বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
azadi ka amrit mahotsav

ঘৰুৱা পুনৰ্ব্যৱহাৰ আৰু গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ পুনৰুদ্ধাৰ শক্তিশালী কৰাৰ লক্ষ্যৰে লিথিয়াম-আয়ন বেটাৰীৰ ব্লেক মাছ(Black Mass)

ৰপ্তানিত নিষেধাজ্ঞা আৰোপ ডিজিএফটিৰ

গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ ঘৰুৱা উপলব্ধতা নিশ্চিত কৰা, বেটাৰী পুনঃব্যৱহাৰৰ ক্ষমতা শক্তিশালী কৰা আৰু আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাই এই পদক্ষেপৰ লক্ষ্য

গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ পুনৰ্ব্যৱহাৰৰ বাবে চৰকাৰৰ ১,৫০০ কোটি টকাৰ উদগনি আঁচনিৰ পৰিপূৰক হিচাপে সহায় কৰিব এই ব্যৱস্থাই

পোষ্ট কৰা হৈছে: 11 NOV 2026 4:07PM by PIB Guwahati

বাণিজ্য বিভাগৰ বৈদেশিক বাণিজ্যৰ সঞ্চালকালয় (DGFT)-এ আইটিচি (এইচ এছ) কোড ৮৫৪৯১৪০০ৰ অধীনত পৰা লিথিয়াম-আয়ন বেটাৰীৰ ব্লেক মাছ (Black Mass)

ৰপ্তানি নিষিদ্ধ কৰিছে।

 

১০ নৱেম্বৰ, ২০২৬ তাৰিখৰ অধিসূচনা নং ৪৯/২০২৬-২৭ৰ জৰিয়তে এই সামগ্ৰীৰ ৰপ্তানি নীতি ‘মুক্ত’ৰ পৰা ‘নিষিদ্ধ’লৈ পৰিৱৰ্তন কৰা হৈছে। এই নিষেধাজ্ঞা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাৰ লগতে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বলৱৎ থাকিব। ২০২৩ চনৰ বৈদেশিক বাণিজ্য নীতি (FTP)ৰ ১.০৫ অনুচ্ছেদৰ অধীনত থকা পৰিৱৰ্তনকালীন ব্যৱস্থাসমূহ এই ক্ষেত্ৰত প্ৰযোজ্য হ’ব।

 

আইটিচি (এইচ এছ) কোড ৮৫৪৯১৪০০ৰ অধীনত প্ৰাথমিক কোষ, প্ৰাথমিক বেটাৰী আৰু বৈদ্যুতিক একুমুলেটৰৰ আৱৰ্জনা আৰু পেলনীয়া সামগ্ৰীৰ লগতে ব্যৱহাৰ শেষ হোৱা কোষ, বেটাৰী আৰু একুমুলেটৰসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। এই সামগ্ৰীসমূহ সজোৱা অৱস্থাত নাথাকে আৰু ইয়াত সীহ, কেডমিয়াম বা পাৰাও নাথাকে। অধিসূচনাখনত এই সামগ্ৰীটোক বিশেষভাৱে লিথিয়াম-আয়ন বেটাৰীৰ ব্লেক মাছ (Black Mass)

হিচাপে বৰ্ণনা কৰা হৈছে।

 

ব্লেক মাছ (Black Mass) হৈছে ব্যৱহাৰিক জীৱনকাল শেষ হোৱা লিথিয়াম-আয়ন বেটাৰী আৰু বেটাৰী নিৰ্মাণৰ আৱৰ্জনা টুকুৰা-টুকুৰ কৰি প্ৰক্ৰিয়াকৰণ কৰাৰ ফলত পোৱা গুড়ি সদৃশ পদাৰ্থ। ইয়াত লিথিয়াম, কোবাল্ট, নিকেল আৰু মেংগানিজকে ধৰি পুনৰুদ্ধাৰ কৰিব পৰা পৰিমাণৰ গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ থাকে।

 

বৈদ্যুতিক পৰিবহণ, উন্নত ৰাসায়নিক গঠনযুক্ত কোষৰ বেটাৰী, শক্তি সঞ্চয়, ইলেক্ট্ৰনিকছ আৰু নবীকৰণযোগ্য শক্তিৰ বাবে গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থসমূহ অপৰিহাৰ্য উপাদান। এই খনিজ পদাৰ্থসমূহৰ ভিতৰত কেইবাটাওৰ বাবে ভাৰতে যথেষ্ট পৰিমাণে আমদানিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়।

 

বেটাৰীৰ আৱৰ্জনা পুনৰ্ব্যৱহাৰ   হৈছে এই সম্পদসমূহৰ ঘৰুৱা যোগান গঢ়ি তোলাৰ অন্যতম দ্ৰুত আৰু বহনক্ষম উপায়। দেশত বেটাৰীৰ আৱৰ্জনা পুনঃব্যৱহাৰ আৰু তাৰ পৰা গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ পৰিশোধন কৰাৰ ক্ষমতা যথেষ্ট বৃদ্ধি পাইছে যদিও পৰ্যাপ্ত পৰিমাণৰ কেঁচামালৰ অভাৱত এই ক্ষমতাৰ সম্পূৰ্ণ ব্যৱহাৰ হোৱা নাই।

 

