বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথম ছমাহত ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ (পিএছবি) শক্তিশালী বিত্তীয় প্ৰদৰ্শন অব্যাহত

মুঠ ₹ ১,০৯,৫৪০ কোটি লাভৰে পিএছবিসমূহৰ লাভজনকতাই সৰ্বকালৰ সৰ্বোচ্চ স্তৰত উপনীত হৈছে, যি বাৰ্ষিক ভিত্তিত ১৬.৯% বৃদ্ধি পাইছে

পিএছবিসমূহৰ মুঠ ব্যৱসায়ে ₹ ৩০০ কোটি অতিক্ৰম কৰিছে; বাৰ্ষিক ভিত্তিত ইয়াৰ বৃদ্ধিৰ হাৰ ১৫.৫%

পিএছবিসমূহৰ মুঠ ঋণৰ পৰিমাণ ₹ ১২৭ লাখ কোটিলৈ বৃদ্ধি পাইছে, যিয়ে খুচুৰা, কৃষি আৰু এমএছএমই খণ্ডত সমানে ১৮.৮% শক্তিশালী বৃদ্ধি পঞ্জীয়ন কৰিছে

৩০.০৯.২০২৬ তাৰিখলৈকে মুঠ এনপিএ অনুপাত ১.৬৯% আৰু নেট এনপিএ অনুপাত ০.৩৩% লৈ হ্ৰাস পোৱাৰ লগে লগে পিএছবিসমূহে ঐতিহাসিকভাৱে সৰ্বনিম্ন অনাদায়ী সম্পদৰ অভিলেখ গঢ়িছে

লাভজনকতা, ব্যৱসায়িক বৃদ্ধি, সম্পদৰ মানদণ্ড আৰু মূলধনৰ স্থিতিৰ ক্ষেত্ৰত পিএছবিসমূহৰ উন্নত বিত্তীয় প্ৰদৰ্শনৰ জৰিয়তে প্ৰণালীগত সংস্কাৰ, উন্নত প্ৰশাসন আৰু সুস্থ ৰাজহুৱা খণ্ডৰ বেংক গঢ়ি তোলাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতা প্ৰতিফলিত হৈছে

পোষ্ট কৰা হৈছে: 18 NOV 2026 4:43PM by PIB Guwahati

মূলধন পৰ্যাপ্ততা, ব্যৱসায়িক বৃদ্ধি, নিম্ন শ্লিপাৰেজ, সুস্থ সম্পদৰ মানদণ্ড আৰু উল্লেখনীয়ভাৱে উন্নত লাভজনকতা আদি বিভিন্ন বিত্তীয় মাপকাঠীৰ ক্ষেত্ৰত হোৱা নিৰন্তৰ উন্নতিয়ে ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ (পিএছবি) সামগ্ৰিক কাৰ্যকলাপত অহা সম্পূৰ্ণ ইতিবাচক পৰিৱৰ্তনক প্ৰতিষ্ঠা কৰে। ইয়াৰ দ্বাৰা এইটোৱেই প্ৰমাণিত হয় যে পিএছবিসমূহে কেৱল লাভ অৰ্জন কৰাই নহয়, বৰঞ্চ প্ৰযুক্তি আৰু উচ্চ প্ৰশাসনিক মানদণ্ডৰ সহায়ত উন্নত ঋণ মূল্যায়ন ক্ষমতাৰে ঋণ যোগানৰ প্ৰয়োজনীয়তাসমূহো পূৰণ কৰি আছে।

পিএছবিসমূহৰ মুঠ নেট লাভ বাৰ্ষিক ভিত্তিত ১৬.৯% বৃদ্ধি পাই ₹ ১.১০ লাখ কোটিত উপনীত হৈছে আৰু মুঠ পৰিচালন লাভ বাৰ্ষিক ভিত্তিত ১৩.৯% বৃদ্ধিৰে ₹ ১.৮১ লাখ কোটি হৈছে। পিএছবিসমূহৰ সম্পদৰ ওপৰত লাভৰ হাৰো নিৰন্তৰ উন্নত হৈ বাৰ্ষিক ভিত্তিত ৩ বেছিছ পইণ্ট বৃদ্ধিৰে ১.১১% হৈছে। একেৰাহে পঞ্চম বছৰৰ বাবে নেট আৰু পৰিচালন উভয় লাভৰ এই ধাৰাবাহিক উন্নতিয়ে চৰকাৰৰ গভীৰ সংস্কাৰ অভিযান আৰু উন্নত প্ৰশাসনিক মানদণ্ড স্থাপনৰ ফলপ্ৰসূ ফলাফলকে সূচাইছে।

 

৩০.০৯.২০২৬ তাৰিখলৈকে পিএছবিসমূহৰ মুঠ ব্যৱসায় বাৰ্ষিক ভিত্তিত ১৫.৫% বৃদ্ধি পাই ₹ ৩০১.৬ লাখ কোটিত উপনীত হৈছে, যাৰ ফলত প্ৰথমবাৰৰ বাবে ব্যৱসায়ৰ পৰিমাণে ₹ ৩০০ লাখ কোটিৰ সীমা অতিক্ৰম কৰিছে। ইয়াৰ ভিতৰত মুঠ জমাৰ পৰিমাণ বাৰ্ষিক ভিত্তিত ১৩.১% বৃদ্ধি পাই ₹ ২৭৫ লাখ কোটি হোৱাৰ বিপৰীতে মুঠ ঋণৰ পৰিমাণ বাৰ্ষিক ভিত্তিত ১৮.৮% বৃদ্ধি পাই ₹ ১৩৬.৪ লাখ কোটি হৈছে। খুচুৰা, কৃষি আৰু এমএছএমই আদি বিভিন্ন খণ্ডত সমানে হোৱা এই শক্তিশালী ঋণ বৃদ্ধিয়ে তৃণমূল পৰ্যায়ৰ অৰ্থনৈতিক উন্নয়ন, উদ্যোগশীলতাৰ বিকাশ আৰু বিত্তীয় অন্তৰ্ভুক্তি গভীৰ কৰাৰ ক্ষেত্ৰত পিএছবিসমূহৰ নিৰন্তৰ সমৰ্থনকে প্ৰতিফলিত কৰে। খুচুৰা, কৃষি আৰু এমএছএমই ঋণৰ বৃদ্ধিৰ হাৰ ক্ৰমে ১৭%, ১৯.৫% আৰু ২০.৪% পঞ্জীয়ন কৰা হৈছে।

