যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়
azadi ka amrit mahotsav

নিচামুক্ত উৎসৱমুখৰ দীপাৱলী উদযাপনৰ লক্ষ্যৰে মাই ভাৰত-এন এছ এছৰ দেশজোৰা ‘দীপাৱলী স্নেহ মিলন’ৰ আয়োজন

পোষ্ট কৰা হৈছে: 09 NOV 2026 6:23PM by PIB Guwahati

মাই ভাৰত-ৰাষ্ট্ৰীয় সেৱা আঁচনি (এন এছ এছ)-এ ‘নিচামুক্ত যুৱক-যুৱতীৰে বিকশিত ভাৰতৰ ১০০ সপ্তাহৰ সংকল্প অভিযান’ৰ অধীনত দেশজুৰি ১৫৩খন শিক্ষানুষ্ঠানত ‘দীপাৱলী স্নেহ মিলন’ কাৰ্যসূচীৰ আয়োজন কৰে। এই কাৰ্যসূচীত মুঠ ১,০৭,৪৯৪গৰাকী লোকে অংশগ্ৰহণ কৰে।

অভিযানটোৰ অষ্টম সাপ্তাহিক কাৰ্যসূচী হিচাপে অনুষ্ঠিত এই অনুষ্ঠানৰ জৰিয়তে অভিযানটোৰ দ্বিতীয় মাহৰ সামৰণি পৰে। ইয়াত যুৱক-যুৱতী, পৰিয়ালৰ সদস্য আৰু সমাজৰ বিভিন্ন শ্ৰেণীৰ লোক একত্ৰিত হৈ সামাজিক সমাৱেশ, সাংস্কৃতিক কাৰ্যসূচী, সামূহিক সংকল্প আৰু স্বেচ্ছামূলক সেৱাৰ জৰিয়তে নিচামুক্ত দীপাৱলী উদযাপনৰ বাৰ্তা প্ৰচাৰ কৰে।

এই পদক্ষেপৰ লক্ষ্য আছিল শিক্ষানুষ্ঠানৰ পৰিসৰৰ বাহিৰলৈ গৈ নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ প্ৰতিৰোধৰ বাৰ্তা পৰিয়াল আৰু চুবুৰীয়া অঞ্চলসমূহলৈ সম্প্ৰসাৰিত কৰা। লগতে সুস্থ জীৱনশৈলী আৰু দায়িত্বশীলভাৱে উৎসৱ উদযাপনৰ বাবে পৰিয়াল আৰু সমাজৰ লোকসকলক সামূহিক দায়িত্ব গ্ৰহণ কৰিবলৈ উৎসাহিত কৰা। অৱশিষ্ট শিক্ষানুষ্ঠানসমূহত বন্ধৰ সময়ছোৱাৰ পিছত এই কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব।

 

‘নিচামুক্ত দীপোৎসৱ’ৰ অংশ হিচাপে স্বেচ্ছাসেৱক, সমাজৰ জ্যেষ্ঠ নাগৰিক আৰু শিশুসকলে মাটিৰ চাকি জ্বলাই। ইয়াৰ জৰিয়তে নিচাসক্তিৰ অন্ধকাৰৰ ওপৰত পোহৰৰ বিজয়ৰ প্ৰতীকী বাৰ্তা প্ৰদান কৰা হয়। দীপোৎসৱ আৰু স্নেহ মিলনৰ অনুষ্ঠানসমূহত একেলগে ৪১,৬০০ৰো অধিক লোকে অংশগ্ৰহণ কৰে। উৎসৱৰ পৰিৱেশক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ প্ৰতিৰোধৰ ক্ষেত্ৰত সমাজৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰা হয়।

 

অংশগ্ৰহণকাৰী শিক্ষানুষ্ঠানসমূহত আঞ্চলিক ভাষাত বাটৰ নাট, ৰংগোলী অংকন আৰু নিচামুক্তিৰ গীতৰ আয়োজন কৰা হয়। এই সাংস্কৃতিক কাৰ্যসূচীসমূহত ২৪,১০০ৰো অধিক লোকে অংশগ্ৰহণ কৰে। পৰম্পৰাগত আৰু সৃষ্টিশীল প্ৰকাশভংগীৰ জৰিয়তে নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ প্ৰতিৰোধ আৰু সুস্থ জীৱনশৈলী গ্ৰহণৰ গুৰুত্বৰ বিষয়ে বাৰ্তা প্ৰচাৰ কৰা হয়।

অনুষ্ঠানসমূহৰ অন্যতম গুৰুত্বপূৰ্ণ কাৰ্যসূচী আছিল সামূহিক ‘নিচামুক্ত দীপাৱলী সংকল্প’। ইয়াৰ অধীনত প্ৰায় ২৫,০০০গৰাকী ব্যক্তি আৰু পৰিয়ালৰ সদস্যই নিচাযুক্ত দ্ৰব্যৰ পৰা আঁতৰি থাকি দীপাৱলী উদযাপনৰ সংকল্প গ্ৰহণ কৰে। এই সংকল্পৰ জৰিয়তে পৰিয়ালসমূহক দায়িত্বশীলভাৱে উৎসৱ উদযাপন কৰিবলৈ আৰু যুৱক-যুৱতীসকলক সুস্থ জীৱনশৈলী বাছি লোৱাত সহায় কৰিবলৈ উৎসাহিত কৰা হয়।

 

এন এছ এছৰ মূলমন্ত্ৰ ‘মই নহয়, তুমি’ৰ আদৰ্শ অনুসৰি স্বেচ্ছাসেৱকসকলে উৎসৱ উদযাপনৰ লগতে সমাজসেৱাৰ কাৰ্যসূচীও ৰূপায়ণ কৰে। সেৱা শাখাৰ অধীনত ১৬,৭০০ৰো অধিক স্বেচ্ছাসেৱকে বৃদ্ধাশ্ৰম, অনাথ আশ্ৰম, চিকিৎসালয় আৰু বস্তি অঞ্চলসমূহ পৰিদৰ্শন কৰি মাটিৰ চাকি আৰু মিঠাই বিতৰণ কৰে। এই পদক্ষেপে সমাজৰ প্ৰতি সহমৰ্মিতা, অন্তৰ্ভুক্তি আৰু সেৱাৰ মনোভাৱ প্ৰতিফলিত কৰে।

 

যুৱ স্বেচ্ছাসেৱকসকলেও ডিজিটেল মঞ্চ ব্যৱহাৰ কৰি অভিযানটোৰ পৰিসৰ বৃদ্ধি কৰে। বাধ্যতামূলক বাটৰ নাটসমূহ বিশেষভাৱে অন্তৰ্ভুক্ত কৰি ১,১০০ৰো অধিক ছ’চিয়েল মিডিয়া পোষ্ট আৰু ৰীলছ ইনষ্টাগ্ৰামত আপলোড কৰা হয়। নিচামুক্ত দীপাৱলীৰ বাৰ্তা অধিক লোকৰ মাজলৈ প্ৰচাৰ কৰাৰ উদ্দেশ্যে এই পোষ্টসমূহত #NashaMuktYuva হেছটেগ ব্যৱহাৰ কৰা হয়।

 

***

Gaurav Saini/PB


(ৰিলিজ আই ডি : 2334522) অতিথি কক্ষ : 4
ত এই ৰিলিজটো পঢ়ক: Gujarati , English , Urdu , हिन्दी , Marathi , Tamil