পোষ্ট কৰা হৈছে:
16 NOV 2026 9:52PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়াত অনুষ্ঠিত ৰামোজী এক্সেলেন্স বঁটা প্ৰদান অনুষ্ঠান–২০২৬ত ভাষণ প্ৰদান কৰে।এই অনুষ্ঠানত অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যপাল শ্ৰী এছ আব্দুল নাজিৰ, মুখ্যমন্ত্ৰী শ্ৰী চন্দ্ৰবাবু নাইডু, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডী আৰু শ্ৰী কে ৰামমোহন নাইডু, অন্ধ্ৰপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী কে পৱন কল্যাণৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

বঁটা প্ৰদান অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে আজি ৰামোজী ৰাওৰ ৯০সংখ্যক জন্মজয়ন্তী। তেওঁ আজি আমাৰ মাজত নাই যদিও জীৱনকালত নিজৰ কৰ্মনিষ্ঠাৰ জৰিয়তে একোটা প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত হোৱা ব্যক্তিৰ সংখ্যা অতি কম। তেওঁলোকে গঢ়ি থৈ যোৱা প্ৰতিষ্ঠানসমূহে চিৰদিন দেশক অনুপ্ৰাণিত কৰি থাকে।শ্ৰী শ্বাহে কয় যে তেওঁ ৰামোজী ৰাওক চাৰিবাৰ সাক্ষাৎ কৰাৰ সুযোগ লাভ কৰিছিল আৰু ৰামোজী ৰাও দেশৰ প্ৰতিটো প্ৰান্তৰ ঘটনাৰ বিষয়ে সদায় অৱগত আছিল। দেশৰ সন্মুখত থকা প্ৰতিটো সমস্যাৰ বিষয়ে তেওঁৰ স্পষ্ট ধাৰণা আছিল আৰু সেই সমস্যাসমূহৰ সম্ভাৱ্য সমাধানৰ বিষয়েও তেওঁ অৱগত আছিল।নিজৰ দৃঢ় মতামত প্ৰকাশ কৰাৰ ক্ষেত্ৰত তেওঁৰ কোনো দ্বিধা নাছিল আৰু নিৰ্ভীক তথা পোনপটীয়াভাৱে সেই মতামত প্ৰকাশ কৰাৰ সাহস আছিল। ৰামোজী ৰাওৰ তৃণমূল পৰ্যায়ৰ বাস্তৱ পৰিস্থিতিৰ বিষয়েও আছিল গভীৰ জ্ঞান।কৃষি, শিক্ষা, চলচ্চিত্ৰ নিৰ্মাণ আৰু সংবাদ মাধ্যমকে ধৰি বিভিন্ন ক্ষেত্ৰত তেওঁ আজিৰ যুৱ প্ৰজন্মৰ বাবে আদৰ্শ হৈ আছে বুলি শ্ৰী শ্বাহে উল্লেখ কৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ ভৌগোলিক পৰিস্থিতি, জনসংখ্যা, প্ৰত্যাহ্বান আৰু উগ্ৰপন্থাৰ মূল কাৰণসমূহৰ বিষয়েও ৰামোজী ৰাওৰ আছিল গভীৰ জ্ঞান।ৰামোজী ৰাওৰ বিষয়ে যিমানেই অধিক জানিবলৈ পাৰিছিল, তেওঁৰ প্ৰতি সিমানেই শ্ৰদ্ধা বৃদ্ধি পাইছিল বুলি শ্ৰী অমিত শ্বাহে মন্তব্য কৰে।