 

পিএছবিসমূহৰ সম্পদৰ মানদণ্ড নিৰন্তৰ উন্নত হৈ আছে আৰু ই আন এক দীৰ্ঘকালীন সৰ্বনিম্ন স্তৰৰ অভিলেখ গঢ়িছে, য'ত মুঠ এনপিএ অনুপাত ১.৬৯% আৰু নেট এনপিএ অনুপাত ০.৩৩% লৈ হ্ৰাস পাইছে। ০.৬২% ৰ নিম্ন শ্লিপাৰেজৰ জৰিয়তে দৃশ্যমান হোৱা উন্নত ঋণ মূল্যায়ন মানদণ্ড আৰু ২১.১% ৰ উন্নত ঋণ আদায় তথা উন্নীতকৰণৰ জৰিয়তে প্ৰতিফলিত হোৱা নিৰন্তৰ সংগ্ৰহ প্ৰচেষ্টাই এনপিএৰ স্তৰ নিম্ন কৰি ৰখাত সহায় কৰিছে। বৰ্তমান সকলো পিএছবিৰ প্ৰভিজন ক’ভাৰেজ অনুপাত ৯০% ৰ ওপৰত আছে, যিয়ে বিচক্ষণ বেংকিং পদ্ধতি আৰু স্থিতিস্থাপক বিত্তীয় প্ৰদৰ্শনকে সূচায়।

 

অধিক সংৰক্ষিত উপাৰ্জন আৰু শক্তিশালী মূলধন সংগ্ৰহৰ জৰিয়তে পিএছবিসমূহৰ মূলধন বাফাৰ নিয়ন্ত্ৰকৰ ন্যূনতম মানদণ্ডতকৈ যথেষ্ট ওপৰত আছে, যিয়ে ঋণ বৃদ্ধিত সমৰ্থন জনোৱাৰ বাবে পৰ্যাপ্ত সুৰক্ষা থকাৰ লগতে প্ৰণালীগত আঘাত সহ্য কৰাৰ সামৰ্থ্যকো সূচায়। ৩০.৯.২০২৬ তাৰিখলৈকে পিএছবিসমূহৰ চিআৰএআৰ ১৬.৮৯% আছিল, যি বাৰ্ষিক ভিত্তিত ৯৩ বেছিছ পইণ্ট উন্নত হৈছে। আৰডব্লিউএ ঘনত্ব বাৰ্ষিক ভিত্তিত ৯৪ বেছিছ পইণ্ট হ্ৰাস পাই ৪৭.৯% হোৱাৰ বাবেও এই উন্নতি সম্ভৱ হৈছে।

 

প্ৰতিটো সম্পদৰ ব্যয় বাৰ্ষিক ভিত্তিত ১৪ বেছিছ পইণ্ট হ্ৰাস পাই ১.৬০% হোৱাৰ ফলত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথম ছমাহত পিএছবিসমূহৰ ব্যয় আৰু আয়ৰ অনুপাতো বাৰ্ষিক ভিত্তিত ১৯১ বেছিছ পইণ্ট উন্নত হৈ ৪৭.৩৮% হৈছে। এই উন্নত পৰিচালন দক্ষতাই প্ৰযুক্তি আৰু ডিজিটেল ৰূপান্তৰত কৰা বিনিয়োগৰ সুফলক দেখুৱাইছে, যি দক্ষ ব্যয় ব্যৱস্থাপনাৰ প্ৰতিফলন।

 

পিএছবিসমূহৰ এই প্ৰদৰ্শন হৈছে চৰকাৰে পিএছবিসমূহত সংস্কাৰক প্ৰতিষ্ঠানিক ৰূপ দিয়াৰ ফলাফলৰ প্ৰকৃত প্ৰতিফলন, যাৰ মূল লক্ষ্য হৈছে উন্নত প্ৰশাসনিক মানদণ্ড, উন্নত পৰিচালন দক্ষতা, বেংকিং পদ্ধতিত বিচক্ষণতা, বৰ্ধিত বিপদাশংকা ব্যৱস্থাপনা আৰু প্ৰযুক্তিৰ নিৰন্তৰ অভিযোজন। পিএছবিসমূহৰ পৰিচালন মানদণ্ড উন্নত কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ এতিয়া বিত্তীয় প্ৰদৰ্শনত প্ৰতিফলিত হৈছে, যাৰ লক্ষ্য হৈছে বিকশিত ভাৰত ২০৪৭-ৰ বাবে ভাৰতৰ উন্নয়নৰ আকাংক্ষাক সমৰ্থন কৰা।

 

KT/KMN/MM


(ৰিলিজ আই ডি : 2338353) অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক: Tamil , English , Urdu , हिन्दी , Punjabi , Gujarati