তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

‘সীমাৰ পৰিধি বিহীন কাহিনী’ শীৰ্ষক বিষয়বস্তুৰে গোৱাত চলচ্চিত্ৰৰ জগতখনক সন্মিলিত কৰিবলৈ সাজু হৈছে ‘আই এফ এফ আই ২০২৬’

৮৬খন দেশৰ পৰা ১৫০খনতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় ছবিয়ে বিশ্বক গোৱালৈ আনিব

৫৭ সংখ্যক আইএফএফআই-ৰ বাবে ‘গ্ল'বেল চিনেমা কমিউনিটী’-ক আদৰিবলৈ সাজু গোৱাঃ মুখ্যমন্ত্ৰী ড° প্ৰমোদ সাৱন্ত

মহোৎসৱ-সঞ্চালক শ্ৰী আশুতোষ গোৱাৰিকাৰে সীমান্তৰ সিপাৰে সংস্কৃতিক সংযোগ কৰাৰ ক্ষেত্ৰত চলচ্চিত্ৰৰ শক্তি প্ৰসংগত আলোকপাত কৰে

৫৭ সংখ্যক আই এফ এফ আই-ৰ উদ্বোধনী ছবি হিচাপে ভূমিকা ল’ব ‘ফাদাৰলেণ্ড’-য়ে, ‘মিড-ফেষ্ট ছবি’ হ’ব ‘আই মেটাৰ’ আৰু ৫৭ সংখ্যক আই এফ এফ আই-ৰ সামৰণি পৰিব ‘উই আৰ অল
ষ্ট্ৰেঞ্জাৰ্ছ’-ৰে

ভাৰতৰ ‘ৰামায়ণ’ক আৰম্ভণিৰ ছবি হিচাপে লৈ আই এফ এফ আই ২০২৬-ত ব্ৰিকছ দেশৰ চলচ্চিত্ৰত বিশেষ গুৰুত্ব দিয়া হৈছে

৭৬খন ছবি, ১৮টা ভাষা: ‘ধুৰন্ধৰ’ আৰু ‘বিকামিং’ৰে মুকলি হ’ব লগা ‘ভাৰতীয় পেনোৰামা’ই ভাৰতীয় চিনেমাৰ বহু কণ্ঠক উদযাপন কৰিব

৫৭ সংখ্যক আইএফএফআই-লৈ স্পেইনে নিজৰ ছবিৰ ৰং আনিছে সন্মানীয় দেশ হিচাপে, ৰাছিয়াই আইএফএফআই-ত অংশীদাৰ দেশ হিচাপে যোগদান কৰিছে

ভাৰতৰ সৃষ্টিশীল প্ৰতিভাক শক্তিশালী কৰিবলৈ আৰু বিশ্বব্যাপ্ত গল্প-কথনক শক্তিশালী কৰিবলৈ WAVES ফিল্ম বজাৰ আৰু নেটফ্লিক্স-য়ে জোঁট বান্ধিছে

নতুন কণ্ঠ, সতেজ দৃষ্টিভংগী: আত্মপ্ৰকাশ কৰোতাৰ শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে সাতখন আন্তঃৰাষ্ট্ৰীয় ছবিয়ে

২০২৬ চনৰ ২০ৰ পৰা ২৮ নৱেম্বৰলৈ গোৱাত অনুষ্ঠিতব্য ‘ভাৰতীয় ৫৭ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ত ‘সীমাৰ পৰিধি বিহীন কাহিনী’ শীৰ্ষক বিষয়বস্তুৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ চলচ্চিত্ৰ নিৰ্মাতা, চিনেমা অনুৰাগী আৰু সৃষ্টিশীল কণ্ঠক সন্মিলিত কৰা হ’ব। ইয়াৰ ক্ৰমবৰ্ধমান বিশ্বজোৰা প্ৰসাৰক প্ৰতিফলিত কৰি এই মহোৎসৱটোৱে ১৩৭খন দেশৰ পৰা ১৯০০ৰো অধিক ছবি পঞ্জীয়ণ নিশ্চিত কৰিছে আৰু ইয়াত ৮৬খন দেশক প্ৰতিনিধিত্ব কৰা ১৫০খনতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় ছবি প্ৰদৰ্শন কৰা হ’ব, যাৰ ফলত বহু সাংস্কৃতিক বিনিময়, বৈচিত্ৰ্যময় কাহিনী-কথন আৰু চিনেমাৰ উৎকৃষ্টতাৰ এক সজীৱ মঞ্চৰ সৃষ্টি হ’ব।

