ফাৰ্মাচিউটিকেল বিভাগ
azadi ka amrit mahotsav

৯ নৱেম্বৰৰ পৰা কাৰ্যকৰী হ’ব কৰ্কট ৰোগৰ ঔষধৰ সংশোধিত মূল্য


বিভিন্ন ব্ৰেণ্ডৰ সহস্ৰাধিক ঔষধৰ মূল্য যথেষ্ট হ্ৰাস

উপভোক্তাসকলৰ আনুমানিক বাৰ্ষিক সঞ্চয় ৩৫০০ কোটি টকাতকৈ অধিক হোৱাৰ সম্ভাৱনা

পোষ্ট কৰা হৈছে: 07 NOV 2026 3:51PM by PIB Guwahati

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ প্ৰাধিকৰণে (এন পি পি এ) ১৩৭ বিধ কৰ্কট ৰোগৰ ঔষধৰ সৰ্ব্বোচ্চ খুচুৰা বিক্ৰীমূল্যৰ ওপৰত বাণিজ্যিক উচ্চসীমা নিৰ্ধাৰণ কৰিছে। এই প্ৰাধিকৰণৰ কাম-কাজ ঔষধ বিভাগ, ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ অধীনত সম্পন্ন হয়। এই সিদ্ধান্ত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনস্থ স্বাস্থ্য সেৱা সঞ্চালকালয় (ডি জি এইচ এচ)এ গঠন কৰা বিশেষজ্ঞ সমিতিৰ পৰামৰ্শৰ ভিত্তিত লোৱা হৈছে। এই সমিতিখন ২০২৬ চনৰ ১৭ অক্টোবৰ তাৰিখে গঠন কৰা হয়। এই ঔষধসমূহৰ সংশোধিত মূল্য ২০২৬ চনৰ ৯ নৱেম্বৰ তাৰিখৰ পৰা কাৰ্যকৰী হ'ব।

 

আজিৰ তাৰিখলৈকে, ৭৬ টা ঔষধ প্ৰতিষ্ঠানে ১২২৫ টা কৰ্কট ৰোগৰ ঔষধৰ সংশোধিত সৰ্বোচ্চ খুচুৰা বিক্ৰীমূল্য প্ৰকাশ কৰিছে। এই সূত্ৰসমূহে ১২১বিধ ঔষধ সামৰি লৈছে। ইয়াৰ ভিতৰত, ১০৩১ টা কৰ্কট ৰোগৰ ঔষধৰ ক্ষেত্ৰত সৰ্ব্বোচ্চ খুচুৰা বিক্ৰী মূল্য হ্ৰাস হোৱা বুলি জনোৱা হৈছে। ইয়াৰে ৬০০ টা ব্ৰেণ্ডে ৫০% তকৈ অধিক হ্ৰাসৰ কথা প্ৰকাশ কৰিছে।

সৰ্বাধিক হ্ৰাসৰ পৰিমাণ হৈছে ৯৬.৪৫%। ইয়াৰ উপৰি, চিনাক্ত কৰা ১৩৭বিধ কৰ্কট ৰোগৰ ঔষধৰ ভিতৰত ১০ৰ পৰা ১৫বিধ ঔষধ এতিয়াও ভাৰতত মুকলি কৰা হোৱা নাই। অৱশ্যে এই ঔষধসমূহ মুকলি কৰাৰ লগে লগে ইয়াৰ ওপৰতো ট্ৰেড মাৰ্জিন ৰেচনেলাইজেচন (টি এম আৰ) প্ৰযোজ্য হ'ব।

 

২০২৬ চনৰ ৯ নৱেম্বৰ তাৰিখৰ পৰা কাৰ্যকৰী হ'বলগীয়া মূল্য হ্ৰাসৰ ফলত গ্ৰাহকসকলে বছৰি আনুমানিক ৩,৫০২.৩১ কোটি টকা সঞ্চয় কৰিব পাৰিব।

 

