পোষ্ট কৰা হৈছে:
18 NOV 2026 12:48PM by PIB Guwahati
খেলো ভাৰত নীতি আৰু বিকশিত ভাৰত @২০৪৭-ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ ক্ৰীড়া বিভাগে ভাৰতত এক বহল, পেছাদাৰীভাৱে পৰিচালিত আৰু আৰ্থিকভাৱে বহনক্ষম ক্ৰীড়া লীগ পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ এক বিস্তৃত ৰূপৰেখা প্ৰস্তুত কৰিবলৈ ১৪ জনীয়া এখন সমিতি গঠন কৰিছে। প্ৰতিভা চিনাক্তকৰণ আৰু খেলুৱৈৰ বিকাশৰ বাবে নিয়মীয়া, উচ্চ-মানৰ প্ৰতিযোগিতামূলক পথ প্ৰদান কৰাৰ লগতে ব্যক্তিগত বিনিয়োগ আকৰ্ষণ কৰা আৰু ক্ৰীড়া ব্যৱস্থাপনা, সম্প্ৰচাৰ, প্ৰযুক্তি, ইভেণ্ট তথা আনুষংগিক সেৱাসমূহত নিযুক্তি সৃষ্টি কৰাৰ উদ্দেশ্যে এক শক্তিশালী লীগ গাঁথনি গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে।
যদিও দেশৰ কেইবাটাও ক্ৰীড়া লীগে বিভিন্ন পৰ্যায়ত সফলতা লাভ কৰিছে, তথাপিও শক্তিশালী ক্ৰীড়া আৰু সামাজিক সম্ভাৱনা থকা বহুতো শাখাই ইয়াৰ প্ৰাৰম্ভিক পৰ্যায়ত বাণিজ্যিক সম্ভাৱনীয়তাৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হয়। সেই অনুসৰি, সমিতিখনে বৰ্তমানৰ ক্ৰীড়া লীগ পৰিৱেশতন্ত্ৰৰ মূল্যায়ন কৰি লীগসমূহ স্থাপন আৰু বহনক্ষমতাৰ ক্ষেত্ৰত প্ৰভাৱ পেলোৱা মূল সমস্যাসমূহ আৰু প্ৰতিবন্ধকতাসমূহ চিনাক্ত কৰিব। ইয়াৰ উপৰিও সমিতিখনে অগ্ৰাধিকাৰপ্ৰাপ্ত ক্ৰীড়া আৰু শ্ৰেণীসমূহ— বিশেষকৈ অলিম্পিক ক্ৰীড়া, মহিলাৰ ক্ৰীড়া, যুৱ ক্ৰীড়া, থলুৱা ক্ৰীড়া আৰু উদীয়মান ক্ৰীড়াসমূহ চিনাক্ত কৰি সেইবোৰৰ ক্ৰীড়া আৰু বাণিজ্যিক সম্ভাৱনাৰ সৈতে খাপ খোৱাকৈ উপযুক্ত পৰিচালনা আৰ্হিৰ পৰামৰ্শ আগবঢ়াব। এই ব্যৱধান দূৰ কৰিবলৈ সমিতিখনে ব্যক্তিগত খণ্ড, ক্ৰীড়া সংগঠন, ৰাজ্য চৰকাৰ, স্থানীয় নিকায় আৰু সম্প্ৰদায়সমূহৰ সক্ৰিয় অংশগ্ৰহণৰ লগতে চৰকাৰী সুবিধা প্ৰদানৰ সুসংগঠিত ব্যৱস্থাসমূহ পৰীক্ষা কৰিব। ইয়াত ভায়াবিলিটি গেপ ফাণ্ডিং (ভিজিএফ), প্ৰত্যক্ষ আৰু পৰোক্ষ বিত্তীয় সাহায্য আৰু চৰকাৰী ক্ৰীড়া আন্তঃগাঁথনিসমূহ ৰেহাই মূল্যত ব্যৱহাৰ কৰাৰ দৰে লক্ষ্যভিত্তিক পদক্ষেপসমূহৰ মূল্যায়ন অন্তৰ্ভুক্ত থাকিব।
