যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়
azadi ka amrit mahotsav

১০০ সপ্তাহৰ মাদক দ্ৰব্য বিৰোধী অভিযানৰ অধীনত মাই ভাৰতৰ দেশজোৰা দীপোৎসৱ আৰু চুবুৰীয়া যুৱ সংসদৰ আয়োজন

অষ্টম সপ্তাহৰ কাৰ্য সুচীত ৩০ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১.১৯ লাখৰো অধিক যুৱক-যুৱতী আৰু নাগৰিকৰ অংশগ্ৰহণ

পোষ্ট কৰা হৈছে: 10 NOV 2026 12:46PM by PIB Guwahati

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনত মেৰা যুৱ ভাৰত (মাই ভাৰত)-এ ২০২৬ চনৰ ৬ আৰু ৭ নৱেম্বৰত ‘নশামুক্ত য়ুৱা ফৰ বিকশিত ভাৰত’ শীৰ্ষক ১০০ সপ্তাহৰ সংকল্প অভিযানৰ অষ্টম সপ্তাহত চুবুৰীয়া যুৱ সংসদৰ জৰিয়তে দেশজুৰি 'নশা মুক্ত যুৱা দীপোৎসৱ-এক দীয়া সংকল্প কা’ আৰু 'নশামুক্ত যুৱা পৰ পৰিচৰ্চা’ ৰ আয়োজন কৰিছিল। এই কাৰ্যসুচীৰ জৰিয়তে দীপাৱলী উদযাপনৰ লগতে মাদক দ্ৰব্যৰ অপব্যৱহাৰৰ সন্দৰ্ভত তৃণমূল পৰ্যায়ৰ আলোচনা অনুষ্ঠিত কৰা হৈছে।  ইয়াৰ জৰিয়তে  ৩০ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১.১৯ লাখৰো অধিক যুৱক-যুৱতী আৰু নাগৰিক একত্ৰিত হৈছিল। অংশগ্ৰহণকাৰীসকলে মাদক দ্ৰব্য মুক্ত ভাৰত গঢ়াৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰিছিল।

'নশা মুক্ত যুৱা দীপোৎসৱ-এক দীয়া সংকল্প কা’ৰ উদ্যোগৰ অধীনত ৪৩৫টা কাৰ্যসূচী আৰু ৫৬৮টা কাৰ্যকলাপৰ আয়োজন কৰা হৈছিল, য’ত ১,১০,১০১ লোকে অংশগ্ৰহণ কৰিছিল। কাৰ্য্যকলাপসমূহৰ ভিতৰত আছিল ৰঙ্গোলী অংকন, চাকি জ্বলোৱা, মিঠাই বিতৰণ, সজাগতা কাৰ্যসূচী আৰু মাই ভাৰতৰ স্বেচ্ছাসেৱকসকলক সম্বৰ্ধন জনোৱা। ব্ৰহ্ম কুমাৰী, ইপিএছআই আৰু হাৰ্টফুলনেছকে ধৰি অংশীদাৰ সকলেও এই কাৰ্য সুচীত অংশগ্ৰহণ কৰিছিল।

মাই ভাৰতে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত স্বেচ্ছাসেৱকসকলৰ সৈতে উদযাপনৰ আয়োজন কৰিছিল, যত বান্দাৰ এখন বৃদ্ধাশ্ৰমত মিঠাই আৰু ফল মুল বিতৰণ কৰাৰ লগতে ৰামপুৰত সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰিছিল। ছত্তীশগড়ৰ মুংগেলী আৰু ধামতাৰীত দীপোৎসৱ আৰু ৰঙ্গোলী কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। হিমাচল প্ৰদেশত কাংৰাৰ এখন বৃদ্ধাশ্ৰমত মিঠাই বিতৰণ আৰু উদযাপন আয়োজন কৰা হৈছিল। মহাৰাষ্ট্ৰৰ য়ৱতমাল; পুডুচেৰীৰ য়ানাম আৰু জম্মু-কাশ্মীৰতো একেধৰণৰ কাৰ্য সুচী অনুষ্ঠিত হৈছিল।

খণ্ড পৰ্যায়ত চুবুৰীয়া যুৱ সংসদ (এন. ৱাই. পি.) ৰ জৰিয়তে আয়োজিত 'নশা মুক্ত য়ুৱা পৰ পৰিচৰ্চা'ত ৯,৫২৬ গৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিল আৰু ৮৫টা অনুষ্ঠান তথা ২৯৮টা কাৰ্যসূচী অনুষ্ঠিত হৈছিল। এই আলোচনাত মাদক দ্ৰব্যৰ অপব্যৱহাৰ, ইয়াৰ প্ৰত্যাহ্বান আৰু মাদক দ্ৰব্য-মুক্ত সমাজ গঢ়ি তোলাত যুৱক-যুৱতীসকলৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।

প্ৰতিটো এন. ৱাই. পি.-ক চাৰিখন গঠনমূলক সত্ৰৰ জৰিয়তে প্ৰতিটো ব্লকত কমেও ৮০ গৰাকী যুৱক-যুৱতীক জড়িত কৰিবলৈ বিশেষভাবে গঠন কৰা হৈছিল। ইয়াৰ ভিতৰত মাই ভাৰত প'ৰ্টেলত এক সংক্ষিপ্ত বিৱৰণ  অন্তৰ্ভুক্ত আছিল; ‘মাদক দ্ৰব্যৰ অপব্যৱহাৰ বুজি পোৱাঃ ভাৰতৰ যুৱক-যুৱতীসকলৰ সন্মুখত প্ৰত্যাহ্বান';'সজাগতাৰ পৰা পদক্ষেপলৈঃ মাদক দ্ৰব্য মুক্ত যুৱৰ বাবে সঁজুলি '; আৰু ‘পৰিৱৰ্তনৰ কাহিনীঃ এক মাদক দ্ৰব্য মুক্ত ভাৰতৰ দিশে যাত্ৰা 'শীৰ্ষক এক অডিঅ'-ভিজুৱেল প্ৰদৰ্শন   আছিল অন্যতম।

আলোচনাবোৰৰ ভিতৰত শ্লোগান লিখা, ৰঙ্গোলী অংকন, বাটৰ নাটক, মত বিনিময়মূলক সত্ৰ আৰু প্ৰতিশ্ৰুতি গ্ৰহণ আদিও অন্তৰ্ভুক্ত আছিল। হাৰিয়ানাৰ ফতেহাবাদৰ ভুনা; মহাৰাষ্ট্ৰৰ লাটুৰ, পূব দিল্লী আৰু ছত্তীশগড়ৰ ডোঙ্গৰগড় খণ্ডত এনে কাৰ্যসুচিৰ আয়োজন কৰা হৈছিল। 'বিকশিত ভাৰতৰ বাবে মাদক দ্ৰব্য মুক্ত যুৱ' ১০০ সপ্তাহৰ সংকল্প অভিযানে মাদক দ্ৰব্য মুক্ত ভাৰতৰ দিশত যুৱক-যুৱতীসকলৰ নিৰন্তৰ অংশগ্ৰহণ আৰু সম্প্ৰদায়-নেতৃত্বাধীন পদক্ষেপৰ বাবে এক দেশজোৰা মঞ্চ প্ৰদান কৰি আহিছে।

 

 

*****

Gaurav Saini/BC


(ৰিলিজ আই ডি : 2334645) অতিথি কক্ষ : 10