পোষ্ট কৰা হৈছে:
08 NOV 2026 11:44AM by PIB Guwahati
অৰুণাচল প্ৰদেশৰ টাৱাং মঠত ভগৱান শাক্যমুনি বুদ্ধৰ পৱিত্ৰ ধাতুৰ সাতদিনীয়া প্ৰদৰ্শনীৰ ৭ নৱেম্বৰ ২০২৬ তাৰিখে সফল সামৰণি পৰে। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে অৰুণাচল প্ৰদেশ চৰকাৰ আৰু নতুন দিল্লীস্থিত আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ সংস্থাৰ (আই বি চি) সহযোগত আয়োজন কৰা এই প্ৰদৰ্শনীৰ সময়ছোৱাত গাডেন নামগিয়াল লাটছে (টাৱাং মঠ)ত মুঠ ৩১,০০০ ভক্ত আৰু দৰ্শনাৰ্থীয়ে উপস্থিত হৈ পৱিত্ৰ অৱশিষ্টৰ দৰ্শন লাভ কৰে।
উল্লেখ্য যে, ৩১ অক্টোবৰত নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ পৰা যথাযথ ব্যৱস্থাৰে পৱিত্ৰ অৱশিষ্টখিনি টাৱাঙলৈ অনা হৈছিল। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডুৱে কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটৰ উপস্থিতিত পৱিত্ৰ অৱশিষ্টখিনি আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে।
এই প্ৰদৰ্শনীৰ জৰিয়তে বৌদ্ধ ভিক্ষু, জ্যেষ্ঠ নাগৰিক আৰু সাধাৰণ ৰাইজে ভগৱান শাক্যমুনি বুদ্ধৰ পৱিত্ৰ অৱশিষ্ট দৰ্শন কৰাৰ লগতে শ্ৰদ্ধা নিবেদন আৰু প্ৰাৰ্থনা কৰাৰ সুযোগ লাভ কৰে। সাতদিন ধৰি টাৱাং মঠত ভক্তসকলৰ ব্যাপক সমাগম পৰিলক্ষিত হয়। টাৱাং জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া অঞ্চলৰ পৰাও বহু লোকে আহি পৱিত্ৰ অৱশিষ্টখিনি দৰ্শন কৰে। ভক্তসকলৰ এই বিপুল উপস্থিতিয়ে অঞ্চলটোৰ জনসাধাৰণৰ মাজত বৌদ্ধ ধৰ্ম আৰু ইয়াৰ ঐতিহ্যৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধা আৰু আস্থাকে প্ৰতিফলিত কৰিছে।
প্ৰদৰ্শনীৰ অংশ হিচাপে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডুৱে টাৱাং মঠত দুখন বিশেষ প্ৰদৰ্শনীৰো উদ্বোধন কৰে। আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ সংস্থাই (আই বি চি) আয়োজন কৰা ‘- পৱিত্ৰ পিপ্ৰাহৱাৰ উন্মোচন: বুদ্ধৰ পৱিত্ৰ অৱশিষ্ট আৰু ইয়াৰ আৱিষ্কাৰৰ কাহিনী’ (আনআৰ্থিং দ্য ছেক্ৰেড পিপ্ৰাহৱা: দ্য ষ্ট’ৰী অৱ দ্য হলি বুদ্ধ ৰেলিকছ এণ্ড দেয়াৰ ডিছকভাৰী) শীৰ্ষক প্ৰদৰ্শনীখনত ১৮৯৮ চনত পিপ্ৰাহৱাত বুদ্ধৰ পৱিত্ৰ অৱশিষ্টখিনি আৱিষ্কাৰৰ ঐতিহাসিক ঘটনাৰাজি দাঙি ধৰা হয়। আনহাতে, নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ে