গ্ৰামোন্নয়ণ মন্ত্ৰালয়
azadi ka amrit mahotsav

গ্ৰামোন্নয়ন বিভাগ আৰু পশুপালন আৰু দুগ্ধ বিভাগে ভিবি–জি ৰাম জি (VB–G RAM G) আঁচনিৰ অধীনত পশুখাদ্যৰ উৎপাদন বৃদ্ধি, পশুধন সম্পৰ্কীয় আন্তঃগাঁথনি শক্তিশালীকৰণ আৰু গ্ৰাম্য জীৱিকাৰ উন্নয়নৰ লক্ষ্যৰে একেলগে কাম কৰাৰ বাবে সহযোগিতাৰ হাত আগবঢ়াইছে

গ্ৰামাঞ্চলত পশুখাদ্যৰ উপলব্ধতা বৃদ্ধি আৰু পশুধনৰ উন্নয়নত উৎসাহ যোগোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহলৈ যুটীয়া পৰামৰ্শাৱলী জাৰি কৰিছে।

পশুখাদ্যৰ খেতি, চৰণীয়া পথাৰৰ উন্নয়ন, দুগ্ধ উৎপাদন সম্পৰ্কীয় আন্তঃগাঁথনি আৰু পশু চিকিৎসা সেৱাৰ সুবিধা সম্প্ৰসাৰণৰ বাবে ২২ বিধ অনুমোদিত কাম চিনাক্ত কৰা হৈছে

পশুখাদ্যৰ সুৰক্ষা, পশুধনৰ উন্নয়ন আৰু বহনক্ষম গ্ৰাম্য জীৱিকাৰ বিকাশত বিকশিত গাঁও পঞ্চায়ত পৰিকল্পনাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

পোষ্ট কৰা হৈছে: 05 NOV 2026 10:22AM by PIB Guwahati

গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ অধীনস্থ গ্ৰামোন্নয়ন বিভাগ (DoRD) আৰু মীনপালন, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰালয়ৰ অধীনস্থ পশুপালন আৰু দুগ্ধ উৎপাদন বিভাগে (DAHD) যুটীয়াভাৱে সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চললৈ  পৰামৰ্শাৱলী জাৰি কৰিছে। ইয়াৰ লক্ষ্য হৈছে বিকশিত ভাৰত–ৰোজগাৰ আৰু আজীৱিকা মিছন (গ্ৰামীণ) (VB–G RAM G) আইন, ২০২৫ৰ অধীনত বিভিন্ন আঁচনিৰ মাজত সমন্বয় স্থাপনৰ জৰিয়তে পশুখাদ্যৰ সুৰক্ষা, চৰণীয়া পথাৰৰ উন্নয়ন আৰু পশুপালনক সহায়ক আন্তঃগাঁথনি শক্তিশালী কৰা।

এই পদক্ষেপে পশুখাদ্যৰ নাটনি দূৰ কৰা, পশুপালন সম্পৰ্কীয় আন্তঃগাঁথনি শক্তিশালী কৰা আৰু গ্ৰাম্য পৰিয়ালসমূহৰ জীৱিকাৰ সহায় কৰাৰ বাবে চৰকাৰৰ সকলো বিভাগৰ মাজত সমন্বিত প্ৰচেষ্টাৰ পন্থা গ্ৰহণ কৰিছে। বিশেষকৈ পশুপালন আৰু দুগ্ধ উৎপাদন কাৰ্যকলাপৰ ওপৰত নিৰ্ভৰশীল ক্ষুদ্ৰ আৰু উপান্ত কৃষক তথা ভূমিহীন পৰিয়ালসমূহক ইয়াৰ জৰিয়তে সহায় কৰাৰ লক্ষ্য লোৱা হৈছে। এই পদক্ষেপৰ উদ্দেশ্য হৈছে আইনখনৰ বিধান আৰু পৰিকল্পনা কাৰ্যপ্ৰণালী মানি চলাৰ লগতে গ্ৰাম্য নিয়োগ আৰু সম্পদ সৃষ্টিৰ কাৰ্যসূচীসমূহক পশুপালন খণ্ডৰ প্ৰয়োজনীয়তাৰ সৈতে সামঞ্জস্যপূৰ্ণ কৰা।