শ্ৰী অমিত শ্বাহে কয় যে ৰামোজী ৰাওৰ ৯০ বছৰীয়া জীৱনলৈ উভতি চালে দেখা যায় যে ইমানবোৰ ক্ষেত্ৰত দেশলৈ ইমান ব্যাপক অৱদান আগবঢ়োৱা ব্যক্তি আন কোনোবা আছে বুলি কল্পনা কৰাটো কঠিন।তেওঁ কয় যে ৰামোজী ৰাওৰ জন্ম হৈছিল কৃষ্ণা জিলাৰ এটা দৰিদ্ৰ পৰিয়ালত। তেওঁৰ কোনো উত্তৰাধিকাৰী সম্পত্তি, আৰ্থিক সম্বল অথবা সাংবাদিকতাৰ আনুষ্ঠানিক ডিগ্ৰী নাছিল।কিন্তু তেওঁৰ চকু আৰু মনত আছিল এক সুদূৰপ্ৰসাৰী দৃষ্টিভংগী, লগতে আছিল অদম্য দৃঢ়তা।শ্ৰী শ্বাহে কয় যে ‘ঈনাডু’ সংবাদপত্ৰ আৰম্ভ কৰাৰ জৰিয়তে ৰামোজী ৰাৱে পাঠকৰ মাজত সত্যৰ কণ্ঠস্বৰ প্ৰতিধ্বনিত কৰাৰ লক্ষ্য গ্ৰহণ কৰিছিল।আজি সাংবাদিকতাৰ ক্ষেত্ৰত ৰামোজী ৰাওৰ অৱদানৰ মূল্যায়ন কৰিলে ক’ব পাৰি যে সংবাদ মাধ্যম গোষ্ঠীৰ অধ্যক্ষ হিচাপে তেওঁৰ সৈতে তুলনা কৰিব পৰা একমাত্ৰ ব্যক্তি আছিল ৰামনাথ গোৱেংকা।কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে ৰামোজী ৰাৱে সদায় সময়ৰ পৰিৱৰ্তন আৰু প্ৰযুক্তিৰ বিকাশৰ সৈতে নিজকে খাপ খুৱাই আগবাঢ়িছিল।ব্যক্তিগত সংবাদ চেনেলৰ প্ৰচলন আৰম্ভ হোৱাৰ সময়ত আঞ্চলিক ভাষাত ২৪ ঘণ্টীয়া সংবাদ চেনেল চলোৱাৰ সম্ভাৱনাৰ কথা ৰামোজী ৰাৱৰ বাহিৰে আন কোনেও কল্পনা কৰিব পৰা নাছিল বুলি তেওঁ উল্লেখ কৰে।শ্ৰী শ্বাহে কয় যে ৰামোজী ৰাৱে কেৱল তেলুগু ভাষাতে নহয়, দেশৰ প্ৰায় সকলো আঞ্চলিক ভাষাতে ইটিভি আৰম্ভ কৰিছিল।ইয়াৰ জৰিয়তে ৰামোজী ৰাৱে দেশৰ আঞ্চলিক ভাষাসমূহক সমৃদ্ধ কৰাৰ লগতে ইটিভি নেটৱৰ্কৰ জৰিয়তে সমগ্ৰ দেশৰ জনসাধাৰণৰ মাজত সত্যৰ কণ্ঠস্বৰ প্ৰতিধ্বনিত কৰাৰ এক অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছিল।

শ্ৰী অমিত শ্বাহে কয় যে এবাৰ তেওঁ ৰামোজী ৰাওক জীৱনৰ বাকী থকা সময়ছোৱাত কি কৰিবলৈ বিচাৰে বুলি সোধাত ৰামোজী ৰাৱে ম’বাইল ফোনত এটা টেলিভিছন চেনেল আৰম্ভ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল।তেওঁ কয় যে আজি তেওঁৰ ম’বাইল চেনেলসমূহ সকলো ভাষাতে উপলব্ধ।অধিক অৱদান আগবঢ়োৱাৰ এই আগ্ৰহ, নিৰন্তৰ প্ৰচেষ্টা চলাই যোৱাৰ মানসিকতা আৰু প্ৰত্যাহ্বান অতিক্ৰম কৰাৰ অদম্য উৎসাহেই ৰামোজী ৰাওক প্ৰকৃত অৰ্থত মহান কৰি তুলিছে।কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে আজিৰ দিনত বাতৰি কাকত আৰু সংবাদ চেনেলৰ মালিকসকলৰ ব্যৱসায়িক লক্ষ্য আৰু লাভৰ প্ৰতি থকা মনোযোগলৈ চালে ৰামোজী ৰাওৰ ব্যক্তিত্ব কিমান উচ্চস্তৰৰ আছিল সেয়া উপলব্ধি কৰিব পাৰি।