ফাৰ্মাচিউটিকেল বিভাগ
azadi ka amrit mahotsav

১৩৭ বিধ কৰ্কটৰোধী ঔষধৰ ক্ষেত্ৰত টি এম আৰৰ ৰূপায়ণত কঠোৰ নিৰীক্ষণৰ নিৰ্দেশ এন পি পি এৰ

ৰাজ্যিক ড্ৰাগ নিয়ন্ত্ৰকসকলে ১৬ নৱেম্বৰৰ ভিতৰত দাখিল কৰিব লাগিব ব্যৱস্থা গ্ৰহণৰ প্ৰতিবেদন

পোষ্ট কৰা হৈছে: 13 NOV 2026 12:35PM by PIB Guwahati

ফাৰ্মাচিউটিকেল বিভাগৰ অধীনস্থ ৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল মূল্য প্ৰাধিকৰণে (এন পি পি এ) ২০২৬  চনৰ ৯  নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ সংশোধিত মূল্যৰ সৈতে ২০২৬ চনৰ ১৭ অক্টোবৰৰ গেজেট অধিসূচনাৰ জৰিয়তে জাননী দিয়া ১৩৭ বিধ অনুসূচীবহিৰ্ভূত কৰ্কটৰোধী ঔষধৰ ক্ষেত্ৰত বাণিজ্যিক লাভ যুক্তিসংগতকৰণৰ (টি এম আৰ)ৰ ৰূপায়ণৰ কঠোৰ নিৰীক্ষণৰ নিৰ্দেশ দিছে।

২০২৬ চনৰ ১১ নৱেম্বৰলৈকে কোম্পানীসমূহে কৰা দাখিলৰ ওপৰত ভিত্তি কৰি শেহতীয়া সংশোধিত মূল্য তালিকা এন পি পি এ ৱেবছাইট আৰু ফাৰ্মা সহী দাম এপ/প'ৰ্টেলত আছে। সকলো প্ৰস্তুতকৰ্তা, খুচুৰা বিক্ৰেতা, ব্যৱসায়ী, ষ্টকিষ্ট, চিকিৎসালয় আৰু চিকিৎসা প্ৰতিষ্ঠানসমূহক সংশোধিত দাম মানি চলিবলৈ আৰু তেওঁলোকৰ পৰিসৰ তথা ৱেবছাইটত শেহতীয়া দামৰ তালিকাসমূহ সকলোৱে দেখাকৈ প্ৰদৰ্শন কৰাৰ নিৰ্দেশ দিয়া হৈছে।

অনুপালন আৰু ৰোগীৰ স্বাৰ্থ সুৰক্ষিত কৰিব লাগিব ৰাজ্যিক ঔষধ নিয়ন্ত্ৰকসকলেঃ

ৰাজ্যিক ঔষধ নিয়ন্ত্ৰকসকলক (এছ ডি চি) প্ৰস্তুতকৰ্তা, বিক্ৰেতা, চিকিৎসালয় আৰু চিকিৎসা প্ৰতিষ্ঠানৰ দ্বাৰা অনুপালন কঠোৰভাৱে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে যাতে সংশোধিত সৰ্বাধিক খুচুৰা মূল্য (এম আৰ পি)ৰ সুবিধা ৰোগীসকলে লাভ কৰাটো নিশ্চিত কৰিব পাৰি। যিকোনো ধৰণৰ উলংঘনৰ বাবে ডি পি চি অ', ২০১৩-ৰ ধাৰাৰ অধীনত জৰিমনা আদায় প্ৰক্ৰিয়াৰ সন্মুখীন হ’ব লাগিব পাৰে।

 

 

 

ঔষধৰ অতিৰিক্ত দাম , অভাৱ বা উপলব্ধ নোহোৱা সম্পৰ্কীয় অভিযোগসমূহ ফাৰ্মা সহী দাম এপ/প'ৰ্টেল, এন পি পি এ হেল্প লাইন (১৮০০-১১১-২৫৫) বা ইমেইল (monitoring-nppa[at]gov[dot]in) ৰ জৰিয়তে জনাব পাৰি। ৰাজ্যিক ড্ৰাগ নিয়ন্ত্ৰকসকলক ২০২৬ চনৰ ১৬ নৱেম্বৰৰ ভিতৰত এন পি পি এলৈ তেওঁলোকৰ পদক্ষেপ গ্ৰহণৰ প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে।

https://t.co/B9mEk0l7X7

*****

PC/PM/HS
 


(ৰিলিজ আই ডি : 2335822) অতিথি কক্ষ : 2