প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

মূল ক্ষেত্ৰসমূহত প্ৰতিৰক্ষা সহযোগিতা গভীৰ কৰিবলৈ সন্মত ভাৰত আৰু জাপান; ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি আৰু স্থিৰতাৰ প্ৰতি প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত

পোষ্ট কৰা হৈছে: 19 NOV 2026 7:06PM by PIB Guwahati

প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে ২০২৬ চনৰ ১৯ নৱেম্বৰত টকিঅ'ত জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী শ্বিনজিৰো কোইজুমিৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। দুয়োগৰাকী মন্ত্ৰীয়ে চলিত বছৰৰ আগষ্ট আৰু অক্টোবৰত তেওঁলোকৰ মত বিনিময়ৰ  পাছত কম সময়ৰ ভিতৰতে তৃতীয় প্ৰতিৰক্ষা মন্ত্ৰী বৈঠক অনুষ্ঠিত কৰাকে ধৰি তেওঁলোকৰ মাজত ঘনিষ্ঠ যোগাযোগৰ জৰিয়তে ভাৰত-জাপান প্ৰতিৰক্ষা সহযোগিতাৰ স্থিৰ বাস্তৱায়নক আদৰণি জনায়।

দুয়োগৰাকী নেতাই ভাৰতত ফায়াৰিং ৰেঞ্জ ব্যৱহাৰৰ দিশত অভিপ্ৰায় পত্ৰ স্বাক্ষৰক আদৰণি জনায়। ইয়াৰ জৰিয়তে জাপান আত্মৰক্ষা বাহিনীয়ে প্ৰথমবাৰৰ বাবে ভাৰতৰ ফায়াৰিং ৰেঞ্জত ভূমিৰ পৰা জাহাজলৈ ক্ষেপণাস্ত্ৰকে ধৰি লাইভ-ফায়াৰ প্ৰশিক্ষণ আদি অনুষ্ঠিত কৰিব। তেওঁলোকে ইয়াক সোনকালে বাস্তৱায়িত কৰাৰ দিশত দুয়োখন দেশৰ প্ৰতিৰক্ষা কৰ্তৃপক্ষৰ মাজত সমন্বয় ত্বৰান্বিত কৰাত একমত হয়।

দুয়োগৰাকী মন্ত্ৰীয়ে এই বছৰৰ আগষ্টত স্বাক্ষৰিত ‘সামুদ্ৰিক সুৰক্ষা সহযোগিতা সন্দৰ্ভত স্মাৰক ব্যৱস্থা’ৰ অধীনত সামুদ্ৰিক সুৰক্ষা সহযোগিতা বাস্তৱায়নত স্থিৰ অগ্ৰগতিক আদৰণি জনায়। বিশেষকৈ, তেওঁলোকে নিশ্চিত কৰে যে জে এচ/ডি জি পৰ্যায়ৰ নেতৃত্বত থকা কৰ্মগোটে মাইন প্ৰতিবিধান সামৰ্থ্য বৃদ্ধি আৰু নৌ জাহাজ নিৰ্মাণ তথা শৈলীত যুটীয়া বিকাশৰ সম্ভাৱনা অন্বেষণকে ধৰি ক্ষেত্ৰসমূহত কৰ্ম পৰ্যায়ৰ আলোচনা ত্বৰান্বিত কৰিব।

দুয়োগৰাকী মন্ত্ৰীয়ে জাপান সামুদ্ৰিক আত্মৰক্ষা বাহিনী আৰু ভাৰতীয় নৌসেনাৰ মাজত তথ্য বিনিময় সহজ কৰিব পৰা পৰিৱেশ সৃষ্টিৰ দিশত সহযোগিতা আৰু অধিক গভীৰ কৰাত একমত হয়।

