বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

দিল্লীত নিচাযুক্ত ঔষধ প্ৰস্তুতৰ গোপন কাৰখানাত ডি আৰ আইৰ অভিযানত ১৪৮ কিলোগ্ৰাম এলপ্ৰাজ’লামৰ মধ্যৱৰ্তী পদাৰ্থ আৰু ১,০৪৬ কিলোগ্ৰামৰো অধিক কেঁচা সামগ্ৰী তথা ৰাসায়নিক সামগ্ৰী জব্দ, এজনক গ্ৰেপ্তাৰ

গাজীপুৰত কম্পিউটাৰৰ দোকানৰ আঁৰত চলি থকা অবৈধ কাৰখানাৰ সন্ধান লাভ; সম্পূৰ্ণ উৎপাদন ব্যৱস্থা উৎখাত

পোষ্ট কৰা হৈছে: 18 NOV 2026 2:27PM by PIB Guwahati

ভাৰতত নিচাযুক্ত ঔষধ আৰু মনঃপ্ৰভাৱী পদাৰ্থৰ গোপন উৎপাদনৰ বিৰুদ্ধে চলোৱা গুৰুত্বপূৰ্ণ অভিযানত ৰাজহ চোৰাংচোৱা সঞ্চালকালয় (ডি আৰ আই) –য়ে যোৱা ১৫ আৰু ১৬ নৱেম্বৰত নতুন দিল্লীৰ গাজীপুৰত এলপ্ৰাজ’লাম প্ৰস্তুত কৰি থকা এটা অবৈধ কাৰখানা উৎখাত কৰে।

চোৰাংচোৱাৰ সূত্ৰৰ ভিত্তিত চলোৱা অভিযানৰ সময়ত ডি আৰ আইৰ বিষয়াসকলে এটা প্ৰতিষ্ঠানত তালাচী চলায়। বাহিৰৰ পৰা দেখাত এই প্ৰতিষ্ঠানটো কম্পিউটাৰৰ দোকান হিচাপে চলাই থকা হৈছিল। তালাচীত উক্ত স্থানত এটা সম্পূৰ্ণৰূপে কাৰ্যক্ষম গোপন কাৰখানাৰ সন্ধান পোৱা যায়। কাৰখানাটোত ৰাসায়নিক বিক্ৰিয়াৰ বাবে ব্যৱহৃত সঁজুলি, ৱাটাৰ চিলাৰ, ভেকুৱাম এক্সহষ্ট মেচিনকে ধৰি উৎপাদন প্ৰক্ৰিয়াত ব্যৱহৃত বিভিন্ন যন্ত্ৰপাতি উদ্ধাৰ হয়।

এই অভিযানত কঠিন আৰু তৰল অৱস্থাত থকা ১৪৮ কিলোগ্ৰাম এলপ্ৰাজ’লামৰ মধ্যৱৰ্তী পদাৰ্থ, লগতে উৎপাদন প্ৰক্ৰিয়াত ব্যৱহৃত প্ৰায় ১,০৪৬ কিলোগ্ৰাম কেঁচা সামগ্ৰী আৰু ৰাসায়নিক সামগ্ৰী তথা অতিৰিক্ত ১৮৮ লিটাৰ ৰাসায়নিক পদাৰ্থ আৰু তৰল সামগ্ৰী জব্দ কৰা হয়। নিচাযুক্ত ঔষধ আৰু মনঃপ্ৰভাৱী পদাৰ্থ (এন ডি পি এছ)আইন, ১৯৮৫ৰ বিধান অনুসৰি কাৰখানাটোৰ যন্ত্ৰপাতি আৰু আনুসংগিক সামগ্ৰীসমূহো জব্দ কৰা হয়।

গোপন কাৰখানাটো পৰিচালনা কৰা লোকজনক এন ডি পি এছ আইন, ১৯৮৫ৰ অধীনত গ্ৰেপ্তাৰ কৰা হয়।

