পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়
azadi ka amrit mahotsav

তুৰস্কৰ আন্তালিয়াত অনুষ্ঠিত ইউএনএফচিচিচি কপ৩১ ত জলবায়ু বিষয়ক বহুপাক্ষিকতা আৰু এক ন্যায়সংগত, উচ্চাকংক্ষী ফলাফলৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতি দোহাৰিলে ভাৰতে

পেৰিছ চুক্তিৰ অনুচ্ছেদ ৯.১ ৰ অধীনত উন্নত দেশসমূহে জলবায়ু পুঁজিৰ বাধ্যবাধকতা পূৰণ কৰাৰ প্ৰয়োজন বুলি ভাৰতে গুৰুত্ব আৰোপ কৰিছে

বিশেষকৈ গ্ল'বেল ছাউথৰ বাবে জলবায়ু পৰিৱৰ্তনৰে মোকাবিলা কৰাত সমতা, ন্যায়সংগত পৰিৱৰ্তন আৰু অভিযোজনক কেন্দ্ৰীয় বিষয় হিচাপে গুৰুত্ব প্ৰদান কৰা হৈছে

পোষ্ট কৰা হৈছে: 10 NOV 2026 1:11PM by PIB Guwahati

তুৰস্কৰ আন্তালিয়াত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সন্মিলনৰ কপ৩১ সন্মিলনত ভাৰতে জলবায়ু বিষয়ক বহুপাক্ষিকতা আৰু 'সমতা' তথা 'উমৈহতীয়া কিন্তু পৃথক দায়িত্ব আৰু নিজা সক্ষমতা' (CBDR-RC) ৰ নীতিসমূহৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতি  দোহাৰিছে। ভাৰতে এই সন্মিলনত এক ন্যায়সংগত, সমতাপূৰ্ণ আৰু উচ্চাকাংক্ষী ফলাফল লাভৰ বাবে আহ্বান জনাইছে।

কপ৩১ ত ভাৰতৰ মুকলি ভাষণ প্ৰদান কৰি ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ সচিব শ্ৰী নৰেন্দ্ৰ ভূষণে কপ৩১ ৰ নেতৃত্ব গ্ৰহণ কৰাৰ বাবে তুৰস্ক আৰু অষ্ট্ৰেলিয়াক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ জলবায়ু বহুপাক্ষিকতাক শক্তিশালী কৰাৰ বাবে সকলো পক্ষ আৰু আলোচনা গোটৰ প্ৰচেষ্টাক প্ৰশংসা কৰে আৰু উল্লেখ কৰে যে ভাৰতে জি৭৭ আৰু চীন, এলএমডিচি, আৰু বেছিক (BASIC) গোটৰ বক্তব্যসমূহক সমৰ্থন কৰে।

বহুপাক্ষিকতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি ভাৰতে জোৰ দি কয় যে ইউএনএফচিচিচি আৰু ইয়াৰ পেৰিছ চুক্তি আটাইতকৈ অন্তৰ্ভুক্তিমূলক মঞ্চ, য'ত প্ৰতিখন দেশৰে মাত মতাৰ অধিকাৰ আছে। ভাৰতে সমতা আৰু চিবিডিআৰ-আৰচি নীতিৰ ওপৰত প্ৰতিষ্ঠিত এই প্ৰক্ৰিয়াৰ ওপৰত নিজৰ আস্থা পুনৰ প্ৰকাশ কৰে।

গোলকীয় উষ্ণতা ১.৫ ডিগ্ৰী চেলচিয়াছ অতিক্ৰম কৰাৰ ক্ৰমবৰ্ধমান প্ৰত্যাহ্বানসমূহৰ কথা উল্লেখ কৰি ভাৰতে কয় যে জলবায়ু পৰিৱৰ্তনৰে মোকাবিলা কৰাৰ সামূহিক প্ৰচেষ্টাত যাতে কোনোপধ্যে পিছপৰি নাথাকে, তাৰ বাবে সমতাৰ বিষয়টো অতি জৰুৰী হৈ পৰিছে। ভাৰতে নিজৰ দেশৰ জনসাধাৰণৰ উন্নয়ন আৰু কল্যাণৰ দিশত কাম কৰাৰ সমান্তৰালকৈ গোলকীয় জলবায়ু কাৰ্যসূচীত নিজৰ ন্যায়্য অৱদান আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি পুনৰ দোহাৰে। ইয়াৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয় যে ন্যায়সংগত পৰিৱৰ্তন আৰু অভিযোজনৰ প্ৰয়োজনসমূহ পূৰণ কৰাটো বিশেষকৈ গ্ল'বেল ছাউথৰ বাবে আজিও এক ডাঙৰ প্ৰত্যাহ্বান হৈয়েই আছে, যত এইবোৰ উন্নয়নৰ প্ৰত্যাহ্বানৰ সৈতে ওতপ্ৰোতভাৱে জড়িত।

জলবায়ু পুঁজিৰ সন্দৰ্ভত ভাৰতে গুৰুত্ব আৰোপ কৰে যে উন্নত দেশসমূহৰ পৰা অহা ৰাজহুৱা পুঁজি উন্নয়নশীল দেশসমূহত জলবায়ু কাৰ্যসূচী ত্বৰান্বিত কৰিবলৈ আৰু তেওঁলোকৰ দুৰ্বলতাসমূহ দূৰ কৰাৰ বাবে অভিযোজন পুঁজিৰ প্ৰবাহ শক্তিশালী কৰিবলৈ কেন্দ্ৰীয় বিষয় হৈ আছে। ভাৰতে পেৰিছ চুক্তিৰ অনুচ্ছেদ ৯.১ ৰ মৌলিক গুৰুত্বৰ ওপৰত জোৰ দিয়ে, যিয়ে উন্নয়নশীল দেশসমূহক আৰ্থিক সম্পদ যোগান ধৰিবলৈ উন্নত দেশসমূহৰ বাধ্যবাধকতা নিৰ্ধাৰণ কৰে।

COP31 ত নিজৰ গঠনমূলক অংশগ্ৰহণৰ কথা  দোহাৰি ভাৰতে কয় যে ই এক ন্যায়সংগত, সমতাপূৰ্ণ আৰু উচ্চাকাংক্ষী ফলাফল লাভৰ বাবে সকলো পক্ষৰ সৈতে মিলি কাম কৰিব।

 

***

VM/KG


(ৰিলিজ আই ডি : 2334939) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Bengali , Gujarati , Tamil , Kannada