পোষ্ট কৰা হৈছে:
18 NOV 2026 7:39PM by PIB Guwahati
ডাইভাৰ্ছিফাৰ্ম-ইণ্ডিয়াই চলোৱা এক জৰীপ অনুসৰি ভাৰতত কমেও ১,০০০টা সামূহিক বীজ বেংক (চিএছবি) আছে। প্ৰকল্পটোৰ ডিজিটেল এটলাছে ইতিমধ্যে এই সামূহিক নেতৃত্বাধীন প্ৰতিষ্ঠানসমূহৰ ৬৫২টাৰ মানচিত্ৰ প্ৰস্তুত কৰিছে, যিয়ে ভাৰতৰ বৈচিত্ৰ্যময় সামূহিক বীজ বেংকসমূহ বুজি পোৱা, শক্তিশালী কৰা আৰু সমৰ্থন কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ আধাৰ প্ৰদান কৰিছে। ১৭ আৰু ১৮ নৱেম্বৰ, ২০২৬ তাৰিখে নতুন দিল্লীৰ এনএএছচিত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা চিএছবিসমূহৰ উত্তৰণৰ বাবে ৰাষ্ট্ৰীয় আলোচনা চক্ৰত এই ফলাফলসমূহ প্ৰকাশ কৰা হয়। ইয়াৰ ভিতৰত চিএছবিসমূহৰ বিৱৰণ সম্বলিত জিআইএছ-ভিত্তিক এটলাছ, চিএছবিৰ প্ৰকাৰসমূহৰ ওপৰত নীতিগত সংক্ষিপ্তসাৰ, ওড়িশাৰ চিএছবিসমূহৰ বাবে এক পথ-নিৰ্দেশনা আৰু এখন নতুন সামৰ্থ্য বিকাশ হাতপুথি অন্তৰ্ভুক্ত আছে।
অনুষ্ঠানত ভাষণ দি নতুন দিল্লীস্থিত ৰয়েল নৰৱেজিয়ান দূতাবাসৰ ৰাষ্ট্ৰদূত শ্ৰীমতী মে-এলিন ষ্টেনাৰে কয় যে দূতাবাসে সমগ্ৰ ভাৰততে সামূহিক বীজ বেংকসমূহৰ বাবে প্ৰকল্পটোৰ বিস্তৃত মানচিত্ৰ নিৰ্মাণ আৰু সমৰ্থনক আদৰণি জনাইছে। তেওঁ লগতে কয় যে এই প্ৰকল্পটো ভাৰত আৰু নৰৱেৰ মাজৰ অংশীদাৰিত্বৰ এক গুৰুত্বপূৰ্ণ অংগ।
নৰৱেৰ ফ্ৰিডটজফ নানচেন ইনষ্টিটিউটৰ (এফএনআই) গৱেষণা অধ্যাপক ড° ৰেজিন এণ্ডাৰছেনে ডাইভাৰ্ছিফাৰ্ম-ইণ্ডিয়াৰ মূল অংশীদাৰ হিচাপে এফএনআই আৰু এমএছএছআৰএফৰ মাজত হোৱা তিনি বছৰীয়া সহযোগিতাৰ কেইবাটাও ফলাফলৰ বিষয়ে অৱগত কৰে। তেওঁ কয় যে এই ডিজিটেল প্লেটফৰ্মটোৱে সমগ্ৰ ভাৰততে কাম কৰি থকা সামূহিক বীজ বেংকসমূহক একত্ৰিত কৰে আৰু ইয়াৰ শক্তি তথা সামূহিক প্ৰচেষ্টাৰ বিষয়ে সজাগতা সৃষ্টি কৰে।
এমএছএছআৰএফৰ কাৰ্যবাহী সঞ্চালক ড° ৰেংগালক্ষ্মী আৰে কয় যে চিএছবিসমূহ কেৱল ভঁৰাল ঘৰেই নহয়, এয়া হৈছে স্ব-স্থানত সংৰক্ষণৰ এক জীৱন্ত প্ৰতিষ্ঠান, যিয়ে কৃষকসকলৰ স্থিতিস্থাপকতা গঢ়ি তোলে।
ডাইভাৰ্ছিফাৰ্ম-ইণ্ডিয়া হৈছে ফ্ৰিডটজফ নানচেন ইনষ্টিটিউট (এফএনআই) আৰু এম এছ স্বামীনাথন ৰিচাৰ্চ ফাউণ্ডেচনৰ (এমএছএছআৰএফ) নেতৃত্বত পৰিচালিত এক প্ৰকল্প, যাৰ লক্ষ্য হৈছে সামূহিক বীজ বেংকৰ জৰিয়তে বীজ ব্যৱস্থাসমূহ শক্তিশালী কৰি ক্ষুদ্ৰ কৃষকসকলৰ খাদ্য, পুষ্টি আৰু জীৱিকাৰ মান উন্নত কৰা।
নীতি নিৰ্ধাৰণৰ বাবে ছটা প্ৰকাৰ, ওড়িশাৰ চিএছবিসমূহৰ ভৱিষ্যত গঢ়িবলৈ এটা পথ-নিৰ্দেশনা
এই বিস্তৃত অধ্যয়নটোৱে ব্যৱস্থাপনা গাঁথনিৰ ওপৰত ভিত্তি কৰি চিএছবিৰ ছটা প্ৰকাৰ চিনাক্ত কৰিছে। লক্ষ্যভিত্তিক আৰু ফলপ্ৰসূ নীতিগত সমৰ্থনৰ বাবে এই প্ৰতিষ্ঠানিক পাৰ্থক্যসমূহ চিনাক্ত কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ।
