ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়
azadi ka amrit mahotsav

অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ ক্ষুদ্ৰ আৰু লঘু উদ্যোগৰ পৰা ক্ৰয় বৃদ্ধি সন্দৰ্ভত কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ সৈতে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ ঘূৰণীয়া মেজমেল

পোষ্ট কৰা হৈছে: 10 NOV 2026 6:13PM by PIB Guwahati

চৰকাৰৰ ৰাজহুৱা ক্ৰয় নীতিৰ অধীনত অনুসূচিত জাতি  আৰু অনুসূচিত জনজাতিৰ ক্ষুদ্ৰ আৰু লঘু উদ্যোগসমূহৰ পৰা ৪ শতাংশ ক্ৰয়ৰ নিৰ্ধাৰিত লক্ষ্য পূৰণৰ ক্ষেত্ৰত অগ্ৰগতি পৰ্যালোচনা কৰাৰ উদ্দেশ্যে ২০২৬ চনৰ ৫ নৱেম্বৰত নতুন দিল্লীৰ ড০ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ সৈতে এখন ঘূৰণীয়া মেজমেল অনুষ্ঠিত হয়। বৈঠকত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ যুটীয়া সচিব শ্ৰীমতী মেৰ্চি এপাওৱে অধ্যক্ষতা কৰে। গভৰ্ণমেণ্ট ই-মাৰ্কেটপ্লেচৰ অতিৰিক্ত মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী অজিত চৱন, ৰাষ্ট্ৰীয় ক্ষুদ্ৰ উদ্যোগ নিগমৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ড০ এছ এছ আচাৰ্য আৰু বিভিন্ন মন্ত্ৰালয়, ৰাজহুৱা উদ্যোগ বিভাগ তথা এন এছ আই চিৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰি অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ ক্ষুদ্ৰ আৰু লঘু উদ্যোগসমূহক সহায় কৰাৰ বাবে নিজ নিজ পৰামৰ্শ আগবঢ়ায়।

ভাৰত হেভী ইলেকট্ৰিকেলছ লিমিটেড, ভাৰত ইলেকট্ৰনিকছ লিমিটেড, এন টি পি চি লিমিটেড, ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণ, বি ই এম এল লিমিটেড আৰু ক'ল ইণ্ডিয়া লিমিটেডকে ধৰি মুঠ ৩০টা কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানে এই ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰে। আলোচনাত কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহে সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বান, উত্তম পদ্ধতিৰ আদান-প্ৰদান আৰু ৰাষ্ট্ৰীয় অনুসূচিত জাতি-জনজাতি হাব কাৰ্যালয়, গভৰ্ণমেণ্ট ই-মাৰ্কেটপ্লেচ তথা কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ মাজত সমন্বয় অধিক শক্তিশালী কৰাৰ উপায়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

নিজৰ ভাষণত শ্ৰীমতী মেৰ্চি এপাওৱে ৰাষ্ট্ৰীয় অনুসূচিত জাতি-জনজাতি হাব আঁচনিৰ অধীনত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ ক্ষুদ্ৰ আৰু লঘু উদ্যোগসমূহক উৎসাহিত কৰাৰ লগতে প্ৰয়োজনীয় সহায়-সহযোগিতা আগবঢ়াবলৈ গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। ইয়াৰ ফলত ৰাজহুৱা ক্ৰয়ৰ ক্ষেত্ৰত এই উদ্যোগসমূহৰ অংশীদাৰিত্ব নিৰন্তৰভাৱে বৃদ্ধি পাইছে। আঁচনিখন আৰম্ভ হোৱাৰ পৰা ২০২৫-২৬ বিত্তীয় বৰ্ষলৈকে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ ক্ষুদ্ৰ আৰু লঘু উদ্যোগৰ পৰা হোৱা ৰাজহুৱা ক্ৰয় ৩৬ গুণতকৈও অধিক বৃদ্ধি পাইছে। তেওঁ লগতে 'উদ্যোগী সজাগতা আৰু বিশেষ বিক্ৰেতা উন্নয়ন কাৰ্যসূচী' নামৰ নতুন পদক্ষেপটোৰ বিষয়েও অৱগত কৰে। এই পদক্ষেপৰ লক্ষ্য হৈছে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ ক্ষুদ্ৰ আৰু লঘু উদ্যোগসমূহৰ মাজত সজাগতা সৃষ্টি কৰাৰ লগতে কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ সৈতে সংযোগ গঢ়ি তোলা। তেওঁ কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহক নিৰ্ধাৰিত লক্ষ্য পূৰণৰ বাবে আভ্যন্তৰীণ কাৰ্যপৰিকল্পনা প্ৰস্তুত কৰিবলৈ আহ্বান জনায়। লগতে বিক্ৰেতা পঞ্জীয়ন/তালিকাভুক্তিৰ প্ৰক্ৰিয়া, সামগ্ৰী আৰু সেৱাৰ উপযুক্ত সংগতি নিৰ্ণয়, কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ সৈতে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ উদ্যোগসমূহৰ আঞ্চলিক তথা স্থানীয় পৰ্যায়ত সংযোগ স্থাপন আৰু প্ৰয়োজনীয় সহায়-সহযোগিতা আগবঢ়াবলৈ তেওঁ আহ্বান জনায়।

