প্ৰতিৰক্ষা মন্ত্ৰালয়
ভাৰতীয় নৌসেনাৰ বাবে বৰাক পইণ্ট ডিফেঞ্চ মিছাইল ছিষ্টেমৰ উন্নীতকৰণ আৰু অচলতা ব্যৱস্থাপনাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ইজৰাইল এৰোস্পেচ ইণ্ডাষ্ট্ৰীজৰ সৈতে ₹ ১,৯৭৬.৪০ কোটিৰ চুক্তি স্বাক্ষৰ
পোষ্ট কৰা হৈছে:
18 NOV 2026 5:46PM by PIB Guwahati
ভাৰতীয় নৌসেনাৰ জাহাজসমূহত থকা বৰাক পইণ্ট ডিফেঞ্চ মিছাইল ছিষ্টেমৰ উন্নীতকৰণ আৰু অচলতা ব্যৱস্থাপনাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ইজৰাইল এৰোস্পেচ ইণ্ডাষ্ট্ৰীজৰ সৈতে মুঠ ₹ ১,৯৭৬.৪০ কোটি ব্যয় সাপেক্ষে এখন চুক্তি স্বাক্ষৰ কৰিছে। অন্যান্য মূলধনী ক্ৰয় প্ৰক্ৰিয়াৰ অধীনত এই চুক্তিখন ১৮ নৱেম্বৰ, ২০২৬ তাৰিখে নতুন দিল্লীত প্ৰতিৰক্ষা সচিব শ্ৰী ৰাজেশ কুমাৰ সিঙৰ উপস্থিতিত স্বাক্ষৰিত হয়।
এই ব্যৱস্থাটোৰ উন্নীতকৰণে ভাৰতীয় নৌসেনাৰ প্লেটফৰ্মসমূহৰ উন্নত বৈশিষ্ট্য আৰু বিমান-প্ৰতিৰক্ষা ক্ষমতা নিশ্চিত কৰিব। চুক্তিখনৰ অংশ হিচাপে এই ব্যৱস্থাটোৰ হাৰ্ডৱেৰ আৰু ছফ্টৱেৰৰ এক ব্যাপক উন্নীতকৰণ কৰা হ’ব।
SR/Savvy/MM
(ৰিলিজ আই ডি : 2338360)
অতিথি কক্ষ : 8