পোষ্ট কৰা হৈছে:
12 NOV 2026 7:53PM by PIB Guwahati
কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী মাননীয় শ্ৰী চি আৰ পাটিলে তামিলনাডু চৰকাৰৰ সহযোগত জল শক্তি মন্ত্ৰালয়ৰ খোৱাপানী আৰু অনাময় বিভাগ (ডিডিডব্লিউএছ)-ৰ দ্বাৰা আয়োজিত জল জীৱন মিছন (জেজেএম) ২.০-ৰ প্ৰথমখন আঞ্চলিক সন্মিলনত ভাষণ প্ৰদান কৰে। ১২–১৩ নৱেম্বৰ, ২০২৬ তাৰিখে অনুষ্ঠিত দুদিনীয়া এই সন্মিলনে অগ্ৰগতিৰ পৰ্যালোচনা, প্ৰত্যাহ্বানসমূহৰ সমাধান আৰু বহনক্ষম গ্ৰাম্য খোৱাপানী সেৱা শক্তিশালী কৰাৰ উদ্দেশ্যে সাতখন দক্ষিণ ভাৰতীয় ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল ক্ৰমে তামিলনাডু, কৰ্ণাটক, কেৰালা, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, পুডুচেৰী আৰু লাক্ষাদ্বীপৰ জ্যেষ্ঠ বিষয়া আৰু প্ৰতিনিধিসকলক একত্ৰিত কৰিছে।
সন্মিলনৰ মন্ত্ৰী পৰ্যায়ৰ অধিৱেশনত সভাপতিত্ব কৰি কেন্দ্ৰীয় জল শক্তি মন্ত্ৰীগৰাকীয়ে প্ৰতিটো গ্ৰাম্য পৰিয়াললৈ নলৰ পানীৰ সংযোগ নিশ্চিত কৰাৰ লক্ষ্যৰে ২০১৯ চনত জল জীৱন মিছন আৰম্ভ কৰাৰ আঁৰত থকা মাননীয় প্ৰধানমন্ত্ৰীৰ পৰিৱৰ্তনশীল দৃষ্টিভংগীৰ কথা স্মৰণ কৰে। তেওঁ এই মিছনৰ অধীনত লাভ কৰা উল্লেখযোগ্য অগ্ৰগতিৰ বিষয়ে কয় যে প্ৰায় ১৬ কোটি গ্ৰাম্য পৰিয়াললৈ নলৰ পানীৰ সংযোগ সম্প্ৰসাৰিত হৈছে, যাৰ ফলত গ্ৰাম্য সমাজ, বিশেষকৈ মহিলাসকলৰ জীৱন-যাপনৰ মান যথেষ্ট উন্নত হৈছে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ১–২ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে অনুষ্ঠিত জল সম্পৰ্কীয় বিভাগীয় শীৰ্ষ সন্মিলনৰ আলোচনা আৰু সিদ্ধান্তসমূহক ৰাজ্য, জিলা আৰু গাঁও পৰ্যায়ত বাস্তৱ কাৰ্যকৰী ৰূপ দিবলৈ এই আঞ্চলিক সন্মিলনখন আয়োজন কৰা হৈছে। তেওঁ গুৰুত্ব আৰোপ কৰে যে বাকী থকা কামসমূহ ২০২৮ চনৰ ডিচেম্বৰ মাহৰ অনুমোদিত সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব আৰু য’তেই সম্ভৱ হয়, ২০২৭ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত সেইবোৰ সম্পূৰ্ণ কৰাৰ দিশত একত্ৰিত প্ৰচেষ্টা চলাবলৈ ৰাজ্যসমূহক আহ্বান জনায়।