সংশোধিত মূল্যৰ সৈতে প্ৰধান কৰ্কট ৰোগৰ ঔষধৰ ব্ৰেণ্ডসমূহৰ তালিকা

Foঔষধৰ প্ৰস্তুত সূত্ৰ

ব্ৰেণ্ডৰ নাম

প্ৰতিষ্ঠানৰ নাম

পুৰণি সৰ্ব্বোচ্চ বিক্ৰী মুল্য

সংশোধিত সৰ্ব্বোচ্চ বিক্ৰী মুল্য

Beভেকিজুমেব ১০০ এমজি ইনজেকচন: হাওঁফাওঁ, কোলন, ডিম্বাশয় আৰু জৰায়ুৰ বাবে ব্যৱহৃত Cancer

ব্ৰিক্সটা

জাইডাছ লাইফচাইঞ্চেছ লিমিটেড

২৫,৯৯৫.০০

৩,৩১৮.০০

বেভাচিৰেল

ৰিলায়েন্স লাইফ চাইঞ্চেছ প্ৰাইভেট লিমিটেড

২৪,০৭৯.০০

৩,৯৮৫.০০

চিজুমেব

হেটেৰ’ হেল্থকেয়াৰ লিমিটেড

১৫,৬৫৮.০০

৩,১০৩.০০

ভাৰ্ছাভ’

ড° ৰেড্ডীজ লেবৰেটৰীজ লিমিটেড

৭,৬৮৬.০০

৩,৫০৪.২৩

ডেন’ছুমেব ৬০ এমজি ইনজেকচন: স্তন আৰু প্ৰ’ষ্টেট কৰ্কট ৰোগৰ বাবে ব্যৱহৃত (হাড়ৰ ক্ষয় ৰোধ কৰে)

ডেনঅ’ষ্টিঅ’ৰেল

ৰিলায়েন্স লাইফ চাইঞ্চেছ প্ৰাইভেট লিমিটেড

২৪,৯৫৫.০০

৬,২৪০.০০

ডেব্ৰুমেব

আৰ পি জি লাইফ চাইঞ্চেছ লিমিটেড

২২,০৩১.২৫

৫,৯৪১.০০

ডেন’ক্লাষ্ট

জাইডাছ লাইফচাইঞ্চেছ লিমিটেড

১৯,৬৮৭.৫০

৭,৩৩৪.৮৪

ৰ’জেল

ইণ্টাছ ফাৰ্মাচিউটিকেলছ লিমিটেড

১৫,৪৫৮.৪০

৬,৮২৫.৫০

Abiraএবিৰাটেৰ’ন এচিটেট ২৫০ এমজি টেবলেট: প্ৰ’ষ্টেট কৰ্কট ৰোগৰ বাবে ব্যৱহৃত

এবিৰ’ন

আৰভিনকেয়াৰ ফাৰ্মা প্ৰাইভেট লিমিটেড

৪১,২৫০.০০

৩,২১৮.২৩

এবিৰাট

খাণ্ডেলৱাল লেবৰেটৰীজ প্ৰাইভেট লিমিটেড

৩৬,০৮৮.৮১

৪,০৬৪.৪৮

আহাবিৰ

হেটেৰ’ হেল্থকেয়াৰ লিমিটেড

৩৩,৮৭৬.৫০

৪,৯২৫.০০

এবিৰাপ্ৰ’

গ্লেনমাৰ্ক ফাৰ্মাচিউটিকেলছ লিমিটেড

২৮,৭৪৪.০০

৫,৭৬৮.০০

Pegfilপেগফিলগ্ৰাষ্টিম ৬ এমজি ইনজেকচন: কৰ্কট ৰোগীৰ ক্ষেত্ৰত নিউট্ৰ’পেনিয়া প্ৰতিৰোধ কৰিবলৈ ব্যৱহৃত

পিইজি ফিল্টাৰ’

