰু আত্মনিৰ্ভৰশীলতাৰ দিশত দেশৰ অগ্ৰগতিৰ এক বৃহৎ মাইলৰ খুঁটি হিচাপে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ তথা গ্ৰামোন্নয়ন মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে আজি ভূপালত অনুষ্ঠিত এক কাৰ্যসূচীত সাধাৰণতে বাৰ্ড ফ্লু বুলি জনাজাত এভিয়ান ইনফ্লুৱেঞ্জা (এইচ৫এন১)-ৰ বিৰুদ্ধে ভাৰতৰ প্ৰথমটো থলুৱা কুকুৰাৰ ভেকচিন ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। এই উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আনুমানিক ₹ ৩০০ কোটি ব্যয় সাপেক্ষে ভূপালত এটা নতুন অত্যাধুনিক গৱেষণাগাৰ স্থাপনৰ কথা ঘোষণা কৰে। তেওঁ লগতে বিদেশত ভাষণ দিওঁতে ভাৰতৰ সাংবিধানিক প্ৰতিষ্ঠানসমূহ আৰু দেশৰ বিজ্ঞানীসকলৰ সামৰ্থ্যক লৈ প্ৰশ্ন উত্থাপন কৰা বিৰোধী নেতাসকলকো কটাক্ষ কৰে। প্ৰতি পালিত ₹ ১-২ ৰ সুলভ মূল্যত উপলব্ধ হ’বলগীয়া এই ভেকচিনটো হৈছে বাৰ্ড ফ্লুৰ এই বিশেষ প্ৰজাতিটোৰ বিৰুদ্ধে বিশ্বৰ প্ৰথমটো ভেকচিন। ই কুকুৰা পালন খণ্ডত ৰোগ প্ৰতিৰোধ ব্যৱস্থা শক্তিশালী কৰিব, লাখ লাখ কুকুৰা পালকৰ জীৱিকা সুৰক্ষিত কৰিব আৰু পশু ৰোগৰ ফলত হোৱা বিপুল অৰ্থনৈতিক লোকচান হ্ৰাস কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে।

বিদেশত ভাৰতক বদনাম কৰাসকলে নতুন, আত্মনিৰ্ভৰশীল ভাৰতক দেখা উচিত

সমবেত লোকসকলক সম্বোধন কৰি শ্ৰী চৌহানে সেইসকল বিৰোধী নেতাক লক্ষ্য কৰি লয় যিসকলে, তেওঁৰ মতে, আন্তঃৰাষ্ট্ৰীয় মঞ্চত দেশখনক বদনাম কৰিবলৈ চেষ্টা কৰে। তেওঁ কয় যে যিসকলে বিদেশলৈ গৈ নিজৰ দেশকে বদনাম কৰে তেওঁলোকে ভাৰতৰ সাফল্য আৰু দেশৰ বৰ্ধিত বৈজ্ঞানিক সামৰ্থ্যৰ প্ৰতি লক্ষ্য ৰখা উচিত। তেওঁ কয় যে যিসকল লোকে সাংবিধানিক পদত অধিষ্ঠিত হৈয়ো বিদেশত সংবিধানক লৈ প্ৰশ্ন উত্থাপন কৰে, সাংবিধানিক প্ৰতিষ্ঠানসমূহক হেয় প্ৰতিপন্ন কৰে আৰু ভাৰতৰ সশস্ত্ৰ বাহিনী, বিজ্ঞানী তথা কঠোৰ পৰিশ্ৰমী নাগৰিকসকলৰ অৱদানক লৈ সন্দেহ প্ৰকাশ কৰে, তেওঁলোকে আজিৰ পৰিৱৰ্তিত ভাৰতখনক চোৱা উচিত। শ্ৰী চৌহানে স্মৰণ কৰে যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গঠিত এটা টাস্ক ফ’ৰ্চৰ জৰিয়তে ভাৰতীয় বিজ্ঞানীসকলে ইয়াৰ পূৰ্বে মাত্ৰ ন মাহৰ ভিতৰতে দুটা থলুৱা ক’ভিড-১৯ ভেকচিন উদ্ভাৱন কৰি বিশ্ববাসীক আচৰিত কৰি তুলিছিল। দেশৰ প্ৰথমটো থলুৱা বাৰ্ড ফ্লু ভেকচিনৰ উদ্ভাৱন ভাৰতৰ বৈজ্ঞানিক শক্তি আৰু আত্মনিৰ্ভৰশীলতাৰ আন এক নিদৰ্শন বুলি তেওঁ লগতে উল্লেখ কৰে।

