প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

চত্তীশগড়ৰ বাস্তাৰৰ কৰণপুৰস্থিত কোব্ৰা অপাৰেচন বেছত জোৱানসকলৰ সৈতে দীপাৱলী উদযাপনৰ আভাস দাঙি ধৰিলে প্ৰধানমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 08 NOV 2026 7:07PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চত্তীশগড়ৰ বাস্তাৰ জিলাৰ কৰণপুৰস্থিত কোব্ৰা অপাৰেচন বেছত কৰ্মৰত জোৱানসকলৰ সৈতে দীপাৱলী উদযাপনৰ  আভাস দাঙি ধৰিলে ৷

শ্ৰী মোদীয়ে কয় যে নিৰাপত্তা বাহিনীৰ নিষ্ঠা আৰু কৰ্তব্যপৰায়ণতাৰ বাবেই বাস্তাৰত দীপাৱলীৰ উৎসৱমুখৰ পৰিৱেশ প্ৰতিফলিত হৈছে ।

তেওঁ কয় যে নক্সালবাদ এতিয়া অতীতৰ বিষয় আৰু উন্নয়নেই হৈছে আগুৱাই যোৱাৰ পথ ।

শ্ৰী মোদীয়ে এই উপলক্ষ্যক বিশেষ আৰু স্মৰণীয় বুলি অভিহিত কৰে ।

প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যম 'এক্স'ত লিখিছে—

"বাস্তাৰত দীপাৱলী... ইয়াৰ সম্পূৰ্ণ কৃতিত্ব আমাৰ নিৰাপত্তা বাহিনীৰ !

নক্সালবাদ এতিয়া ইতিহাস ।

উন্নয়নেই আগুৱাই যোৱাৰ পথ ।  

আজিৰ দিনটো আছিল বিশেষ আৰু স্মৰণীয় ।"

"বাস্তাৰত দীপাৱলীৰ উৎসাহ-উদ্দীপনা সম্পূৰ্ণৰূপে পৰিলক্ষিত হৈছে !"

********

MJPS/SS/ST/DM


(ৰিলিজ আই ডি : 2334259) অতিথি কক্ষ : 13