স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
azadi ka amrit mahotsav

চৰকাৰী স্বাস্থ্য ব্যয় তিনিগুণ বৃদ্ধি, পৰিয়ালৰ পুঁজিৰ পৰা ব্যয়ৰ অংশ তীব্ৰভাৱে হ্ৰাস: ৰাষ্ট্ৰীয় স্বাস্থ্য হিচাপ ২০২৩–২৪

পৰিয়ালৰ পুঁজিৰ পৰা ব্যয় (অ’ অ’ পি ই)ৰ অংশ ২০১৩-১৪ চনত ৬৪.২% ৰ পৰা ২০২৩–২৪ চনত ৪২.৭% লৈ ২১.৫ শতাংশ পইণ্ট হ্ৰাস পোৱাৰ লগে লগে সুলভ স্বাস্থ্যসেৱাৰ দিশত ভাৰতৰ বৃহৎ অগ্ৰগতি

এটা দশকত স্বাস্থ্যসেৱাত ৰাজহুৱা বিনিয়োগৰ নিৰন্তৰ সম্প্ৰসাৰণক প্ৰতিফলিত কৰি চৰকাৰী স্বাস্থ্য ব্যয় ২০১৩–১৪ চনত ১.৩০ লাখ কোটি টকাৰ পৰা ২০২৩–২৪ চনত ৪.১৪ লাখ কোটি টকালৈ তিনিগুণতকৈ অধিক বৃদ্ধি

প্ৰতিগৰাকী নাগৰিকৰ বাবে স্বাস্থ্যসেৱাত ৰাজহুৱা ব্যয় বৃদ্ধিক প্ৰতিফলিত কৰি জনমূৰি চৰকাৰী স্বাস্থ্য ব্যয় ২০১৩-১৪ চনত ১,০৪২ টকাৰ পৰা ২০২৩-২৪ চনত ২,৯৫৯ টকালৈ বৃদ্ধি

আৰ্থিক সুৰক্ষা শক্তিশালী কৰি ২০১৩-১৪ চনত ৬% ৰ পৰা ২০২৩-২৪ চনত ১১% লৈ বৃদ্ধিৰ জৰিয়তে স্বাস্থ্য সম্পৰ্কীয় সামাজিক সুৰক্ষা ব্যয় মুঠ স্বাস্থ্য ব্যয়ৰ অংশ হিচাপে প্ৰায় দুগুণ বৃদ্ধিৰ তথ্য নথিভুক্ত

প্ৰাথমিক স্বাস্থ্যসেৱাত চৰকাৰী বিনিয়োগে ১.৫৩ লাখ কোটি টকা স্পৰ্শ কৰাৰ লগে লগে তৃণমূল পৰ্যায়ত সুলভ আৰু সহজলভ্য স্বাস্থ্যসেৱাত প্ৰতিফলিত হৈছে অধিক গুৰুত্ব

আয়ুষ্মান ভাৰত, বিনামূলীয়া ঔষধ আৰু ৰোগ নিৰ্ণয়, জন ঔষধি তথা অন্যান্য ধ্বজাবাহী পদক্ষেপৰ জৰিয়তে প্ৰতিফলিত হৈছে সাৰ্বজনীন স্বাস্থ্যৰ দিশত ভাৰতৰ অগ্ৰগতি