হেটেৰ’ হেল্থকেয়াৰ লিমিটেড

৯,০৯৩.০০

১,৬৩১.০০

পেগ-ৰেলিগ্ৰাষ্ট

ৰিলায়েন্স লাইফ চাইঞ্চেছ প্ৰাইভেট লিমিটেড

৫,৩৩১.০০

১,২৫৮.০০

পেগেক্স

জেন’ভা বায়’ফাৰ্মাচিউটিকেলছ লিমিটেড

৬,২৭০.৪৫

১,৫২৭.৭৮

পেগ ফ্ৰাষ্টিম

আৰ পি জি লাইফ চাইঞ্চেছ লিমিটেড

৬,৬৬০.৮৫

১,৮০৭.০০

Azaciআজাচিটিডিন ১০০ এমজি ইনজেকচন: তেজৰ কৰ্কট ৰোগৰ বাবে ব্যৱহৃত

আজাটিৰেল

ৰিলায়েন্স লাইফ চাইঞ্চেছ প্ৰাইভেট লিমিটেড

৭,৭৯০.০০

১,৩৯৭.০০

আজাডিন

ইণ্টাছ ফাৰ্মাচিউটিকেলছ লিমিটেড

৫,৯৬৪.৭০

১,১৯৯.৫০

আজাচাইটিন

ড° ৰেড্ডীজ লেবৰেটৰীজ লিমিটেড

৬,৩৩৭.০০

১,৪৯৫.০৪

আজাডুৱেল ১০০

এম এছ এন লেবৰেটৰীজ প্ৰাইভেট লিমিটেড

৪,৮৫২.০৩

১,২০৭.৮০

Enzalএনজালুটামাইড ৪০ এমজি কেপচুল: প্ৰ’ষ্টেট কৰ্কট ৰোগৰ বাবে ব্যৱহৃত

এনজেপ্টৰ ৪০

হালষ্টেড ফাৰ্মা প্ৰাইভেট লিমিটেড

২০,৬২৫.০০

২,৪৭৫.৬০

এক্সটাইড

এৰিছ লাইফচাইঞ্চেছ লিমিটেড

১০,৮২৮.১২

১,৭২৯.২১

এনজুটা

এমকিউৰ ফাৰ্মাচিউটিকেলছ লিমিটেড

২০,৬৬৭.০০

৪,১৫৭.৬৫

এনজামাইড

ইণ্টাছ ফাৰ্মাচিউটিকেলছ লিমিটেড

১০,৭৮১.২৫

৩,৫৩৬.৫০

Fulvesফুলভেষ্ট্ৰাণ্ট ২৫০ এমজি ইনজেকচন: স্তন কৰ্কট ৰোগৰ বাবে ব্যৱহৃত

ফাছনৰ্ম

এৰিছ লাইফচাইঞ্চেছ লিমিটেড

৩০,৪২১.৮৭

৩,৬৭১.৭৩

ফুলজ’ছ

হেটেৰ’ হেল্থকেয়াৰ লিমিটেড

১৬,৫০০.০০

৩,২১৫.০০

ফুলভিৰা

এমকিউৰ ফাৰ্মাচিউটিকেলছ লিমিটেড

১৬,৬৯৪.৯৫

৩,৯০০.৪১

ফিষ্টেণ্ট ইনজ

এডলি ফৰ্মুলেচনছ প্ৰাইভেট লিমিটেড

২২,৬০০.০০

৬,০৩১.৫০

Palboপালব’চিক্লিব ১২৫ এমজি কেপচুল: স্তন কৰ্কট ৰোগৰ বাবে ব্যৱহৃত

পালব’প্ৰ’