গভৰ্ণমেণ্ট ই-মাৰ্কেটপ্লেচৰ অতিৰিক্ত মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী অজিত চৱনে ক্ষুদ্ৰ উদ্যোগসমূহৰ সবলীকৰণ আৰু ৰাজহুৱা ক্ৰয় ব্যৱস্থাৰ অধীনত গুৰুত্বপূৰ্ণ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ উল্লেখযোগ্য অৱদানৰ কথা স্বীকাৰ কৰে। তেওঁ নিবিদা প্ৰক্ৰিয়াত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ ক্ষুদ্ৰ আৰু লঘু উদ্যোগসমূহৰ অংশগ্ৰহণ সুচল কৰি তুলিবলৈ গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে অৱগত কৰে। ইয়াৰ ভিতৰত বিশেষ মাৰ্কেটপ্লেচ ফিল্টাৰৰ জৰিয়তে এই উদ্যোগসমূহৰ বিক্ৰেতাসকলক চিনাক্ত কৰাৰ ব্যৱস্থাও অন্তৰ্ভুক্ত। তেওঁ সমতাপূৰ্ণভাৱে ক্ৰয়ৰ সুযোগ নিশ্চিত কৰিবলৈ বিভিন্ন খণ্ডৰ বিক্ৰেতাসকলৰ সৈতে, বিশেষকৈ সেৱা আৰু উদ্যোগভিত্তিক ক্ষেত্ৰসমূহত, অংশীদাৰিত্ব বৃদ্ধিৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে। প্ৰয়োজনীয় সহায়-সহযোগিতাৰ বাবে গভৰ্ণমেণ্ট ই-মাৰ্কেটপ্লেচৰ দ্বাৰা নিযুক্ত ন’ডেল বিষয়াৰ সেৱা গ্ৰহণ কৰিবলৈও তেওঁ কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহক উৎসাহিত কৰে।

এই ঘূৰণীয়া মেজমেলে কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহক উন্নত প্ৰদৰ্শন কৰা প্ৰতিষ্ঠানসমূহৰ সৈতে মত বিনিময় কৰাৰ লগতে নিজৰ আসোঁৱাহ আৰু প্ৰত্যাহ্বানসমূহ দূৰ কৰাৰ অনন্য সুযোগ প্ৰদান কৰে। আলোচনাত বিক্ৰেতা উন্নয়ন কাৰ্যসূচী, সামৰ্থ্য বিকাশৰ পদক্ষেপ আৰু ডিজিটেল সুবিধা প্ৰদানৰ জৰিয়তে কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আৰু এন এছ  এছ এইচৰ মাজত সহযোগিতা অধিক শক্তিশালী কৰাৰ সম্ভাৱনাসমূহৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়, যাতে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি তথা মহিলাৰ মালিকানাধীন ক্ষুদ্ৰ আৰু লঘু উদ্যোগসমূহৰ পৰা ক্ৰয় অধিক বৃদ্ধি পায়।

 

Sunil Kumar Tiwari/KrDD


(ৰিলিজ আই ডি : 2334918) অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক: English , Kannada , Urdu , हिन्दी , Gujarati , Tamil