পোষ্ট কৰা হৈছে:
14 NOV 2026 2:47PM by PIB Guwahati
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ২০২৬ চনৰ ১৪ৰ পৰা ২৭ নৱেম্বৰলৈ নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰত বাণিজ্য প্ৰসাৰ সংস্থা (আই টি পি অ’)ৰ দ্বাৰা আয়োজিত ৪৫ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা (আই আই টি এফ) ২০২৬ত বিশেষ স্বাস্থ্য বীথিকাৰ জৰিয়তে ইয়াৰ ধ্বজাবাহী স্বাস্থ্য কাৰ্যসূচী, মূল সাফল্য আৰু ৰাজহুৱা স্বাস্থ্যসেৱা পদক্ষেপসমূহ প্ৰদৰ্শন কৰিছে।
এই স্বাস্থ্য বীথিকা আজি নীতি আয়োগৰ সদস্য ড° এম শ্ৰীনিৱাসে উদ্বোধন কৰে।এই অনুষ্ঠানত কেন্দ্ৰীয় স্বাস্থ্য সচিব শ্ৰীমতী পুণ্য সলিলা শ্ৰীবাস্তৱ, স্বাস্থ্য গৱেষণা বিভাগৰ (ডি এইচ আৰ) সচিব আৰু ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (আই চি এম আৰ) সঞ্চালক প্ৰধান ড° ৰাজীৱ বাহল, ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণৰ (এন এইচ অ) মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী সুনীল কুমাৰ বাৰ্ণৱাল আৰু মন্ত্ৰালয়ৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।
এই প্ৰতিষ্ঠিত বাৰ্ষিক অনুষ্ঠানত মন্ত্ৰালয়ৰ অংশগ্ৰহণে নাগৰিকৰ সৈতে প্ৰত্যক্ষভাৱে সংযোগ স্থাপন, চৰকাৰৰ বিস্তৃত স্বাস্থ্যসেৱা পদক্ষেপসমূহ প্ৰদৰ্শন আৰু প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা, আগতীয়া ৰোগ নিৰ্ণয় আৰু স্বাস্থ্যকৰ জীৱনশৈলীৰ বিষয়ে অধিক ৰাজহুৱা সচেতনতা প্ৰসাৰ কৰাৰ বাবে এখন গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰে।
‘যুৱ ভাৰত, সুস্থ ভাৰত’: প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা সংস্কৃতিৰ প্ৰসাৰ
এই বছৰৰ স্বাস্থ্য বীথিকাৰ বিষয়বস্তু ‘যুৱ ভাৰত, সুস্থ ভাৰত’ৰ জৰিয়তে প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা, স্বাস্থ্যকৰ জীৱনশৈলীৰ অভ্যাস আৰু অধিক স্বাস্থ্যকৰ তথা স্থিতিস্থাপক ভাৰত গঢ়াত যুৱক-যুৱতীসকলৰ সক্ৰিয় অংশগ্ৰহণৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে।
এই বিষয়বস্তুৱে সৰুৰে পৰাই স্বাস্থ্যকৰ অভ্যাসক উৎসাহিত কৰা, স্বাস্থ্য সচেতনতা শক্তিশালী কৰা আৰু নাগৰিকক তেওঁলোকৰ শাৰীৰিক তথা মানসিক সুস্থতাৰ বিষয়ে সচেতন সিদ্ধান্ত ল'বলৈ সক্ষম কৰাৰ গুৰুত্বক প্ৰতিফলিত কৰে।
