প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

উন্নত প্ৰযুক্তিত ভাৰত বিকাশৰ হোতা, উদ্ভাৱক আৰু বিশ্ব নেতা হ’ব লাগিব: প্ৰতিৰক্ষা মন্ত্ৰী

“উন্নত পৰিদৰ্শন প্ৰযুক্তিত থলুৱা সামৰ্থ্য, সুসংগত গুণগত মান নিশ্চিতকৰণ পদ্ধতি আৰু পৰীক্ষাৰ ফলাফলৰ নিৰ্ভৰযোগ্যতাই প্ৰতিৰক্ষা প্ৰস্তুতি আৰু আত্মনিৰ্ভৰশীলতা বৃদ্ধিৰ বাবে ধ্বংসবিৰোধী পৰীক্ষণ পৰিৱেশ তন্ত্ৰ শক্তিশালী কৰাৰ মূল চাবিকাঠী”

“প্ৰতিৰক্ষা ক্ষেত্ৰত আত্মনিৰ্ভৰতা কেৱল অৰ্থনৈতিক উদ্দেশ্য নহয়, ই এটা কৌশলগত প্ৰয়োজনীয়তাহে”

পোষ্ট কৰা হৈছে: 15 NOV 2026 11:52AM by PIB Guwahati

প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে ভাৰতক কেৱল উন্নত প্ৰযুক্তিৰ ব্যৱহাৰকাৰী হিচাপে নহয়, বৰঞ্চ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহত বিকাশৰ হোতা, উদ্ভাৱক আৰু বিশ্ব নেতা হিচাপে গঢ়ি তোলাৰ আহ্বান জনাইছে। প্ৰতিৰক্ষা প্ৰস্তুতি আৰু আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰিবলৈ ধ্বংস বিৰোধী পৰীক্ষণ (এন ডি টি) পৰিৱেশতন্ত্ৰ শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাত তেওঁ গুৰুত্ব আৰোপ কৰিছে। ১৫ নৱেম্বৰ ২০২৬ তাৰিখে ধ্বংসবিৰোধী পৰীক্ষণ  আৰু সামৰ্থ্যমুখী প্ৰযুক্তিৰ ৩৬ সংখ্যক বাৰ্ষিক সন্মিলন আৰু মহাকাশত ধ্বংসবিৰোধী পৰীক্ষণৰ পঞ্চদশ আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰত ভাৰ্চুৱেলী ভাষণ দি তেওঁ বিশেষকৈ কৌশলগত প্ৰয়োগৰ ক্ষেত্ৰত উন্নত পৰিদৰ্শন প্ৰযুক্তিত থলুৱা সামৰ্থ্য বিকাশ, সুসংগত গুণগত মান নিশ্চিতকৰণ পদ্ধতিৰ প্ৰসাৰ আৰু পৰীক্ষাৰ ফলাফলৰ সঠিকতা, নিৰ্ভৰযোগ্যতা আৰু অখণ্ডতা নিশ্চিত কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ দৃঢ়তাৰে কয় যে কৌশলগত প্ৰয়োগত পৰীক্ষাৰ ফলাফলৰ অখণ্ডতাৰ ক্ষেত্ৰত কোনো আপোচ কৰিব নোৱাৰি।

 “আমি উন্নত পৰিদৰ্শন প্ৰযুক্তি, বিশেষ  সংবেদক, মূল্যায়ন সঁজুলি আৰু সংশ্লিষ্ট ছফ্টৱেৰত আমাৰ থলুৱা সামৰ্থ্য শক্তিশালী কৰিব লাগিব। এই ক্ষেত্ৰসমূহত ঘৰুৱা সামৰ্থ্য বিকাশ কৰাটো প্ৰযুক্তিগত নিৰ্ভৰশীলতা হ্ৰাস কৰা আৰু গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা যোগান শৃংখল সুৰক্ষিত কৰাৰ বাবে অত্যাৱশ্যক। আমি সমগ্ৰ প্ৰতিৰক্ষা ঔদ্যোগিক পৰিৱেশতন্ত্ৰত সুসংগত গুণগত মান নিশ্চিতকৰণ পদ্ধতিৰ প্ৰসাৰ কৰিব লাগিব। ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, ব্যক্তিগত নিৰ্মাতা, ষ্টাৰ্ট-আপ আৰু এম এছ এম ইসমূহে এই প্ৰচেষ্টাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব। আমি নিশ্চিত কৰিব লাগিব যে পৰিদৰ্শনৰ ফলাফল সঠিক, নিৰ্ভৰযোগ্য আৰু সহজে পোৱা যায় আৰু শক্তিশালী পদ্ধতি তথা উপযুক্ত মানৰ ওপৰত ভিত্তি কৰি যোগ্য পেছাদাৰীসকলৰ দ্বাৰা মূল্যায়ন কৰা হয়,”  প্ৰতিৰক্ষা মন্ত্ৰীয়ে কয়।