গোৱাৰ তাজ চিদাদে দে গোৱা হৰাইজন-ত অনুষ্ঠিত হ’ব লগা ৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আই এফ এফ আই) ২০২৬-ৰ প্ৰাকক্ষণত সংবাদমেল উদ্বোধন কৰে গোৱাৰ মাননীয় মুখ্যমন্ত্ৰী ড° প্ৰমোদ সাৱন্তে। গোৱাই আই এফ এফ আই-ৰ সৈতে জড়িত হোৱাৰ বাবে গৌৰৱ প্ৰকাশ কৰি তেওঁ এই উৎসৱক ৰাজ্যখনৰ সাংস্কৃতিক পৰিচয় আৰু বৰ্ষপঞ্জীৰ অবিচ্ছেদ্য অংগ বুলি অভিহিত কৰে। তেওঁ গোলকীয় চলচ্চিত্ৰ ভ্ৰাতৃত্ববোধক আদৰণি জনোৱাৰ বাবে প্ৰদৰ্শনৰ স্থান, পৰিবহণ, আতিথ্য আৰু ৰাজহুৱা সুবিধাৰ ব্যৱস্থা সন্দৰ্ভত ৰাজ্য চৰকাৰৰ প্ৰস্তুতি প্ৰসংগতো আলোকপাত কৰে।

উদ্বোধনী সংবাদ মেলত গোৱা এণ্টাৰটেইনমেণ্ট ছ’চাইটীৰ উপাধ্যক্ষ শ্ৰীমতী এম ডেলিলা এম লোবো, ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী চঞ্চল কুমাৰ, এন এফ ডি চি-ৰ অধ্যক্ষ শ্ৰী কৃষ্ণ কুমাৰ আৰু আই এফ এফ আই ২০২৬-ৰ মহোৎসৱ-সঞ্চালক শ্ৰী আশুতোষ গোৱাৰিকৰ, তথ্য মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব শ্ৰীযুত প্ৰভাতে; শ্ৰী মধুৰ ভাণ্ডাৰকাৰ, অধ্যক্ষ, ফিচাৰ ফিল্ম জুৰী; শ্ৰী হিমাংশু শেখৰ খাটুৱা, অধ্যক্ষ, নন-ফিচাৰ ফিল্ম জুৰী; গোৱাৰ এণ্টাৰটেইনমেণ্ট ছ’চাইটী-ৰ চিইঅ’ শ্ৰী দীপক মাণ্ডেকাৰ; আৰু এনএফডিচি-ৰ পৰিচালন সঞ্চালক শ্ৰী ধীৰাজ সিং, আৰু পশ্চিম মণ্ডল পিআইবিৰ সঞ্চালক প্ৰধান স্মিতা বত্স শৰ্মাই অংশগ্ৰহণ কৰে আৰু সম্প্ৰচাৰ।

 

 

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/image001_20261113143409_15d78e.jpg

 

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী চঞ্চল কুমাৰে ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় চিনেমাৰ বাবে এক প্ৰধান মঞ্চ হিচাপে আইএফএফআই-ৰ বিৱৰ্তনৰ সন্দৰ্ভত আলোকপাত কৰে, যিয়ে চিনেমাৰ উৎকৃষ্টতা, সাংস্কৃতিক বিনিময় আৰু বৈচিত্ৰ্যময় কণ্ঠৰ সৈতে ঘনিষ্ঠতাক প্ৰসাৰিত কৰে। তেওঁ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ পৰ্যবেক্ষণৰ কথা স্মৰণ কৰি কয় যে “গল্পবোৰৰ ঠিকনা থাকিব পাৰে, কিন্তু আৱেগৰ কোনো সীমা নাথাকে।” এই চিন্তাধাৰাৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি তেওঁ এইবাৰৰ বিষয়বস্তু ‘সীমাৰ পৰিধি বিহীন কাহিনী’ আৰু ভৌগোলিক, ভাষিক আৰু সাংস্কৃতিক প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰাৰ বাবে থকা চিনেমাৰ সামৰ্থ্যত গুৰুত্ব আৰোপ কৰে। তেওঁ ভাষা, সংস্কৃতি আৰু সম্প্ৰদায়ৰ মাজত ভাৰতৰ গল্প-কথনৰ চহকী পৰম্পৰা সন্দৰ্ভতো আলোকপাত কৰে আৰু ৫৭ সংখ্যক আই এফ এফ আই-য়ে আন্তঃৰাষ্ট্ৰীয় চিনেমাৰ মঞ্চত মহোৎসৱৰ স্থান আৰু অধিক শক্তিশালী কৰিব বুলি বিশ্বাস প্ৰকত্ কৰে।

 

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/image002_20261113143419_808eb8.jpg

 