পোষ্ট কৰা হৈছে: 15 NOV 2026 2:13PM by PIB Guwahati

ভাৰতে স্বাস্থ্যসেৱাক অধিক সুলভ কৰা আৰু পৰিয়ালসমূহৰ ওপৰত আৰ্থিক বোজা হ্ৰাস কৰাৰ দিশত যথেষ্ট অগ্ৰগতি লাভ কৰাৰ লগে লগে চৰকাৰী স্বাস্থ্য ব্যয় তিনিগুণ বৃদ্ধি হোৱাৰ উপৰি পৰিয়ালসমূহে পোনপটীয়াকৈ বহন কৰা পৰিয়ালৰ পুঁজিৰ পৰা ব্যয় (অ’ অ’ পি ই) ৰ অংশ যোৱা দহ বছৰত তীব্ৰভাৱে হ্ৰাস পাইছে।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে মুকলি কৰা ভাৰতৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য হিচাপ (এন এইচ এ) অনুমান ২০২৩-২৪-এ ভাৰতৰ স্বাস্থ্যসেৱা বিত্তীয়কৰণৰ ক্ষেত্ৰত  উল্লেখযোগ্য পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰিছে। ২০১৩-১৪ৰ পৰা ২০২৩-২৪ৰ ভিতৰত, চৰকাৰী স্বাস্থ্য ব্যয় প্ৰায় ১.৩০ লাখ কোটি টকাৰ পৰা ৪.১৪ লাখ কোটি টকালৈ বৃদ্ধি পোৱাৰ লগতে মুঠ স্বাস্থ্য ব্যয়ৰ অংশ হিচাপে পৰিয়ালৰ পুঁজিৰ পৰা ব্যয় ৬৪.২% ৰ পৰা ৪২.৭% লৈ হ্ৰাস হৈছে।

ৰাজহুৱা স্বাস্থ্যসেৱা বিত্তীয়কৰণৰ সমান্তৰাল বৃদ্ধি আৰু পৰিয়ালসমূহে পোনপটীয়াকৈ বহন কৰা ব্যয়ৰ অনুপাত হ্ৰাসে অধিক সহজলভ্য, সুলভ আৰু আৰ্থিকভাৱে সুৰক্ষামূলক স্বাস্থ্যসেৱা ব্যৱস্থাৰ দিশত ভাৰতৰ অগ্ৰগতিক প্ৰতিফলিত কৰে।

এই তথ্যই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰাজহুৱা স্বাস্থ্যসেৱা শক্তিশালী কৰা, ব্যাপক প্ৰাথমিক স্বাস্থ্যসেৱা প্ৰদান কৰা, আৰ্থিক সুৰক্ষা সম্প্ৰসাৰণ কৰা, অত্যাৱশ্যকীয় ঔষধ আৰু ৰোগ নিৰ্ণয়ৰ সুবিধা উন্নত কৰা তথা মানসম্পন্ন স্বাস্থ্যসেৱাসমূহ জনসাধাৰণৰ ওচৰলৈ অনাৰ বাবে চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টাকো উজ্জ্বল কৰি তুলিছে।

পৰিয়ালৰ পুঁজিৰ পৰা ব্যয় (অ’ অ’ পি ই) ২১.৫ শতাংশ পইণ্ট হ্ৰাস

এন এইচ এ ২০২৩-২৪ ৰ অন্যতম উল্লেখযোগ্য তথ্য হৈছে ভাৰতৰ মুঠ স্বাস্থ্যসেৱা ব্যয়ৰ অংশ হিচাপে পৰিয়ালৰ পুঁজিৰ পৰা ব্যয় যথেষ্ট হ্ৰাস।

পৰিয়ালৰ পুঁজিৰ পৰা ব্যয় (অ’ অ’ পি ই)  ২০১৩-১৪ চনত ৬৪.২% ৰ পৰা ২১.৫ শতাংশ পইণ্ট  হ্ৰাস দেখুৱাই ২০২৩-২৪ চনত ৪২.৭% লৈ হ্ৰাস পাইছে।

ইয়াৰ জৰিয়তে স্বাস্থ্যসেৱা বিত্তীয়কৰণত এটা গুৰুত্বপূৰ্ণ গাঁথনিগত পৰিৱৰ্তন প্ৰতিফলিত হৈছে। ইয়াত মুঠ স্বাস্থ্যসেৱা ব্যয়ৰ যথেষ্ট কম অনুপাত পৰিয়ালসমূহে পোনপটীয়া পৰিশোধৰ জৰিয়তে বিত্তীয়কৰণ কৰিছে।