মাননীয় মন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কয় যে জেজেএম ২.০-য়ে কেৱল আন্তঃগাঁথনি নিৰ্মাণৰ পৰা আগবাঢ়ি নিশ্চিত আৰু বহনক্ষম খোৱাপানী সেৱা প্ৰদানৰ এক পৰিৱৰ্তনক প্ৰতিনিধিত্ব কৰে। তেওঁ ৰাজ্যসমূহক নিৰ্ধাৰিত গাঁথনিগত সংস্কাৰসমূহ, বিশেষকৈ পৰিচালনা আৰু তদাৰক (অ’এণ্ডএম), প্ৰতিষ্ঠানিক দায়বদ্ধতা আৰু গ্ৰাম্য পানী যোগান ব্যৱস্থাৰ দীৰ্ঘম্যাদী কাৰ্যক্ষমতা সম্পৰ্কীয় সংস্কাৰসমূহ কাৰ্যকৰী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। নিৰ্ধাৰিত সংস্কাৰৰ চৰ্তসমূহ পূৰণ সাপেক্ষে যোগ্য কামসমূহৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা পুনৰ দোহাৰি তেওঁ ৰাজ্যসমূহক কামৰ ৰূপায়ণ ত্বৰান্বিত কৰিবলৈ আৰু উপলব্ধ পুঁজিৰ ফলপ্ৰসূ ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।
জল সুৰক্ষাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভূগৰ্ভস্থ জলস্তৰ বৃদ্ধি, বৰষুণৰ পানী সংৰক্ষণ আৰু সমাজ-নেতৃত্বাধীন জল সংৰক্ষণৰ প্ৰতি অধিক মনোযোগ দিবলৈ আহ্বান জনায়। ‘জল সঞ্চয় জন ভাগীদাৰী’ৰ উল্লেখ কৰি তেওঁ বিকেন্দ্ৰীকৃত জল সংৰক্ষণ গাঁথনিসমূহৰ সম্ভাৱনাৰ কথা তুলি ধৰে আৰু উৎসৰ বহনক্ষমতাৰ ব্যৱস্থাসমূহত বিভাগসমূহৰ মাজত সমন্বয় শক্তিশালী কৰিবলৈ তথা জনসাধাৰণক সক্ৰিয়ভাৱে জড়িত কৰিবলৈ ৰাজ্যসমূহক অনুৰোধ জনায়। লগতে তেওঁ অংশগ্ৰহণকাৰী ৰাজ্যসমূহক সফল পদ্ধতিসমূহৰ আদান-প্ৰদান কৰিবলৈ আৰু ৰূপায়ণৰ প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰিবলৈ ব্যৱহাৰিক সমাধান গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে।
তামিলনাডু চৰকাৰৰ গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ তথা জলসম্পদ বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী তিৰু এন আনন্দে সংযুক্ত পানী যোগান আঁচনি আৰু বৰ্তমানৰ ব্যৱস্থাসমূহৰ উন্নীতকৰণৰ জৰিয়তে গ্ৰাম্য পৰিয়ালসমূহলৈ নলৰ পানীৰ সংযোগ সম্প্ৰসাৰণ আৰু খোৱাপানীৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ ক্ষেত্ৰত ৰাজ্যখনে লাভ কৰা অগ্ৰগতিৰ বিষয়ে প্ৰকাশ কৰে। তেওঁ অ’এণ্ডএম, ওখ পানীৰ টেংকসমূহৰ নিয়মীয়া চাফাই, সমাজ-ভিত্তিক পানীৰ গুণাগুণ পৰীক্ষণ, পানী সেৱাৰ মাচুল সংগ্ৰহ আৰু জিলা পৰ্যায়ত খোৱাপানী সেৱাৰ নিৰীক্ষণ সম্পৰ্কীয় পদক্ষেপসমূহৰ ৰূপৰেখা দাঙি ধৰে। তেওঁ জেজেএম ২.০-ৰ প্ৰতি তামিলনাডুৰ প্ৰতিশ্ৰুতিবদ্ধতা পুনৰ নিশ্চিত কৰে আৰু বাকী থকা কামসমূহ সম্পূৰ্ণ কৰা তথা খোৱাপানী সেৱাসমূহ অব্যাহত ৰখাৰ ক্ষেত্ৰত কেন্দ্ৰ-ৰাজ্যৰ নিৰন্তৰ সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
