প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

১৯ বছৰ অনূৰ্ধ্ব এছিয়া কাপ ২০২৬ জয় কৰাৰ বাবে ভাৰতীয় পুৰুষ ক্ৰিকেট দলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 14 NOV 2026 9:30PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ দিনটোক ভাৰতীয় ক্ৰিকেটৰ বাবে এটা অনবদ্য দিন হিচাপে অভিহিত কৰাৰ লগতে যুৱ ক্ৰিকেটাৰসকলৰ চমৎকাৰ প্ৰদৰ্শন আৰু পুৰুষৰ ১৯ বছৰ অনূৰ্ধ্ব এছিয়া কাপ ২০২৬ জয় কৰাৰ বাবে অতিশয় গৌৰৱবোধ কৰিছে।

 

তেওঁলোকৰ এই সফলতাই বহুতো যুৱক-যুৱতীক অনুপ্ৰাণিত কৰিব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে দলটোক ভৱিষ্যতৰ প্ৰচেষ্টাসমূহৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

 

প্ৰধানমন্ত্ৰীয়ে 'এক্স'ত শ্বেয়াৰ কৰা এটা বাৰ্তাত কয়ঃ

 

"ভাৰতীয় ক্ৰিকেটৰ বাবে এটা অনবদ্য দিন!

 

আজিৰ চমৎকাৰ প্ৰদৰ্শন আৰু পুৰুষৰ ১৯ বছৰ অনূৰ্ধ্ব এছিয়া কাপ ২০২৬ জয় কৰাৰ বাবে আমাৰ যুৱ ক্ৰিকেটাৰসকলক লৈ মই অত্যন্ত গৌৰৱান্বিত। তেওঁলোকৰ এই সফলতাই বহুতো যুৱক-যুৱতীক অনুপ্ৰাণিত কৰিব।

 

ভৱিষ্যতৰ প্ৰচেষ্টাসমূহৰ বাবে দলটোলৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল।"

 

*****

MJPS/SS/PRK/DB


(ৰিলিজ আই ডি : 2336435) অতিথি কক্ষ : 8