তথ্যপূৰ্ণ প্ৰদৰ্শনী, পৰস্পৰৰ অংশগ্ৰহণমূলক প্ৰদৰ্শন আৰু ৰাজহুৱা অংশগ্ৰহণমূলক কাৰ্যসূচীৰ জৰিয়তে, এই বীথিকাৰ জৰিয়তে বিশেষকৈ যুৱক, শিশু আৰু পৰিয়ালৰ বাবে স্বাস্থ্যসেৱাৰ তথ্যক সুলভ, সম্পৰ্কীয় আৰু আকৰ্ষণীয় কৰি তোলাৰ প্ৰয়াস কৰা হৈছে ।
সমবেত লোকসকলক সম্বোধন কৰি ড° এম শ্ৰীনিৱাসে অসংক্ৰামক ৰোগ (এন চি ডি) আৰু জীৱনশৈলী সম্পৰ্কীয় স্বাস্থ্য অৱস্থাৰ ক্ৰমবৰ্ধমান বোজাৰ ওপৰত আলোকপাত কৰাৰ লগতে প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা আৰু স্বাস্থ্যকৰ জীৱনশৈলীৰ অভ্যাস গ্ৰহণৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে।
তেওঁ এন চি ডি প্ৰতিৰোধ আৰু ব্যৱস্থাপনাত ৰাজহুৱা সচেতনতা, আগতীয়া চিনাক্তকৰণ আৰু সময়মতে চিকিৎসা হস্তক্ষেপৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰাৰ লগতে নাগৰিকক সচেতন জীৱনশৈলীৰ পছন্দৰ জৰিয়তে তেওঁলোকৰ স্বাস্থ্যৰ বাবে অধিক দায়িত্ব ল'বলৈ উৎসাহিত কৰে।
এই স্বাস্থ্য বীথিকাই নাগৰিকক স্বাস্থ্য সম্পৰ্কীয় সাধাৰণ বিপদৰ বিষয়ে জানিবলৈ, প্ৰতিৰোধমূলক ব্যৱস্থা বুজিবলৈ আৰু বিভিন্ন চৰকাৰী স্বাস্থ্যসেৱা কাৰ্যসূচী তথা সেৱাৰ সৈতে পৰিচিত হ'বলৈ মূল্যৱান সুযোগ প্ৰদান কৰা বুলি ড° শ্ৰীনিৱাসে উল্লেখ কৰে।
তেওঁ দৰ্শনাৰ্থীসকলক, বিশেষকৈ যুৱক আৰু পৰিয়ালক, এই বীথিকাৰ কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি স্বাস্থ্য আৰু সুস্থতাৰ বিষয়ে তেওঁলোকৰ বুজাবুজি বৃদ্ধি কৰাৰ উদ্দেশ্যে এই সুযোগ ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে একেলগে সামৰি ল’লে ২৪টা স্বাস্থ্য কাৰ্যসূচী আৰু সংস্থা
স্বাস্থ্য পেভিলিয়নে ভাৰত মণ্ডপমৰ হল নং ৪ৰ তলৰ মহলাত ৯৮৯ বৰ্গ মিটাৰ এলেকাত বিস্তৃত ৩৯খন বিপণীৰ জৰিয়তে ২৪টা ৰাষ্ট্ৰীয় স্বাস্থ্য কাৰ্যসূচী, কাৰ্যসূচী বিভাগ আৰু অংশগ্ৰহণকাৰী সংস্থাক একত্ৰিত কৰিছে।
এই বীথিকাই দৰ্শনাৰ্থীসকলক ভাৰতৰ ৰাজহুৱা স্বাস্থ্যসেৱা পদক্ষেপসমূহৰ বিস্তৃত আভাস প্ৰদান কৰাৰ লগতে ইয়াৰ জৰিয়তে প্ৰাথমিক স্বাস্থ্যসেৱা, ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ, প্ৰতিষেধক, মাতৃ আৰু শিশু স্বাস্থ্য, ডিজিটেল স্বাস্থ্য সেৱা, মানসিক স্বাস্থ্যসেৱা, খাদ্য সুৰক্ষা, অংগ দান আৰু ৰাজহুৱা স্বাস্থ্যৰ অন্যান্য গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহ সামৰি লোৱা হৈছে।
