তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

১.৬৩ লাখ কিলোগ্ৰামতকৈ অধিক আৱৰ্জনা নিষ্কাশন আৰু ৪০,২৭৮ বৰ্গফুট কাৰ্যালয়ৰ স্থান মুকলি কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে সফলতাৰে বিশেষ অভিযান ৬.০ সম্পূৰ্ণ কৰে

পোষ্ট কৰা হৈছে: 06 NOV 2026 1:55PM by PIB Guwahati

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ২ অক্টোবৰৰ পৰা ৩১ অক্টোবৰ ২০২৬লৈকে ৰূপায়ণ কৰা বিশেষ অভিযান ৬.০ সফলতাৰে সম্পূৰ্ণ কৰিছে। মন্ত্ৰালয় আৰু ইয়াৰ কাৰ্যালয় তথা সংবাদ মাধ্যমৰ গোটসমূহত পৰিচ্ছন্নতা উন্নত কৰা, নথি-পত্ৰ ব্যৱস্থাপনা সুশৃংখলিত কৰা আৰু বাকী থকা কামৰ বোজা হ্ৰাস কৰাত এই অভিযানত গুৰুত্ব আৰোপ কৰা হৈছিল।

অভিযানৰ সময়ছোৱাত মন্ত্ৰালয়ে ১,৬৩,২১৩ কিলোগ্ৰাম আৱৰ্জনা নিষ্কাশন কৰি ৪০,২৭৮ বৰ্গফুট কাৰ্যালয়ৰ স্থান মুকলি কৰে। ইয়াৰ লগতে মুঠ ৩৫খন বাহন ব্যৱহাৰৰ অনুপযোগী ঘোষণা কৰা হয়। এই অভিযানৰ অধীনত ১,৩৪৮টা বাহিৰৰ স্থানৰ পৰিচ্ছন্নতা অভিযান চলোৱা হয় আৰু ইয়াৰ জৰিয়তে ১,৫১৯টা স্থান পৰিষ্কাৰ কৰা হয়।

নথি-পত্ৰ ব্যৱস্থাপনা আৰু বাকী থকা বিষয়সমূহ নিষ্পত্তিৰ ক্ষেত্ৰতো উল্লেখযোগ্য অগ্ৰগতি সাধন কৰা হয়। মুঠ ৩৯,৫৪৫টা ভৌতিক ফাইল পৰ্যালোচনা কৰা হয়, যাৰ ভিতৰত ৮,৮২৩টা বাতিল কৰা হয়। একেদৰে, ১২,৬০৯টা ই-ফাইল পৰ্যালোচনা কৰা হয় আৰু অভিযানৰ সময়ছোৱাত ১১,১৯৯টা ফাইল বন্ধ কৰা হয়।

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ, ৰে’ল আৰু ইলেক্ট্ৰনিকছ তথা তথ্য প্ৰযুক্তি মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে অভিযানৰ প্ৰস্তুতিমূলক পৰ্যায়ত মন্ত্ৰালয় আৰু ইয়াৰ সংবাদ মাধ্যমৰ গোটসমূহৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ নিম্নতম ক্ষেত্ৰ পৰ্যায়ৰ গোটসমূহকে ধৰি প্ৰতিটো কাৰ্যালয়ক অভিযানৰ পৰিসৰৰ অন্তৰ্ভুক্ত কৰাটো নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লগতে, ২০২৬ চনৰ ৩১ অক্টোবৰৰ পাছতো পৰিচ্ছন্নতা অভিযান অব্যাহত ৰাখি ইয়াক বছৰজোৰা পদক্ষেপ হিচাপে ৰূপায়ণ কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ জনসাধাৰণৰ সৈতে প্ৰত্যক্ষভাৱে সম্পৰ্কিত কাৰ্যালয়সমূহক উচ্চ অগ্ৰাধিকাৰ দিয়াৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী চঞ্চল কুমাৰে অভিযানৰ অগ্ৰগতি নিৰন্তৰভাৱে পৰ্যালোচনা কৰে। তেওঁ গুৰুত্ব আৰোপ কৰে যে সংবাদ মাধ্যমৰ গোটসমূহে পৰিচ্ছন্নতাক নিয়মীয়া অভ্যাস হিচাপে গঢ়ি তুলিব লাগে আৰু ‘স্বচ্ছতা হি সেৱা’ৰ মনোভাৱ অভিযানৰ সময়সীমাৰ পাছতো অব্যাহত ৰাখি ইয়াক বছৰজোৰা দায়বদ্ধতা আৰু প্ৰতিষ্ঠানিক সংস্কৃতিৰ অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তুলিব লাগে।

