পোষ্ট কৰা হৈছে:
18 NOV 2026 4:01PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ নৱেম্বৰত দিনৰ ১১ বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপমত ফেডাৰেচন অৱ ইণ্ডিয়ান চেম্বাৰ্ছ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী (এফআইচিচিআই)ৰ বাৰ্ষিক সাধাৰণ সভা আৰু বাৰ্ষিক সন্মিলন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। তেওঁ লগতে অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তিসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব।
“ভাৰত ২০৪৭” শীৰ্ষক বিষয়বস্তুক মূল হিচাপে লৈ আয়োজিত এই সন্মিলনত উদ্যোগপতি, মুখ্য কাৰ্যবাহী বিষয়া, ৰাষ্ট্ৰদূত, কূটনীতিবিদ আৰু নীতি নিৰ্ধাৰকসকলকে ধৰি ২,৫০০তকৈ অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। ২০২৬-২৭ বৰ্ষটো এফআইচিচিআই-ৰ শতবৰ্ষীয় বছৰ হিচাপে চিহ্নিত হৈছে। সংগঠনটোৱে ৭ এপ্ৰিল, ২০২৭ত ইয়াৰ প্ৰতিষ্ঠাৰ ১০০ বছৰ সম্পূৰ্ণ কৰিব।
১৯২৭ চনত এনে এক সময়ত এফআইচিচিআইৰ প্ৰতিষ্ঠা হৈছিল, যেতিয়া ভাৰতীয় উদ্যোগসমূহৰ অৰ্থনৈতিক নীতি নিৰ্ধাৰণত সীমিত প্ৰতিনিধিত্ব আছিল। স্বাধীনতাৰ পিছৰে পৰা এফআইচিচিআইয়ে ভাৰতৰ অৰ্থনৈতিক পৰিৱৰ্তন আৰু বিশ্ব অৰ্থনীতিৰ সৈতে ইয়াৰ ক্ৰমবৰ্ধমান একত্ৰীকৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
বৰ্তমান এফআইচিচিআইয়ে সৰ্বোচ্চ স্তৰত আৰু ৩০০তকৈ অধিক সংযুক্ত আঞ্চলিক তথা ৰাজ্যিক পৰ্যায়ৰ উদ্যোগ সংস্থাৰ জৰিয়তে সৰ্বজনীন, ব্যক্তিগত আৰু বহুজাতিক খণ্ডৰ ২.৫ লাখতকৈ অধিক কোম্পানীৰ প্ৰতিনিধিত্ব কৰে। সংস্থাটোৱে বিশ্বৰ ১০০খনতকৈ অধিক দেশৰ ২৫০খন ৰাষ্ট্ৰীয় ব্যৱসায়িক সংস্থাৰ সৈতে অংশীদাৰিত্ব চুক্তি স্বাক্ষৰ কৰিছে।
****
MJPS/SS/PRK/DB