২০২৬ চনৰ ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱা VB–G RAM G আইনখনে প্ৰতিটো গ্ৰাম্য পৰিয়ালৰ বাবে বছৰি ১২৫ দিনৰ মজুৰিভিত্তিক কৰ্মসংস্থাপনৰ আইনী নিশ্চয়তা প্ৰদান কৰিছে। এই আইনখনে জীৱিকাৰ সৈতে জড়িত আন্তঃগাঁথনিৰ উন্নয়ন আৰু চৰম বতৰৰ পৰিঘটনাৰ প্ৰভাৱ হ্ৰাস কৰাকে ধৰি চাৰিটা বিষয়ভিত্তিক ক্ষেত্ৰত স্থায়ী সম্পদ সৃষ্টিত গুৰুত্ব আৰোপ কৰিছে। যুটীয়া পৰামৰ্শাৱলীৰ জৰিয়তে এই কাৰ্যপ্ৰণালী ব্যৱহাৰ কৰি পশুখাদ্য উৎপাদনত উৎসাহ যোগোৱা, সামূহিক চৰণীয়া পথাৰৰ উন্নয়ন আৰু পশুপালনক সহায়ক আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্য লোৱা হৈছে।

পশুখাদ্য আৰু পশুপালন সম্পৰ্কীয় আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে ২২ বিধ অনুমোদিত কাম চিনাক্ত কৰা হৈছে।

পৰামৰ্শাৱলীত VB–G RAM G কাৰ্যপ্ৰণালীৰ অধীনত অনুমোদিত ৩৭৫ বিধ কামৰ তালিকাৰ পৰা ২২ বিধ প্ৰাসংগিক কাম চিনাক্ত কৰা হৈছে। এইসমূহৰ ভিতৰত পশুখাদ্যৰ খেতি আৰু সংৰক্ষণ, চৰণীয়া পথাৰৰ উন্নয়ন, পশুধনৰ আশ্ৰয়স্থল নিৰ্মাণ, দুগ্ধ উৎপাদন সম্পৰ্কীয় আন্তঃগাঁথনিৰ উন্নয়ন আৰু পশু চিকিৎসা তথা স্বাস্থ্যসেৱাৰ সুবিধা সম্প্ৰসাৰণৰ সৈতে জড়িত বিভিন্ন কাৰ্য অন্তৰ্ভুক্ত কৰা হৈছে।

মুখ্য পদক্ষেপসমূহৰ ভিতৰত আছে:

• ব্যক্তিগত পৰিয়াল আৰু সামূহিক পৰ্যায়ত পশুখাদ্যৰ খেতি।
• সামূহিক পশুখাদ্যৰ সম্পদ, চৰণীয়া পথাৰ, পশুচাৰণ ভূমি আৰু বনভিত্তিক পশুখাদ্য উৎপাদন ব্যৱস্থাৰ (Silvipasture) উন্নয়ন।
• পশুখাদ্য সংৰক্ষণৰ সুবিধা, পশুখাদ্য বেংক, সংৰক্ষিত পশুখাদ্য (Silage) প্ৰস্তুতকৰণ গোট আৰু পশুখাদ্য সম্পৰ্কীয় অন্যান্য অনুমোদিত সম্পদৰ সৃষ্টি।
• অনুমোদিত হিতাধিকাৰী আৰু সম্প্ৰদায়সমূহৰ বাবে পশুধনৰ আশ্ৰয়স্থল নিৰ্মাণ, মেৰামতি আৰু ৰক্ষণাবেক্ষণ। অনুমোদিত তালিকাত নিৰ্ধাৰণ কৰা অনুসৰি ইয়াৰ ভিতৰত গৰু, ছাগলী, গাহৰি আৰু হাঁহ-কুকুৰাৰ আশ্ৰয়স্থল অন্তৰ্ভুক্ত।
• সামূহিক গাখীৰ সংগ্ৰহ কেন্দ্ৰ নিৰ্মাণ আৰু মেৰামতি।
• সামূহিক পশু চিকিৎসা আৰু স্বাস্থ্যসেৱা কেন্দ্ৰ নিৰ্মাণ আৰু মেৰামতি।
• সামূহিক গৰু আৰু অন্যান্য পশুধনৰ পানী খোৱাৰ পাত্ৰ (Animal Troughs) নিৰ্মাণ।
• অনুমোদিত তালিকাত অন্তৰ্ভুক্ত অনুসৰি ব্যক্তিগত হিতাধিকাৰীসকলৰ বাবে আজ’লা (Azolla) খেতিৰ টেংক নিৰ্মাণ।

এই পদক্ষেপসমূহৰ জৰিয়তে পশুখাদ্যৰ উপলব্ধতা বৃদ্ধি, পশুপালনক সহায়ক আন্তঃগাঁথনি শক্তিশালীকৰণ আৰু পশুপালনভিত্তিক জীৱিকাক অধিক বহনক্ষম কৰি তোলাৰ লক্ষ্য লোৱা হৈছে। সকলো কাম অনুমোদিত কাৰ্যসমূহৰ তালিকা আৰু আইনখনৰ প্ৰযোজ্য বিধান, নিয়মাৱলী তথা নিৰ্দেশনাৱলী অনুসৰি ৰূপায়ণ কৰা হ’ব।

স্থানীয় অগ্ৰাধিকাৰসমূহৰ ৰূপায়ণত বিকশিত গাঁও পঞ্চায়তৰ পৰিকল্পনাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