ভৌগোলিক, ভাষিক আৰু সাংস্কৃতিক সীমা অতিক্ৰম কৰি সাৰ্বজনীন মানৱীয় আৱেগ আৰু গল্প-কথনৰ জৰিয়তে দৰ্শকক সংযুক্ত কৰিব পৰা চিনেমাৰ শক্তিক উজ্জ্বল কৰি ‘সীমাৰ পৰিধি বিহীন গল্প’ শীৰ্ষক বিষয়বস্তুৰ ব্যাখ্যা আগবঢ়ায় মহোৎসৱ-সঞ্চালক আশুতোষ গোৱাৰিকাৰে।

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/image003_20261113143425_6b4e5f.jpg

এন এফ ডি চি-ৰ পৰিচালন সঞ্চালক ধীৰাজ সিঙে উৎসৱটোৰ সামগ্ৰিক দৃষ্টিভংগী উপস্থাপন কৰে, ইয়াৰ বিশ্বব্যাপ্ত প্ৰসাৰ, বৈচিত্ৰ্যময় চিনেমাৰ প্ৰস্তাৱ আৰু বিকশিত পৰিচয়ৰ প্ৰসংগত আলোকপাত কৰে।

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/image004_20261113143433_328b72.jpg

৫৭ সংখ্যক সংস্কৰণৰ মূল আলোকপাত

মুকলি চলচ্চিত্ৰ

পাৱেল পাউলিকোভস্কিৰ পৰিচালনাত নিৰ্মিত উদ্বোধনী ছবি ফাদাৰলেণ্ড-ত নোবেল বিজয়ী থমাছ মান আৰু তেওঁৰ কন্যা এৰিকাক ১৯৪৯ চনত বিভক্ত জাৰ্মানীৰ যুদ্ধৰ পৰৰ্বতী পৰিস্থিতিৰ মাজেৰে যাত্ৰা কৰাৰ সময়ত সেই সময়ৰ ৰাজনৈতিক আৰু ব্যক্তিগত বিভাজনৰ প্ৰেক্ষাপটৰ সন্ধান কৰা হৈছে। ছবিখন ২০২৬ চনৰ কান চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰাৰ লগতে ২০২৬ চনৰ ছিডনী চলচ্চিত্ৰ বঁটাৰ বাবেও মনোনীত হয়।

 

‘আই মেটাৰ’ক ৫৭ সংখ্যক আই এফ এফ আই ২০২৬-ৰ মিড-ফেষ্ট ছবি হিচাপে নিৰ্বাচিত কৰা হৈছে

আলিনা চেৰবানৰ পৰিচালনাত নিৰ্মিত আই মেটাৰ-ক ৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আই এফ এফ আই) ২০২৬-ৰ ‘মিড-ফেষ্ট ফিল্ম’ হিচাপে প্ৰদৰ্শন কৰা হ’ব। ৰোমানিয়া, জাৰ্মানী আৰু বেলজিয়ামৰ সহযোগত প্ৰযোজনা কৰা ১০১ মিনিটৰ ছবিখনত ৰোমানিয়ান আৰু ৰোমানী ভাষাৰ সংলাপ সন্নিবিষ্ট কৰা হৈছে, যিয়ে এই উৎসৱলৈ বৈচিত্ৰ্যময় ইউৰোপীয় চিনেমাৰ দৃষ্টিভংগী কঢ়িয়াই আনিছে।

 

 

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/image005_20261113143510_cf0cc2.jpg

গালা প্ৰিমিয়াৰ

গালা প্ৰিমিয়াৰ ছেগমেণ্ট-ত ১৪খন প্ৰদৰ্শনী অনুষ্ঠিত হ’ব, য’ত ৮৭খন দেশৰ অংশগ্ৰহণে নিৰ্বাচিত ছবি প্ৰদৰ্শন কৰিব আৰু দৰ্শকসকলক বৈচিত্ৰ্যময় চিনেমাৰ কাহিনী আৰু প্ৰশংসিত চলচ্চিত্ৰ নিৰ্মাণৰ অভিজ্ঞতা লাভ কৰাৰ সুযোগ প্ৰদান কৰিব।

সন্মানীয় দেশ: স্পেইন

৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত স্পেইনক সন্মানীয় দেশ হিচাপে উজলাই তোলা হৈছে, য’ত চাৰিখন স্পেনিছ ছবি প্ৰদৰ্শন কৰা হ’ব: জেইম লৰেণ্টেৰ পৰিচালনাত নিৰ্মিত দ্য বেড ছন; ট্ৰিনিদাদ; পেড্ৰ’ আলমোড’ভাৰৰ পৰিচালনাত বিটাৰ খ্ৰীষ্টমাছ; আৰু জেইমে মেচিয়াৰ পৰিচালনাত নিৰ্মিত পাৰ্চেগিউয়েণ্ডো এ মাইকেল। এই নিৰ্বাচনে স্পেনিছ চিনেমা আৰু ইয়াৰ বৈচিত্ৰ্যময় কাহিনী-কথনৰ উদযাপন কৰাৰ লগতে স্পেনিছ চলচ্চিত্ৰ নিৰ্মাতা আৰু চিনেমাৰ দৃষ্টিভংগীক আইএফএফআই-ৰ আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ অনাৰ দিহা কৰা হয়।