শেহতীয়া বছৰতো এই হ্ৰাস অব্যাহত আছে। পৰিয়ালৰ পুঁজিৰ পৰা ব্যয় (অ’ অ’ পি ই) ২০২২-২৩ চনত ৪৩.৪% ৰ পৰা ২০২৩-২৪ চনত ৪২.৭% লৈ হ্ৰাস পাইছে।

এই নিৰন্তৰ নিম্নমুখী ধাৰাই চৰকাৰ সমৰ্থিত স্বাস্থ্যসেৱা আৰু আৰ্থিক সুৰক্ষা ব্যৱস্থাৰ সম্প্ৰসাৰিত ভূমিকাক প্ৰতিফলিত কৰে। বিনামূলীয়া আৰু সুলভ চিকিৎসা, ঔষধ, ৰোগ নিৰ্ণয় আৰু চিকিৎসালয় সেৱাৰ সুবিধা উন্নত কৰাৰ লক্ষ্যৰে লোৱা পদক্ষেপসমূহে পোনপটীয়া পৰিয়াল ব্যয়ৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ প্ৰচেষ্টাক সমৰ্থন কৰিছে।

চৰকাৰী স্বাস্থ্য ব্যয় তিনিগুণ বৃদ্ধি হৈ ৪.১৪ লাখ কোটি টকাত উপনীত

ভাৰতৰ স্বাস্থ্যসেৱাত ৰাজহুৱা বিনিয়োগত এই সময়ছোৱাত যথেষ্ট সম্প্ৰসাৰণ পৰিলক্ষিত হৈছে।

চৰকাৰী স্বাস্থ্য ব্যয় ২০১৩-১৪ চনত ১,২৯,৭৭৮ কোটি টকাৰ পৰা ২০২৩-২৪ চনত ৪,১৪,১৯৬ কোটি টকালৈ বৃদ্ধি হোৱাৰ জৰিয়তে তিনিগুণ বৃদ্ধি  প্ৰতিফলিত হৈছে।

২০১৩-১৪ ৰ পৰা ২০২৩-২৪ লৈ দশকটোত, মুঠ স্বাস্থ্য ব্যয়ত চৰকাৰৰ অংশ প্ৰায় ৫২% বৃদ্ধি  হৈ ১৪.৯ শতাংশ পইণ্ট বৃদ্ধি নথিভুক্ত কৰিছে।

এই বৰ্ধিত অৱদানে দেশৰ স্বাস্থ্যসেৱা বিত্তীয়কৰণৰ আৰ্হিত এটা ডাঙৰ পৰিৱৰ্তনক সূচায়। এই ক্ষেত্ৰত ৰাজহুৱা সম্পদে স্বাস্থ্যসেৱা ব্যয় পূৰণ কৰাত যথেষ্ট বৃহৎ ভূমিকা পালন কৰিছে।

চৰকাৰী স্বাস্থ্য ব্যয় বৃদ্ধিৰ লগে লগে পৰিয়ালৰ পুঁজিৰ পৰা পৰিশোধৰ অংশত একে ধৰণৰ হ্ৰাস হোৱাৰ জৰিয়তে স্বাস্থ্যসেৱাৰ সুলভতা উন্নত কৰাত নিৰন্তৰ ৰাজহুৱা বিনিয়োগৰ গুৰুত্ব বৃদ্ধি পাইছে।

জনমূৰি ৰাজহুৱা স্বাস্থ্যসেৱা ব্যয় প্ৰায় তিনিগুণ বৃদ্ধি

এন এইচ এ অনুমানসমূহে জনমূৰি ভিত্তিত ৰাজহুৱা স্বাস্থ্যসেৱা ব্যয়ৰ  বুজন পৰিমাণৰ বৃদ্ধি সূচায়।

জনমূৰি চৰকাৰী স্বাস্থ্য ব্যয় ২০১৩-১৪ চনত ১,০৪২ টকাৰ পৰা ২০২৩-২৪ চনত ২,৯৫৯ টকালৈ বৃদ্ধি হোৱাৰ জৰিয়তে প্ৰায় ২.৮ গুণ বৃদ্ধি প্ৰতিফলিত হৈছে।