শ্ৰী শ্বাহে কয় যে ৰামোজী ৰাৱে নিশ্চয় দৃঢ়ভাৱে বিশ্বাস কৰিছিল যে প্ৰকৃত সাংবাদিকতা হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ।এই বিশ্বাস অক্ষুণ্ণ ৰাখিবলৈ তেওঁ জীৱনজুৰি বহু ত্যাগ স্বীকাৰ কৰাৰ লগতে অসংখ্য সংগ্ৰামৰ সন্মুখীন হৈছিল।কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে ৰামোজী ৰাৱে জীৱনৰ দুটা বৃহৎ পৰ্যায় সংগ্ৰামৰ মাজেৰে অতিবাহিত কৰিছিল।বিপুল আৰ্থিক লোকচান আৰু বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ পাছতো তেওঁ নিজৰ সংবাদ চেনেলৰ নিৰপেক্ষতা বজাই ৰাখিছিল আৰু গণতন্ত্ৰৰ প্ৰকৃত চতুৰ্থ স্তম্ভ হিচাপে ইয়াৰ ভূমিকা অক্ষুণ্ণ ৰাখিছিল।শ্ৰী শ্বাহে কয় যে নিজৰ কেৰিয়াৰ গঢ়িবলৈ সংগ্ৰাম কৰা ব্যক্তিসকলো মহান। সংগ্ৰাম হৈছে এনে এক বিশেষ গুণ, যিয়ে মানুহক মহান কৰি তোলে।কিন্তু মূল্যবোধ ৰক্ষাৰ বাবে যিসকলে সংগ্ৰাম কৰে, তেওঁলোক তাতোকৈ মহান। ৰামোজী ৰাৱে সদায় মূল্যবোধৰ হকে যুঁজ দিছিল আৰু সেই মূল্যবোধসমূহ প্ৰতিষ্ঠা কৰাৰ বাবেও কাম কৰিছিল।শ্ৰী অমিত শ্বাহে কয় যে ২০১৬ চনত যেতিয়া ৰামোজী ৰাওক পদ্ম বিভূষণ সন্মানেৰে সন্মানিত কৰা হৈছিল, তেতিয়া গুজৰাটৰ এখন প্ৰখ্যাত গুজৰাটী সংবাদপত্ৰই লিখিছিল যে এই সন্মান কেৱল ৰামোজী ৰাওৰ স্বীকৃতি নহয়, বৰঞ্চ ই সাংবাদিকতা, সাহিত্য, শিক্ষা আৰু তেলুগু গৌৰৱৰ প্ৰতিও এক সন্মান।শ্ৰী শ্বাহে কয় যে ৰামোজী ৰাৱে কেৱল এটা সংবাদ উদ্যোগ গঢ়ি তোলা নাছিল, তেওঁ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰিৱৰ্তে একো একোটা প্ৰতিষ্ঠান গঢ়ি তুলিছিল।প্ৰকৃত প্ৰতিষ্ঠান সেইবোৰেই, যিবোৰৰ প্ৰতিষ্ঠাপকসকলৰ অনুপস্থিতিতো একেই মূল্যবোধ অক্ষুণ্ণ ৰাখি নিজৰ কাম-কাজ অব্যাহত ৰাখে।কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে চলচ্চিত্ৰ উদ্যোগলৈও ৰামোজী ৰাৱে উল্লেখযোগ্য অৱদান আগবঢ়াইছিল।তেওঁ কয় যে ৰামোজী ফিল্ম চিটী অবিহনে কোনো ভাষাৰ চলচ্চিত্ৰ উদ্যোগৰ কথা কল্পনা কৰাটো কঠিন।