পৰামৰ্শাৱলীত বিকেন্দ্ৰীকৃত, তৃণমূল পৰ্যায়ৰ পৰা আৰম্ভ হোৱা আৰু পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহৰ (PRI) নেতৃত্বত পৰিচালিত পৰিকল্পনা প্ৰক্ৰিয়াত গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াৰ অধীনত পশুখাদ্যৰ উন্নয়ন আৰু পশুপালনক সহায়ক আন্তঃগাঁথনিৰ ব্যৱস্থাসমূহ বিকশিত গাঁও পঞ্চায়ত পৰিকল্পনাত (VGPPs) অন্তৰ্ভুক্ত কৰা হ’ব আৰু গাঁওসভাৰ দ্বাৰা অনুমোদিত স্থানীয় উন্নয়নৰ অগ্ৰাধিকাৰসমূহৰ সৈতে সামঞ্জস্য ৰখা হ’ব।

ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক স্থানীয় প্ৰয়োজনীয়তা, অনুমোদিত পৰিকল্পনা আৰু প্ৰযোজ্য নিৰ্দেশনাৱলীৰ সৈতে সামঞ্জস্য ৰাখি পশুখাদ্য আৰু পশুপালনক সহায়ক কাম-কাজৰ ক্ষেত্ৰত ব্যয় ক্ৰমান্বয়ে বৃদ্ধি কৰি মুঠ কাৰ্যসূচী ব্যয়ৰ কমেও ৫ শতাংশলৈ উন্নীত কৰাৰ বাবে প্ৰচেষ্টা চলাবলৈ উৎসাহিত কৰা হৈছে।

পশুখাদ্য আৰু পশুপালন সম্পৰ্কীয় সম্পদৰ প্ৰয়োজনীয়তা থকা যোগ্য পৰিয়াল আৰু সম্প্ৰদায়সমূহক চিনাক্ত কৰাৰ বাবে প্ৰয়োজনভিত্তিক পৰিপূৰ্ণতা (Saturation) পদ্ধতি গ্ৰহণ কৰিবলৈও উৎসাহিত কৰা হৈছে। স্থানীয় প্ৰয়োজনীয়তা আৰু অগ্ৰাধিকাৰৰ ভিত্তিত গাঁও পঞ্চায়তসমূহে পশুপালনৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল অঞ্চলসমূহৰ প্ৰতি বিশেষ গুৰুত্ব দিব পাৰে। ইয়াৰ ভিতৰত এনে গাঁও পঞ্চায়তসমূহো অন্তৰ্ভুক্ত, য’ত ৩০ শতাংশতকৈ অধিক জনসংখ্যা পশুপালনৰ ওপৰত নিৰ্ভৰশীল।

ICAR–ভাৰতীয় তৃণভূমি আৰু পশুখাদ্য গৱেষণা প্ৰতিষ্ঠানে (ICAR–IGFRI) প্ৰস্তুত কৰা ৰাজ্যভিত্তিক পশুখাদ্য সম্পদ উন্নয়ন পৰিকল্পনাসমূহে জিলা আৰু খণ্ড পৰ্যায়ত পৰিকল্পনা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত পথ-প্ৰদৰ্শক নথি হিচাপে কাম কৰিব পাৰে। পৰামৰ্শাৱলীত জলবায়ু সহনশীল পদক্ষেপসমূহৰ প্ৰতিও গুৰুত্ব দিবলৈ উৎসাহিত কৰা হৈছে। ইয়াৰ ভিতৰত উপযুক্ত পশুখাদ্যৰ জাত, বহুবৰ্ষজীৱী ঘাঁহ আৰু সমন্বিত শস্য–পশুপালন ব্যৱস্থা আদি অন্তৰ্ভুক্ত, য’ত প্ৰাসংগিক আৰু অনুমোদিত কামৰ তালিকাৰ অন্তৰ্ভুক্ত।

আন্তঃবিভাগ সমন্বয় আৰু নিৰীক্ষণ

পৰামৰ্শাৱলীত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক গ্ৰামোন্নয়ন, পশুপালন, কৃষি আৰু অন্যান্য সংশ্লিষ্ট বিভাগসমূহৰ মাজত সমন্বয় স্থাপনৰ জৰিয়তে পশুখাদ্যৰ সুৰক্ষা আৰু পশুপালন সম্পৰ্কীয় আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে বিস্তৃত ৰাজ্যিক কাৰ্যপৰিকল্পনা প্ৰস্তুত কৰিবলৈ আহ্বান জনোৱা হৈছে।