উল্লেখযোগ্য যে এলপ্ৰাজ’লাম হৈছে বেনজ’ডায়াজেপিন শ্ৰেণীৰ এটা মনঃপ্ৰভাৱী ঔষধ। Xanax, Alprax আদি ব্ৰেণ্ড নামেৰে ইয়াক সাধাৰণতে বজাৰত বিক্ৰী কৰা হয়। মূলতঃ উদ্বেগ আৰু আতংকজনিত ৰোগৰ চিকিৎসাত ব্যৱহাৰৰ বাবে চিকিৎসকৰ প্ৰেছক্ৰিপচন অনুসৰি এই ঔষধ প্ৰদান কৰা হয়। অৱশ্যে ইয়াৰ অপব্যৱহাৰ, নিৰ্ভৰশীলতাৰ আশংকা আৰু অবৈধ ব্যৱসায়ৰ জৰিয়তে প্ৰচলনৰ ফলত জনস্বাস্থ্যৰ ক্ষেত্ৰত গুৰুতৰ উদ্বেগৰ সৃষ্টি হৈছে। এলপ্ৰাজ’লাম এন ডি পি এছ আইন, ১৯৮৫ৰ অধীনত অধিসূচিত মনঃপ্ৰভাৱী পদাৰ্থ। সেয়েহে ইয়াৰ অনুমোদনবিহীন উৎপাদন, দখল, বিক্ৰী আৰু বিতৰণৰ ক্ষেত্ৰত এই আইনৰ অধীনত শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ বিধান আছে।

ইয়াৰ পূৰ্বে যোৱা ২৯ অক্টোবৰত উত্তৰ প্ৰদেশৰ জালাউন জিলাতো উত্তৰ প্ৰদেশৰ সন্ত্ৰাসবাদ বিৰোধী দলৰ সহযোগিতাৰ জৰিয়তে চলোৱা অভিযানত ডি আৰ আই-য়ে এটা বৃহৎ গোপন কৃত্ৰিম নিচাযুক্ত দ্ৰব্য প্ৰস্তুতকাৰী কাৰখানাৰ সন্ধান উলিয়াবলৈ সমৰ্থ হৈছিল। সেই অভিযানত প্ৰায় ১,১০০ কিলোগ্ৰাম নিচাযুক্ত দ্ৰব্য আৰু এনে দ্ৰব্য প্ৰস্তুত কৰাৰ বাবে ব্যৱহৃত ৰাসায়নিক পদাৰ্থ জব্দ কৰাৰ লগতে উৎপাদনত ব্যৱহৃত যন্ত্ৰপাতিও জব্দ কৰাৰ লগতে দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল।

জালাউনত চলোৱা সফল অভিযানৰ কেইসপ্তাহমানৰ ভিতৰতে দিল্লীত আন এটা গোপন কাৰখানাৰ সন্ধান লাভ কৰা ঘটনাই অবৈধ নিচাযুক্ত দ্ৰব্য প্ৰস্তুতকাৰী প্ৰতিষ্ঠানসমূহ চিনাক্ত কৰি উৎখাত কৰা, বৃহৎ পৰিমাণৰ মধ্যৱৰ্তী পদাৰ্থ আৰু নিচাযুক্ত দ্ৰব্য প্ৰস্তুত কৰাৰ বাবে ব্যৱহৃত ৰাসায়নিক সামগ্ৰী অবৈধ যোগান শৃংখলৰ পৰা আঁতৰোৱা তথা এনে কাৰ্যকলাপ চলাই ৰখা নেটৱৰ্কসমূহ ব্যাহত কৰাৰ ক্ষেত্ৰত ডি আৰ আই-ৰ তৎপৰতা বৃদ্ধিৰ ইংগিত দিছে।

 

 

KT/KMN/UD


(ৰিলিজ আই ডি : 2338010) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Nepali , Gujarati , Tamil , Telugu