পোষ্ট কৰা হৈছে:
08 NOV 2026 10:22AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰাপত্তা বাহিনীৰ জোৱানসকলৰ সৈতে দীপাৱলী উদযাপন কৰিবলৈ আৰু দেশৰ প্ৰতি তেওঁলোকৰ ত্যাগ, নিঃস্বাৰ্থ সেৱা তথা অটল নিষ্ঠাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবলৈ চত্তীশগড়ৰ বাস্তাৰ অভিমুখে যাত্ৰা কৰিছে।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এসময়ত নক্সালবাদৰ দ্বাৰা প্ৰভাৱান্বিত বাস্তাৰ অঞ্চলত বৰ্তমান উন্নয়নৰ ধাৰা প্ৰবাহিত হৈছে।
সামাজিক মাধ্যম ‘এক্স’ত প্ৰকাশ কৰা এটা বাৰ্তাত শ্ৰী মোদীয়ে কয়—
“আমাৰ সাহসী নিৰাপত্তাৰক্ষীসকলৰ সৈতে দীপাৱলী উদযাপন কৰিবলৈ বাস্তাৰলৈ যাত্ৰা কৰিছোঁ। এয়া এনে এখন অঞ্চল, য’ত এসময়ত নক্সালবাদৰ প্ৰভাৱ আছিল আৰু বৰ্তমান উন্নয়নৰ ধাৰা প্ৰবাহিত হৈছে।
দেশৰ প্ৰতি আমাৰ সাহসী নিৰাপত্তাৰক্ষীসকলৰ ত্যাগ, নিঃস্বাৰ্থ সেৱা আৰু অটল নিষ্ঠাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবলৈ মই তালৈ গৈ আছোঁ।পৱিত্ৰ দীপাৱলী উপলক্ষ্যে বাস্তাৰলৈ গৈ আছোঁ।য’ত এসময়ত নক্সালবাদীৰ সন্ত্ৰাসে বিৰাজ কৰিছিল, তাত আজি উন্নয়নৰ জোৱাৰ উঠিছে। বীৰ জোৱানসকলৰ বীৰত্ব, বলিদান, ত্যাগ আৰু তপস্যাৰ প্ৰতি মোৰ সশ্ৰদ্ধ প্ৰণাম নিবেদন কৰিবলৈ গৈ আছোঁ।”
***
MJPS/SS/ST/DM