নিতি আয়োগ
azadi ka amrit mahotsav

চৰকাৰৰ মুৰব্বী হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ২৫ বছৰীয়া কাৰ্যকালৰ অভিজ্ঞতাৰ পৰা দেশে শিক্ষা আহৰণৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় কৰ্মশালাৰ শৃংখলা আৰম্ভ কৰিব নিটি আয়োগে

নৱেম্বৰ ২০২৬ৰ পৰা অক্টোবৰ ২০২৭লৈ নেতৃত্ব, সেৱা প্ৰদান, অন্তৰ্ভুক্তিমূলক উন্নয়ন, সভ্যতাগত পৰিচয় আৰু বিশ্বমঞ্চত ভাৰতৰ ভূমিকা সন্দৰ্ভত অনুষ্ঠিত হ’ব পাঁচখন ৰাষ্ট্ৰীয় কৰ্মশালা

১৭ নৱেম্বৰত ভাৰত মণ্ডপমত ‘অভিযান হিচাপে নেতৃত্ব’ শীৰ্ষক প্ৰথমখন কৰ্মশালা অনুষ্ঠিত হ’ব।

কচ্ছৰ পুনৰ্নিৰ্মাণ, ক’ভিড-১৯, লাখপতি বাইদেউ আৰু মহাকাশ খণ্ডৰ অভিজ্ঞতাৰে আৰম্ভ হ’ব এই কৰ্মশালাৰ শৃংখলা

পোষ্ট কৰা হৈছে: 15 NOV 2026 12:19PM by PIB Guwahati

নিটি  আয়োগে ২০২৬ চনৰ ১৭ নৱেম্বৰত চৰকাৰৰ মুৰব্বী হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ২৫ বছৰীয়া কাৰ্যকালৰ পৰা বিভিন্ন শিক্ষা আহৰণৰ উদ্দেশ্যে পাঁচখন ৰাষ্ট্ৰীয় কৰ্মশালাৰ শৃংখলা আৰম্ভ কৰিব।এই কৰ্মশালাৰ শৃংখলাত ৰাজহুৱা নেতৃত্বৰ এই ২৫ বছৰীয়া যাত্ৰাৰ বিভিন্ন দিশ অধ্যয়ন কৰা হ’ব, যাতে ইয়াৰ পৰা লাভ কৰা শিক্ষাসমূহ দেশৰ উমৈহতীয়া জ্ঞানৰ অংশ হৈ পৰে। এই যাত্ৰাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত লোকসকলৰ অভিজ্ঞতা লিপিবদ্ধ কৰি সেইসমূহক সকলোৰে উপকাৰ সাধন কৰিব পৰা জ্ঞানলৈ ৰূপান্তৰিত কৰা হ’ব।২০০১ চনৰ ৭ অক্টোবৰত প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। সেই পদত ১২ বছৰতকৈ অধিক সময় কাৰ্যনিৰ্বাহ কৰাৰ পিছত ২০১৪ চনৰ মে’ মাহত তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে আৰু বৰ্তমান একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে এই পদত অধিষ্ঠিত হৈ আছে।২০২৬ চনৰ ৭ অক্টোবৰত ২৫ বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে তেওঁ ভাৰতৰ নিৰ্বাচিত চৰকাৰৰ মুৰব্বী হিচাপে একেৰাহে কাৰ্যনিৰ্বাহ কৰা আটাইতকৈ দীৰ্ঘকালীন কাৰ্যকালৰ অধিকাৰী হৈছে।

এই সমগ্ৰ সময়ছোৱাত শাসন ব্যৱস্থাৰ মূল আধাৰ হৈ আহিছে ‘প্ৰধান সেৱক’ৰ ধাৰণা। এই ধাৰণা অনুসৰি চৰকাৰৰ প্ৰতিটো পদবী আৰু প্ৰতিটো কাৰ্যালয়ৰ মূল উদ্দেশ্য হৈছে নাগৰিকসকলৰ সেৱা কৰা।‘অন্ত্যোদয়’ৰ নীতিয়ে উন্নয়নৰ মাপকাঠী হিচাপে সমাজৰ একেবাৰে অন্তিমজন ব্যক্তিৰ কল্যাণক নিৰ্ধাৰণ কৰিছে। ‘জন ভাগিদাৰী’ৰ জৰিয়তে উন্নয়নক গণ আন্দোলনৰ ৰূপ দিয়া হৈছে।

‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস’ৰ নীতিয়ে এই ধাৰণাক অধিক শক্তিশালী কৰি উমৈহতীয়া ৰাষ্ট্ৰীয় প্ৰচেষ্টালৈ ৰূপান্তৰিত কৰিছে।

