প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মেনিলাত অনুষ্ঠিত আছিয়ান শীৰ্ষ সন্মিলনৰ সমান্তৰালভাৱে প্ৰধানমন্ত্ৰী মোদীৰ ফিলিপাইনছৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ

পোষ্ট কৰা হৈছে: 17 NOV 2026 4:29PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মেনিলাত আছিয়ান শীৰ্ষ সন্মিলনৰ সমান্তৰালকৈ ফিলিপাইনছ গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামান্য ফাৰ্ডিনাণ্ড আৰ. মাৰ্কোছ জুনিয়ৰক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীয়ে এই বছৰৰ আছিয়ানৰ সফল অধ্যক্ষতাৰ বাবে ফিলিপাইনছক অভিনন্দন জনায়। তেওঁ ২০২৪ চনৰ পৰা আছিয়ানত ভাৰতৰ ৰাষ্ট্ৰীয় সমন্বয়ক হিচাপে ফিলিপাইনছৰ ভূমিকা আৰু আছিয়ান-ভাৰত সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত ইয়াৰ নিৰন্তৰ সমৰ্থনৰ শলাগ লয়।

দুয়োগৰাকী নেতাই ২০২৬ চনৰ ছেপ্টেম্বৰ মাহত নতুন দিল্লীত অনুষ্ঠিত ব্ৰিকছ  সন্মিলনৰ সমান্তৰালকৈ হোৱা তেওঁলোকৰ শেহতীয়া বৈঠকৰ কথা আন্তৰিকতাৰে সোঁৱৰে, য'ত আছিয়ানৰ অধ্যক্ষ হিচাপে ৰাষ্ট্ৰপতি মাৰ্কোছ জুনিয়ৰক প্ৰধানমন্ত্ৰী মোদীয়ে আমন্ত্ৰণ জনাইছিল। ২০২৫ চনৰ আগষ্ট মাহত ৰাষ্ট্ৰপতি মাৰ্কোছ জুনিয়ৰৰ ৰাজ্যিক ভ্ৰমণৰ সময়ত দুয়োখন দেশৰ মাজত স্থাপিত কৌশলগত অংশীদাৰিত্বৰ অধীনত প্ৰতিৰক্ষা আৰু নিৰাপত্তা, মহাকাশ, ৰে'লৱে আন্তঃগাঁথনি, ফিনটেক, আৰু বাণিজ্য তথা বিনিয়োগৰ দৰে বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি পোৱাত তেওঁলোকে সন্তোষ প্ৰকাশ কৰে। নেতাদ্বয়ে পাৰস্পৰিক স্বাৰ্থজড়িত মূল আঞ্চলিক আৰু গোলকীয় বিষয়সমূহৰ ওপৰতো মত বিনিময় কৰে।

 

 

******

MJPS/SS/VJ/ST/NB


(ৰিলিজ আই ডি : 2337689) অতিথি কক্ষ : 8