শ্ৰী শ্বাহে উল্লেখ কৰে যে চলচ্চিত্ৰ নিৰ্মাতাসকলক ৰামোজী ৰাৱে আশ্বাস দিছিল যে তেওঁলোকে নিজৰ পূঁজি আৰু সৃষ্টিশীল পৰিকল্পনা লৈ ষ্টুডিঅ’লৈ আহিলেই হ’ব, বাকী সকলো সুবিধা তাতেই উপলব্ধ হ’ব। আন কোনো ঠাইলৈ যোৱাৰ প্ৰয়োজন নহ’ব।কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে এইবাৰ এক্সেলেন্স বঁটাৰ বাবে কেইবাগৰাকীও ব্যক্তিক নিৰ্বাচিত কৰা হৈছে।বিজ্ঞান আৰু প্ৰযুক্তি, যুৱ প্ৰতিভা, মানৱতাৰ সেৱা, কলা আৰু সংস্কৃতি, শিক্ষা, চিকিৎসা আৰু স্বাস্থ্যসেৱা, গ্ৰাম্য উন্নয়ন, সাংবাদিকতা আৰু নাৰী সৱলীকৰণকে ধৰি দেশৰ উন্নয়নৰ বাবে গুৰুত্বপূৰ্ণ নটা ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা ব্যক্তিসকলক এই অনুষ্ঠানত সন্মানিত কৰা হৈছে।তেওঁ কয় যে এই নটা গুৰুত্বপূৰ্ণ ক্ষেত্ৰত অৱদানৰ বাবে সন্মানিত হোৱা বঁটাপ্ৰাপক নজনক তেওঁ এটা কথা ক’ব বিচাৰে যে জীৱনত তেওঁলোকে হয়তো আৰু বহু বঁটা লাভ কৰিব, কিন্তু ৰামোজী ৰাওৰ নামৰ সৈতে জড়িত এই বঁটাৰ এক সুকীয়া তাৎপৰ্য আছে।শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দক্ষ নেতৃত্বত ভাৰতে প্ৰগতিৰ পথত দ্ৰুতগতিত আগবাঢ়িছে।তেওঁ কয় যে দীৰ্ঘদিনীয়া সময়ৰ পাছত বিগত ১৩ বছৰত দেশে স্থিৰতা, ধাৰাবাহিকতা আৰু দৃঢ় সিদ্ধান্ত গ্ৰহণকাৰী নেতৃত্বৰ সাক্ষী হৈছে।এসময়ত দেশত নীতিগত স্থবিৰতাক লৈ ব্যাপক চৰ্চা চলিছিল। কিন্তু সেই পৰিস্থিতিৰ পৰিৱৰ্তে এতিয়া কৰ্মদক্ষতাভিত্তিক ৰাজনীতি আৰু সুদৃঢ় নীতিৰ আধাৰত উন্নয়নৰ ধাৰা আৰম্ভ হৈছে।৩৭০নং অনুচ্ছেদ বাতিল, পাঁচ দশক পুৰণি নক্সালবাদী সমস্যাৰ অৱসান, দেশৰ অৰ্থনৈতিক বিকাশ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা নিশ্চিত কৰাকে ধৰি কেইবাটাও ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰা হৈছে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ অৰ্থনীতি দ্ৰুতগতিত আগবাঢ়িছে আৰু একে সময়তে সকলো খণ্ডতে সুযোগ-সুবিধাৰ পৰিসৰো সমান দ্ৰুতগতিত বৃদ্ধি পাইছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত দীৰ্ঘদিনীয়া যুদ্ধ তথা আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আন দেশসমূহৰ মাজত চলি থকা যুদ্ধৰ পৰিস্থিতিৰ মাজতো ভাৰতৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত ইতিবাচক পূৰ্বানুমান প্ৰকাশ পাইছে।