ভাৰতত উৎপাদিত ব্লেক মাছ (Black Mass)ৰপ্তানি কৰাৰ ফলত এই মূল্যৱান দ্বিতীয় পৰ্যায়ৰ সম্পদ বিদেশলৈ গুচি যায়। আনহাতে, ঘৰুৱা পুনঃব্যৱহাৰকাৰী প্ৰতিষ্ঠানসমূহে নিজৰ প্ৰয়োজন পূৰণৰ বাবে কেতিয়াবা এই সামগ্ৰী আমদানি কৰিবলগীয়া হৈছে।

 

ৰপ্তানিৰ ওপৰত আৰোপ কৰা এই নিষেধাজ্ঞাৰ উদ্দেশ্য হৈছে ভাৰতত উৎপাদিত ব্লেক মাছ (Black Mass)দেশৰ ভিতৰতে পুনঃব্যৱহাৰ আৰু পৰিশোধন কৰাটো নিশ্চিত কৰা।

 

এই পদক্ষেপৰ ফলত ঘৰুৱা পুনঃব্যৱহাৰ আৰু পৰিশোধনকাৰী উদ্যোগসমূহৰ বাবে পৰ্যাপ্ত কেঁচামালৰ উপলব্ধতা নিশ্চিত হ’ব বুলি আশা কৰা হৈছে। ইয়াৰ ফলত এই উদ্যোগসমূহৰ উৎপাদন ক্ষমতাৰ ব্যৱহাৰ বৃদ্ধি পাব আৰু এই খণ্ডত অধিক বিনিয়োগ তথা নিয়োগৰ সুযোগ সৃষ্টি হ’ব।

 

ইয়াৰ ফলত লিথিয়াম, কোবাল্ট, নিকেল আৰু অন্যান্য গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ ঘৰুৱা পুনৰুদ্ধাৰ বৃদ্ধি পাব। ফলস্বৰূপে আমদানিৰ ওপৰত নিৰ্ভৰশীলতা আৰু ইয়াৰ সৈতে জড়িত বৈদেশিক মুদ্ৰাৰ ব্যয় হ্ৰাস পাব।

 

লগতে, আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি বেটাৰী নিৰ্মাণ, বৈদ্যুতিক বাহন, শক্তি সঞ্চয় আৰু স্বচ্ছ শক্তি প্ৰযুক্তিৰ যোগান শৃংখল শক্তিশালী হ’ব।

 

ইয়াৰ উপৰি এই ব্যৱস্থাই চক্ৰীয় অৰ্থনীতি আৰু ‘নগৰীয়া খনন’ (Urban Mining)ৰ প্ৰসাৰ ঘটাব। ইয়াৰ ফলত প্ৰাথমিক খননৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পোৱাৰ লগতে প্ৰযোজ্য পৰিৱেশ সম্পৰ্কীয় নিয়ম অনুসৰি দেশৰ ভিতৰতে এই বিপজ্জনক সামগ্ৰীৰ পৰিৱেশ অনুকূল পুনঃব্যৱহাৰত সহায়ক হ’ব।

 

এই পদক্ষেপে ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খনিজ অভিযান (NCMM)ৰ অধীনত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ পৰিপূৰক হিচাপে সহায় কৰিব। ইয়াৰ ভিতৰত ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত কেন্দ্ৰীয় মন্ত্ৰীসভাই অনুমোদন জনোৱা ১,৫০০ কোটি টকাৰ উদগনি আঁচনিও অন্তৰ্ভুক্ত। এই আঁচনিৰ উদ্দেশ্য হৈছে বেটাৰীৰ আৱৰ্জনা আৰু ই-আৱৰ্জনাৰ দৰে দ্বিতীয় পৰ্যায়ৰ উৎসৰ পৰা গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ পৃথকীকৰণ আৰু উৎপাদনৰ বাবে পুনঃব্যৱহাৰৰ ক্ষমতা গঢ়ি তোলা।

 

দেশৰ ভিতৰতে ব্লেক মাছ (Black Mass)সংৰক্ষণ কৰি ৰখাৰ ফলত এই আঁচনিৰ অধীনত গঢ়ি তোলা পুনঃব্যৱহাৰৰ ক্ষমতাৰ বাবে পৰ্যাপ্ত ঘৰুৱা কেঁচামালৰ উপলব্ধতা নিশ্চিত কৰাত সহায় হ’ব।

 

এই পদক্ষেপ কেইবাখনো প্ৰধান অৰ্থনীতিৰ দেশৰ দ্বাৰা গ্ৰহণ কৰা ব্যৱস্থাৰ সৈতেও সামঞ্জস্যপূৰ্ণ। এই দেশসমূহেও গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থযুক্ত বেটাৰীৰ আৱৰ্জনা আৰু ব্লেক মাছ (Black Mass)ঘৰুৱা প্ৰক্ৰিয়াকৰণৰ বাবে নিজৰ দেশতে সংৰক্ষণ কৰি ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

 

এই অধিসূচনা ডিজিএফটিৰ ৱেবছাইটwww.dgft.gov.in ত উপলব্ধ।

 

******

Abhishek Dayal/ Abhijith Narayanan/ Ishita Biswas/PB

 


(ৰিলিজ আই ডি : 2335340) অতিথি কক্ষ : 2
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Bengali , Gujarati , Tamil , Malayalam