শ্ৰী ৰাজনাথ সিঙে গুৰুত্ব আৰোপ কৰি কয় যে এন ডি টি প্ৰযুক্তি সামগ্ৰী, উপাদান আৰু গাঁথনিৰ অখণ্ডতা কোনো ক্ষতি নকৰাকৈ পৰীক্ষা কৰিবলৈ সমৰ্থৱান। ধাৰণাটো বুজাই দি তেওঁ কয় যে যিদৰে আল্ট্ৰাছাউণ্ড আৰু এক্স-ৰে’ই অস্ত্ৰোপচাৰৰ হস্তক্ষেপ নোহোৱাকৈ মানৱ শৰীৰ পৰীক্ষা কৰাত সহায় কৰে, সেইদৰে এন ডি টি কৌশলে গুৰুত্বপূৰ্ণ উপাদানসমূহ খুলি বা ক্ষতি নকৰাকৈ তাৰ ভিতৰৰ ত্ৰুটি চিনাক্ত কৰিবলৈ সক্ষম ।

প্ৰতিৰক্ষা মন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয় যে ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থা ক্ৰমে অধিক অত্যাধুনিক হৈ অহাৰ লগে লগে প্ৰতিটো গুৰুত্বপূৰ্ণ সামগ্ৰী, উপাদান, সমাবেশ আৰু উৎপাদন প্ৰক্ৰিয়াই গুণগত মান আৰু নিৰ্ভৰযোগ্যতাৰ সৰ্বোচ্চ মান পূৰণ কৰিব লাগিব। “লুকাই থকা ত্ৰুটিয়ে কাৰ্যকৰী উপলব্ধতাত প্ৰভাৱ পেলাব পাৰে, ৰক্ষণাবেক্ষণৰ প্ৰয়োজনীয়তা বৃদ্ধি কৰিব পাৰে, সঁজুলিৰ সেৱা কাল হ্ৰাস কৰিব পাৰে আৰু জটিল পৰিস্থিতিত মিছনৰ সফলতাত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। আমি কেৱল ত্ৰুটি চিনাক্ত কৰাৰ সংস্কৃতিৰ পৰা আগবাঢ়ি গৈ উৎপাদন প্ৰক্ৰিয়াৰ প্ৰতিটো পৰ্যায়তে গুণগত মান সন্নিৱিষ্ট কৰি সক্ৰিয়ভাৱে ত্ৰুটি প্ৰতিৰোধ কৰাৰ দিশলৈ আগবাঢ়িব লাগিব,”  তেওঁ কয়।

শ্ৰী ৰাজনাথ সিঙে গুৰুত্ব আৰোপ কৰি কয় যে এখন ৰাষ্ট্ৰৰ অগ্ৰগতি কেৱল ই বিকাশ কৰা প্ৰযুক্তিৰ ওপৰতেই নিৰ্ভৰ নকৰে, বৰঞ্চ ই নিৰ্মাণ কৰা ব্যৱস্থাসমূহৰ গুণগত মান, নিৰ্ভৰযোগ্যতা আৰু সুৰক্ষাৰ ওপৰতো নিৰ্ভৰ কৰে। ক্ষেপণাস্ত্ৰ, বিমান, নৌসেনাৰ মঞ্চ আৰু মহাকাশযানকে ধৰি প্ৰতিৰক্ষা প্ৰয়োগত গুণগত মান কেৱল এটা উৎপাদনৰ প্ৰয়োজনীয়তা নহয়, বৰঞ্চ কাৰ্যকৰী নিৰ্ভৰযোগ্যতা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ এটা অত্যাৱশ্যকীয় উপাদান বুলি তেওঁ কয়।

এই খণ্ডৰ কৌশলগত গুৰুত্বৰ ওপৰত আলোকপাত কৰি প্ৰতিৰক্ষা মন্ত্ৰীয়ে কয় যে প্ৰযুক্তিগত নেতৃত্ব অৰ্জনৰ আকাংক্ষা কৰা দেশ এখনৰ বাবে এন ডি টিৰ গুৰুত্বক কেতিয়াও অতিৰঞ্জিত কৰিব নোৱাৰি। তেওঁ দৃঢ়তাৰে কয় যে প্ৰতিৰক্ষা ক্ষেত্ৰত ভাৰতৰ আত্মনিৰ্ভৰতাৰ সাধনা কেৱল  অৰ্থনৈতিক উদ্দেশ্য নহয়, বৰঞ্চ এটা কৌশলগত প্ৰয়োজনীয়তাহে।