দুয়োগৰাকী মন্ত্ৰীয়ে নিজ নিজ সেৱাসমূহৰ মাজত যুটীয়া অনুশীলনৰ জৰিয়তে সহযোগিতা গভীৰ হোৱাক আদৰণি জনায়। চলিত মাহত জাপানত অনুষ্ঠিত জাপান, আমেৰিকা, ভাৰত আৰু অষ্ট্ৰেলিয়াক লৈ বহুপাক্ষিক নৌ অনুশীলন ‘মালাবাৰ ২০২৬’ আৰু জাপান-ভাৰত সামুদ্ৰিক অনুশীলন ‘জাইমেক্স ২৬’ অন্তৰ্ভুক্ত। তেওঁলোকে  নিজ নিজ বিশেষ অভিযান বাহিনীৰ মাজত বিনিময় আৰু অধিক আগুৱাই নিয়াৰ ক্ষেত্ৰতো একমত হয়।

প্ৰতিৰক্ষা সঁজুলি আৰু প্ৰযুক্তি সহযোগিতাৰ ক্ষেত্ৰত দুয়োগৰাকী মন্ত্ৰীয়ে ইউনিকৰ্ণ সম্পৰ্কীয় ব্যৱস্থাসমূহৰ সোনকালে সম্পন্ন হোৱাৰ লগতে ২০২৭ চনৰ ফেব্ৰুৱাৰীৰ ভিতৰত ভাৰতৰ দ্বাৰা প্ৰয়োজনীয়তাৰ স্বীকৃতিৰ আশা প্ৰকাশ কৰে। তেওঁলোকে অত্যাধুনিক ক্ষেপণাস্ত্ৰ আৰু প্ৰতিৰক্ষা প্ৰযুক্তিৰ ক্ষেত্ৰত ডি আৰ ডি অ’ আৰু আটলাৰ মাজত প্ৰতিৰক্ষা গৱেষণা তথা বিকাশ সহযোগিতা বাস্তৱায়িত কৰাৰ কথাও নিশ্চিত কৰে।

দুয়োগৰাকী মন্ত্ৰীয়ে বায়ু ক্ষেত্ৰ সচেতনতাৰ ক্ষেত্ৰত দুয়োখন দেশৰ বিমান সেৱাৰ মাজত সহযোগিতা বৃদ্ধি কৰাত একমত হোৱাৰ লগতে কৰ্ম পৰ্যায়ৰ আলোচনাসমূহো জে এচ/ডি জি পৰ্যায়ৰ নেতৃত্বত থকা কৰ্মগোটৰ জৰিয়তে অনুসৰণ কৰা হ'ব বুলি নিশ্চিত কৰে।

ভাৰত প্ৰশান্ত মহসাগৰীয় অঞ্চলত ক্ৰমাৎ জটিল আৰু অনিশ্চিত সুৰক্ষা পৰিৱেশৰ মাজত দুয়োগৰাকী মন্ত্ৰীয়ে জাপান আৰু ভাৰতৰ মাজত দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতাৰ উপৰি ত্ৰিপাক্ষিক সহযোগিতাকে ধৰি বহুপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা আৰু অধিক বৃদ্ধি কৰা তথা অঞ্চলটোত শান্তি আৰু স্থিৰতাৰ বাবে ব্যৱহাৰিক সহযোগিতা আগুৱাই নিয়াৰ ক্ষেত্ৰত সহমত প্ৰকাশ কৰে।

দুয়োগৰাকী মন্ত্ৰীয়ে সহযোগিতাৰ এই দৃঢ় ক্ষেত্ৰসমূহ স্থিৰভাৱে ৰূপায়ণ কৰাৰ লগতে জাপান-ভাৰত প্ৰতিৰক্ষা সহযোগিতাক অধিক উচ্চতালৈ উন্নীত কৰাৰ দৃঢ় সংকল্প বিনিময় কৰে। এই পদক্ষেপৰ জৰিয়তে  ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি, স্থিৰতা আৰু সমৃদ্ধি ত্বৰান্বিত হ’ব।

***

SR/Savvy/DD


(ৰিলিজ আই ডি : 2338866) অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Bengali , Gujarati , Kannada