 

https://static.pib.gov.in/WriteReadData/userfiles/file/2026/nov/image006_20261113143525_dbec46.gif

অংশীদাৰ দেশ: ৰাছিয়া

৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-ত ৰাছিয়াক অংশীদাৰ দেশ হিচাপে উপস্থাপন কৰা হৈছে  ৰাছিয়াৰ চিনেমাৰ বৈচিত্ৰ্য আৰু সৃষ্টিশীল সমৃদ্ধিক প্ৰতিনিধিত্ব কৰা চাৰিখন ছবিৰ বিশেষ প্ৰদৰ্শনীৰে। বৈশিষ্ট্যপূৰ্ণ ছবিসমূহৰ ভিতৰত আছে ফোৰ (ЧетыRES), নিউ হোম, এনাষ্টেছিয়া কুজিনাৰ পৰিচালনাত নিৰ্মিত বো ব’ আৰু চিডনী লুমেটছ বাৰ্থডে। এই প্ৰদৰ্শনীয়ে ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় দৰ্শকক সমসাময়িক ৰাছিয়ান চলচ্চিত্ৰ নিৰ্মাণশৈলী আৱিষ্কাৰ কৰাৰ, ইয়াৰ বিৱৰ্তনশীল পৰিতন্ত্ৰৰ সৈতে জড়িত হোৱাৰ আৰু চিনেমাৰ মাধ্যমেৰে ভাৰত আৰু ৰাছিয়াৰ মাজত হোৱা সাংস্কৃতিক আৰু কলাত্মক বিনিময়ৰ শলাগ লোৱাৰ সুযোগ প্ৰদান কৰিব।

https://static.pib.gov.in/WriteReadData/userfiles/file/2026/nov/image007_20261113143538_ad9c8e.gif

আই এফ এফ আই ২০২৬ত দুটা নতুন খণ্ডৰ প্ৰৱৰ্তন

৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৬-ৰ চিনেমাৰ প্ৰস্তাৱ বিস্তৃত কৰাৰ লগতে গল্প-কথনৰ বিভিন্ন ধৰণৰ উদযাপনৰ বাবে এই বছৰ দুটা নতুন ছেগমেণ্টৰ প্ৰৱৰ্তন কৰা হৈছে। প্ৰথমটো খণ্ড এনিমেশ্যন-ত এনিমেটেড চিনেমাৰ সৃষ্টিশীলতা আৰু উদ্ভাৱনক প্ৰদৰ্শন কৰা পাঁচখন অসাধাৰণ ছবি প্ৰদৰ্শন কৰা হ’ব। দ্বিতীয়টো খণ্ড ফিল্মছ এবাউট ফিল্মছ-তো পাঁচখন ছবি উপস্থাপন কৰা হ’ব আৰু ইয়াক প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতাসকলৰ পৰামৰ্শৰ প্ৰতি সঁহাৰি জনাই প্ৰৱৰ্তন দিহা কৰা হৈছে, যাৰ উদ্দেশ্য হৈছে চলচ্চিত্ৰ নিৰ্মাণৰ কলা আৰু শিল্পক আগশাৰীলৈ অনা।

আই এফ এফ আই ২০২৬-ত ব্ৰিকছ দেশৰ চিনেমাত বিশেষ গুৰুত্ব দিয়া হৈছে

৫৭ সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আই এফ এফ আই) ২০২৬-ৰ আন এক মূল আলোকপাত হ’ব ব্ৰিকছ চিনেমাত দিয়া ইয়াৰ বিশেষ গুৰুত্ব। ভাৰতৰ ‘ৰামায়ণ’ ব্ৰিকছ ছেগমেণ্টৰ উদ্বোধনী ছবি হ’ব, য’ত অংশীদাৰ দেশৰ অৱদানৰ লগতে ১১খন সদস্য দেশৰ ছবি প্ৰদৰ্শন কৰা হ’ব, যিয়ে দৰ্শকসকলক সমগ্ৰ ব্ৰিকছ ৰাষ্ট্ৰৰ বিভিন্ন চিনেমা পৰম্পৰা আৰু গল্প-কথন পৰম্পৰা অন্বেষণৰ সুযোগ প্ৰদান কৰিব।