ভাৰতৰ বৰ্ধিত থলুৱা প্ৰতিৰক্ষা পৰিৱেশতন্ত্ৰৰ ওপৰত আলোকপাত কৰি শ্ৰী ৰাজনাথ সিঙে ক্ষেপণাস্ত্ৰ উন্নয়ন, নৌসেনাৰ মঞ্চ, মহাকাশ অভিযান্ত্ৰিক ব্যৱস্থা, ৰাডাৰ ব্যৱস্থা আৰু মহাকাশ প্ৰয়োগত আৰ্জিত সাফল্যক ৰাষ্ট্ৰৰ সম্প্ৰসাৰিত বৈজ্ঞানিক আৰু ঔদ্যোগিক সামৰ্থ্যৰ প্ৰতিফলন হিচাপে উল্লেখ কৰে। তেওঁ ভাৰতৰ প্ৰথম থলুৱা বিমানবাহী যুদ্ধজাহাজ আই এন এছ বিক্ৰান্তৰ কাম-কাজৰ আৰম্ভণিক আত্মনিৰ্ভৰ ভাৰত যাত্ৰাৰ এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি আখ্যা দিয়ে ।

উদ্ভাৱনৰ ব্যাপক তাৎপৰ্য সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰীয়ে কয় যে ই বৈজ্ঞানিক আৱিষ্কাৰ আৰু নতুন উদ্ভাৱনৰ পৰিধি অতিক্ৰমি সাম্প্ৰতিক প্ৰযুক্তি আৰু ব্যৱস্থাসমূহৰ নিৰন্তৰ উন্নতি, উন্নীতকৰণ আৰু বৃদ্ধিকো সামৰি লৈছে। তেওঁ প্ৰতিষ্ঠানগত ব্যৱস্থা আৰু নীতি পদক্ষেপৰ জৰিয়তে প্ৰতিৰক্ষা খণ্ডত উদ্ভাৱনক প্ৰসাৰিত কৰাত হোৱা অগ্ৰগতিৰ ওপৰত আলোকপাত কৰে। প্ৰতিৰক্ষা উৎকৃষ্টতাৰ বাবে উদ্ভাৱন (আই-ডেক্স) আৰু প্ৰযুক্তি উন্নয়ন পুঁজি (টি ডি এফ) হৈছে গুৰুত্বপূৰ্ণ পদক্ষেপ। ইয়াৰ জৰিয়তে উদ্ভাৱনীমূলক চিন্তা, প্ৰযুক্তিগত উন্নয়ন আৰু পৰীক্ষা-নিৰীক্ষা ত্বৰান্বিত হোৱাৰ ফলত ভাৰতৰ প্ৰতিৰক্ষা পৰিৱেশতন্ত্ৰই নতুন দিশত গতি কৰিছে  বুলি তেওঁ কয়।

দ্ৰুতগতিত সলনি হৈ থকা বিশ্ব নিৰাপত্তা পৰিৱেশৰ সৈতে খোজ মিলাই চলাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি শ্ৰী ৰাজনাথ সিঙে কয় যে থলুৱা অস্ত্ৰ, মঞ্চ আৰু সহায়ক ব্যৱস্থাসমূহে সকলো সময়তে সৰ্বোচ্চ স্তৰৰ নিৰ্ভৰযোগ্যতা প্ৰদান কৰিব লাগিব। তেওঁ এন ডি টি খণ্ডৰ সৈতে জড়িত পেছাদাৰীসকলক তেওঁলোকৰ সামৰ্থ্য নিৰন্তৰ উন্নীত কৰিবলৈ আৰু উদীয়মান প্ৰযুক্তি তথা পৰিৱৰ্তিত নিৰাপত্তা প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখি উদ্ভাৱনৰ মনোভাৱ জীয়াই ৰাখিবলৈ আহ্বান জনায়।

ধ্বংসবিৰোধী পৰীক্ষণৰ ক্ষেত্ৰত চলি থকা প্ৰযুক্তিগত ৰূপান্তৰত প্ৰতিৰক্ষা মন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয় যে কৃত্ৰিম বুদ্ধিমত্তা, মেচিনৰ জৰিয়তে শিকণ, ৰবটিক্স, উন্নত সংবেদক, ডিজিটেল টুইনছ আৰু প্ৰেডিক্টিভ এনালাইটিক্সে পৰিদৰ্শন আৰু গাঁথনিগত স্বাস্থ্য নিৰীক্ষণৰ সম্ভাৱনা যথেষ্ট সম্প্ৰসাৰিত কৰিছে। তেওঁ কয় যে এই প্ৰযুক্তিসমূহে পৰিদৰ্শনৰ গতি আৰু সুসংগতি উন্নত কৰিব পাৰে, জটিল তথ্য বিশ্লেষণত সহায় কৰিব পাৰে আৰু পৰম্পৰাগত পদ্ধতিৰে সহজে ধৰা নপৰা আৰ্হি চিনাক্ত কৰিব পাৰে।