সমিতিখনক বৰ্তমানৰ পৰিৱেশতন্ত্ৰৰ প্ৰতিবন্ধকতাসমূহ মূল্যায়ন কৰা, অগ্ৰাধিকাৰপ্ৰাপ্ত ক্ৰীড়া আৰু উপযুক্ত পৰিচালনা আৰ্হি চিনাক্ত কৰা, আৰু কৰ্প’ৰেট মূলধন, ফ্ৰেঞ্চাইজিৰ মালিকীস্বত্ব, পৃষ্ঠপোষকতা, সম্প্ৰচাৰ আৰু ডিজিটেল স্বত্ব তথা ঔদ্যোগিক সামাজিক দায়বদ্ধতা পুঁজি আকৰ্ষণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিবলৈ দায়িত্ব দিয়া হৈছে। ইয়াৰ উপৰিও, সমিতিখনে যুৱক-যুৱতী আৰু মহিলাসকলৰ মাজত তৃণমূল পৰ্যায়ৰ অংশগ্ৰহণ বৃদ্ধি কৰিবলৈ বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু স্থানীয় ক্লাবসমূহৰ সৈতে লীগসমূহক সংযুক্ত কৰাৰ কৌশল প্ৰস্তাৱ কৰিব। লগতে বিত্তীয় স্বচ্ছতা, খেলুৱৈৰ কল্যাণ, সততা আৰু বিশ্বৰ শ্ৰেষ্ঠ পদ্ধতিসমূহৰ আধাৰত পৰ্যায়ক্ৰমে ৰূপায়ণৰ পথ-নিৰ্দেশনা সামৰি এক প্ৰতিষ্ঠানিক প্ৰশাসনিক গাঁথনি প্ৰতিষ্ঠা কৰাৰ পৰামৰ্শ আগবঢ়াব।
সমিতিখনৰ গঠন তলত দিয়া ধৰণৰ:
|
ক্ৰমিক নং
|
নাম
|
পদবী
|
|
১.
|
শ্ৰী কুণাল, যুটীয়া সচিব (শাসন)
|
আহ্বায়ক
|
|
২.
|
শ্ৰী বিনীল কৃষ্ণ, যুটীয়া সচিব (খেলো ইণ্ডিয়া)
|
সদস্য
|
|
৩.
|
শ্ৰী ৰঘুৰাম আয়াৰ, চিইঅ’, আইঅ’এ
|
সদস্য
|
|
৪.
|
শ্ৰী বি শ্ৰীনিবাসন, আৰআইএল
|
সদস্য
|
|
৫.
|
শ্ৰী হেমাংগ আমিন, চিঅ’অ’ আইপিএল, বিচিচিআই
|
সদস্য
|
|
৬.
|
শ্ৰী পিকেএছভি সাগৰ, জিএমআৰ স্প’ৰ্টছ
|
সদস্য
|
|
৭.
|
শ্ৰী সঞ্জয় আদেছাৰা, আদানি স্প’ৰ্টছলাইন
|
সদস্য
|
|
৮.
|
শ্ৰী দিব্যাংশু সিং, জেএছডব্লিউ স্প’ৰ্টছ
|
সদস্য
|
|
৯.
|
শ্ৰী ঈশান চেটাৰ্জী, জিঅ’ হটষ্টাৰ
|
সদস্য
|
|
১০.
|
শ্ৰী ৰাজেশ কৌল, ছ’নী পিকচাৰ্ছ
|
সদস্য
|
|
১১.
|
শ্ৰী অনুপম স্বৰূপ, ডিডি স্প’ৰ্টছ
|
সদস্য
|
|
১২.
|
শ্ৰী পৰাগ দৰাদে, জি এণ্টাৰটেইনমেণ্ট
|
সদস্য
|
|
১৩.
|
শ্ৰী অভিজিৎ ভট্টাচাৰ্য, বিভিএল
|
সদস্য
|
|
১৪.
|
অধিবক্তা নন্দন কামাথ
|
সদস্য
|
ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচনসমূহ, বৰ্তমানৰ লীগ বিষয়াসকল, বিনিয়োগকাৰী আৰু ক্ৰীড়া প্ৰযুক্তি প্ৰতিষ্ঠানসমূহৰ সৈতে আলোচনা কৰাৰ বাবে ক্ষমতা প্ৰাপ্ত এই সমিতিখনে প্ৰত্যক্ষ, অনলাইন বা হাইব্ৰিড পদ্ধতিৰে ইয়াৰ বৈঠক পৰিচালনা কৰিব আৰু আঠ সপ্তাহৰ ভিতৰত মন্ত্ৰালয়ত ইয়াৰ চূড়ান্ত পৰামৰ্শাৱলী দাখিল কৰিব।
Ayushman Kumar/MM