পোষ্ট কৰা হৈছে:
09 NOV 2026 6:10PM by PIB Guwahati
ভাৰতীয় ৰে’লৱেই চলিত বৰ্ষৰ ২ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈকে দেশৰ বিভিন্ন মণ্ডলীয় ৰে’লৱে, সংমণ্ডল, উৎপাদন গোট, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আৰু অন্যান্য ৰে’লৱে প্ৰতিষ্ঠানত ৰূপায়ণ কৰা বিশেষ অভিযান ৬ সফলতাৰে সম্পন্ন কৰিছে।
এই অভিযানৰ সময়ছোৱাত স্বচ্ছতা, পেলনীয়া সামগ্ৰী নিষ্কাশন, ইলেক্ট্ৰনিক আৱৰ্জনা ব্যৱস্থাপনা, স্থানৰ সদ্ব্যৱহাৰ, নথি-পত্ৰৰ ব্যৱস্থাপনা আৰু দীৰ্ঘদিন ধৰি পৰি থকা কামসমূহ সময়মতে নিষ্পত্তিৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা লাভ কৰা হৈছে।
এই অভিযানৰ অংশ হিচাপে ৰে’ল ষ্টেচন, কাৰ্যালয়, কৰ্মশালা আৰু অন্যান্য ৰে’লৱে প্ৰতিষ্ঠানত ১ লাখৰো অধিক স্বচ্ছতা অভিযান চলোৱা হয়। পেলনীয়া সামগ্ৰী নিষ্কাশনৰ জৰিয়তে ভাৰতীয় ৰে’লৱেই ৬২৮.৪৯ কোটি টকা ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ইয়াৰ ফলত ৬০০ কোটি টকাৰ নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে।
লগতে পেলনীয়া সামগ্ৰী, ব্যৱহাৰৰ অনুপযোগী সামগ্ৰী আৰু অন্যান্য অপ্ৰয়োজনীয় বস্তু আঁতৰাই মুঠ ৬,২০,১২১ বৰ্গফুট ঠাই মুকলি কৰা হয়।
এইবাৰৰ অভিযানত বিশেষভাৱে ‘ইলেক্ট্ৰনিক আৱৰ্জনাৰ ফলপ্ৰসূ সংগ্ৰহ, পৃথকীকৰণ আৰু নিষ্কাশন’ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। দায়িত্বশীল আৱৰ্জনা ব্যৱস্থাপনাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে ১.৫০ লাখৰো অধিক ইলেক্ট্ৰনিক আৱৰ্জনাৰ সামগ্ৰী নিষ্কাশন কৰা হয়। ইয়াৰ জৰিয়তে ১০.৪৩ কোটি টকা ৰাজহ সংগ্ৰহ কৰা হয়।
ইয়াৰ উপৰি ভাৰতীয় ৰে’লৱেই পুৰণি কাগজৰ আৰু বৈদ্যুতিন নথি-পত্ৰৰ পৰ্যালোচনা, জনসাধাৰণৰ অভিযোগ আৰু আপত্তি নিষ্পত্তি, সংসদীয় প্ৰতিশ্ৰুতি, ভি আই পি (বিশিষ্ট ব্যক্তিৰ) প্ৰসংগ আৰু অন্যান্য দীৰ্ঘদিন ধৰি পৰি থকা বিষয়সমূহ নিষ্পত্তিৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰে।
এই ক্ষেত্ৰসমূহতো উল্লেখযোগ্য সফলতা লাভ কৰা হৈছে। নথি-পত্ৰৰ ব্যৱস্থাপনা উন্নত কৰা, দীৰ্ঘদিন ধৰি পৰি থকা কামৰ সংখ্যা হ্ৰাস কৰা আৰু কৰ্ম পৰিৱেশ অধিক পৰিষ্কাৰ, সুসংগঠিত তথা দক্ষ কৰি তোলাই আছিল এই পদক্ষেপসমূহৰ মূল উদ্দেশ্য।
নাগৰিকৰ সৈতে সম্পৰ্ক শক্তিশালী কৰিছে ‘ৰে’ল জন সংবাদ’ কাৰ্যসূচীয়ে
বিশেষ অভিযান ৬ৰ অংশ হিচাপে ভাৰতীয় ৰে’লৱেই জ্যেষ্ঠ ৰে’লৱে বিষয়াসকলৰ সৈতে ৰে’লযাত্ৰীসকলৰ প্ৰত্যক্ষ মত বিনিময়ৰ সুবিধা প্ৰদানৰ উদ্দেশ্যে ‘ৰে’ল জন সংবাদ’ৰ আয়োজন কৰে।
চলিত বৰ্ষত ২২ অক্টোবৰত দেশজুৰি একে সময়তে ৫,৮৮৪টা ৰে’ল ষ্টেচনত ‘ৰে’ল জন সংবাদ’ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। ইয়াৰ জৰিয়তে যাত্ৰীসকলে ৰে’লৱেৰ বিষয়াসকলৰ আগত পোনপটীয়াকৈ নিজৰ মতামত, অভিজ্ঞতা আৰু পৰামৰ্শ আগবঢ়োৱাৰ সুযোগ লাভ কৰে।
বিশেষ অভিযান ৬ৰ সফল সামৰণিয়ে ৰে’লৱেৰ প্ৰতিটো প্ৰতিষ্ঠানত স্বচ্ছতা বজাই ৰখা, সম্পদৰ দক্ষ ব্যৱহাৰ নিশ্চিত কৰা, আৱৰ্জনাৰ দায়িত্বশীল নিষ্কাশনক উৎসাহিত কৰা, নথি-পত্ৰৰ ব্যৱস্থাপনা উন্নত কৰা আৰু দীৰ্ঘদিন ধৰি পৰি থকা বিষয়সমূহ সময়মতে নিষ্পত্তি কৰাৰ ক্ষেত্ৰত ভাৰতীয় ৰে’লৱেৰ অব্যাহত প্ৰতিশ্ৰুতিবদ্ধতাকে প্ৰতিফলিত কৰিছে।
এই পদক্ষেপসমূহে ভাৰতীয় ৰে’লৱেৰ প্ৰশাসনিক দক্ষতা বৃদ্ধি কৰাৰ লগতে নাগৰিককেন্দ্ৰিক শাসন ব্যৱস্থা অধিক শক্তিশালী কৰাত সহায় কৰিছে।
***
Dharmendra Tewari/ Dr. Nayan Solanki/ Vikas Jha/PB