কৃষি মন্ত্ৰালয়
azadi ka amrit mahotsav

আই চি এ আৰ-চি আই এফ এৰ উদ্যোগত ১৪সংখ্যক ভাৰতীয় মীন আৰু জলজ কৃষি সন্মিলনৰ আয়োজন

মীন পালন আৰু জলকৃষিৰ ক্ষেত্ৰত নতুন উদ্ভাৱন আৰু বহনক্ষম পথৰ সন্ধানত একত্ৰিত হৈছে ভাৰতৰ লগতে আন ছয়খন দেশৰ ১,০০০-ৰো অধিক প্ৰতিনিধি

পোষ্ট কৰা হৈছে: 19 NOV 2026 1:47PM by PIB Guwahati

ওড়িশাৰ ভুৱনেশ্বৰত অৱস্থিত আই চি এ আৰ কেন্দ্ৰীয় সুজল জলজ কৃষি গৱেষণা প্ৰতিষ্ঠানত (আই চি এ আৰ-চি আই এফ এ) মীন পালন আৰু জলজ কৃষি বিষয়ক এক গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় বৈজ্ঞানিক সন্মিলন ১৪সংখ্যক ভাৰতীয় মীন পালন আৰু জলজ কৃষি মঞ্চ (১৪ আই এফ এ এফ) আৰম্ভ হৈছে। ১৮ৰ পৰা ২০ নৱেম্বৰ, ২০২৬লৈ অনুষ্ঠিত হোৱা তিনিদিনীয়া এই সন্মিলনখন এছিয়ান ফিছাৰিজ ছ'চাইটি,  ভাৰতীয় শাখা (এ এফ এছ আই বি), আই চি এ আৰ-চি আই এফ এ, ভাৰত চৰকাৰৰ মীন পালন বিভাগ, ৰাষ্ট্ৰীয় মীন উন্নয়ন ব'ৰ্ড (এন এপ ডি বি), ওড়িশা চৰকাৰৰ মীন পালন আৰু পশু সম্পদ উন্নয়ন (এফ এ আৰ ডি) বিভাগ আৰু এছ'চিয়েচন অৱ একুৱাকালচাৰিষ্টছৰ যুটীয়া উদ্যোগত আয়োজন কৰা হৈছে।

“জলজ কৃষি আৰু মীন পালন খণ্ডৰ ৰূপান্তৰ: বিজ্ঞান আৰু সমাজৰ মাজত সংযোগ স্থাপন” শীৰ্ষক বিষয়ত সন্মিলনখন অনুষ্ঠিত হৈছে। ইয়াৰ মূল লক্ষ্য হৈছে বৈজ্ঞানিক জ্ঞানৰ অগ্ৰগতি সাধন, প্ৰযুক্তিগত উদ্ভাৱনক উৎসাহিত কৰা আৰু গৱেষক, নীতি-নিৰ্ধাৰক, উদ্যোগৰ সৈতে জড়িত অংশীদাৰ তথা মীন পালক আৰু কৃষক সমাজৰ মাজত সহযোগিতা অধিক শক্তিশালী কৰা।

বেংককস্থিত এছিয়া-পেচিফিক অঞ্চলৰ জলজ কৃষি কেন্দ্ৰসমূহৰ নেটৱৰ্কৰ (এন এ চি এ) সঞ্চালক প্ৰধান ড০ এডুৱাৰ্ডো লিয়ানোৱে সন্মিলনখন উদ্বোধন কৰে। উদ্বোধনী ভাষণত তেওঁ জলজ কৃষি খণ্ডৰ ৰূপান্তৰৰ বাবে উদ্ভাৱন আৰু প্ৰযুক্তিৰ ব্যৱহাৰ ত্বৰান্বিত কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে।

আই চি এ আৰৰ উপ-মহানিৰ্দেশক (মীন বিজ্ঞান) ড০ জে কে জেনাই অত্যাধুনিক গৱেষণাৰ ক্ষেত্ৰত অধিক বিনিয়োগ আৰু সুদৃঢ় মূল্য শৃংখল গঢ়ি তোলাৰ বিষয়ত আলোকপাত কৰে। ৰাষ্ট্ৰীয় মীন উন্নয়ন ব'ৰ্ডৰ (এন এফ ডি বি) মুখ্য কাৰ্যবাহী ড০ বি কে বেহেৰাই মীন পালকসকলৰ জীৱিকাৰ মান উন্নত কৰাৰ বাবে মীন সমবায় সমিতিসমূহ শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰে। আনহাতে, হাৰিয়ানাৰ কুণ্ডলীত অৱস্থিত এন আই এফ টি ই এমৰ প্ৰাক্তন উপাচাৰ্য ড০ চি বাসুদেৱাপ্পাই মাছৰ গুণগত মান নিশ্চিত কৰা আৰু গ্ৰাহকৰ মাজত ইয়াৰ গ্ৰহণযোগ্যতা বৃদ্ধিৰ গুৰুত্বৰ কথা উল্লেখ কৰে।