শেহতীয়াকৈ মুডীজে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ পূৰ্বানুমান ৬.৫ শতাংশৰ পৰা ৭ শতাংশলৈ বৃদ্ধি কৰিছে।২০২৫-২৬ বিত্তীয় বৰ্ষত ভাৰতে ৮৬৩ বিলিয়ন মাৰ্কিন ডলাৰৰ অভিলেখ পৰিমাণৰ সামগ্ৰী ৰপ্তানি কৰিছে আৰু পৰৱৰ্তী লক্ষ্য হৈছে ১ লাখ কোটি মাৰ্কিন ডলাৰ।এই লক্ষ্য ভাৰতে নিশ্চিতভাৱে অৰ্জন কৰিবলৈ সক্ষম হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।শ্ৰী শ্বাহে কয় যে উৎপাদন খণ্ডত ভাৰতে বিশ্বৰ দ্বিতীয় বৃহত্তম উৎপাদক দেশ হিচাপে স্থান লাভ কৰিছে।বৰ্তমান ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু জাপানৰ মুঠ উৎপাদনতকৈও অধিক পৰিমাণৰ তীখা উৎপাদন কৰে।বিগত ১২ বছৰত ভাৰতে এই সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। তেওঁ লগতে কয় যে পূৰ্বে মাত্ৰ ৫৮খন গাঁও পঞ্চায়ততহে ইণ্টাৰনেট সংযোগৰ সুবিধা আছিল। কিন্তু বৰ্তমান দেশৰ ২ লাখ ১৫ হাজাৰ গাঁও পঞ্চায়তক ৪জি সেৱাৰ জৰিয়তে সংযুক্ত কৰা হৈছে, যিটো মুঠ গাঁও পঞ্চায়তৰ প্ৰায় ৯৮ শতাংশ।শ্ৰী অমিত শ্বাহে কয় যে অৰ্থনৈতিক ক্ষেত্ৰতো ভাৰতে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে।সম্পূৰ্ণ থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি ভাৰতত বিশ্বৰ আটাইতকৈ দীঘল আৰু সৰ্বাধিক ক্ষমতাসম্পন্ন হাইড্ৰ’জেন চালিত ৰে’ল নিৰ্মাণ কৰা হৈছে আৰু ইতিমধ্যে ইয়াৰ চলাচলো আৰম্ভ হৈছে।তেওঁ কয় যে ২০১৪ চনত দেশত মাত্ৰ ৭৬টা বিমানবন্দৰ আছিল। কিন্তু বৰ্তমান বিমানবন্দৰৰ সংখ্যা ১৫০টালৈ বৃদ্ধি পাইছে।শ্ৰী শ্বাহে লগতে কয় যে বিশ্ব বেংকৰ প্ৰতিবেদন অনুসৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ১২ বছৰীয়া কাৰ্যকালত ভাৰতৰ ৫০ কোটি লোকে দৰিদ্ৰতাৰ পৰা মুক্তি লাভ কৰিছে। এয়া সকলোৰে বাবে অত্যন্ত সন্তুষ্টিৰ বিষয়।কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰায় ৪০ বছৰ ধৰি দেশত প্ৰতি বছৰে ২,০০০ৰো অধিক নক্সাল আক্ৰমণ সংঘটিত হৈ আহিছিল।কিন্তু আজি সন্তুষ্টিৰ বিষয় যে দেশত এটাও নক্সাল আক্ৰমণ সংঘটিত হোৱা নাই।তেওঁ কয় যে এয়া আমাৰ সকলোৰে সামূহিক সফলতা।