ভূপালত স্থাপন হ’ব ₹ ৩০০ কোটি ব্যয় সাপেক্ষ অত্যাধুনিক গৱেষণাগাৰ

ভূপালস্থিত আইচিএআৰ-নেচনেল ইনষ্টিটিউট অব্ হাই ছিকিউৰিটি এনিমেল ডিজিজেছ (এনআইএইচএছএডি)-ৰ সাফল্যৰ ওপৰত আলোকপাত কৰি শ্ৰী চৌহানে চহৰখনৰ বাবে ₹ ৩০০ কোটি ব্যয় সাপেক্ষে এটা নতুন অত্যাধুনিক গৱেষণাগাৰ স্থাপনৰ কথা ঘোষণা কৰে। তেওঁ কয় যে ভূপালস্থিত এই প্ৰতিষ্ঠানটো ভাৰতৰ বৈজ্ঞানিক উৎকৰ্ষতাৰ প্ৰতীক হিচাপে আত্মপ্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে ভেকচিনটো দিল্লীৰ পৰিৱৰ্তে ভূপালত কিয় ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰা হ’ল, সেই বিষয়েও ব্যাখ্যা আগবঢ়ায়। যদিও আৰম্ভণিতে দিল্লীৰ পৰা ভেকচিনটো মুকলি কৰাৰ প্ৰস্তাৱ আছিল, তথাপিও তেওঁ সিদ্ধান্ত লয় যে এই অনুষ্ঠানটো ভূপালত, ইয়াক উদ্ভাৱন কৰিবলৈ দিনে-নিশাই কাম কৰা বিজ্ঞানীসকলৰ মাজত আৰু চহৰখনৰ ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা উচিত। এই সাফল্য এইসকল বিজ্ঞানীৰেই, আৰু যি ঠাইত ভেকচিনটো উদ্ভাৱন কৰা হৈছিল ঠিক সেই ঠাইতেই তেওঁলোকৰ অৱদানক স্বীকৃতি দিয়াটো গুৰুত্বপূৰ্ণ আছিল বুলি তেওঁ উল্লেখ কৰে।

পশুধন হৈছে কৃষকৰ বাবে ‘চলন্ত এটিএম’; থলুৱা ভেকচিনে বছৰি হোৱা ₹ ৫৬,০০০ কোটি টকাৰ লোকচান ৰোধ কৰাত সহায় কৰিব

পশুপালন আৰু কুকুৰা পালনক গ্ৰাম্য অৰ্থনীতিৰ দুটা অতি গুৰুত্বপূৰ্ণ স্তম্ভ বুলি অভিহিত কৰি শ্ৰী চৌহানে কয় যে পশুধন হৈছে কৃষকসকলৰ বাবে ‘চলন্ত এটিএম’-ৰ দৰে, যিয়ে কৃষিৰ সমান্তৰালকৈ তেওঁলোকক নিয়মীয়াকৈ মাহিলী উপাৰ্জনৰ পথ দিয়ে। তেওঁ জানিবলৈ দিয়ে যে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনত (জিডিপি) পশুপালন খণ্ডই ১৪ শতাংশ অৱদান আগবঢ়ায়, আনহাতে কুকুৰা পালন খণ্ডই আগবঢ়ায় ১ শতাংশ।

পশুৰ বিভিন্ন মাৰাত্মক ৰোগে সৃষ্টি কৰা বৃহৎ অৰ্থনৈতিক বোজাৰ বিষয়েও তেওঁ স্পষ্টকৈ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে দাঙি ধৰা তথ্য অনুসৰি, চবকা ৰোগৰ (ফুট এণ্ড মাউথ ডিজিজ) বাবে দেশত বছৰি গড়ে ₹ ২২,০০০ কোটি, লাম্পি স্কিন ডিজিজৰ বাবে ₹ ২০,০০০ কোটি, ব্ৰুচেলোচিছৰ বাবে ₹ ৯,২১২ কোটি আৰু ভেড়া-ছাগলীৰ মাজত হোৱা পিপিআৰ (পেষ্ট ডেছ পেটিটছ ৰুমিনেণ্টছ) ৰোগৰ বাবে ₹ ৪,৬৮৩ কোটি টকাৰ লোকচান হয়। আটাইকেইটা ৰোগ মিলাই দেশ তথা কৃষক সমাজৰ প্ৰায় ₹ ৫৬,০০০ কোটি টকাৰ ক্ষতি হৈ আহিছে। তেওঁ লগতে কয় যে আমাৰ থলুৱা ভেকচিনসমূহে পশুধনক সুৰক্ষা দিয়া, কৃষকৰ আয় সুৰক্ষিত কৰা আৰু এই বিশাল অৰ্থনৈতিক লোকচান কমোৱাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

প্ৰতি পালি ভেকচিনৰ দাম মাত্ৰ ₹ ১-২; ২০০৬ চনৰ পৰা ভাৰতত ৫০০-ৰো অধিক বাৰ বাৰ্ড ফ্লুৰ প্ৰাদুৰ্ভাৱ ঘটিছে