এই বৃদ্ধিয়ে জনমূৰি স্বাস্থ্যসেৱাত চৰকাৰী ব্যয়ৰ যথেষ্ট উচ্চ স্তৰ সূচোৱাৰ লগতে বছৰবোৰত ৰাজহুৱা স্বাস্থ্যসেৱা বিত্তীয়কৰণৰ সম্প্ৰসাৰণ প্ৰতিফলিত কৰে।

প্ৰাথমিক স্বাস্থ্যসেৱাত  বৃহৎ অগ্ৰগতি; চৰকাৰী ব্যয় ১.৫৩ লাখ কোটি টকাত উপনীত

প্ৰাথমিক স্বাস্থ্যসেৱা শক্তিশালী কৰাটো ভাৰতৰ স্বাস্থ্যসেৱা সংস্কাৰৰ কেন্দ্ৰীয় অগ্ৰাধিকাৰ হৈ আছে।

এন এইচ এ ২০২৩-২৪ অনুমান অনুসৰি প্ৰাথমিক স্বাস্থ্যসেৱাত চৰকাৰী ব্যয় প্ৰায় ১.৫৩ লাখ কোটি টকাত উপনীত হোৱাৰ জৰিয়তে অত্যাৱশ্যকীয় আৰু সামূহিক পৰ্যায়ৰ স্বাস্থ্যসেৱাত ৰাজহুৱা বিনিয়োগৰ যথেষ্ট পৰিসৰ প্ৰতিফলিত হৈছে।

ব্যাপক প্ৰাথমিক স্বাস্থ্যসেৱা সেৱাসমূহক জনসাধাৰণৰ ওচৰ চপোৱা আয়ুষ্মান আৰোগ্য মন্দিৰৰ সম্প্ৰসাৰণৰ প্ৰেক্ষাপটত এই বিনিয়োগ বিশেষভাৱে তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।

এই সুবিধাসমূহে প্ৰতিৰোধমূলক আৰু প্ৰচাৰমূলক স্বাস্থ্যসেৱা, অসংক্ৰামক ৰোগৰ বাবে পৰীক্ষণ, অত্যাৱশ্যকীয় ঔষধ, ৰোগ নিৰ্ণয় আৰু অন্যান্য প্ৰাথমিক স্বাস্থ্যসেৱাত চিকিৎসা সম্পৰ্কীয় সেৱা প্ৰদান কৰে।

প্ৰাথমিক স্বাস্থ্যসেৱা শক্তিশালী কৰাত দিয়া গুৰুত্বই অধিক ব্যাপক স্বাস্থ্যসেৱা ব্যৱস্থা গঢ়ি তোলাত সহায় কৰিছে। এই ক্ষেত্ৰত প্ৰাৰম্ভিক চিনাক্তকৰণ, ৰোগ প্ৰতিৰোধ আৰু তৃণমূল পৰ্যায়ত সহজলভ্য যত্নৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে।

সামাজিক সুৰক্ষা বিত্তীয়কৰণ হৈ উঠিছে অধিক শক্তিশালী; অংশ ১১% লৈ বৃদ্ধি

এন এইচ এ  অনুমানসমূহে আৰ্থিক সুৰক্ষাৰ  গুৰুত্বপূৰ্ণ উপাদান স্বাস্থ্যসেৱাৰ বাবে সামাজিক সুৰক্ষা বিত্তীয়কৰণত যথেষ্ট বৃদ্ধিৰ ওপৰত আলোকপাত কৰিছে।

স্বাস্থ্যৰ ওপৰত সামাজিক সুৰক্ষা ব্যয় ২০১৩-১৪ চনত মুঠ স্বাস্থ্য ব্যয়ৰ ৬% ৰ পৰা ২০২৩-২৪ চনত ৫ শতাংশ পইণ্ট বৃদ্ধি  হৈ ১১% ত উপনীত হৈছে।