এই সমন্বিত পদ্ধতিৰ লক্ষ্য হৈছে পৰিকল্পনা প্ৰক্ৰিয়াৰ উন্নতি সাধন কৰা, উপলব্ধ সম্পদসমূহৰ ফলপ্ৰসূ ব্যৱহাৰ নিশ্চিত কৰা আৰু স্থানীয় প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বিনিয়োগসমূহ সম্পন্ন কৰাৰ লগতে পশুপালনভিত্তিক বহনক্ষম জীৱিকাক সহায় কৰা।

আইনী সুৰক্ষামূলক ব্যৱস্থাসমূহ কঠোৰভাৱে মানি চলা

পৰামৰ্শাৱলীত পুনৰ উল্লেখ কৰা হৈছে যে পশুখাদ্যৰ উন্নয়ন আৰু পশুপালনক সহায়ক সকলো কাম VB–G RAM G আইন, ২০২৫ৰ প্ৰযোজ্য বিধানসমূহ কঠোৰভাৱে মানি  ৰূপায়ণ কৰিব লাগিব। এই বিধানসমূহৰ ভিতৰত বিকেন্দ্ৰীকৃত আৰু পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ (PRI) নেতৃত্বত পৰিকল্পনা প্ৰস্তুতকৰণ, বাধ্যতামূলক সামাজিক হিচাপ-নিৰীক্ষা, সামগ্ৰীৰ অংশৰ ক্ষেত্ৰত জিলা পৰ্যায়ত ৪০ শতাংশৰ ব্যয়সীমা নিৰ্ধাৰণ, অনুসূচী–I-ৰ বিধান অনুসৰি ব্যক্তিগত হিতাধিকাৰী নিৰ্বাচন, সাপ্তাহিকভাৱে ৰাজহুৱা তথ্য প্ৰকাশ আৰু অভিযোগ নিষ্পত্তিৰ ব্যৱস্থা আদি অন্তৰ্ভুক্ত।

ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক ফলপ্ৰসূ পৰিকল্পনা আৰু ৰূপায়ণৰ সুবিধাৰ্থে অনুমোদিত পৰামৰ্শাৱলী সংশ্লিষ্ট বিভাগসমূহ, পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহ আৰু ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মকৰ্তাসকলৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যৱস্থা নিশ্চিত কৰিবলৈও আহ্বান জনোৱা হৈছে।

এই পৰামৰ্শাৱলীত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ সমন্বিত পদক্ষেপৰ গুৰুত্বত বিশেষভাৱে আলোকপাত কৰা হৈছে, যাতে গ্ৰামোন্নয়ন পৰিকল্পনাত পশুখাদ্যৰ সুৰক্ষা আৰু পশুপালনক সহায়ক আন্তঃগাঁথনিয়ে যথোচিত গুৰুত্ব লাভ কৰে।

বিকশিত ভাৰত @২০৪৭ৰ লক্ষ্যত উপনীত হোৱাৰ দিশত গ্ৰাম্য জীৱিকাৰ শক্তিশালীকৰণ

যুটীয়া পৰামৰ্শাৱলীয়ে গ্ৰাম্য কৰ্মসংস্থাপন, প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা আৰু পশুধনৰ উন্নয়নক একত্ৰিত কৰাৰ দিশত  গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে। VB–G RAM Gৰ অধীনত অনুমোদিত কামসমূহক স্থানীয় পশুখাদ্য আৰু পশুপালন সম্পৰ্কীয় আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তাৰ সৈতে সংযুক্ত কৰাৰ জৰিয়তে এই পদক্ষেপে পশুখাদ্যৰ উপলব্ধতা বৃদ্ধি, দুগ্ধ উৎপাদন আৰু পশুপালন কাৰ্যকলাপক সহায় কৰা তথা গ্ৰাম্য পৰিয়ালসমূহৰ জীৱিকাৰ সুযোগ-সুবিধা অধিক শক্তিশালী কৰাৰ লক্ষ্য গ্ৰহণ কৰিছে।

বিভিন্ন বিভাগৰ মাজত সমন্বয়, বিকেন্দ্ৰীকৃত পৰিকল্পনা আৰু সমন্বিত ৰূপায়ণৰ জৰিয়তে এই পদক্ষেপে ৰাজ্যসমূহ আৰু পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহক স্থানীয় প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি স্থায়ী সম্পদ সৃষ্টি কৰাত সহায় কৰাৰ লক্ষ্য লৈছে। ইয়াৰ লগতে জলবায়ু সহনশীল গ্ৰাম্য উন্নয়নক সহায় কৰা আৰু বিকশিত ভাৰত @২০৪৭ৰ বৃহত্তৰ লক্ষ্যত অৰিহণা যোগোৱাৰ উদ্দেশ্যও এই পদক্ষেপৰ অন্তৰ্ভুক্ত।

 

 

***

 

PU/SD


(ৰিলিজ আই ডি : 2333021) অতিথি কক্ষ : 4
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , हिन्दी , Bengali , Gujarati , Kannada