আৰ পি জি লাইফ চাইঞ্চেছ লিমিটেড

৪০,৪২১.৩৩

২,৭২০.০০

পালব’মেড

মেডিকামেন বায়’টেক লিমিটেড

১৩,৫০০.০০

২,৩০২.০০

পিকলিব

হেটেৰ’ হেল্থকেয়াৰ লিমিটেড

৭,৮০১.৫০

২,০৫৮.০০

পালব’ৰেষ্ট ১২৫

এম এছ এন লেবৰেটৰীজ প্ৰাইভেট লিমিটেড

২,২৪৬.০০

৭৯১.৮০

পেমেট্ৰেক্সড ৫০০ এমজি ভায়েল: হাওঁফাওঁৰ কৰ্কট ৰোগৰ বাবে ব্যৱহৃত

ৰেলিট্ৰেক্সড

ৰিলায়েন্স লাইফ চাইঞ্চেছ প্ৰাইভেট লিমিটেড

৯,৯৭৭.০০

১,১১৩.০০

পেমেট’মেড

মেডিকামেন বায়’টেক লিমিটেড

৫,০৬২.০০

৯৪০.০০

এডপেম ৫০০

এডলি ফৰ্মুলেচনছ প্ৰাইভেট লিমিটেড

৫,৪৯৯.০০

১,০৩৫.০৫

পেমজেম

ড° ৰেড্ডীজ লেবৰেটৰীজ লিমিটেড

৭,০৩২.০০

৩,৪০৮.৬৪

Pertuপাৰ্টুজুমেব ৪২০ এমজি ইনজেকচন: স্তন কৰ্কট ৰোগৰ বাবে ব্যৱহৃত

লুপিহাৰ ২

লুপিন লিমিটেড

৮৩,৫২০.০০

৩৭,৩৫৮.৩৫

ৱ’মেব

ড° ৰেড্ডীজ লেবৰেটৰীজ লিমিটেড

৭৪,৯৯২.৫০

৫৩,৭০৮.১৯

তালিকাভুক্ত নোহোৱা কৰ্কট ৰোগৰ ঔষধৰ ট্ৰেড মাৰ্জিন ৰেচনেলাইজেচন (টি এম আৰ) চৰকাৰে গ্ৰহণ কৰা এক গুৰুত্বপূৰ্ণ পদক্ষেপ।কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় কৰ্কট ৰোগৰ ঔষধসমূহৰ ক্ৰয় ক্ষমতা আৰু উপলব্ধতা উন্নত কৰাৰ বাবে চৰকাৰে এই প্ৰচেষ্টা অব্যাহত ৰাখিছে।

 

২০২৬ চনৰ ১৭ অক্টোবৰ তাৰিখৰ এছ অ' ৫৬৯০ (ই) অধিসূচনাখন পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বলৱৎ হৈ থাকিব।

অৱশ্যে, নিৰ্মাতাসকলে ঔষধ (মূল্য নিয়ন্ত্ৰণ) আদেশ, ২০১৩ ৰ ২০(১) অনুচ্ছেদৰ বিধান অনুসৰি বাৰ্ষিক মূল্য বৃদ্ধিৰ সুবিধা ল'ব পাৰিব। ইয়াৰ বাবে  অনুমোদিত সৰ্বাধিক ৩০%  বাণিজ্যিক সীমা  মানি চলিব লাগিব।

 প্ৰতিগৰাকী খুচুৰা বিক্ৰেতা, বিক্ৰেতা, চিকিৎসালয় আৰু প্ৰতিষ্ঠানে কৰ্কট ৰোগৰ ঔষধৰ সংশোধিত সৰ্বোচ্চ খুচুৰা বিক্ৰী মূল্যৰ তালিকাখন তেওঁলোকৰ ৱেবছাইটত তথা চৌহদত স্পষ্টভাৱে প্ৰদৰ্শন কৰিব লাগিব। এন পি পি এ-ৰ অধিসূচনা অনুসৰি, ৰাজ্যিক ঔষধ নিয়ন্ত্ৰকসকলে প্ৰস্তুতকৰ্তা, বিক্ৰেতা, চিকিৎসালয় আৰু চিকিৎসা প্ৰতিষ্ঠানসমূহে নিয়ম মানি চলিছে নে নাই তাক নিৰীক্ষণ কৰিব। গ্ৰাহকসকলে 'ফাৰ্মা সহী দাম' মোবাইল এপ্লিকেচন আৰু এন পি পি এ-ৰ ৱেবছাইট (www.nppa.gov.in) ৰ জৰিয়তে প্ৰযোজ্য মূল্য পৰীক্ষা কৰিব পাৰিব। সংশোধিত মূল্য মানি নচলা বা উলংঘা কৰাৰ বিষয়ে তেওঁলোকে কৰ্তৃপক্ষক অৱগত কৰিব পাৰিব।

 

অভিযোগসমূহ নিম্নলিখিত মাধ্যমসমূহৰ জৰিয়তে দাখিল কৰিব পাৰি:

ই-মেইল: monitoring-nppa[at]gov[dot]in

হেল্পলাইন: ১৮০০-১১-১২৫৫

ডাক: উপ সঞ্চালক, পৰ্য্যবেক্ষণ, এন পি পি এ, তৃতীয় মহলা, ৱাই এম চি অ সাংস্কৃতিক কেন্দ্ৰ ভৱন, ১ জয় সিং মাৰ্গ,  নতুন দিল্লী – ১১০০০১.

 

PC/PM/DD


(ৰিলিজ আই ডি : 2334214) অতিথি কক্ষ : 5