দেশৰ বিভিন্ন প্ৰান্তৰ আকাশবাণী কেন্দ্ৰসমূহে কেইবাটাও কাৰ্যকলাপ ৰূপায়ণ কৰে। ইয়াৰ ভিতৰত কলকাতাত পুৰণি ফাইল আৰু কাগজ-পত্ৰ নিষ্কাশন, কটকত অৱহেলিত হৈ থকা এজোপা বটগছৰ চৌপাশৰ এলেকা পুনৰুদ্ধাৰ আৰু গুজৰাটৰ হিম্মতনগৰত আৱৰ্জনাৰ পৰা সম্পদ সৃষ্টিৰ পদক্ষেপ উল্লেখযোগ্য। হিম্মতনগৰত পেলনীয়া পুৰণি ডিছ এখনক নিৰাপত্তাৰক্ষীসকলৰ বহাৰ স্থানলৈ ৰূপান্তৰ কৰা হয়। আকাশবাণী যোধপুৰেও আৱৰ্জনা নিষ্কাশনৰ কাৰ্যকলাপ ৰূপায়ণ কৰে। আনহাতে, ভুৱনেশ্বৰৰ এনএবিএমত শিশুৰ উদ্যান পৰিষ্কাৰ কৰাৰ অভিযানৰ আয়োজন কৰা হয়।

আৱৰ্জনাৰ পৰা সম্পদ সৃষ্টি: গুজৰাটৰ আকাশবাণী হিম্মতনগৰত পুৰণি পেলনীয়া ডিছ এখনক নিৰাপত্তাৰক্ষীসকলৰ বহাৰ স্থানলৈ ৰূপান্তৰ কৰা হয়

অভিযানৰ সময়ছোৱাত আন কেইবাটাও সংবাদ মাধ্যমৰ গোটে পৰিচ্ছন্নতা আৰু সৌন্দৰ্যবৰ্ধনৰ ক্ষেত্ৰত উদ্ভাৱনীমূলক পদক্ষেপ গ্ৰহণ কৰে। আইআইএমচি, কোট্টায়ামে দেৱালত চিত্ৰ অংকনৰ জৰিয়তে চৌহদৰ সৌন্দৰ্যবৰ্ধন কৰে। আনহাতে, দূৰদৰ্শন কেন্দ্ৰ শ্ৰীনগৰে শংকৰাচাৰ্য পাহাৰত বন বিভাগ আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ (চিআৰপিএফ) সৈতে যুটীয়াভাৱে পৰিচ্ছন্নতা অভিযান চলায়। দূৰদৰ্শন কেন্দ্ৰ ডেৰাডুন, আহমেদাবাদৰ প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰ’ (পিআইবি) আৰু কেন্দ্ৰীয় যোগাযোগ ব্যুৰ’ (চিবিচি)ৰ কাৰ্যালয়সমূহৰ লগতে নতুন দিল্লীৰ প্ৰকাশন বিভাগৰ সঞ্চালকালয়তো পৰিচ্ছন্নতা অভিযান চলোৱা হয়।

আইআইএমচি, কোট্টায়ামৰ উদ্যোগত চৌহদৰ দেৱালত চিত্ৰ অংকনৰ জৰিয়তে সৌন্দৰ্যবৰ্ধন

পৰিচ্ছন্নতাৰ বিষয়ে সজাগতা বিয়পোৱা আৰু জনসাধাৰণৰ অংশগ্ৰহণ উৎসাহিত কৰাৰ উদ্দেশ্যে ছপা, বৈদ্যুতিন আৰু সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ আৰু জনসংযোগমূলক কাৰ্যকলাপ ৰূপায়ণ কৰা হয়।

বিশেষ অভিযান ৬.০ৰ সফল সমাপ্তিয়ে প্ৰতিষ্ঠানিক পৰিচ্ছন্নতা, দক্ষ নথি-পত্ৰ ব্যৱস্থাপনা, বাকী থকা বিষয়সমূহৰ সময়মতে নিষ্পত্তি আৰু উন্নত জনসেৱা প্ৰদানৰ প্ৰতি মন্ত্ৰালয়ৰ অব্যাহত দায়বদ্ধতা প্ৰতিফলিত কৰিছে।

 

*****

Mahesh Kumar/ Vivek Vishwash/AA


(ৰিলিজ আই ডি : 2333637) অতিথি কক্ষ : 5