প্ৰস্তুত কৰা – ‘ধম্মৰ সংযোগস্থল: ধ্ৰুপদী ঐতিহ্য, জীৱন্ত কলা আৰু নৃতাত্ত্বিক দৃষ্টিভংগী’ (ক্ৰছৰোডছ অৱ ধম্মা: ক্লাছিকেল লিগেচিজ, লিভিং আৰ্ট এণ্ড এনথ্ৰ’প’লজিকেল পাৰ্ছপেক্টিভছ) শীৰ্ষক আনখন প্ৰদৰ্শনীত বৌদ্ধ ধৰ্মৰ ঐতিহাসিক, সাংস্কৃতিক আৰু কলাত্মক ঐতিহ্যৰ লগতে সমাজ আৰু সংস্কৃতিত ইয়াৰ চিৰন্তন প্ৰভাৱৰ বিভিন্ন দিশ উপস্থাপন কৰা হয়।
তাৰোপৰি, ২ নৱেম্বৰ ২০২৬ তাৰিখে আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ সংস্থাৰ উদ্যোগত টাৱাঙৰ কালাৱাংপো কনভেনচন চেণ্টাৰত ‘হিমালয় অঞ্চল আৰু ইয়াৰ পৰিসীমাৰ বাহিৰতো বৌদ্ধ ধৰ্মৰ প্ৰসাৰ’ (বুদ্ধিজম: ডিছেমিনেচন ইন দ্য হিমালয়ান ৰিজন এণ্ড বিয়ণ্ড) শীৰ্ষক এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হয়। সন্মিলনত ভাৰতকে ধৰি কেইবাখনো দেশৰ বৌদ্ধ পণ্ডিত, ধৰ্মীয় নেতা আৰু প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। হিমালয় অঞ্চলৰ লগতে ইয়াৰ বাহিৰতো বৌদ্ধ ধৰ্মৰ শিক্ষা আৰু ঐতিহ্যৰ প্ৰসাৰ তথা সংৰক্ষণৰ বিভিন্ন দিশ সন্দৰ্ভত সন্মিলনত আলোচনা কৰা হয়।
৭ নৱেম্বৰত টাৱাঙত পৱিত্ৰ অৱশিষ্টখিনি প্ৰদৰ্শনীৰ সামৰণিৰ পিছত পৰৱৰ্তী পৰ্যায়ৰ প্ৰদৰ্শনীৰ বাবে ব’মডিলালৈ নিয়া হ’ব। ৮ নৱেম্বৰ ২০২৬ তাৰিখে ভাৰতীয় বায়ুসেনাৰ বিমানেৰে ধাতুখিনি ব’মডিলালৈ লৈ যোৱা হ’ব। আপাৰ গোম্পাত কিছু সময়ৰ বাবে ৰখাৰ পিছত বমডিলাৰ টি জি এল মঠ (লোয়াৰ গোম্পা)ত পৱিত্ৰ ধাতুখিনি স্থাপন কৰা হ’ব। ৮ৰ পৰা ১৩ নৱেম্বৰলৈকে ভক্ত আৰু দৰ্শনাৰ্থীসকলে মঠটোত পৱিত্ৰ ধাতুৰ দৰ্শন লাভ কৰিব পাৰিব।
ইয়াৰ পিছত অৱশিষ্টখিনি নামচাইৰ গোল্ডেন পেগোডালৈ নিয়া হ’ব। ১৪ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰ ২০২৬ তাৰিখলৈকে তাতো ভক্ত আৰু দৰ্শনাৰ্থীসকলে অৱশিষ্টখিনিৰ দৰ্শন লাভ কৰিব পাৰিব। ইয়াৰ পিছত ২১ নৱেম্বৰত অৱশিষ্টখিনি পুনৰ নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়লৈ ঘূৰাই নিয়া হ’ব।
এই পৱিত্ৰ অৱশিষ্টৰ প্ৰদৰ্শনীয়ে ভাৰতৰ সমৃদ্ধ বৌদ্ধ ঐতিহ্য সংৰক্ষণ আৰু প্ৰসাৰৰ লগতে বিশ্বৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ সৈতে দেশৰ সাংস্কৃতিক আৰু আধ্যাত্মিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ নিৰন্তৰ প্ৰতিশ্ৰুতিকে প্ৰতিফলিত কৰিছে।




***
M Annadurai/MS