নিতি আয়োগ
azadi ka amrit mahotsav

নীটি আয়োগৰ ৰাষ্ট্ৰীয় কৰ্মশালাত ‘অভিযান হিচাপে নেতৃত্ব’ শীৰ্ষক কৰ্মযোগী সঙ্কল্পৰ শুভাৰম্ভ কেবিনেট সচিবৰ


সমগ্ৰ দেশৰ অসামৰিক কৰ্মচাৰীসকলে তেওঁলোকৰ নেতৃত্বৰ অনুশীলনত নিৰ্দিষ্ট পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি আই গ’ট (iGOT) কৰ্মযোগী মঞ্চত লিপিবদ্ধ কৰিব


পোষ্ট কৰা হৈছে: 17 NOV 2026 9:25PM by PIB Guwahati

কেবিনেট সচিব ড০ টি ভি সোমনাথনে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত নীটি আয়োগে আয়োজন কৰা ‘অভিযান হিচাপে নেতৃত্ব’ শীৰ্ষক ৰাষ্ট্ৰীয় কৰ্মশালাৰ সামৰণি অধিৱেশনত আই গ'ট কৰ্মযোগী মঞ্চত কৰ্মযোগী সংকল্প মুকলি কৰে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰৰ মুৰব্বী হিচাপে পঁচিশ বছৰ সম্পূৰ্ণ কৰাৰ পাছত নীটি আয়োগে আয়োজন কৰা পাঁচখন ৰাষ্ট্ৰীয় কৰ্মশালা শৃংখলাৰ এয়া হৈছে প্ৰথমখন কৰ্মশালা ।

কৰ্মযোগী সংকল্পৰ অধীনত, প্ৰতিগৰাকী অসামৰিক বিষয়াই তেওঁলোকৰ নিজৰ নেতৃত্বৰ অনুশীলনত এটা নিৰ্দিষ্ট পৰিৱৰ্তনৰ বাবে এটা প্ৰতিশ্ৰুতি লিপিবদ্ধ কৰে। প্ৰতিশ্ৰুতিত বিষয়াগৰাকীয়ে ক'ত কাম কৰিব, তেওঁ গঢ়ি তুলিব লগীয়া নেতৃত্বৰ গুণাগুণ, নাগৰিকসকলে কি পৰিৱৰ্তন প্ৰত্যক্ষ কৰিব আৰু বিষয়াগৰাকীয়ে কি পদক্ষেপ ল'ব সেয়া নিৰ্ধাৰণ কৰা হৈছে। ভাৰত মণ্ডপমত অংশগ্ৰহণকাৰী আৰু আই গ'ট কৰ্মযোগী মঞ্চৰ জৰিয়তে যোগদান কৰা বিষয়াসকলে উদ্বোধনৰ সময়ত তেওঁলোকৰ প্ৰতিশ্ৰুতি লিপিবদ্ধ কৰে। চৰকাৰী বিষয়াসকলৰ প্ৰতিশ্ৰুতিবোৰ কৰ্মযোগী ভাৰতে অনুসৰণ কৰিব আৰু মন্ত্ৰালয়, ৰাজ্য চৰকাৰ তথা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ জৰিয়তে এই সংকল্প আগুৱাই নিয়া হ'ব। ২০২৬ বৰ্যৰ ২৫ ডিচেম্বৰৰ ভিতৰত এই মঞ্চত ২৫,০০০ প্ৰতিশ্ৰুতি নথিভুক্ত কৰাৰ লক্ষ্যৰে এই সংকল্প আগুৱাই নিয়া হ'ব, যাক সুশাসন দিৱস হিচাপে পালন কৰা হয়।

প্ৰধানমন্ত্ৰীৰ মুখ্য সচিব ড০ পি কে মিশ্ৰৰ উদ্বোধনী মুখ্য ভাষণেৰে দিনটোৰ আৰম্ভণি হয়। ইয়াৰ পাছত ২০০১ চনৰ ভূমিকম্পৰ পিছত কচ্ছৰ পুনৰ্নিৰ্মাণ, ক'ভিড-19 ৰ প্ৰতি সঁহাৰি, লাখপতি দিদি আৰু মহাকাশ অৰ্থনীতি মুকলি সম্পৰ্কে পোনপটীয়া বিৱৰণ দিয়া হয়। কেছ ক্লিনিকত, প্ৰতিটো গোটে ইয়াৰ নিৰ্ধাৰিত খণ্ডৰ পৰা এটা সিদ্ধান্ত পৰীক্ষা কৰি সিদ্ধান্তটোত কি ৰাজহুৱা উদ্দেশ্যৰ প্ৰয়োজন, ইয়াৰ বিৰুদ্ধে কি আছিল আৰু কাৰ্যকৰীকৰণৰ জৰিয়তে সিদ্ধান্তটো কেনেদৰে ইয়াৰ উদ্দেশ্যত ৰখা হৈছিল সেয়া বিবেচনা কৰা হয়।

