৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আই এফ এফ আই) ২০২৬-ত গণতন্ত্ৰ, স্বাধীনতা, পৰিচয়, ইতিহাস আৰু সমসাময়িক বিশ্ব-চিন্তাৰ প্ৰশ্নসমূহৰ সৈতে জড়িত ব্ৰিকছ দেশসমূহৰ চলচ্চিত্ৰৰ প্ৰদৰ্শনী ‘ব্ৰিকছ দেশৰ ছবি’ প্ৰদৰ্শন কৰা হ’ব। ইতিহাস, সামাজিক বাস্তৱতা আৰু ব্যক্তিগত যাত্ৰা আধাৰিত ছবিসমূহে সংশ্লিষ্ট সমাজৰ দৃষ্টিভংগী উপস্থাপন কৰিব।
২১খন ছবিক লৈ অনুষ্ঠিত এই নিৰ্বাচনে দেশ, ভাষা আৰু ধাৰাসমূহৰ মাজেৰে গতি কৰাৰ লগতে স্বাধীনতা, পৰিচয়, সামাজিক বৈষম্য, পৰিয়াল, সংঘাত, স্থানচ্যুতি আৰু অন্তৰ্গততাৰ প্ৰশ্নৰ সৈতে জড়িত আখ্যানক গুৰুত্ব দিছে। এই ছবিসমূহৰ কেইবাখনো ছবিয়ে গণতন্ত্ৰ সমৰ্থক আন্দোলনৰ পৰা আৰম্ভ কৰি দাসত্ব আৰু ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে যুঁজলৈকে সংগ্ৰাম আৰু পৰিৱৰ্তনৰ মুহূৰ্তসমূহৰ সংজ্ঞা নিৰূপণৰ দিশলৈ উভতি চাইছে।

ব্ৰাজিলৰ ‘আমাদেও এণ্ড দ্য হাইপ’থেটিকেল নিউ ৱৰ্ল্ড’ত ১৮৩০ চনৰ ব্ৰাজিলৰ এগৰাকী আফ্ৰিকান উদ্ভাৱকৰ কল্পনা কৰা হৈছে যাৰ উদ্ভাৱন দাসত্বৰ কৱলত থকা লোকসকলক মুক্ত কৰাৰ সংগ্ৰামৰ অংশ হৈ উঠে। ১৯৯৮ চনত দেশখনৰ গণতন্ত্ৰ সমৰ্থক আন্দোলনৰ সময়ত এগৰাকী ছাত্ৰকৰ্মী নিৰুদ্দেশ হোৱা আৰু তেওঁৰ পৰিয়ালে উত্তৰ বিচাৰি উলিওৱাৰ কাহিনী বৰ্ণিত হৈছে ইণ্ডোনেছিয়াৰ ‘দি ছী স্পিকছ হিজ নেম’ত। দক্ষিণ আফ্ৰিকাৰ ‘দি ট্ৰেক’-য়ে দৰ্শকক ঔপনিৱেশিক কালৰ নিষ্ঠুৰতাৰ সন্মুখীন কৰায় ১৯ শতিকাৰ মাজভাগৰ কালাহাৰী মৰুভূমিৰ মাজেৰে লৈ যাব।
সমসাময়িক চিন্তাইও নিৰ্বাচনত স্থান পাযইছে। উগাণ্ডা-ইউ কেৰ এখন তথ্যচিত্ৰ ‘ড্ৰিমিং অব চেৰেনাডা’ত পিতৃ-কন্যাৰ সম্পৰ্ক আৰু বৰ্ষাৰণ্যৰ পৰিৱেশত বানৰ প্ৰভাৱৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ সন্ধান কৰা হৈছে। ইথিওপিয়া আৰু আমেৰিকাৰ পৰা অহা ‘ফায়া দায়ি’-য়ে খাট খেতি আৰু আনুষংগিক খেতিৰ সৈতে জড়িত সম্প্ৰদায়সমূহৰ জীৱিকা, সামাজিক বাস্তৱতা আৰু যুৱক-যুৱতীসকলৰ আকাংক্ষাত গুৰুত্ব আৰোপ কৰা হৈছে। ইৰাণৰ ‘প’ল্ট্ৰী ফাৰ্ম’ত ইৰাকৰ এটি ঠিকনাবিহীন শিশুক অনুসৰণ কৰা হৈছে, যাৰ নিৰুদ্দিষ্ট বন্ধুৰ সন্ধানে নিজৰ জীৱন বিপদাপন্ন কৰে।