ভাৰতীয় পেনোৰামা

ভাৰতীয় চিনেমা শাখাৰ অধীনত ১৮টা ভিন্ন ভাষাত মুঠ ৭৬খন ছবি প্ৰদৰ্শিত হৈছে, যিয়ে দেশৰ বৈচিত্ৰ্যময় গল্প-কথন পৰম্পৰা আৰু সৃষ্টিশীল উৎকৰ্ষতাক প্ৰতিফলিত কৰিছে।

বাছনি প্ৰক্ৰিয়াত ফিচাৰ ফিল্ম শিতানত ৪০৪খন আৰু  নন-ফিচাৰ শিতানত ৩৫৮ ছবি দাখিল কৰা হৈছে। শ্ৰেষ্ঠ ৱেব ছিৰিজ (OTT) শিতানত ৪৬ টা প্ৰকল্পই প্ৰৱেশৰ যোগ্যতা লাভ কৰিছে।

 

https://static.pib.gov.in/WriteReadData/userfiles/file/2026/nov/image008_20261113143545_57ab2a.gif

https://static.pib.gov.in/WriteReadData/userfiles/file/2026/nov/image009_20261113143551_7ebd76.gif

আই এফ এফ আই ২০২৬ত ভাৰতীয় পেনোৰামা মুকলি কৰিবলৈ ‘ধুৰন্ধৰ’ আৰু ‘বিকমিং’

৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আই এফ এফ আই) ২০২৬-ৰ ইণ্ডিয়ান পেনোৰামা শাখা হিন্দী ফিচাৰ ছবি ‘ধূৰন্ধৰ’ আৰু লাডাখী ভাষাৰ নন-ফিচাৰ ছবি ‘বিকামিং’ৰ জৰিয়তে মুকলি কৰা হ’ব। দুটা সুকীয়া ভাষিক আৰু চিনেমাৰ পটভূমিৰ ছবিসমূহক একত্ৰিত কৰি মুকলি নিৰ্বাচনে ভাৰতৰ বৈচিত্ৰ্যময় গল্প কথন পৰম্পৰাক উদযাপন আৰু ‘সীমাৰ পৰিধি বিহীন’ চিনেমা প্ৰদৰ্শনৰ বাবে নিৰ্ধাৰিত আই এফ এফ আই-ৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰে।

শ্ৰেষ্ঠ অভিষেক বৈশিষ্ট্যপূৰ্ণ ছবি প্ৰতিযোগিতা

ভাৰতৰ ৫৭ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-ত বিভিন্ন দেশৰ সাতখন ছবিক লৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ উদীয়মান চলচ্চিত্ৰ নিৰ্মাতা আৰু নৱাগত ছবিৰ দৃষ্টিভংগীক উদযাপন কৰা শ্ৰেষ্ঠ আত্মপ্ৰকাশ বৈশিষ্ট্যপূৰ্ণ চলচ্চিত্ৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। এই প্ৰতিযোগিতাত জাৰ্মানীৰ ‘ফেডিং মেন’, ভাৰতৰ ‘দ্য স্লেজ’, বেলজিয়ামৰ ‘পেৰিছ’, ইজিপ্তৰ ‘দ্য ব্লেক ছী’, ফ্ৰান্স আৰু ইটালীৰ ‘ল’জে ডি অ’ৰ (দ্য গোল্ডেন এজ)’, ভাৰতৰ ‘বাৰ্ডছ অন আইচ’, আৰু চীনৰ ‘আটলাণ্টিক’ক অন্তৰ্ভূক্ত কৰা হৈছে। এই প্ৰতিযোগিতাই প্ৰথমবাৰৰ বাবে বৈশিষ্ট্যপূৰ্ণ চলচ্চিত্ৰ পৰিচালনা কৰা সকলক নিজৰ প্ৰতিভা প্ৰদৰ্শন, বিস্তৃত স্বীকৃতি লাভ আৰু বিশ্বৰ দৰ্শকসমাজৰ সৈতে সংযোগ স্থাপনৰ বাবে এক আন্তঃৰাষ্ট্ৰীয় মঞ্চ প্ৰদান কৰাৰ লগতে নতুন কণ্ঠক উৎসাহিত কৰা আৰু পৰৱৰ্তী প্ৰজন্মৰ চলচ্চিত্ৰ নিৰ্মাতাসকলক প্ৰতিপালন কৰাৰ বাবে আইএফএফআই-ৰ দায়বদ্ধতাক উজলাই তুলিব।

https://static.pib.gov.in/WriteReadData/userfiles/file/2026/nov/image010_20261113143557_b4d97b.gif