ডিডিডব্লিউএছ-ৰ সচিব শ্ৰী অশোক কে কে মীনাই কয় যে ছেপ্টেম্বৰ ২০২৬-ত অনুষ্ঠিত জল সম্পৰ্কীয় বিভাগীয় শীৰ্ষ সন্মিলনৰ ফলাফলসমূহক কাৰ্যকৰী পদক্ষেপলৈ ৰূপান্তৰিত কৰাৰ লক্ষ্যৰে আয়োজন কৰা পাঁচখন আঞ্চলিক সন্মিলনৰ শৃংখলাত তিৰুচিৰাপল্লী সন্মিলনখন আছিল প্ৰথমখন সন্মিলন। তেওঁ উৎসৰ বহনক্ষমতা, ফলপ্ৰসূ অ’এণ্ডএম ব্যৱস্থা, বিত্তীয় বহনক্ষমতা, দক্ষ স্থানীয় কৰ্মশক্তি আৰু শক্তিশালী গ্ৰাম পঞ্চায়ত-নেতৃত্বাধীন শাসন ব্যৱস্থাক মুখ্য অগ্ৰাধিকাৰ হিচাপে গুৰুত্ব আৰোপ কৰে। তেওঁ বহনক্ষম সেৱা প্ৰদানত সহায় কৰিবলৈ ‘সুজলম ভাৰত’কে ধৰি ডিজিটেল প্লেটফৰ্মসমূহৰ গুৰুত্ব আৰু আন্তঃমন্ত্ৰালয়ৰ সমন্বয়ৰ ওপৰতো আলোকপাত কৰে।
এনজেজেএম-ৰ অতিৰিক্ত সচিব তথা মিছন সঞ্চালক শ্ৰী কমল কিশোৰ সোৱানে বিভিন্ন উপস্থাপনত মত-বিনিময়ৰ সময়ত সংস্কাৰসমূহক তৃণমূল পৰ্যায়ত ফলপ্ৰসূভাৱে ৰূপায়ণ কৰাৰ প্ৰয়োজনীয়তা আৰু গ্ৰামোন্নয়ন, পঞ্চায়তীৰাজ তথা গ্ৰাম্য পানী যোগান বিভাগসমূহৰ মাজত আন্তঃবিভাগীয় সমন্বয় শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
তেওঁ খোৱাপানীৰ উৎসসমূহৰ নিয়মীয়া মূল্যায়ন, বিত্ত আয়োগৰ অনুদানৰ ফলপ্ৰসূ ব্যৱহাৰ, গ্ৰাম পঞ্চায়তৰ নিজা উৎসৰ ৰাজহ শক্তিশালী কৰা আৰু পৰিচালনা তথা তদাৰকৰ বাবে বহনক্ষম বিত্তীয় যোগান নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে।
মন্ত্ৰী পৰ্যায়ৰ অধিৱেশনত ডিডিডব্লিউএছ-ৰ যুটীয়া সচিব শ্ৰী ডি চেন্থিল পাণ্ডিয়ানে আঞ্চলিক সন্মিলনখনৰ উদ্দেশ্য আৰু মুখ্য আলোচনাসমূহৰ বিষয়ে মাননীয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অৱগত কৰে। তেওঁ পাৰস্পৰিক শিক্ষণ, উত্তম পদ্ধতিসমূহৰ আদান-প্ৰদান আৰু ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মাজত সমন্বয় শক্তিশালী কৰাৰ মঞ্চ হিচাপে আঞ্চলিক সন্মিলনসমূহৰ গুৰুত্বৰ কথা উল্লেখ কৰে। কাল্লানাই বান্ধ আৰু কাবেৰী জল ব্যৱস্থাপনা পদ্ধতিৰ ঐতিহাসিক তাৎপৰ্যৰ উল্লেখ কৰি তেওঁ জল জীৱন মিছন ২.০-ৰ অধীনত বহনক্ষম গ্ৰাম্য খোৱাপানী সেৱা নিশ্চিত কৰাৰ বাবে সামূহিক মালিকানা, ফলপ্ৰসূ পৰিচালনা আৰু তদাৰক তথা আন্তঃবিভাগীয় সমন্বয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