ইয়াত প্ৰদৰ্শিত ধ্বজাবাহী পদক্ষেপ আৰু সেৱাসমূহৰ ভিতৰত আছে আয়ুষ্মান আৰোগ্য মন্দিৰ, ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণৰ জৰিয়তে আয়ুষ্মান ভাৰত-প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা, ই-সঞ্জীৱনী, সাৰ্বজনীন প্ৰতিষেধক কাৰ্যসূচী, ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰম, যহ্মা মুক্ত ভাৰত অভিযান, টেলি-মানস আৰু কেইবাটাও ৰাষ্ট্ৰীয় ৰোগ প্ৰতিৰোধ তথা নিয়ন্ত্ৰণ কাৰ্যসূচী।
এই বীথিকাত দৰ্শনাৰ্থী আৰু মন্ত্ৰালয়ৰ কাৰ্যসূচী বিভাগ তথা অংশগ্ৰহণকাৰী সংস্থাৰ প্ৰতিনিধিৰ মাজত প্ৰত্যক্ষ আদান-প্ৰদানৰো সুবিধা প্ৰদানৰ জৰিয়তে নাগৰিকে স্বাস্থ্যসেৱা সেৱাৰ বিষয়ে জানিব, তথ্য বিচাৰিব আৰু চৰকাৰী স্বাস্থ্য পদক্ষেপসমূহৰ বিষয়ে ভালদৰে বুজিব পাৰে।
স্বাস্থ্য সচেতনতাক আকৰ্ষণীয় আৰু সুলভ কৰিবলৈ পৰস্পৰ অংশগ্ৰহণৰ কাৰ্যসূচী
ৰাজহুৱা অংশগ্ৰহণক উৎসাহিত কৰাৰ লগতে প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ বিষয়ে সচেতনতা প্ৰসাৰ কৰিবলৈ এই বীথিকাত বিস্তৃত তথ্যপূৰ্ণ আৰু অংশগ্ৰহণমূলক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।
ইয়াৰ ভিতৰত আছে লাইভ কাৰ্ডিঅ'পালমোনাৰী ৰিচাচিটেচন (চি পি আৰ) প্ৰদৰ্শন, স্বাস্থ্য সচেতনতা অধিৱেশন, নুক্কড় নাটক, স্বাস্থ্য আলোচনা অনুষ্ঠান আৰু পৰস্পৰ অংশগ্ৰহণৰ কুইজ কাৰ্যসূচী।
এই কাৰ্যসূচীসমূহ সহজ আৰু আকৰ্ষণীয়ভাৱে গুৰুত্বপূৰ্ণ ৰাজহুৱা স্বাস্থ্য বাৰ্তাসমূহ প্ৰেৰণ কৰিবলৈ প্ৰস্তুত কৰা হৈছে তথা এইসমূহৰ জৰিয়তে ৰোগ প্ৰতিৰোধ, আগতীয়া চিনাক্তকৰণ, জৰুৰীকালীন সঁহাৰি আৰু স্বাস্থ্যকৰ জীৱনশৈলীৰ অভ্যাসৰ বিষয়ে সচেতনতা বৃদ্ধি কৰা হৈছে।
শিশু বিশেষ কাৰ্য্যসূচী থকা নিৰ্দিষ্ট এলেকাৰ জৰিয়তে স্ক্ৰীণ-মুক্ত শিক্ষণ আৰু স্বাস্থ্যকৰ বিনোদনক উৎসাহিত কৰাৰ প্ৰয়াস
এই স্বাস্থ্য বীথিকাত এটা বিশেষ শিশু অঞ্চলো স্থাপন কৰা হৈছে, য'ত শিশুৰ বাবে পৰম্পৰাগত খেল আৰু বিনোদনমূলক কাৰ্যসূচী অন্তৰ্ভুক্ত কৰা হৈছে।
বহুলাংশে স্ক্ৰীণ-মুক্ত অংশগ্ৰহণৰ ওপৰত গুৰুত্ব দি, এই পদক্ষেপে শাৰীৰিক কাৰ্যকলাপ, সামাজিক মিলামিছা আৰু খেলৰ জৰিয়তে শিক্ষণক উৎসাহিত কৰিবলৈ চেষ্টা কৰে।
এই পদক্ষেপৰ লক্ষ্য হৈছে শিশুসকলক স্বাস্থ্যকৰ অভ্যাসৰ গুৰুত্বৰ সৈতে পৰিচিত কৰোৱাৰ লগতে এই বীথিকালৈ অহা পৰিয়ালসমূহৰ বাবে এক আনন্দদায়ক আৰু আকৰ্ষণীয় পৰিৱেশ প্ৰদান কৰা।
