পোষ্ট কৰা হৈছে:
04 NOV 2026 11:48AM by PIB Guwahati
ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰ্যালয়ৰ ৰাজহুৱা উদ্যোগ বিভাগৰ অধীনস্থ নেচনেল লেণ্ড মনিটাইজেচন কৰ্প’ৰেচন (এন এল এম চি)-এ বিশাখাপট্টনম ষ্টীল প্লাণ্ট পৰিচালনা কৰা ৰাষ্ট্ৰীয় ইস্পাত নিগম লিমিটেডৰ (আৰ আই এন এল) মালিকানাধীন ভূমিখণ্ডসমূহৰ ই-নিলামৰ দ্বিতীয় পৰ্যায় ৩ নৱেম্বৰত সফলতাৰে সম্পন্ন কৰে।
দ্বিতীয় পৰ্যায়ৰ এই সফল সমাপ্তিয়ে সুপৰিকল্পিত, স্বচ্ছ, প্ৰতিযোগিতামূলক আৰু প্ৰযুক্তিনিৰ্ভৰ নিলাম প্ৰক্ৰিয়াৰ জৰিয়তে ৰাজহুৱা খণ্ডৰ উদ্বৃত্ত সম্পত্তিৰ পৰা অৰ্থনৈতিক মূল্য আহৰণৰ ক্ষেত্ৰত এন এল এম চিৰ প্ৰচেষ্টাত আন এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্থাপন কৰিছে।
এই নিলামত ১১৪টা ভূমিখণ্ড সফলতাৰে বিক্ৰী কৰা হয়। ইয়াৰ জৰিয়তে মুঠ ২১৮ কোটি টকাৰ সফল নিবিদা মূল্য লাভ কৰা হয়। ইয়াৰ বিপৰীতে এই ভূমিখণ্ডসমূহৰ সামগ্ৰিক সংৰক্ষিত মূল্য আছিল ১৮৪.৮ কোটি টকা। সফল নিবিদাৰ মূল্য সামগ্ৰিক সংৰক্ষিত মূল্যতকৈ ১৭.৯৬ শতাংশ অধিক হৈছে। ইয়াৰ ফলত প্ৰতিযোগিতামূলক নিবিদা আৰু বজাৰভিত্তিক মূল্য নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ কাৰ্যকাৰিতা প্ৰতিফলিত হৈছে।
দ্বিতীয় পৰ্যায়ৰ নিলামত সৰ্বাধিক সফল নিবিদাৰ মূল্য প্ৰতি বৰ্গগজত ১,৮২,৬৫০ টকা লাভ কৰা হয়। আনহাতে, ব্যক্তিগতভাৱে এটা ভূমিখণ্ডৰ সংৰক্ষিত মূল্যৰ ওপৰত সৰ্বাধিক ৬৭.৬৫ শতাংশ অধিক মূল্য লাভ কৰা হৈছে।
এই ফলাফলে বিশাখাপট্টনমৰ উপযুক্ত স্থানত অৱস্থিত ভূমিখণ্ডসমূহৰ প্ৰতি বজাৰৰ অব্যাহত আগ্ৰহৰ কথা প্ৰতিফলিত কৰিছে। লগতে উদ্বৃত্ত ৰাজহুৱা সম্পত্তিৰ অৰ্থনৈতিক মূল্য উন্মোচনৰ ক্ষেত্ৰত স্বচ্ছ আৰু প্ৰতিযোগিতামূলক ই-নিলাম ব্যৱস্থাৰ কাৰ্যকাৰিতাও প্ৰমাণ কৰিছে।
আৰ আই এন এলৰ ভূমিৰ ই-নিলামৰ দুয়োটা পৰ্যায়তে উল্লেখযোগ্য সফলতা