তামিলনাডুৰ জেজেএম-ৰ মিছন সঞ্চালক শ্ৰী দীনেশ পোনৰাজ অলিভাৰৰ আদৰণি ভাষণেৰে সন্মিলনখন আৰম্ভ হয়। তামিলনাডু চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল আৰু অংশগ্ৰহণকাৰী ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ প্ৰতিনিধিসকলেও এই আলোচনাত অংশগ্ৰহণ কৰে।
ডিডিডব্লিউএছ-ৰ সঞ্চালক শ্ৰী হৰি নাৰায়ণ মুৰুগুনে জেজেএম ২.০-ৰ অধীনত থকা দৃষ্টিভংগী আৰু মুখ্য গাঁথনিগত সংস্কাৰসমূহ উপস্থাপন কৰে আৰু বিভিন্ন সংস্কাৰ মাপকাঠীৰ ক্ষেত্ৰত অংশগ্ৰহণকাৰী ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। উপস্থাপনটোত প্ৰতিষ্ঠানিক শক্তিশালীকৰণ, সেৱা উপযোগিতা ব্যৱস্থা, উৎসৰ বহনক্ষমতা, পানীৰ গুণাগুণ প্ৰশাসন, ডিজিটেল নিৰীক্ষণ, সামৰ্থ্য বিকাশ আৰু দক্ষ মানৱ সম্পদৰ ওপৰত আলোকপাত কৰা হয়।
দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ক প্ৰতিনিধিত্ব কৰি আৰডিএছডিই-ৰ আঞ্চলিক সঞ্চালক ড° এম জয়প্ৰকাশনে গ্ৰাম্য খোৱাপানী ব্যৱস্থাসমূহৰ পৰিচালনা আৰু তদাৰকৰ বাবে গাঁও পৰ্যায়ৰ কৰ্মকৰ্তাসকলৰ প্ৰশিক্ষণ আৰু প্ৰমাণীকৰণকে ধৰি এক দক্ষ স্থানীয় কৰ্মশক্তি গঢ়ি তোলাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।
ডিডিডব্লিউএছ-ৰ সঞ্চালক শ্ৰী ৱাই কে সিঙে জনজাতীয় আৰু বিশেষভাৱে দুৰ্বল জনজাতীয় গোটৰ বসতিস্থলসমূহত খোৱাপানীৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে পিএম-জনমন আৰু ধৰতী আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযান (ডিএ-জেজিইউএ)-কে ধৰি প্ৰধান জনজাতীয় উন্নয়ন পদক্ষেপসমূহৰ সৈতে সমন্বয়ৰ সুযোগসমূহৰ বিষয়ে উল্লেখ কৰে।
গ্ৰামোন্নয়ন মন্ত্ৰালয়ক প্ৰতিনিধিত্ব কৰি ভিবি-জি ৰাম জি-ৰ সহকাৰী আয়ুক্ত শ্ৰীমতী দীক্ষা ছুপিয়াল বিষ্ট আৰু এমঅ’আৰডি-ৰ প্ৰকল্প বিষয়া শ্ৰী গৌৰী শংকৰে জল সংৰক্ষণ, ভূগৰ্ভস্থ জলস্তৰ বৃদ্ধি, উৎসৰ বহনক্ষমতা আৰু যোগ্য তদাৰক-সম্পৰ্কীয় হস্তক্ষেপৰ বাবে ভিবি-জি ৰাম জি-ৰ অধীনত সমন্বয়ৰ সুযোগসমূহ উপস্থাপন কৰে।
পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ সঞ্চালক শ্ৰী বিপুল উজ্জ্বলে অ’এণ্ডএম বিত্তীয় যোগান, গ্ৰাম পঞ্চায়ত উন্নয়ন পৰিকল্পনা (জিপিডিপি)-ত খোৱাপানীৰ প্ৰয়োজনীয়তাৰ একত্ৰীকৰণ আৰু বিত্ত আয়োগৰ অনুদানৰ ব্যৱহাৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি গ্ৰাম্য খোৱাপানী সেৱাসমূহ বৰ্তাই ৰখাৰ ক্ষেত্ৰত গ্ৰাম পঞ্চায়তসমূহৰ কেন্দ্ৰীয় ভূমিকাৰ ওপৰত আলোকপাত কৰে। আলোচনাত জেজেএম ২.০-ৰ অধীনত বিকশিত সামৰ্থ্য-বিকাশ মডিউলসমূহক ৰাষ্ট্ৰীয় গ্ৰাম স্বৰাজ অভিযান (আৰজিএছএ)-ৰ প্ৰশিক্ষণ কাঠামোৰ সৈতে একত্ৰিত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।
ৰাষ্ট্ৰীয় সাগৰ প্ৰযুক্তি প্ৰতিষ্ঠানৰ প্ৰকল্প সঞ্চালক ফণী কুমাৰে ইয়াৰ থলুৱা নিম্ন উষ্ণতাৰ তাপীয় ডিছালিনেচন (এলটিটিডি) প্ৰযুক্তিৰ ওপৰত আলোকপাত কৰে, যাৰ অধীনত ন্যূনতম পাৰিপাৰ্শ্বিক প্ৰভাৱৰ সৈতে নিৰাপদ খোৱাপানী যোগান ধৰাৰ বাবে লাক্ষাদ্বীপত আঠটা প্ৰকল্প স্থাপন কৰা হৈছে। ইয়াত দ্বীপপুঞ্জৰ জল সুৰক্ষা শক্তিশালী কৰাৰ বাবে নৱীকৰণযোগ্য শক্তি উৎপাদনৰ সৈতে ডিছালিনেচনক একত্ৰিত কৰা এক উদ্ভাৱনীমূলক সাগৰীয় তাপীয় শক্তি ৰূপান্তৰ (অ’টিইচি) প্ৰকল্পও প্ৰদৰ্শন কৰা হয়।
কৰ্ণাটক, তামিলনাডু, কেৰালা, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, পুডুচেৰী আৰু লাক্ষাদ্বীপ—এই সাতখন ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰতিনিধিসকলে জল জীৱন মিছন ২.০-ৰ অধীনত তেওঁলোকৰ সাফল্য, মুখ্য প্ৰত্যাহ্বান, উত্তম পদ্ধতি আৰু সংস্কাৰৰ অগ্ৰগতিৰ বিষয়ে উপস্থাপন কৰে। এই উপস্থাপনসমূহত আঁচনিসমূহৰ ভৌতিক আৰু বিত্তীয় সমাপ্তি, ‘সুজলম ভাৰত’ ডিজিটেল পদক্ষেপ, পানী যোগান সম্পদসমূহৰ জিঅ’-টেগিং, ‘জল অৰ্পণ’ আৰু ‘হৰ ঘৰ জল’ প্ৰমাণীকৰণ, খোৱাপানী সেৱা প্ৰদানৰ মূল্যাংকন, সামৰ্থ্য বিকাশ আৰু দক্ষতা বৃদ্ধি, সামূহিক অংশগ্ৰহণ, আৰু প্ৰতিষ্ঠানিক, বিত্তীয় তথা উৎসৰ বহনক্ষমতাৰ ব্যৱস্থাসমূহ সামৰি লোৱা হয়। ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলসমূহে সংস্কাৰসমূহ ত্বৰান্বিত কৰা আৰু বহনক্ষম গ্ৰাম্য খোৱাপানী সেৱা নিশ্চিত কৰাৰ বাবে উদ্ভাৱনীমূলক পদ্ধতি, ৰূপায়ণৰ প্ৰত্যাহ্বান আৰু সময়বদ্ধ কাৰ্য পৰিকল্পনাৰ বিষয়েও মত-বিনিময় কৰে।
এই সন্মিলনখনে কেন্দ্ৰ-ৰাজ্যৰ সমন্বয় শক্তিশালী কৰা, আন্তঃবিভাগীয় একত্ৰীকৰণক উৎসাহিত কৰা আৰু প্ৰতিটো গ্ৰাম্য পৰিয়ালৰ বাবে বহনক্ষম খোৱাপানী সেৱা নিশ্চিত কৰাৰ দিশত জেজেএম ২.০ সংস্কাৰসমূহৰ ৰূপায়ণ ত্বৰান্বিত কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰিছে।

****
PS/MM