এই বৰ্ধিত অংশই আয়ুষ্মান ভাৰত – প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা, ৰাজ্য-নিৰ্দিষ্ট স্বাস্থ্য বীমা আঁচনি, সামাজিক স্বাস্থ্য বীমা আৰু চৰকাৰী কৰ্মচাৰীৰ বাবে চিকিৎসা ব্যয়ৰ দৰে চৰকাৰী বিত্তীয় স্বাস্থ্য বীমা আঁচনিসমূহকে ধৰি সংগঠিত আৰ্থিক সুৰক্ষা ব্যৱস্থাৰ সম্প্ৰসাৰিত অৱদান প্ৰতিফলিত কৰে।

সামাজিক সুৰক্ষা বিত্তীয়কৰণৰ বৃদ্ধি বিশেষভাৱে তাৎপৰ্যপূৰ্ণ ।কিয়নো ই চিকিৎসাৰ সৈতে জড়িত আৰ্থিক বিপদৰ পৰা ব্যক্তি আৰু পৰিয়ালক সুৰক্ষিত কৰিবলৈ পৰিকল্পিত ব্যৱস্থাসমূহক শক্তিশালী কৰে।

ব্যক্তিগত স্বাস্থ্য বীমা ব্যয়ো ২০১৩-১৪ চনত মুঠ স্বাস্থ্য ব্যয়ৰ ৩.৪% ৰ পৰা ২০২৩-২৪ চনত ১০.২% লৈ বৃদ্ধি হোৱাৰ জৰিয়তে দেশজুৰি স্বাস্থ্য বীমাৰ প্ৰৱেশ গভীৰ হোৱাটো প্ৰতিফলিত হৈছে। এইটোৱে জি এইচ ই ৰ বৃদ্ধিৰ সৈতে মিলি সাধাৰণ জনতাৰ বাবে বৰ্ধিত আৰ্থিক সুৰক্ষা প্ৰদান কৰে।

সুলভ স্বাস্থ্যসেৱাৰ সুবিধা সম্প্ৰসাৰণ কৰা চৰকাৰৰ ধ্বজাবাহী পদক্ষেপসমূহ

স্বাস্থ্যসেৱা বিত্তীয়কৰণত ভাৰতৰ অগ্ৰগতিৰ লগে লগে স্বাস্থ্যসেৱাক অধিক সহজলভ্য, সুলভ আৰু অন্তৰ্ভুক্তিমূলক কৰাৰ লক্ষ্যৰে একাধিক বৃহৎ পদক্ষেপ লোৱা হৈছে।

বিনামূলীয়া ঔষধ আৰু ৰোগ নিৰ্ণয় পদক্ষেপ, প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়ালাইছিছ কাৰ্যসূচী, প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি পৰিযোজনা আৰু চিকিৎসাৰ বাবে সুলভ ঔষধ তথা নিৰ্ভৰযোগ্য ইমপ্লাণ্ট (অমৃত) ফাৰ্মাচীসমূহে সুলভ ব্যয়ত অত্যাৱশ্যকীয় স্বাস্থ্যসেৱা, ঔষধ আৰু চিকিৎসা সামগ্ৰীৰ সুবিধা ত্বৰান্বিত কৰিছে।

আয়ুষ্মান আৰোগ্য মন্দিৰসমূহে মানুহৰ ঘৰৰ সমীপত ব্যাপক প্ৰাথমিক স্বাস্থ্যসেৱা  সম্প্ৰসাৰণ কৰিছে। আনহাতে আয়ুষ্মান ভাৰত – প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাই নগদবিহীন চিকিৎসালয়ত ভৰ্তি সুবিধাৰ জৰিয়তে যোগ্য হিতাধিকাৰীসকলৰ বাবে আৰ্থিক সুৰক্ষা শক্তিশালী কৰিছে।

এই প্ৰচেষ্টাসমূহ ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ প্ৰাধিকৰণে গ্ৰহণ কৰা ঔষধৰ মূল্য নিয়ন্ত্ৰণে ত্বৰান্বিত কৰিছে।