অন্যান্য বিশিষ্ট বক্তাসকলৰ ভিতৰত এন এ চি এৰ প্ৰাক্তন সঞ্চালক প্ৰধান ড০ এ ই একনাথ, এ এফ এছ আই বিৰ সম্পাদক ড০ কে এম ৰাজেশ, মুম্বাইস্থিত আই চি এ আৰ-চি আই এফ ইৰ প্ৰাক্তন সঞ্চালক ড০ দিলীপ কুমাৰ আৰু মাংগালুৰুৰ এন আই টি টি ই বিশ্ববিদ্যালয়ৰ এফ এ অ  ৰেফাৰেন্স চেণ্টাৰৰ উপদেষ্টা ড০ আই কৰুণাসাগৰ অন্যতম। তেওঁলোকে মীন পালন আৰু জলজ কৃষি খণ্ডৰ ভৱিষ্যতৰ অগ্ৰাধিকাৰ, গৱেষণাৰ অগ্ৰগতি, ভৱিষ্যতৰ সম্ভাৱনাসমূহৰ বিষয়ে নিজৰ মতামত আৰু দৃষ্টিভংগী ব্যক্ত কৰে।

ইয়াৰ পূৰ্বে সন্মিলনৰ আহ্বায়ক তথা আই চি এ আৰ-চি আই এফ এৰ সঞ্চালক ড০ পি কে সাহুৱে বিশিষ্ট অতিথি আৰু প্ৰতিনিধিসকলক আদৰণি জনায়। তেওঁ বিজ্ঞান, উদ্যোগ আৰু কৃষক সমাজৰ মাজৰ সংযোগ অধিক শক্তিশালী কৰা, আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি কৰা আৰু গৱেষণাৰ ফলাফলসমূহ কৃষক সমাজৰ বাবে ব্যৱহাৰিক সমাধানলৈ ৰূপান্তৰিত কৰাত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে জনায় যে এই সন্মিলনত ভাৰতৰ লগতে আন ছখন দেশৰ ১,০০০ৰো অধিক লোকে অংশগ্ৰহণ কৰিছে। অংশগ্ৰহণকাৰীসকলৰ ভিতৰত বিজ্ঞানী, গৱেষক, শিক্ষাবিদ, নীতি-নিৰ্ধাৰক, উদ্যোগী, উদ্যোগ প্ৰতিনিধি আৰু মীন পালকসকলো আছে।

তিনিদিনীয়া এই সন্মিলনত আলোচনাৰ মূল বিষয়সমূহৰ ভিতৰত বহনক্ষম মীন সম্পদ ব্যৱস্থাপনা, জলজ পৰিস্থিতিতন্ত্ৰৰ সংৰক্ষণ, কৃত্ৰিম বুদ্ধিমত্তা, জিন সম্পাদনা, নিখুঁত জলজ কৃষি, উন্নত প্ৰজনন প্ৰযুক্তি, মাছৰ খাদ্যৰ বিকাশ, জলজ প্ৰাণীৰ স্বাস্থ্য আৰু জিনীয় উন্নয়ন আদি অন্যতম।

একেসময়তে অনুষ্ঠিত প্ৰদৰ্শনীত ২০টা সংস্থাই মীন পালন আৰু জলজ কৃষি খণ্ডৰ বিভিন্ন প্ৰযুক্তি, উদ্ভাৱন, সামগ্ৰী আৰু সেৱা প্ৰদৰ্শন কৰিছে। এই প্ৰদৰ্শনীয়ে উদ্যোগৰ সৈতে জড়িত অংশীদাৰ, গৱেষক আৰু মীন পালকসকলক পৰস্পৰৰ সৈতে মত বিনিময়, প্ৰযুক্তিগত সমাধানৰ সন্ধান আৰু সহযোগিতামূলক অংশীদাৰিত্ব গঢ়ি তোলাৰ এক সুযোগ প্ৰদান কৰিছে। উদ্বোধনী অনুষ্ঠানত কেইবাখনো বৈজ্ঞানিক প্ৰকাশন উন্মোচন কৰাৰ লগতে এই খণ্ডলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে বিশিষ্ট মীন বিজ্ঞানীসকলক এছ'চিয়েচন অৱ একুৱাকালচাৰিষ্টছৰ ফেল' বঁটাও প্ৰদান কৰা হয়।

তিনিদিনীয়া এই সন্মিলনৰ মূল লক্ষ্য হৈছে বৈজ্ঞানিক মত বিনিময়ৰ সুবিধা প্ৰদান, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি কৰা তথা ভাৰতৰ মীন পালন আৰু জলজ কৃষি খণ্ডৰ বহনক্ষম, সৰ্বাংগীণ আৰু প্ৰযুক্তিনিৰ্ভৰ বিকাশৰ বাবে কাৰ্যকৰী কৌশল নিৰ্ধাৰণ কৰা।

*****

SS/MS/US


(ৰিলিজ আই ডি : 2338448) অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Nepali , Kannada