পৰিয়াল, পৰিচয় আৰু ব্যক্তিগত পছন্দই আন এক শক্তিশালী বিষয়বস্তু উপস্থাপন কৰে। ছৌদি আৰৱৰ ‘হিজৰা’ত এগৰাকী কণমানি ছোৱালী, আইতাক আৰু নিৰুদ্দেশ হোৱা ভনীয়েকক অনুসৰণ কৰা হৈছে। চীনৰ ‘এম্বাৰ্ছ’ত দাহ কৰা ছাইৰ সৈতে জড়িত মিশ্ৰণৰ পৰিণতিৰ সন্ধান কৰা হৈছে, যাৰ ফলত দুগৰাকী মহিলা ক্ষতি আৰু মৃত্যুৰ সন্মুখীন হ’বলগীয়া হৈছে। বলিভিয়া-পেৰুৰ প্ৰযোজনা ‘দ্য কণ্ডাৰ ড’টাৰ’ত উত্তৰাধিকাৰী সূত্ৰে পোৱা সংগীত পৰম্পৰা আৰু অভিনেতা হোৱাৰ সপোনৰ মাজত বিচ্ছিন্ন হৈ পৰা থলুৱা এণ্ডিয়ান সম্প্ৰদায়ৰ এগৰাকী যুৱতীক চিত্ৰিত কৰা হৈছে। নাইজেৰিয়া-ইউ কেৰ প্ৰযোজনাৰ ‘লেডী’ত লাগোছৰ এগৰাকী যুৱ টেক্সি চালকক অনুসৰণ কৰা হৈছে, য’ত যৌনকৰ্মীৰ এটা দলৰ সৈতে হোৱা মুখামুখিয়ে তেওঁক সংহতি আৰু আত্ম-আৱিষ্কাৰৰ দিশে লৈ যায়।
আদিত্য ধৰৰ পৰিচালনাত নিৰ্মিত ভাৰতীয় প্ৰৱেশ ‘আৰ্টিকল ৩৭০’ ২০১৬ চনৰ কাশ্মীৰৰ অশান্তিৰ পটভূমিত নিৰ্মিত আৰু ৩৭০ নং অনুচ্ছেদ বাতিলৰ অভিযান অনুসৰণ কৰা ছবিখনে ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ অভিনেত্ৰী আৰু শ্ৰেষ্ঠ সংগীতৰ শাখাত তিনিটা সন্মান লাভ কৰে।
সম্পূৰ্ণ শৃংখলাত আছে ‘কিণ্ডিক (দ্য কৰ্ড)’ (কাজাখস্তান), ‘বাৰাকোয়া’ (কিউবা আৰু ইটালী), ‘বো ব’ (ৰাছিয়ান ফেডাৰেশ্যন), ‘ছেফ এক্সিট’ (ইজিপ্ত, জাৰ্মানী, লিবিয়া, কাটাৰ আৰু টিউনিছিয়া), ‘৯ টেম্পলছ টু হেভেন’ (থাইলেণ্ড, ছিংগাপুৰ, ফ্ৰান্স, নৰৱে, চীন, হংকং, ইণ্ডোনেছিয়া আৰু কাটাৰ), ‘কটন’ (উজবেকিস্তান), ‘বাগা: টুম’ৰ’ বিলংগছ টু ন’ ৱান’ (মালয়েছিয়া), ‘১৯৮২’ (ভিয়েটনাম), ‘এণ্ড দ্য স্নো ৱাজ ফলিং’ (বেলাৰুছ) আৰু ‘বাব’ (ইউনাইটেড আৰব আমিৰশ্বাহী)।
২১খন ছবিয়ে একেলগে দৰ্শকক চিনেমাৰ দৃষ্টিভংগীৰ এক ক্ৰছ-ছেকশ্যন প্ৰদান কৰে, য’ত স্বাধীনতা, অন্তৰ্গততা, স্মৃতিশক্তি, স্থিতিস্থাপকতা আৰু পৰিৱৰ্তনৰ সহভাগ কৰা প্ৰশ্নৰ সৈতে জড়িত হোৱাৰ লগতে ৰাষ্ট্ৰীয় সীমাৰ বাহিৰলৈ যোৱা কাহিনী আছে।
২০২৬ চনৰ ২০-২৮ নৱেম্বৰলৈ গোৱাৰ একাধিক স্থানত অনুষ্ঠিত হ’বলগীয়া ৫৭ সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৮৬খন দেশৰ ১৫০খনতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় ছবি প্ৰদৰ্শন কৰা হ’ব। এই মহোৎসৱত প্ৰতিযোগিতামূলক আৰু অপ্ৰতিযোগিতামূলক শিতান, কিউৰেটেড পেকেজ, পুৰ্বদৃষ্টি, শ্ৰদ্ধাঞ্জলি আৰু বিষয়ভিত্তিক প্ৰদৰ্শনৰ জৰিয়তে ধাৰা, দেশ আৰু ভাষাৰ ছবিসমূহক একত্ৰিত কৰা হ’ব, যিয়ে ক্ৰছ-কলচাৰেল এক্সচেঞ্জ আৰু চিনেমাৰ উৎকৃষ্টতাৰ বাবে এক মঞ্চ প্ৰদান কৰিব।
* * *
PIB IFFI team | Lekshmi Priya/ Sasmita/ Darshana Rane/KB