পোষ্ট কৰা হৈছে:
19 NOV 2026 10:31AM by PIB Guwahati
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে যোৱা ৬ নৱেম্বৰত জাৰি কৰা খচৰা গেজেট অধিসূচনা জি এছ আৰ ৯৮৩ (ই)-ৰ জৰিয়তে নতুন ঔষধ আৰু ক্লিনিকেল ট্ৰায়েলছ বিধি, ২০১৯-ৰ বিধি ২(১)(ডব্লিউ)(ভি)-ৰ অধীনত ‘নতুন ঔষধ’ৰ সংজ্ঞাত ‘এণ্টিমাইক্ৰ’বিয়েল’((জীৱাণুৰোধী) ঔষধসমূহ অন্তৰ্ভুক্ত কৰাৰ বাবে সংশোধনীৰ প্ৰস্তাৱ আগবঢ়াইছে।
এণ্টিমাইক্ৰ’বিয়েল প্ৰতিৰোধ (এ এম আৰ) হৈছে গোলকীয় জনস্বাস্থ্যৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ উদ্বেগৰ বিষয় আৰু ইয়াৰ মোকাবিলাৰ বাবে সমন্বিত পদক্ষেপ গ্ৰহণ কৰাটো এক অগ্ৰাধিকাৰ। জি-২০ৰ নতুন দিল্লী নেতৃবৃন্দৰ ঘোষণাপত্ৰতো ‘ৱান হেল্থ’ (এক স্বাস্থ্য) দৃষ্টিভংগীৰে এণ্টিমাইক্ৰ’বিয়েল প্ৰতিৰোধৰ সমস্যা মোকাবিলা কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।
পৰ্যাপ্ত নিয়ন্ত্ৰণমূলক পৰীক্ষা-নিৰীক্ষা অবিহনে এণ্টিমাইক্ৰ’বিয়েল সামগ্ৰীৰ উৎপাদনৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বিষয়টোক লৈ সৃষ্টি হোৱা উদ্বেগৰ পৰিপ্ৰেক্ষিতত এই সংশোধনীৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। এনে নিয়ন্ত্ৰণমূলক পৰীক্ষা-নিৰীক্ষাৰ ভিতৰত ঔষধৰ জৈৱ-উপলব্ধতা/জৈৱ-সমতুল্যতা আৰু স্থিৰতা সম্পৰ্কীয় অধ্যয়নো অন্তৰ্ভুক্ত। এনে মূল্যায়নৰ অভাৱে এণ্টিমাইক্ৰ’বিয়েল সামগ্ৰীৰ গুণগত মান, সুৰক্ষা আৰু কাৰ্যকাৰিতাত প্ৰভাৱ পেলাব পাৰে। নিম্নমানৰ বা অকাৰ্যকৰী এণ্টিমাইক্ৰ’বিয়েল ঔষধে এণ্টিমাইক্ৰ’বিয়েল প্ৰতিৰোধৰ বিকাশ আৰু বিস্তাৰত অৰিহণা যোগাব পাৰে, যাৰ ফলত ৰোগীৰ সুৰক্ষা বিপদাপন্ন হোৱাৰ আশংকা থাকে।
প্ৰস্তাৱিত সংশোধনীৰ জৰিয়তে এণ্টিমাইক্ৰ’বিয়েল ঔষধসমূহক নতুন ঔষধ আৰু ক্লিনিকেল ট্ৰায়েলছ বিধি, ২০১৯-ৰ অধীনত নতুন ঔষধৰ ক্ষেত্ৰত প্ৰযোজ্য নিয়ন্ত্ৰণমূলক ব্যৱস্থাৰ অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য লোৱা হৈছে। সেই অনুসৰি, প্ৰস্তুতকাৰীসকলে সংশ্লিষ্ট ৰাজ্যিক অনুজ্ঞাপত্ৰ প্ৰদানকাৰী কৰ্তৃপক্ষ (এছ এল এ)ৰ পৰা উৎপাদনৰ অনুজ্ঞাপত্ৰ বিচৰাৰ পূৰ্বে কেন্দ্ৰীয় অনুজ্ঞাপত্ৰ প্ৰদানকাৰী কৰ্তৃপক্ষ (চি এল এ)ৰ পৰা অনুমতি লাভ কৰিব লাগিব। ইয়াৰ ফলত কেন্দ্ৰীয় পৰ্যায়ত নিয়ন্ত্ৰণমূলক তদাৰকী ব্যৱস্থা অধিক শক্তিশালী হোৱাৰ লগতে এণ্টিমাইক্ৰ’বিয়েল সামগ্ৰীৰ গুণগত মান, সুৰক্ষা আৰু কাৰ্যকাৰিতা নিশ্চিত কৰাত সহায়ক হ’ব বুলি আশা কৰা হৈছে।
প্ৰস্তাৱিত সংশোধনীটো চূড়ান্ত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিবেচনা কৰাৰ পূৰ্বে সংশ্লিষ্ট অংশীদাৰসকল আৰু সাধাৰণ জনতাৰ পৰা আপত্তি আৰু পৰামৰ্শ আহ্বান কৰাৰ উদ্দেশ্যে খচৰা অধিসূচনাখন জাৰি কৰা হৈছে।
যদি কোনো আপত্তি বা পৰামৰ্শ থাকে, তেন্তে খচৰা বিধি সন্নিৱিষ্ট গেজেটৰ প্ৰতিলিপি জনসাধাৰণৰ বাবে উপলব্ধ হোৱাৰ তাৰিখৰ পৰা ৩০ দিনৰ ভিতৰত ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ আণ্ডাৰ ছেক্ৰেটাৰী (ড্ৰাগছ)-লৈ তলত উল্লেখিত ঠিকনাত লিখিতভাৱে অথবা ই-মেইলযোগে প্ৰেৰণ কৰিব পাৰিব।
ঠিকনা:
অবৰ সচিব (ড্ৰাগছ), স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, ভাৰত চৰকাৰ
ইউ-৬, ৱৰ্ক হল-চি উইং, প্ৰথম মহলা
কৰ্তব্য ভৱন-১, লতুন দিল্লী-১১০০০১১
ই-মেইল: drugsdiv-mohfw[at]gov[dot]in
খচৰা গেজেট অধিসূচনাখন তলত উল্লেখ কৰা লিংকৰ জৰিয়তে উপলব্ধ:
খচৰা গেজেট অধিসূচনা:
https://egazette.gov.in/(S(v14ga5sxvesv0yfxhdm40iu0))/ViewPDF.aspx
*****
SR/US
HFW/Amendments to New Drugs and Clinical Trials Rules, 2019 /19 November 2026/3