এই পদক্ষেপসমূহে একেলগে শক্তিশালী ৰাজহুৱা বিনিয়োগ, সুলভ চিকিৎসা, প্ৰাথমিক স্বাস্থ্যসেৱা সম্প্ৰসাৰণ আৰু আৰ্থিক সুৰক্ষাৰ সংমিশ্ৰণেৰে  ব্যাপক পদ্ধতি প্ৰতিফলিত কৰে।

ভাৰতৰ স্বাস্থ্যসেৱা বিত্তীয়কৰণত এক দশকৰ ৰূপান্তৰ

ৰাষ্ট্ৰীয় স্বাস্থ্য হিচাপ ২০২৩-২৪ অনুমানে ভাৰতৰ পৰিৱৰ্তিত স্বাস্থ্যসেৱা বিত্তীয়কৰণৰ পৰিস্থিতিৰ উৎসাহজনক ছবি দাঙি ধৰিছে।

২০১৩-১৪ ৰ তুলনাত, দেশে চৰকাৰী স্বাস্থ্য ব্যয়ত তিনিগুণ বৃদ্ধি, মুঠ স্বাস্থ্য ব্যয়ত চৰকাৰৰ অংশত বুজন পৰিমাণৰ বৃদ্ধি, পোনপটীয়া পৰিয়াল ব্যয়ৰ অংশত তীব্ৰ হ্ৰাস আৰু সামাজিক সুৰক্ষা বিত্তীয়কৰণত উল্লেখযোগ্য সম্প্ৰসাৰণ পৰিলক্ষিত হৈছে।

সবাতোকৈ গুৰুত্বপূৰ্ণ বিকাশ হৈছে স্বাস্থ্যসেৱা ব্যয়ত ৰাজহুৱা আৰু পৰিয়ালৰ অৱদানৰ মাজত পৰিৱৰ্তিত ভাৰসাম্য। মুঠ স্বাস্থ্যসেৱা ব্যয়ৰ এটা বৃহৎ অংশ এতিয়া চৰকাৰী সম্পদৰ জৰিয়তে বিত্তীয়কৰণ কৰা হৈছে। আনহাতে যথেষ্ট সৰু অংশ পৰিয়ালসমূহে পোনপটীয়াকৈ বহন কৰিছে।

এই ধাৰাসমূহে সাৰ্বজনীন স্বাস্থ্যৰ দিশত গুৰুত্বপূৰ্ণ অগ্ৰগতিক প্ৰতিনিধিত্ব কৰে তথা সুলভ, ন্যায়সংগত আৰু সহজলভ্য স্বাস্থ্যসেৱা ব্যৱস্থা গঢ়ি তোলাৰ বাবে চৰকাৰৰ নিৰন্তৰ প্ৰতিশ্ৰুতি উজলাই তোলে।

ৰাষ্ট্ৰীয় স্বাস্থ্য হিচাপ ২০২৩-২৪ ৰ সবিশেষ

ভাৰতৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য হিচাপ অনুমান ২০২৩-২৪ হৈছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় স্বাস্থ্য ব্যৱস্থা সম্পদ কেন্দ্ৰ (এন এইচ এচ আৰ চি)ত ৰাষ্ট্ৰীয় স্বাস্থ্য হিচাপ কাৰিকৰী সচিবালয়ে (এন এইচ অ টি এচ) প্ৰস্তুত কৰা অনুমানৰ একাদশ সংস্কৰণ।

অনুমানসমূহ আন্তঃৰাষ্ট্ৰীয়ভাৱে স্বীকৃত স্বাস্থ্য হিচাপ প্ৰণালী ২০১১ কাৰ্যপ্ৰণালী ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হৈছে।

এন এইচ এ  অনুমান ২০২৩-২৪ ৰ অভিজ্ঞতা ল’বলৈ ইয়াত ক্লিক কৰক: https://nhsrcindia.org/national-health-accounts-records

 

 

***

SR/DD


(ৰিলিজ আই ডি : 2336759) অতিথি কক্ষ : 9
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati , Tamil , Malayalam