প্ৰকল্পটোৰ অধীনৰ আন এক নীতিগত সংক্ষিপ্তসাৰত ওড়িশাৰ চিএছবিসমূহৰ বাবে ১০ দফীয়া পথ-নিৰ্দেশনা প্ৰস্তুত কৰা হৈছে। ইয়াত ৰাজ্যখনত চিএছবিসমূহৰ বাবে অনুকূল পৰিৱেশ গঢ়ি তুলিবলৈ আৰু বৰ্তাই ৰাখিবলৈ কৃষি আৰু কৃষক সবলীকৰণ বিভাগৰ অধীনত এটা সচিবালয় স্থাপনৰ পৰামৰ্শ দিয়া হৈছে।
হাতপুথিয়ে চিএছবি স্থাপন আৰু পৰিচালনাৰ বাবে ব্যৱহাৰিক নিৰ্দেশনা আগবঢ়াইছে
পৰীক্ষামূলক ৰাজ্য ওড়িশাত চলোৱা গভীৰ অধ্যয়নৰ আধাৰত এখন সামৰ্থ্য বিকাশ হাতপুথিও প্ৰস্তুত কৰা হৈছে। কাৰিকৰী নিৰ্দেশনা, সাংগঠনিক দৃষ্টিভংগী আৰু নীতিগত প্ৰাসংগিকতাৰ সমন্বয় ঘটাই প্ৰস্তুত কৰা এই হাতপুথিখন ভাৰতত চিএছবি স্থাপন, পৰিচালনা আৰু বৰ্তাই ৰখাৰ বাবে এক ব্যৱহাৰিক নিৰ্দেশিকা।
নতুন দিল্লীৰ ৰাষ্ট্ৰীয় কৃষি বিজ্ঞান কমপ্লেক্সত উদ্ভিদ প্ৰজাতিৰ সুৰক্ষা আৰু কৃষকৰ অধিকাৰ কৰ্তৃপক্ষৰ (পিপিভিএফআৰএ) অধ্যক্ষ ড° ত্ৰিলোচন মহাপাত্ৰই এই হাতপুথিখন উন্মোচন কৰে। উদ্বোধনী ভাষণত চিএছবিসমূহৰ প্ৰতি পিপিভিএফআৰএৰ সমৰ্থনৰ কথা উল্লেখ কৰি তেওঁ কয় যে এতিয়া যিহেতু চৰকাৰী সমৰ্থন বৃদ্ধি পাইছে, গতিকে সামূহিক বীজ বেংকসমূহ অধিক বিকশিত হ’ব বুলি তেওঁ নিশ্চিত।
আইনী আৰু নীতিগত দিশ
চিএছবিসমূহৰ বাবে থকা প্ৰতিবন্ধকতা আৰু সুযোগসমূহ ভালদৰে বুজিবলৈ ডাইভাৰ্ছিফাৰ্ম-ইণ্ডিয়া প্ৰকল্পই ভাৰতৰ আইনী আৰু নীতিগত দিশসমূহো পৰীক্ষা কৰিছে। চিএছবিসমূহক শক্তিশালী কৰাৰ ক্ষেত্ৰত উদ্ভিদ প্ৰজাতিৰ সুৰক্ষা আৰু কৃষকৰ অধিকাৰ আইন (পিপিভিএফআৰএ) আৰু ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য আইনৰ সম্ভাৱনীয়তাক চিনাক্ত কৰা হৈছে।
পিপিভিএফআৰএ আৰু এনবিএৰ প্ৰাক্তন অধ্যক্ষ পদ্মশ্ৰী ড° পি এল গৌতমে কয় যে কৃষকসকলক অধিক লাভান্বিত কৰিবলৈ এই দুয়োখন আইনৰ মাজত সমন্বয় স্থাপন কৰাৰ প্ৰয়োজনীয়তা আলোচনাত উত্থাপিত হৈছে। আইনসমূহৰ মূল নীতিৰ প্ৰতিফলন ঘটাই তেওঁ লগতে কয় যে জৈৱ বৈচিত্ৰ্য হৈছে মানৱ জাতিৰ এক উমৈহতীয়া ঐতিহ্য।
আইচিএআৰ-নেচনেল ব্যুৰো অৱ প্লাণ্ট জেনেটিক ৰিচ’ৰ্চেছৰ সঞ্চালক তথা আইচিএআৰৰ উপ-সঞ্চালক প্ৰধান (শস্য বিজ্ঞান) ড° দেৱেন্দ্ৰ কুমাৰ যাদৱে আলোকপাত কৰে যে সামূহিক জিন বেংক আৰু ৰাষ্ট্ৰীয় জিন বেংকসমূহক সহযোগিতামূলকভাৱে শক্তিশালী কৰিব পাৰি। তেওঁৰ পৰামৰ্শক সমৰ্থন কৰি পদ্মশ্ৰী ড° পি এল গৌতমেও নিৰ্দিষ্ট পুঁজি আৰু সামৰ্থ্য বিকাশক সময়ৰ আহ্বান বুলি গুৰুত্ব আৰোপ কৰে।
চিএছবি হাতপুথি, ডিজিটেল এটলাছ আৰু চিএছবিৰ প্ৰকাৰসমূহৰ ওপৰত নীতিগত সংক্ষিপ্তসাৰৰ বাবে অনুগ্ৰহ কৰি https://communityseedbanks.in/ ত ক্লিক কৰক।
SS/MS/MM