যক্ষ্মা সচেতনতা, পৰ্যবেক্ষণ আৰু সামূহিক অংশগ্ৰহণত বিশেষ গুৰুত্ব
যক্ষ্মা ৰোগৰ বিষয়ে সচেতনতা বৃদ্ধি কৰাৰ লগতে দৰ্শনাৰ্থীসকলক প্ৰতিৰোধ, লক্ষণ, ৰোগ নিৰ্ণয়, চিকিৎসা আৰু ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল কাৰ্যসূচীৰ (এন টি ই পি) অধীনত উপলব্ধ সেৱাৰ পৰিসৰৰ বিষয়ে অৱগত কৰিবলৈ এটা সমৰ্পিত যক্ষ্মা বিপণী স্থাপন কৰা হৈছে।
কাৰ্যসূচীৰ অংশ হিচাপে, কৃত্ৰিম বুদ্ধিমত্তা-সক্ষম হস্তচালিত এক্স-ৰে’ প্ৰযুক্তি ব্যৱহাৰ কৰি যক্ষ্মা পৰীক্ষা কৰা হৈছে। আনহাতে এজন চিকিৎসা বিষয়াই দৰ্শনাৰ্থীসকলক চিকিৎসা পৰামৰ্শ আৰু নিৰ্দেশনা প্ৰদান কৰিছে।
এই বিপণীয়ে নিক-ক্ষয় মিত্ৰৰ পঞ্জীয়নৰো সুবিধা প্ৰদান কৰিছে, যিয়ে ব্যক্তি আৰু সংস্থাসমূহক পুষ্টিকৰ খাদ্যৰ টোপোলা প্ৰদানকে ধৰি যক্ষ্মা ৰোগত আক্ৰান্ত লোকসকলক সহায় কৰিবলৈ উৎসাহিত কৰে।
আগতীয়া চিনাক্তকৰণ, সময়মতে চিকিৎসা, পুষ্টিকৰ সহায় আৰু যক্ষ্মাৰ বিৰুদ্ধে যুঁজত সম্প্ৰদায়ৰ অংশগ্ৰহণৰ সন্দৰ্ভত মূল বাৰ্তাসমূহ প্ৰেৰণ কৰিবলৈ নুক্কড় নাটক, যাদু প্ৰদৰ্শন আৰু যক্ষ্মা প্ৰতীকপটৰ সৈতে মত বিনিময়ৰ দৰে ৰাজহুৱা সচেতনতা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।
এই পদক্ষেপে যক্ষ্মামুক্ত ভাৰতৰ লক্ষ্য আগবঢ়োৱাত সামূহিক কাৰ্য আৰু নাগৰিকৰ অংশগ্ৰহণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।
স্বাস্থ্যকৰ ভাৰতৰ বাবে ৰাজহুৱা সচেতনতা আৰু নাগৰিকৰ অংশগ্ৰহণ শক্তিশালী কৰা
আই আই টি এফ ২০২৬ত স্বাস্থ্য বীথিকাই স্বাস্থ্যৰ তথ্য আৰু ৰাজহুৱা স্বাস্থ্যসেৱা পদক্ষেপসমূহ নাগৰিকৰ ওচৰলৈ লৈ যোৱাত মন্ত্ৰালয়ৰ অবিৰত গুৰুত্বক প্ৰতিফলিত কৰে।
তথ্যপূৰ্ণ প্ৰদৰ্শনী, ব্যৱহাৰিক প্ৰদৰ্শন, পাৰস্পৰিক মত বিনিময় কৰিব পৰা কাৰ্যসূচী আৰু প্ৰত্যক্ষ ৰাজহুৱা অংশগ্ৰহণৰ সংমিশ্ৰণৰ জৰিয়তে এই বীথিকাই প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ বিষয়ে অধিক সচেতনতা বৃদ্ধি কৰাৰ লগতে ব্যক্তি আৰু পৰিয়ালক স্বাস্থ্যকৰ জীৱনশৈলী আঁকোৱালি ল’বলৈ উৎসাহিত কৰাৰ প্ৰয়াস কৰে।
মন্ত্ৰালয়ৰ অংশগ্ৰহণে সুস্থ ভাৰত গঢ়াত যুৱচামৰ অংশগ্ৰহণ, সামূহিক অংশগ্ৰহণ আৰু সচেতন স্বাস্থ্য পছন্দৰ গুৰুত্বকো পুনৰ নিশ্চিত কৰে।
অংশগ্ৰহণকাৰী স্বাস্থ্য কাৰ্যসূচী আৰু সংস্থাৰ তালিকা
|
ক্ৰমিক নং
|
কাৰ্যসূচী / সংস্থাৰ নাম
|
আবণ্টিত বিপণীৰ সংখ্যা
|
|
১.