২০৪৭ চনৰ ভিতৰত ‘বিকশিত ভাৰত’ গঢ়াৰ লক্ষ্যই এই দৃষ্টিভংগীক এটা সুদূৰপ্ৰসাৰী সময়সীমা প্ৰদান কৰিছে। স্বাধীনতাৰ শতবৰ্ষৰ দিশে আগবাঢ়ি যোৱাৰ সময়ত প্ৰতিটো প্ৰতিষ্ঠানকে ভাৰতৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি পৰিকল্পনা প্ৰস্তুত আৰু কাৰ্যকৰী কৰিবলৈ আহ্বান জনোৱা হৈছে।  এই বৃহৎ পৰিসৰত শাসন ব্যৱস্থা পৰিচালনাৰ ক্ষেত্ৰত ভাৰতে যিখিনি শিক্ষা আহৰণ কৰিছে, তাৰ এটা বৃহৎ অংশ সেই সিদ্ধান্তসমূহ গ্ৰহণ আৰু কাৰ্যকৰী কৰাৰ সৈতে জড়িত বিষয়া, প্ৰতিষ্ঠান আৰু নাগৰিকসকলৰ অভিজ্ঞতাৰ মাজত নিহিত হৈ আছে।

এই কৰ্মশালাৰ শৃংখলাৰ জৰিয়তে তেওঁলোকৰ প্ৰত্যক্ষ অভিজ্ঞতাসমূহ লিপিবদ্ধ কৰা হ’ব আৰু সেইসমূহ শৈক্ষিক কঠোৰতা তথা গৱেষণামূলক দৃষ্টিভংগীৰে বিশ্লেষণ কৰা হ’ব।

এই অভিজ্ঞতাসমূহক প্ৰতিষ্ঠানিক শিক্ষণ সামগ্ৰীলৈ ৰূপান্তৰিত কৰা হ’ব। ইয়াৰ ভিতৰত থাকিব বিভিন্ন ঘটনাভিত্তিক অধ্যয়ন, গৱেষণামূলক প্ৰবন্ধ আৰু শিক্ষণ সামগ্ৰী। এইসমূহ অসামৰিক বিষয়া, প্ৰশিক্ষণ প্ৰতিষ্ঠান, বিশ্ববিদ্যালয়, শিক্ষাৰ্থী আৰু সাধাৰণ জনতাৰ বাবে উপযোগী হ’ব।

পাঁচখন ৰাষ্ট্ৰীয় কৰ্মশালাত শাসন ব্যৱস্থাৰ পাঁচটা বিষয়বস্তুত গুৰুত্ব আৰোপ কৰা হ’ব। সেইসমূহ হ’ল—

১. ‘অভিযান হিচাপে নেতৃত্ব’ — নৱেম্বৰ, ২০২৬।

 

২. ‘সেৱা প্ৰদান হিচাপে শাসন ব্যৱস্থা’ — জানুৱাৰী, ২০২৭।

 

৩. ‘অন্তৰ্ভুক্তিৰ জৰিয়তে উন্নয়ন’ — এপ্ৰিল, ২০২৭।

৪. ‘সভ্যতাগত পৰিচয়’ — জুলাই, ২০২৭।

৫. ‘বিশ্বশক্তি হিচাপে ভাৰত’ — ছেপ্টেম্বৰ, ২০২৭।

প্ৰথমখন ৰাষ্ট্ৰীয় কৰ্মশালা ‘অভিযান হিচাপে নেতৃত্ব’ শীৰ্ষক বিষয়বস্তুৰে ২০২৬ চনৰ ১৭ নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ’ব।

এই কৰ্মশালাত নেতৃত্বৰ বিভিন্ন দিশৰ লগতে নিৰ্দিষ্ট সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত নেতৃত্বৰ ভূমিকা কেনেদৰে প্ৰতিফলিত হয় আৰু সেই সিদ্ধান্তসমূহ কেনেদৰে নাগৰিকসকলৰ বাবে বাস্তৱ ফলাফললৈ ৰূপান্তৰিত হয়, সেই বিষয়ে অধ্যয়ন কৰা হ’ব।

নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী অনুৰাগ জৈনে অংশগ্ৰহণকাৰীসকলক আদৰণি জনাব আৰু নিটি আয়োগৰ উপাধ্যক্ষ শ্ৰী অশোক কুমাৰ লাহিড়ীয়ে উদ্বোধনী ভাষণ প্ৰদান কৰিব।

প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ড° পি কে মিশ্ৰই উদ্বোধনী মূল ভাষণ প্ৰদান কৰিব। আনহাতে, কোটাক মহিন্দ্ৰা বেংকৰ প্ৰতিষ্ঠাপক শ্ৰী উদয় কোটাকে আন এটা মূল ভাষণ প্ৰদান কৰিব।

নিটি  আয়োগৰ সদস্য ড° আৰ বালাসুব্ৰমনিয়ামে কৰ্মশালাৰ মূল কাৰ্যপ্ৰণালী আৰু আলোচনাৰ দিশসমূহ দাঙি ধৰিব।

দিনজোৰা এই কৰ্মশালাৰ মূল আকৰ্ষণ হ’ব গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত চাৰিগৰাকী ব্যক্তিৰ অভিজ্ঞতাভিত্তিক বক্তব্য।