তেওঁ কয় যে শ্ৰী চন্দ্ৰবাবু নাইডুৰ নেতৃত্বত অন্ধ্ৰপ্ৰদেশেও দ্ৰুতগতিত প্ৰগতিৰ দিশে আগবাঢ়িছে।শ্ৰী চন্দ্ৰবাবু নাইডুৰ দ্বিতীয়টো কাৰ্যকালৰ তথ্যসমূহ তেওঁ নিয়মীয়াকৈ অধ্যয়ন কৰি আহিছে বুলি উল্লেখ কৰি শ্ৰী শ্বাহে দৃঢ়তাৰে কয় যে অনাগত ১০ বছৰত অন্ধ্ৰপ্ৰদেশ দেশৰ আটাইতকৈ উন্নত ৰাজ্য হিচাপে পৰিগণিত হ’ব।শ্ৰী শ্বাহে কয় যে গুগলৰ ১৫ বিলিয়ন মাৰ্কিন ডলাৰৰ কৃত্ৰিম বুদ্ধিমত্তা কেন্দ্ৰটো কেৱল অন্ধ্ৰপ্ৰদেশৰ বাবেই নহয়, সমগ্ৰ দেশৰ বাবেও গৌৰৱৰ বিষয়।বিশাখাপট্টনমত গুগলে ১৫ বিলিয়ন মাৰ্কিন ডলাৰ ব্যয়েৰে স্থাপন কৰিবলৈ লোৱা এই কৃত্ৰিম বুদ্ধিমত্তা কেন্দ্ৰটোৱে ভাৰতৰ লগতে অন্ধ্ৰপ্ৰদেশৰ জনসাধাৰণৰ বাবেও গৌৰৱ কঢ়িয়াই আনিছে।এটা গিগাৱাট ক্ষমতাসম্পন্ন তথ্যকেন্দ্ৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাহিৰত গুগলৰ সৰ্ববৃহৎ কৃত্ৰিম বুদ্ধিমত্তা কেন্দ্ৰ স্থাপন দেশৰ বাবে এক উল্লেখযোগ্য সাফল্য।ইয়াৰ উপৰি অন্ধ্ৰপ্ৰদেশত সাগৰৰ তলিৰে কেবল সংযোগৰ বাবে এটা নতুন ব্যৱস্থাও স্থাপন কৰা হ’ব।তেওঁ কয় যে ৰাজ্যখনৰ প্ৰথমটো অৰ্ধপৰিবাহী উদ্যোগৰ আধাৰশিলা স্থাপন কৰা হৈছে আৰু কেইবাটাও বৃহৎ তীখা উদ্যোগো স্থাপন কৰা হৈছে।শেহতীয়াকৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আল্লুৰী সীতাৰাম ৰাজু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধন কৰিছে আৰু একেদিনাই ১৮,০০০ কোটি টকাৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰা হৈছে।

শ্ৰী শ্বাহে কয় যে এই সকলোবোৰ পদক্ষেপৰ গভীৰ বিশ্লেষণ কৰিলে দেখা যায় যে মাত্ৰ আঢ়ৈ বছৰৰ ভিতৰতে শ্ৰী চন্দ্ৰবাবু নাইডুৱে অন্ধ্ৰপ্ৰদেশত ৩০ লাখ কোটি টকাৰ বিনিয়োগ বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।শ্ৰী অমিত শ্বাহে কয় যে পোলাভাৰাম বান্ধৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছত যেতিয়া অন্ধ্ৰপ্ৰদেশৰ প্ৰতিটো প্ৰান্তলৈ পানী উপলব্ধ হ’ব, তেতিয়া ৰাজ্যখনৰ কৃষকসকলৰ বাবে এক অতুলনীয় সুযোগৰ সৃষ্টি হ’ব।দৃঢ় সংকল্প আৰু নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত এই প্ৰকল্পৰ কাম আগবঢ়াই নিয়াটো এক উল্লেখযোগ্য সাফল্য বুলি তেওঁ মন্তব্য কৰে।
****
RK/RR/PR/PS/DM