|
আয়ুষ্মান আৰোগ্য মন্দিৰ
|
৩
|
|
২.
|
ৰাষ্ট্ৰীয় ধপাত নিয়ন্ত্ৰণ কাৰ্যসূচী আৰু ড্ৰাগছ আসক্তি দূৰীকৰণ কাৰ্যসূচী
|
২
|
|
৩.
|
সাৰ্বজনীন প্ৰতিষেধক কাৰ্যসূচী
|
১
|
|
৪.
|
ৰাষ্ট্ৰীয় এইডছ আৰু যৌন ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী
|
১
|
|
৫.
|
ৰাষ্ট্ৰীয় মৌখিক স্বাস্থ্য কাৰ্যসূচী
|
২
|
|
৬.
|
এন পি চি বি ভি আই (ৰাষ্ট্ৰীয় অন্ধত্ব আৰু দৃষ্টি প্ৰতিবন্ধকতা নিয়ন্ত্ৰণ কাৰ্যসূচী)
|
২
|
|
৭.
|
ৰাষ্ট্ৰীয় বাহকজনিত ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী
|
২
|
|
৮.
|
ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণ (এফ এছ এছ এ আই)
|
২
|
|
৯.
|
ই-সঞ্জীৱনী – ৰাষ্ট্ৰীয় টেলিমেডিচিন সেৱা
|
১
|
|
১০.
|
ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণ
|
২
|
|
১১.
|
ৰাষ্ট্ৰীয় অংগ সংৰোপণ কাৰ্যসূচী (এন অ’ টি পি)
|
২
|
|
১২.
|
ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যসূচী
|
২
|
|
১৩.
|
যক্ষ্মামুক্ত ভাৰত অভিযান
|
৩
|
|
১৪.
|
এইচ এল এল লাইফকেয়াৰ লিমিটেড
|
৩
|
|
১৫.
|
কুষ্ঠমুক্ত ভাৰত
|
১
|
|
১৬.
|
গ্ৰামীণ স্বাস্থ্য প্ৰশিক্ষণ কেন্দ্ৰ, নাজাফগড়
|
১
|
|
১৭.
|
ৰক্ত সঞ্চাৰণ সেৱা
|
১
|
|
১৮.
|
ৰাষ্ট্ৰীয় ভাইৰেল হেপাটাইটিছ নিয়ন্ত্ৰণ কাৰ্যসূচী
|
১
|
|
১৯.
|
ৰাষ্ট্ৰীয় বধিৰতা প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কাৰ্যসূচী (এন পি পি চি ডি)
|
১
|
|
২০.
|
কেন্দ্ৰীয় স্বাস্থ্য শিক্ষা ব্যুৰো (চি এইচ ই বি)
|
১
|
|
২১.
|
টেলি-মানস
|
২
|
|
২২.
|
ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰ
|
১
|
|
২৩.
|
ৰাষ্ট্ৰীয় বয়োজ্যেষ্ঠ স্বাস্থ্যসেৱা কাৰ্যসূচী আৰু ৰাষ্ট্ৰীয় উপশম যত্ন কাৰ্যসূচী
|
১
|
|
২৪.
|
ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটী
|
১
|
|
|
মুঠ
|
৩৯
|
*****
SR/DD