শ্ৰী চৌহানে সোঁৱৰাই দিয়ে যে ২০০৬ চনত মহাৰাষ্ট্ৰৰ নৱাপুৰত ভাৰতত প্ৰথমবাৰৰ বাবে বাৰ্ড ফ্লুৰ প্ৰাদুৰ্ভাৱ ধৰা পৰিছিল, যাৰ ফলত ১০ লাখ কুকুৰাৰ মৃত্যু হৈছিল। সংক্ৰমণ ৰোধ কৰিবলৈ সেই সময়ত অতিৰিক্ত লাখ লাখ চৰাই নিধন কৰি পুতি পেলাবলগীয়া হৈছিল। ইয়াৰ পাছত ২০২১ চনত প্ৰায় ৯ লাখ কুকুৰাৰ মৃত্যু হোৱাৰ লগতে চলিত বৰ্ষতো আন ২ লাখ কুকুৰাৰ মৃত্যু ঘটিছে। ২০০৬ চনৰ পৰা এতিয়ালৈকে ভাৰতত ৫০০-ৰো অধিক বাৰ বাৰ্ড ফ্লুৰ প্ৰাদুৰ্ভাৱ ঘটিছে, যিয়ে কুকুৰা পালন উদ্যোগটোৰ যথেষ্ট ক্ষতিসাধন কৰিছে। এই ৰোগ স্তন্যপায়ী প্ৰাণী আৰু মানুহৰ দেহলৈও বিয়পি পৰাৰ আশংকা থাকে, যাৰ বাবে ইয়াৰ ফলপ্ৰসূ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ ব্যৱস্থা গ্ৰহণ কৰাটো অতি জৰুৰী। যাতে ক্ষুদ্ৰ কুকুৰা পালকসকলেও এই ভেকচিন সহজে ক্ৰয় কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি নতুন থলুৱা ভেকচিনটোৰ প্ৰতি পালিৰ দাম মাত্ৰ ₹ ১-২ নিৰ্ধাৰণ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ কম মূল্যই প্ৰতিৰোধমূলক টিকাকৰণক সকলোৰে বাবে সুলভ কৰি তুলিব আৰু সমগ্ৰ দেশৰ কুকুৰা পালকসকলৰ জীৱিকা সুৰক্ষিত কৰাত সহায় কৰিব।

ৰাষ্ট্ৰীয় টিকাকৰণ অভিযানে পশুৰ ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত নিৰ্ণায়ক ফলাফল দিছে

টিকাকৰণৰ জৰিয়তে পশুধনৰ প্ৰধান ৰোগসমূহ নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে চলাই অহা নিৰন্তৰ প্ৰচেষ্টাৰ বিষয়ে শ্ৰী চৌহানে উল্লেখ কৰে। তেওঁ কয় যে ৰোগ প্ৰতিৰোধ ব্যৱস্থা শক্তিশালী কৰা আৰু পশুধন সুৰক্ষিত কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভগৱান শ্ৰীকৃষ্ণৰ পুণ্যভূমি মথুৰাৰ পৰা ৰাষ্ট্ৰীয় পশু ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছিল। এই কাৰ্যসূচীৰ অধীনত এতিয়ালৈকে চবকা ৰোগৰ (ফুট এণ্ড মাউথ ডিজিজ) বিৰুদ্ধে ১৪৭ কোটি ১৬ লাখ পালি ভেকচিন বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে। ইয়াৰ উপৰি ব্ৰুচেলোচিছ ৰোগো নিয়ন্ত্ৰণলৈ অনা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। ২০২২ চনত লাম্পি স্কিন ডিজিজৰ প্ৰাদুৰ্ভাৱৰ কথা সুঁৱৰি শ্ৰী চৌহানে কয় যে সেই সময়ত ৩২ লাখ ৮০ হাজাৰ পশু আক্ৰান্ত হৈছিল আৰু ১ লাখ ৮৬ হাজাৰ পশুৱে প্ৰাণ হেৰুৱাইছিল। পাছত হিছাৰ আৰু ইজ্জতনগৰৰ বিজ্ঞানীসকলে এই ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ ‘লাম্পি-প্ৰ’ভেকইণ্ড’ নামৰ ভেকচিনটো উদ্ভাৱন কৰে। তেওঁ ভূপালস্থিত আইচিএআৰ-এনআইএইচএছএডি-ৰ সাফল্যকো ভূয়সী প্ৰশংসা কৰে। এই প্ৰতিষ্ঠানটোৱে ইয়াৰ পূৰ্বেও গাম্ব’ৰ’ ৰোগ, ব্ৰুচেলা এবৰ্টাছ এছ-১৯ ডেল্টা, ক্লাছিকেল ছোৱাইন ফিভাৰ আৰু আফ্ৰিকান ছোৱাইন ফিভাৰৰ থলুৱা ভেকচিন উদ্ভাৱন কৰিছিল। শেহতীয়াকৈ উদ্ভাৱন কৰা এইচ৫এন১ ভেকচিনটোৱে ভাৰতৰ পশু স্বাস্থ্য গৱেষণাৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৰ অৱদানত আন এক গুৰুত্বপূৰ্ণ সাফল্য যোগ দিলে।