শ্ৰী ৰাজনাথ সিঙে গুৰুত্ব আৰোপ কৰি কয় যে পৰিদৰ্শন প্ৰক্ৰিয়াসমূহক অধিক সঠিক, দক্ষ আৰু শেহতীয়া ঔদ্যোগিক প্ৰয়োজনীয়তাৰ প্ৰতি সঁহাৰিজনক কৰি তুলিবলৈ প্ৰতিষ্ঠিত পৰিদৰ্শন কৌশলৰ সৈতে উন্নত ডিজিটেল প্ৰযুক্তিৰ বুদ্ধিমান সংহতিৰ মাজত ভৱিষ্যৎ  নিহিত হৈ আছে। তেওঁ ভাৰতক কেৱল এই প্ৰযুক্তিসমূহ গ্ৰহণ কৰাৰ বাহিৰেও আগবাঢ়ি গৈ ইয়াৰ কৌশলগত আৰু ঔদ্যোগিক প্ৰয়োজনীয়তা অনুসৰি থলুৱা সমাধান বিকাশ কৰিবলৈ আহ্বান জনায়। গৱেষণা, উন্নত সঁজুলি, ছফ্টৱেৰ আৰু দক্ষ জনশক্তিত বিনিয়োগে ঘৰুৱা সামৰ্থ্য শক্তিশালী কৰিব আৰু ভাৰতীয় প্ৰযুক্তিয়ে আন্তঃৰাষ্ট্ৰীয় বজাৰত স্থান পাবলৈ সক্ষম হ’ব বুলি তেওঁ কয়।

প্ৰতিৰক্ষা মন্ত্ৰীয়ে আলোকপাত কৰে যে চৰকাৰ, উদ্যোগ, শিক্ষানুষ্ঠান আৰু গৱেষণা পৰীক্ষাগাৰে একেলগে কাম কৰিলেহে উদ্ভাৱন ফলপ্ৰসূ হয়। তেওঁ প্ৰযুক্তিগত উন্নতি আৰু কৌশলগত আত্মনিৰ্ভৰশীলতাৰ সাধাৰণ উদ্দেশ্যৰ দিশত সকলো অংশীদাৰে একেলগে কাম কৰাৰ বাবে সমগ্ৰ চৰকাৰ আৰু সমগ্ৰ পৰিৱেশতন্ত্ৰৰ দৃষ্টিভংগীৰ পোষকতা কৰে।

তেলেংগানাৰ হায়দৰাবাদত ভাৰতীয় ধ্বংসবিৰোধী পৰীক্ষণ সমাজে আয়োজন কৰা তিনিদিনীয়া সন্মিলনত দুই সহস্ৰাধিক পেছাদাৰী, গৱেষক, উদ্যোগ বিশেষজ্ঞ আৰু ছাত্ৰ-ছাত্ৰীয়ে এন ডি টিৰ শেহতীয়া অগ্ৰগতি, শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োগৰ বিষয়ে আলোচনা কৰিবলৈ একত্ৰিত হৈছে। ই উদ্যোগ, শিক্ষানুষ্ঠান আৰু গৱেষণা প্ৰতিষ্ঠানৰ অংশীদাৰসকলৰ মাজত জ্ঞান বিনিময়, কাৰিকৰী আলোচনা আৰু সহযোগিতাৰ বাবে এখন মঞ্চ প্ৰদান কৰিছে। ইয়াৰ লক্ষ্য হৈছে এন ডি টি সামৰ্থ্য শক্তিশালী কৰা, উদ্ভাৱনক প্ৰসাৰিত কৰা আৰু প্ৰতিৰক্ষা আৰু মহাকাশকে ধৰি বিভিন্ন খণ্ডত অত্যাধুনিক পৰিদৰ্শন আৰু মূল্যায়ন প্ৰযুক্তিৰ ব্যৱহাৰ ত্বৰান্বিত কৰা।

****

SR/Savvy/DD


(ৰিলিজ আই ডি : 2336659) অতিথি কক্ষ : 8
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Marathi , Gujarati , Tamil , Kannada