মহিলা চলচ্চিত্ৰ নিৰ্মাতা, আত্মপ্ৰকাশ কৰোতাৰ কণ্ঠ আৰু উদীয়মান প্ৰতিভা

নৱাগত দৃষ্টিভংগী আৰু বৈচিত্ৰ্যময় কাহিনী-কথনৰ উদযাপন কৰি ৫৭ সংখ্যক আই এফ এফ আই-য়ে ৫২ গৰাকী মহিলা চলচ্চিত্ৰ নিৰ্মাতা আৰু ৬২ গৰাকী আত্মপ্ৰকাশ কৰোতা চলচ্চিত্ৰ নিৰ্মাতাক সন্মিলিত কৰিব, যিয়ে ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় চিনেমাৰ সম্প্ৰসাৰিত সৃষ্টিশীল পৰিৱেশক প্ৰতিফলিত কৰিব। প্ৰতিযোগিতামূলক শিতানসমূহে ১০ গৰাকী মহিলা চলচ্চিত্ৰ নিৰ্মাতা আৰু ১২ গৰাকী আত্মপ্ৰকাশ কৰোতা চলচ্চিত্ৰ নিৰ্মাতাক আৰু অধিক গুৰুত্ব আৰোপ কৰিব, যিয়ে মহিলাসকলৰ কণ্ঠক প্ৰসাৰিত কৰা, নতুন প্ৰতিভাক প্ৰতিপালন কৰা আৰু পৰৱৰ্তী প্ৰজন্মৰ চিনেমাৰ গল্পকাৰসকলৰ বাবে এক বিশ্বব্যাপ্ত মঞ্চ প্ৰদানৰ বাবে মহোৎসৱৰ প্ৰতিশ্ৰুতিবদ্ধতাত গুৰুত্ব আৰোপ কৰিব।

ভৱিষ্যতৰ সৃষ্টিশীল মন (CMOT)

‘ক্ৰিয়েটিভ মাইণ্ডছ অব টুম’ৰ’-ৰ ষষ্ঠ সংস্কৰণত চলচ্চিত্ৰ নিৰ্মাণৰ ১৩টা শিল্পকৰ্মৰ মাজেৰে ১০০ গৰাকী নিৰ্বাচিত অংশগ্ৰহণকাৰীক সন্মিলিত কৰা হ’ব।

এই কাৰ্যসূচীত বিশেষভাৱে কিউৰেট কৰা মাষ্টাৰক্লাছ, কৰ্মশালা, বাৰ্তালাপ অধিৱেশন, ৪৮ ঘণ্টীয়া চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰত্যাহ্বান আৰু চিএমঅ’টি টেলেণ্ট কেম্প অনুষ্ঠিত হ’ব। অংশগ্ৰহণকাৰীসকলে আগশাৰীৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু উদ্যোগৰ পেছাদাৰীসকলৰ সৈতে জড়িত হ’ব, সৃষ্টিশীল ধাৰণাসমূহ উপস্থাপন কৰিব আৰু সমগ্ৰ সংবাদ মাধ্যম আৰু মনোৰঞ্জন উদ্যোগৰ সুযোগসমূহ অন্বেষণ কৰিব।

.

WAVES ফিল্ম বজাৰ

WAVES ফিল্ম বজাৰ-য়ে চলচ্চিত্ৰ নিৰ্মাতা, প্ৰযোজক, ক্ৰেতা, বিতৰক আৰু উদ্যোগৰ অংশীদাৰসকলক সন্মিলিত কৰি সহযোগিতা, সহ-নিৰ্মাণ আৰু ব্যৱসায়িক সুযোগৰ সুবিধা প্ৰদান কৰিব।

বজাৰত ক্ৰেতা আৰু নিৰ্মাণ-সংস্থাসমূহকে ধৰি ১৫০ গৰাকী আমন্ত্ৰিত অতিথিক আদৰণি জনোৱা হ’ব। ইয়াৰ মূল পদক্ষেপসমূহৰ ভিতৰত থাকিব স্ক্ৰীনৰাইটাৰ লেব, কো-প্ৰডাকশ্যন মাৰ্কেট, ভিউইং ৰুম আৰু ৱৰ্ক-ইন-প্ৰগ্ৰেছ লেব।

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/image011_20261113143603_e18e91.jpg

ৱেভছ বজাৰ-ৰ ন’লেজ ছিৰিজৰ অংশীদাৰ নেটফ্লিক্স-য়ে উদ্যোগৰ সামৰ্থ্য বিকাশক সমৰ্থন কৰিব আৰু ভাৰতৰ ভিএফএক্স ক্ষমতা শক্তিশালী কৰাৰ বাবে চৰকাৰৰ সৈতে সহযোগিতা প্ৰদৰ্শন কৰিব আৰু ভৱিষ্যতৰ বাবে সাজু প্ৰতিভাৰ শৃংখলাক প্ৰতিপালন কৰিব। ইয়াৰ অংশগ্ৰহণত ‘পুষ্পক বিমান’-ৰ গালা প্ৰিমিয়াৰ, ‘ৰে গুন’-ৰ আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শন আৰু উদীয়মান সৃষ্টিশীল প্ৰতিভাক সমৰ্থন আৰু উদ্যোগৰ সুযোগক প্ৰতিপালন কৰিবলৈ পিচিং অধিৱেশনত নিয়োজিত হোৱাও দেখা যাব।