বন্ধৰ দিনতো কাম কৰি আৰু কঠোৰ জৈৱ-সুৰক্ষা নীতি মানি চলি বিজ্ঞানীসকলে উদ্ভাৱন কৰিলে এই ভেকচিন

ভেকচিনটোৰ আঁৰৰ বিজ্ঞানীসকলক শ্ৰদ্ধা জনাই শ্ৰী চৌহানে তেওঁলোকক এই সাফল্যৰ প্ৰকৃত নায়ক বুলি অভিহিত কৰে আৰু তেওঁলোকৰ অসাধাৰণ নিষ্ঠা তথা সমৰ্পণৰ শলাগ লয়। এই গৱেষণা দলটোত ড° এছ নাগাৰাজন, ড° মনোজ কুমাৰ, ড° চি তোষ, ড° এইচ ভি মুৰুগকাৰ, ড° অনিকেত সান্যাল, ড° চেন্থিল কুমাৰ ডি, ড° নবীন কুমাৰ আৰু ড° যোগীশাৰাধ্য আৰ অন্তৰ্ভুক্ত আছিল।

মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে গৱেষণাটো সম্পূৰ্ণ কৰিবলৈ বিজ্ঞানীসকলে শনিবাৰ আৰু দেওবাৰৰ বন্ধৰ দিনসমূহো ত্যাগ কৰি মাহৰ পাছত মাহ ধৰি নিৰৱচ্ছিন্নভাৱে কাম কৰিছিল। তেওঁলোকৰ এই কামৰ বাবে অতি কঠোৰ জৈৱ-সুৰক্ষা নীতি-নিয়ম মানি চলাটোও আৱশ্যক আছিল। এই নিয়মসমূহৰ অংশ হিচাপে তেওঁলোকে গৱেষণাগাৰত প্ৰৱেশ কৰা আৰু ওলাই অহাৰ সময়ত ছেনিটাইজেচন প্ৰক্ৰিয়াৰ মাজেৰে যাবলগীয়া হৈছিল, গা ধুবলৈ দৈনিক ১২০ লিটাৰ পানী ব্যৱহাৰ কৰিবলগীয়া হৈছিল আৰু সমগ্ৰ গৱেষণাৰ সময়ছোৱাত ঘৰত কোনো পোহনীয়া জন্তু নৰখাকৈ থাকিবলগীয়া হৈছিল।

শ্ৰী চৌহানে তেওঁলোকৰ এই দায়বদ্ধতাক অভিবাদন জনাই কয় যে তেওঁলোকৰ নিষ্ঠা দেশৰ সেৱাত নিয়োজিত সৈনিকসকলৰ অনুশাসন আৰু ত্যাগৰ সৈতে তুলনীয়। এই সাফল্যই ভাৰতীয় বিজ্ঞানী সমাজৰ অসাধাৰণ অধ্যৱসায়কে প্ৰতিফলিত কৰিছে বুলি তেওঁ উল্লেখ কৰে।

এই অনুষ্ঠানত মধ্যপ্ৰদেশৰ যুৱ কল্যাণ, ক্ৰীড়া আৰু সমবায় মন্ত্ৰী শ্ৰী বিশ্বাস সাৰংগ, ভূপালৰ সাংসদ শ্ৰী আলোক শৰ্মা, খাটেগাঁৱৰ বিধায়ক শ্ৰী আশিস শৰ্মা, ভূপালৰ মেয়ৰ শ্ৰীমতী মালতী ৰায়; জ্যেষ্ঠ জনপ্ৰতিনিধি শ্ৰী ৰাকেশ শৰ্মা, শ্ৰী নৰেশ মেৱাদা, শ্ৰী ৰাকেশ জাদন, শ্ৰী ৰাজেশ চৌকছে আৰু কুমাৰী ছায়াৰ লগতে কাউন্সিলাৰসকল উপস্থিত থাকে। তদুপৰি আইচিএআৰ-ৰ সঞ্চালক প্ৰধান ড° এম এল জাট, এনআইএইচএছএডি-ৰ সঞ্চালক ড° অনিকেত সান্যাল, বিজ্ঞানীসকল আৰু বহুসংখ্যক বিশিষ্ট অতিথিও অনুষ্ঠানটোত উপস্থিত আছিল।

SS/MS/MM


(ৰিলিজ আই ডি : 2339387) অতিথি কক্ষ : 3