নীটি আয়োগৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী বি ভি আৰ সুব্ৰমণ্যমে ‘বিকশিত ভাৰতৰ নেতৃত্ব’ শীৰ্ষক পেনেল আলোচনাৰ সঞ্চালনা কৰে। পেনেলিষ্টসকল আছিল উত্তৰ প্ৰদেশ চৰকাৰৰ নগৰ উন্নয়ন আৰু শক্তি বিভাগৰ কেবিনেট মন্ত্ৰী শ্ৰী অৰবিন্দ কুমাৰ শৰ্মা, ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট আহমেদাবাদৰ অধ্যাপক বিশাল গুপ্তা, নাছকমৰ প্ৰাক্তন সভাপতি আৰু নীটি আয়োগৰ বিশিষ্ট ফেল' শ্ৰীমতী দেৱযানী ঘোষ আৰু উত্তৰ প্ৰদেশৰ হাৰদৈৰ যুটীয়া দণ্ডাধীশ শ্ৰীমতী নাৰায়নী ভাটিয়া।

পেনেলিষ্টসকলে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ নীতি আৰু বিকশিত ভাৰত ২০৪৭ ৰ দৃষ্টিভংগী প্ৰাপ্ত কৰাৰ প্ৰাসংগিকতাৰ বিষয়ে তেওঁলোকৰ চিন্তাধাৰা শ্বেয়াৰ কৰে।

শ্ৰী অৰবিন্দ কুমাৰ শৰ্মাই গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰধানমন্ত্ৰীৰ কাৰ্যকালত প্ৰশাসনৰ দৃষ্টান্তমূলক পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰি নতুন প্ৰক্ৰিয়া সৃষ্টি কৰা, প্ৰতিষ্ঠান আৰু মানৱ সম্পদৰ সক্ষমতা গঢ়ি তোলা তথা স্থানীয় সম্প্ৰদায়ক বিকাশৰ কেন্দ্ৰত ৰখাৰ দক্ষতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

অধ্যাপক বিশাল গুপ্তাই উচ্চাকাংক্ষী লক্ষ্যৰ ওপৰত বিশ্বাস জগাই তোলাৰ প্ৰধানমন্ত্ৰীৰ সামৰ্থ্যৰ ওপৰত আলেকপাত কৰে। তেওঁ গুৰুত্ব আৰোপ কৰে যে ৰাজনৈতিক সদিচ্ছা প্ৰশাসনিক সংস্কাৰৰ সৈতে একেলগে যাব লাগিব। তেওঁ সেৱা ভৱক নেতৃত্বৰ এক সংজ্ঞাবদ্ধ নীতি হিচাপে আলোকপাত কৰে।

শ্ৰীমতী দেৱযানী ঘোষে গুৰুত্ব আৰোপ কৰে যে প্ৰযুক্তিক মানুহ আৰু সমাজৰ ওপৰত ইয়াৰ প্ৰভাৱৰ দ্বাৰা পৰিমাপ কৰা হ'ব লাগিব। তেওঁ কৃত্ৰিম বুদ্ধিমত্তা আৰু প্ৰযুক্তিগত অগ্ৰগতিৰ কেন্দ্ৰত মানৱ-কেন্দ্ৰিক স্থান দিবলৈ আহ্বান জনায় যাতে উদ্ভাৱন অৰ্থপূৰ্ণ সামাজিক পৰিৱৰ্তনলৈ ৰূপান্তৰিত হয়।

শ্ৰীমতী নাৰায়ণী ভাটিয়াই প্ৰধানমন্ত্ৰীৰ পাৰ্শ্বীয় চিন্তাধাৰা, আন্তঃসংযোজিত সুযোগবোৰ চিনাক্ত কৰাৰ সামৰ্থ্যৰ ওপৰত আলোকপাত কৰে। তেওঁ বিশেষভাৱে প্ৰধানমন্ত্ৰীৰ গভীৰ শ্ৰৱণ আৰু সহানুভূতিৰ অনুশীলনৰ ওপৰত গুৰুত্ব আৰোপ কৰি উল্লেখ কৰে যে যুৱ আমোলাকে ধৰি আন আন লোকসকলক তেওঁলোকৰ দৃষ্টিভংগী শ্বেয়াৰ কৰাৰ সুযোগ দিয়াটো তেওঁৰ নেতৃত্বৰ আটাইতকৈ মূল্যৱান গুণ।

এপ্লিকেচন ক্লিনিকত, চৰকাৰী বিষয়াসকলে অংশগ্ৰহণকাৰী বিষয়াসকলৰ বৰ্তমানৰ নিযুক্তিৰ পৰা নেতৃত্বৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ কেছ ক্লিনিকৰ পৰা পোৱা শিক্ষা প্ৰয়োগ কৰিছিল।