মাষ্টাৰক্লাছ, পেনেল আৰু ইন্টাৰেক্টিভ প্ৰগ্ৰেম

আই এফ এফ আই ২০২৬-ত ২০২৬ চনৰ ২১ৰ পৰা ২৭ নৱেম্বৰলৈ ‘কলা একাডেমী’ত ১৪টা অধিৱেশন অনুষ্ঠিত হ’ব, য’ত মাষ্টাৰক্লাছ, কৰ্মশালা, পেনেল আলোচনা, পুৰ্বদৃষ্টি, কথোপকথন আৰু সাক্ষাৎকাৰৰ অধিৱেশন অনুষ্ঠিত হ’ব।

এই অধিৱেশনসমূহত চলচ্চিত্ৰ নিৰ্মাতা, শিল্পী আৰু উদ্যোগৰ পেছাদাৰীসকলক সন্মিলিত কৰি সীমান্তৰ সিপাৰৰ তথ্যচিত্ৰ চিনেমা আৰু চলচ্চিত্ৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি বিশ্ব চিনেমা, গল্প-কথন, অভিনয়, উপ-শিৰোনামা আৰু উদীয়মান চিনেমাৰ পদ্ধতিসমূহ গঢ় দিয়া মহিলাসকললৈকে বিষয়সমূহৰ অন্বেষণ কৰা হ’ব।

শতবাৰ্ষিকী শ্ৰদ্ধাঞ্জলি আৰু পুনৰুদ্ধাৰ কৰা ক্লাছিক

এই মহোৎসৱত শতবাৰ্ষিকী শ্ৰদ্ধাঞ্জলি, পুৰ্বদৃষ্টি আৰু পুনৰুদ্ধাৰ কৰা ক্লাছিক ছবিসমূহৰ জৰিয়তে বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা আৰু শিল্পীসকলৰ উত্তৰাধিকাৰিত্ব উদযাপন কৰা হ’ব।

চলচ্চিত্ৰ নিৰ্মাতা এন্দ্ৰয়েজ ৱাজদালৈ বিশেষ শতবাৰ্ষিকী শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত পাঁচখন ছবিৰ প্ৰদৰ্শন কৰা হ’ব। পুনৰুদ্ধাৰ কৰা ক্লাছিকছ শিতানতো পাঁচখন ছবি উপস্থাপন কৰা হ’ব, যাৰ ফলত দৰ্শকে চিনেমাৰ ইতিহাসৰ উল্লেখযোগ্য কাৰ্যাৱলী পুনৰ চোৱাৰ সুযোগ লাভ কৰিব।

https://static.pib.gov.in/WriteReadData/userfiles/file/2026/nov/image012_20261113143609_165fd8.gif

উৎসৱৰ স্থান আৰু জনসংযোগ

ভাৰতৰ ৫৭ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-য়ে গোৱাক এক প্ৰাণোচ্চল চিনেমাৰ গন্তব্যস্থানলৈ ৰূপান্তৰিত কৰিবলৈ সাজু হৈছে, য’ত চাৰিটা স্থানত ১৩খন ইনড’ৰ পৰ্দাত ছবিসমূহৰ ৯ দিনীয়া প্ৰদৰ্শন কৰা হ’ব। INOX, Maquinez, Samrat আৰু Ashoka ৰ সাতখন পৰ্দা থকা পানাজীৰ ব্যস্ত উৎসৱৰ কেন্দ্ৰৰ পৰা আৰম্ভ কৰি Porvorim ৰ INOX পৰ্দালৈকে, আৰু মাৰগাৱৰ আইকনিক ৰবীন্দ্ৰ ভৱন আৰু পোণ্ডাৰ মেজিক মুভি-লৈকে, এই উৎসৱে চলচ্চিত্ৰ অনুৰাগীসকলৰ বাবে চিনেমাৰ এক নিমজ্জিত অভিজ্ঞতাৰ প্ৰতিশ্ৰুতি বহণ কৰিছে। বৈচিত্ৰ্যময় প্ৰদৰ্শনী স্থান আৰু ৪ হাজাৰৰো অধিক লোকৰ বহাৰ সামৰ্থ্যৰ সৈতে আইএফএফআই-য়ে সমগ্ৰ গোৱাত বিশ্ব চিনেমাৰ যাদুক দৰ্শকৰ কাষলৈ লৈ যাব।

