পোষ্ট কৰা হৈছে:
10 NOV 2026 11:58AM by PIB Guwahati
অৰুণাচল প্ৰদেশৰ বমডিলাত অৱস্থিত থুবচোগ গাটচেল লিং চমুকৈ টি জি এল মঠ (ল'ৱাৰ গ’ম্পা)ত শাক্যমুনি বুদ্ধৰ পৱিত্ৰ অৱশেষ (ধাতু) প্ৰদৰ্শনে হাজাৰ হাজাৰ ভক্তক ভগৱান বুদ্ধৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ এটি পৱিত্ৰ সুযোগ প্ৰদান কৰিছে। পৱিত্ৰ অৱশেষ (ধাতু)ৰ সন্মুখত প্ৰাৰ্থনা জনাবলৈ আৰু আশিস ল'বলৈ প্ৰদৰ্শনীৰ প্ৰথম দুটা দিনত মুঠ ১১,৯৬৯ গৰাকী ভক্তই মঠ চৌহদ দৰ্শন কৰে।

বৃহৎসংখ্যক ভক্তৰ এই সমাৱেশে পৱিত্ৰ অৱশেষ (ধাতু)ৰ সৈতে জড়িত গভীৰ বিশ্বাস আৰু আধ্যাত্মিক ভক্তিক প্ৰতিফলিত কৰিছে। বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ বাবে এই ধাতুৰ ধৰ্মীয় গুৰুত্ব অপৰিসীম।

ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়, অৰুণাচল প্ৰদেশ চৰকাৰ আৰু নতুন দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ মহাসংঘৰ সহযোগত এই প্ৰদৰ্শনীৰ আয়োজন কৰিছে। টি জি এল মঠত অহা ১৩ নৱেম্বৰ, ২০২৬ তাৰিখলৈকে পৱিত্ৰ অৱশেষ (ধাতু)ৰ এই ৰাজহুৱা দৰ্শন কাৰ্যসূচী অব্যাহত থাকিব। ইয়াৰ জৰিয়তে বিভিন্ন সমষ্টি আৰু অঞ্চলৰ ভক্তসকলে শ্ৰদ্ধা নিবেদন কৰাৰ লগতে প্ৰাৰ্থনা জনোৱাৰ সুযোগ লাভ কৰিব।
ভক্তসকলৰ শৃংখলাবদ্ধ অংশগ্ৰহণ সুচল কৰাৰ উদ্দেশ্যে প্ৰদৰ্শনীৰ বাকী দিনকেইটাৰ বাবে সমষ্টি আৰু শ্ৰেণীভিত্তিক সময়সূচী এনেদৰে নিৰ্ধাৰণ কৰা হৈছে -
১১ নৱেম্বৰ, ২০২৬ : অৰুণাচল প্ৰদেশৰ ৫-কলাকটাং বিধানসভা সমষ্টিৰ ভক্তসকলৰ বাবে
১২ নৱেম্বৰ, ২০২৬ : অৰুণাচল প্ৰদেশৰ ৬-বুৰাগাঁও-থ্ৰিজিনো বিধানসভা সমষ্টিৰ ভক্তসকলৰ বাবে
১৩ নৱেম্বৰ, ২০২৬ : আন জিলাৰ ভক্তসকল, জিলাখনত কৰ্মৰত সশস্ত্ৰ বাহিনী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ সদস্যসকল আৰু নিৰ্ধাৰিত দিনত উপস্থিত থাকিব নোৱাৰা ভক্তসকলৰ বাবে
নিৰ্ধাৰিত প্ৰতিটো দিনতে পুৱা ৮:৩০ বজাৰ পৰা সন্ধিয়া ৬:০০ বজালৈকে দৰ্শনৰ ব্যৱস্থা থাকিব।
বমডিলাত ৰাজহুৱা দৰ্শনৰ কাৰ্যসূচী সমাপ্ত হোৱাৰ পাছত ১৪ নৱেম্বৰ, ২০২৬ তাৰিখে পৱিত্ৰ অৱশেষ (ধাতু)ক আনুষ্ঠানিকভাৱে বিদায় জনোৱা হ'ব আৰু প্ৰদৰ্শনীৰ পৰৱৰ্তী গন্তব্যস্থান নামচাই জিলালৈ লৈ যোৱা হ'ব। ১৪ৰ পৰা ২০ নৱেম্বৰ, ২০২৬লৈকে নামচাইৰ গোল্ডেন পেগোডাত পৱিত্ৰ অৱশেষ (ধাতু) স্থাপন কৰি ৰাজহুৱা দৰ্শনৰ ব্যৱস্থা কৰা হ'ব। ইয়াৰ পাছত ২১ নৱেম্বৰ, ২০২৬ তাৰিখে পৱিত্ৰ ধাতু নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়লৈ ঘূৰাই অনা হ'ব।

এই প্ৰদৰ্শনীয়ে ভাৰতৰ চহকী বৌদ্ধ ঐতিহ্য আৰু সভ্যতাগত উত্তৰাধিকাৰ সংৰক্ষণ, সংবৰ্ধন তথা জনসাধাৰণৰ মাজত তুলি ধৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ নিৰন্তৰ প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰে। এনে পদক্ষেপৰ জৰিয়তে ভাৰত চৰকাৰে পৱিত্ৰ বৌদ্ধ ঐতিহ্যৰ ক্ষেত্ৰত ভক্তসকলৰ প্ৰৱেশ সুচল কৰি তোলা, সাংস্কৃতিক তথা আধ্যাত্মিক সম্পৰ্ক সুদৃঢ় কৰা আৰু বৌদ্ধ ধৰ্মৰ শিক্ষা তথা দৰ্শনৰ প্ৰতি ভাৰতৰ চিৰন্তন অৱদানক আগবঢ়াই নিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

***
M Annadurai/KrDD