গুজৰাট চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব শ্ৰী ৰাজীৱ টপনোৱে ২০০১ চনৰ ভূমিকম্পৰ পিছত কচ্ছৰ পুনৰ্নিৰ্মাণৰ বিষয়ে নিজৰ অভিজ্ঞতা বৰ্ণনা কৰিব।

কেন্দ্ৰীয় স্বাস্থ্য বিভাগৰ প্ৰাক্তন সচিব তথা কেন্দ্ৰীয় লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ শ্ৰীমতী প্ৰীতি ছুডানে ক’ভিড-১৯ মহামাৰীৰ সময়ত গ্ৰহণ কৰা পদক্ষেপ আৰু পৰিস্থিতি মোকাবিলাৰ অভিজ্ঞতা দাঙি ধৰিব।

গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ প্ৰাক্তন সচিব শ্ৰী শৈলেশ কুমাৰ সিঙে ‘লাখপতি বাইদেউ’ আঁচনিৰ বিষয়ে নিজৰ অভিজ্ঞতা ভাগ-বটোৱাৰা কৰিব।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৰ প্ৰাক্তন অধ্যক্ষ ড° এছ সোমনাথে মহাকাশ অৰ্থনীতিৰ ক্ষেত্ৰখন মুকলি কৰি দিয়াৰ অভিজ্ঞতা দাঙি ধৰিব।

‘বিকশিত ভাৰতৰ বাবে নেতৃত্ব’ শীৰ্ষক বিষয়ত এখন আলোচনাচক্ৰ অনুষ্ঠিত হ’ব। নিটি  আয়োগৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী বি ভি আৰ সুব্ৰমনিয়ামে এই আলোচনাচক্ৰখন পৰিচালনা কৰিব।

আলোচনাত অংশগ্ৰহণ কৰিব উত্তৰ প্ৰদেশ চৰকাৰৰ নগৰ উন্নয়ন আৰু শক্তি বিভাগৰ কেবিনেট মন্ত্ৰী শ্ৰী অৰবিন্দ কুমাৰ শৰ্মা, ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান আহমেদাবাদৰ অধ্যাপক বিশাল গুপ্তা, নিটি আয়োগৰ বিশিষ্ট ফেল’ শ্ৰীমতী দেৱযানী ঘোষ আৰু হৰদৈৰ যুটীয়া দণ্ডাধীশ শ্ৰীমতী নাৰায়ণী ভাটিয়াই।

কেবিনেট সচিব ড° টি ভি সোমনাথনে কৰ্মশালাৰ সামৰণী ভাষণ প্ৰদান কৰিব আৰু আইজিঅ’টি কৰ্মযোগী মঞ্চত ‘কৰ্মযোগী সংকল্প’ৰ শুভাৰম্ভ কৰিব।

এই সংকল্পৰ জৰিয়তে দেশৰ বিভিন্ন প্ৰান্তৰ অসামৰিক বিষয়াসকলে নিজৰ নেতৃত্বদানৰ পদ্ধতিত এটা নিৰ্দিষ্ট পৰিৱৰ্তন সাধনৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হ’ব।এই কৰ্মশালাত প্ৰায় ৯০০গৰাকী অংশগ্ৰহণকাৰী উপস্থিত থকাৰ সম্ভাৱনা আছে। ইয়াৰে ২৫০গৰাকীয়ে আলোচনাত প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰিব।

অংশগ্ৰহণকাৰীসকলৰ ভিতৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সচিব তথা জ্যেষ্ঠ বিষয়াসকল, লগতে আকাংক্ষী জিলাসমূহৰ জিলা আয়ুক্তকে ধৰি ১৫০গৰাকী চৰকাৰী বিষয়া থাকিব।

ইয়াৰ উপৰি আগশাৰীৰ শিক্ষানুষ্ঠান আৰু বিশ্ববিদ্যালয়ৰ ২৫গৰাকী শিক্ষাৰ্থী তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ গুৰুত্বপূৰ্ণ আঁচনিসমূহৰ সৈতে জড়িত ৫০গৰাকী সমাজভিত্তিক সহযোগী আৰু হিতাধিকাৰীয়েও অংশগ্ৰহণ কৰিব।

আলোচনা চক্ৰসমূহৰ গোটভিত্তিক আলোচনাত সক্ষমতা নিৰ্মাণ আয়োগৰ ‘অমৃত জ্ঞান কোষ’ পদক্ষেপৰ অধীনত প্ৰশিক্ষণপ্ৰাপ্ত ২৫গৰাকী ঘটনাভিত্তিক অধ্যয়নৰ সহায়কে দিশ-নিৰ্দেশনা আগবঢ়াব।এই কৰ্মশালাৰ সমগ্ৰ কাৰ্যসূচী আইজিঅ’টি কৰ্মযোগী মঞ্চত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ’ব।

***

MJPS/PRK/DM


(ৰিলিজ আই ডি : 2336559) অতিথি কক্ষ : 11
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Marathi , Gujarati , Tamil , Kannada