শতবাৰ্ষিকী উদযাপন

কিংবদন্তি চলচ্চিত্ৰ নিৰ্মাতা শক্তি সমন্ত আৰু ৰাজ খোছলা, অভিনেতা উত্তম কুমাৰ, সূৰ্য্যকান্ত মান্ধাৰে, প্ৰেম নাজিৰ আৰু ৰাজ কুমাৰ, আৰু প্ৰখ্যাত সংগীত সুৰকাৰ অ.পি. নায়াৰৰ দৰে ভাৰতীয় চিনেমাৰ বিশিষ্ট ব্যক্তিত্বৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰা হ’ব আইএফএফআই ২০২৬-ত। ভাৰতীয় চিনেমালৈ তেওঁলোকৰ ব্যতিক্ৰমী অৱদান আৰু দেশৰ চিনেমা আৰু সংগীত ঐতিহ্য গঢ় দিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ যুগমীয়া উত্তৰাধিকাৰিত্বক এই মহোৎসৱত সন্মান জনোৱা হ’ব।

 

https://static.pib.gov.in/WriteReadData/userfiles/file/2026/nov/image013_20261113143615_55a91a.gif

https://static.pib.gov.in/WriteReadData/userfiles/file/2026/nov/image014_20261113143620_193e40.gif

 

৫৭ সংখ্যক আই এফ এফ আইৰ সামৰণি পৰিব এন্থনী চেনৰ ‘উই আৰ অল ষ্ট্ৰেঞ্জাৰ্ছ’ৰ জৰিয়তে

৫৭ সংখ্যক আই এফ এফ আই-ৰ সামৰণি ছবি এন্থনী চেনৰ পৰিচালনাত নিৰ্মিত ‘উই আৰ অল ষ্ট্ৰেঞ্জাৰ্ছ’ ছিংগাপুৰক প্ৰতিনিধিত্ব কৰে আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে ১৫৭ মিনিট। মেণ্ডেৰিন আৰু ইংৰাজী ভাষাত উপস্থাপন কৰা ছবিখনে সমসাময়িক ছিংগাপুৰৰ চিনেমাৰ এক সুকীয়া আবেদনেৰে এই উৎসৱৰ সামৰণি মাৰিব।

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/image015_20261113143626_775d04.jpg

ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI)ৰ বিষয়ে

১৯৫২ চনত স্থাপিত ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ হৈছে এছিয়াৰ অন্যতম পুৰণি আৰু বিশিষ্ট আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ। ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উদ্যোগত গোৱা চৰকাৰ আৰু গোৱা এণ্টাৰটেইনমেণ্ট ছ’চাইটী-ৰ সহযোগত আয়োজন কৰা আইএফএফআই-য়ে ভাৰতীয় ছবি আৰু প্ৰতিভাক গোলকীয় মঞ্চত প্ৰচাৰ কৰাৰ সমান্তৰালভাৱে বিশ্ব চিনেমাৰ শ্ৰেষ্ঠত্বক উদযাপন কৰে। প্ৰতি বছৰে গোৱাত অনুষ্ঠিত এই মহোৎসৱে সৃষ্টিশীল আদান-প্ৰদান, নতুন কণ্ঠৰ আৱিষ্কাৰ আৰু চিনেমাৰ জৰিয়তে সাংস্কৃতিক বুজাবুজিৰ পোষকতাৰ মঞ্চ হিচাপে ভূমিকা পালন কৰি আহিছে।

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (এন এফ ডি চি)ৰ বিষয়ে

‘ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম’ হৈছে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ ৰাজহুৱা খণ্ডৰ এটি উদ্যোগ। ১৯৭৫ চনত স্থাপিত এন এফ ডি চি-য়ে ভাৰতীয় চিনেমাৰ প্ৰচাৰ, স্বতন্ত্ৰ চলচ্চিত্ৰ নিৰ্মাতাক সহায় কৰা আৰু আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলৰ সৈতে সহ-নিৰ্মাণৰ সুবিধা প্ৰদান কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ উপৰিও ই WAVES ফিল্ম বজাৰ পৰিচালনা কৰে, যিয়ে ভাৰতীয় নিৰ্মাতাসকলক বিশ্ব বজাৰৰ সৈতে সংযুক্ত কৰে আৰু সমগ্ৰ সংবাদ মাধ্যম আৰু মনোৰঞ্জন উদ্যোগত সহযোগিতাৰ সুযোগ প্ৰদান কৰে।

 

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/image016_20261113143632_61153e.jpg

 

*****

Mahesh Kumar/ Aparajita Priyadarshini/KB


(ৰিলিজ আই ডি : 2335982) অতিথি কক্ষ : 4