সামৰণি অধিৱেশনত, নীটি আয়োগৰ সদস্য ড০ আৰ বালাসুব্ৰমনিয়মে দিনটোৰ কাৰ্যাৱলীৰ পুনৰাবৃত্তি উপস্থাপন কৰে। ইয়াৰ উপৰি, বিভিন্ন গোটে দূৰৱৰ্তী জনজাতীয় বসতিবোৰত প্ৰসূতিৰ যত্ন অনুসৰণ আৰু বৰ্তাই ৰখাৰ লক্ষ্যৰে এএছআৰ সাথী - সুৰক্ষিত প্ৰসৱপূৰ্ব সহায়তাৰ সৈতে সম্পৰ্কিত প্ৰত্যাহ্বানৰ বাবে তেওঁলোকৰ আৱেদন দাখিল কৰে; অসংক্ৰামক ৰোগৰ বাবে সাৰ্বজনীন স্বাস্থ্য সুৰক্ষা প্ৰদান কৰাৰ বাবে সম্পূৰ্ণ বা নিশ্চিত ৰোগী প্ৰেৰণ ব্যৱস্থা কাৰ্যকৰী কৰা; প্ৰতিটো সৰস মেলাত বছৰজুৰি ক্ৰেতাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা যাতে আত্মসহায়ক গোটৰ উদ্যোগবোৰে লাখপতি দিদিৰ উপাৰ্জন বজাই ৰাখিব পাৰে; আৰু এছবিএম-জি-ৰ অধীনত বৰ্জিত পানী ব্যৱস্থাপনা সম্পদৰ প্ৰাৰম্ভিক আৰু দীৰ্ঘম্যাদী কাৰ্যকাৰিতা নিশ্চিত কৰা।

সামৰণি মন্তব্যত, কেবিনেট সচিব ড০ টি ভি সোমনাথনে কয় যে নেতৃত্বৰ পাঠ শৈক্ষিক পাঠ্যক্ৰম আৰু গৱেষণাৰ জৰিয়তে অধ্যয়ন কৰিব পাৰি, কিন্তু দক্ষ নেতাসকলক পৰ্যবেক্ষণ আৰু তেওঁলোকৰ সৈতে কাম কৰিহে আটাইতকৈ মূল্যৱান শিক্ষা আহৰণ কৰিব পাৰি । মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৰে নেতাৰ সৈতে কাম কৰাৰ অভিজ্ঞতাৰ ওপৰত আলোকপাত কৰি তেওঁ অসামৰিক কৰ্মচাৰীসকলে গ্ৰহণ কৰিব পৰা মুখ্য প্ৰশাসনিক নেতৃত্বৰ অনুশীলনৰ বিষয়ে উল্লেখ কৰে। কৰ্মযোগী সংকল্পই কৰ্মশালাৰ শিক্ষা ক্ষেত্ৰলৈ লৈ যাব। ড০ সোমনাথনে দক্ষ নেতাসকলৰ অভিজ্ঞতাৰ জৰিয়তে কাৰ্যকৰী নেতৃত্ব ভালদৰে বুজিব পাৰি বুলি মত প্ৰকাশ কৰে আৰু তেওঁলোকৰ প্ৰশাসনিক দক্ষতাৰ পৰা শিকাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।

তেওঁ লগতে কয় যে ফলপ্ৰসূ প্ৰশাসনিক নেতৃত্ব হৈছে উদ্দেশ্যপূৰ্ণ প্ৰশ্ন, সক্ৰিয় শ্ৰৱণ, নিৰ্ণায়ক সিদ্ধান্ত গ্ৰহণ, দায়বদ্ধতা আৰু সঠিক প্ৰক্ৰিয়া অনুসৰণৰ জৰিয়তে দৃষ্টিভংগীক পৰিমাপযোগ্য ফলাফললৈ ৰূপান্তৰিত কৰা।

গোটবোৰৰ বিশ্লেষণ কেছ ৰাইটাৰসকলৰ দ্বাৰা কেছ ষ্টাডিলৈ বিকশিত কৰা হ'ব, যাক অসামৰিক কৰ্মচাৰী আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ব্যৱহাৰৰ বাবে আই গ'ট কৰ্মযোগী মঞ্চত প্ৰকাশ কৰা হ'ব। প্ৰতিটো গোটে প্ৰস্তুত কৰা আবেদন আঁচনি আৰু কৰ্মযোগী সংকল্পৰ অধীনত নথিভুক্ত কৰা প্ৰতিশ্ৰুতিয়ে কৰ্মশালাৰ শিক্ষাক ক্ষেত্ৰলৈ লৈ যাব। শৃংখলাটোৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় কৰ্মশালা, ‘প্ৰৱৰ্তন হিচাপে শাসন’ বিষয়বস্তুৰে ২০২৭ বৰ্ষৰ জানুৱাৰীত অনুষ্ঠিত হ'ব। নীটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী অনুৰাগ জৈনে ধন্যবাদ জ্ঞাপন কৰি কৰ্মশালাখন সমাপ্ত কৰে।

*****

MJPS/PRK/MK


(ৰিলিজ আই ডি : 2337703) অতিথি কক্ষ : 8
ত এই ৰিলিজটো পঢ়ক: Odia , English , हिन्दी , Nepali , Gujarati , Kannada