প্ৰথম পৰ্যায়ত এন এল এম চিয়ে ১৫০টা ভূমিখণ্ড সফলতাৰে নিলাম কৰে। ইয়াৰ জৰিয়তে মুঠ ৩৬৬.৩৩ কোটি টকাৰ সফল নিবিদা মূল্য লাভ কৰা হয়। ইয়াৰ বিপৰীতে এই ভূমিখণ্ডসমূহৰ সামগ্ৰিক সংৰক্ষিত মূল্য আছিল ৩১২.৪৮ কোটি টকা। সফল নিবিদাৰ মূল্য সংৰক্ষিত মূল্যতকৈ গড়ে ১৭.২৩ শতাংশ অধিক আছিল। নিলামত সৰ্বাধিক মূল্য প্ৰতি বৰ্গগজত ১.৮০ লাখ টকাতকৈ অধিক হৈছিল।
দুয়োটা পৰ্যায়ৰ নিলাম সম্পূৰ্ণ হোৱাৰ পিছত মুঠ ২৬৪টা ভূমিখণ্ড সফলতাৰে নিলাম কৰা হৈছে। ইয়াৰ জৰিয়তে মুঠ ৫৮৪.৩৩ কোটি টকাৰ সফল নিবিদা মূল্য লাভ কৰা হৈছে। ইয়াৰ বিপৰীতে এই ভূমিখণ্ডসমূহৰ সন্মিলিত সংৰক্ষিত মূল্য আছিল ৪৯৭.২৯ কোটি টকা।
আৰ আই এন এলৰ ভূমিৰ ই-নিলামৰ সামগ্ৰিক ফলাফল
|
বিৱৰণ
|
প্ৰথম পৰ্যায়
|
দ্বিতীয় পৰ্যায়
|
সৰ্বমুঠ
|
|
নিলামৰ তাৰিখ
|
১২ অক্টোবৰ, ২০২৬
|
৩ নৱেম্বৰ, ২০২৬
|
__
|
|
সফলতাৰে নিলাম হোৱা ভূমিখণ্ডৰ সংখ্যা
|
১৫০
|
১১৪
|
২৬৪
|
|
নিলাম হোৱা ভূমিখণ্ডৰ মুঠ সংৰক্ষিত মূল্য
|
৩১২.৪৮ কোটি টকা
|
১৮৪.৮১ কোটি টকা
|
৪৯৭.২৯ কোটি টকা
|
|
সফল নিবিদাৰ মুঠ মূল্য
|
৩৬৬.৩৩ কোটি টকা
|
২১৮ কোটি টকা
|
৫৮৪.৩৩ কোটি টকা
|
|
সংৰক্ষিত মূল্যৰ তুলনাত অতিৰিক্ত প্ৰাপ্তি
|
১৭.২৩%
|
১৭.৯৬%
|
১৭.৫০%
|
এন এল এম চিৰ প্ৰথমটো আৰম্ভণিৰ পৰা শেষলৈকে সম্পূৰ্ণ ই-নিলাম ব্যৱস্থাই গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্থাপন কৰিলে
আৰ আই এন এলৰ ভূমিৰ ই-নিলাম হৈছে এন এল এম চিৰ প্ৰথমটো আৰম্ভণিৰ পৰা শেষলৈকে সম্পূৰ্ণ কৰা ই-নিলাম পদক্ষেপ। ইয়াৰ জৰিয়তে নিগমটোৰ কাৰ্যকৰী যাত্ৰাত উল্লেখযোগ্য মাইলৰ খুঁটি স্থাপন হৈছে।
এই লেনদেনে বৃহৎ পৰিসৰৰ সম্পত্তিৰ পৰা মূল্য আহৰণৰ প্ৰক্ৰিয়া সম্পন্ন কৰাৰ ক্ষেত্ৰত এন এল এম চিৰ সক্ষমতা প্ৰদৰ্শন কৰিছে। ইয়াৰ ভিতৰত সম্পত্তিৰ প্ৰস্তুতি, লেনদেনৰ গাঁথনি নিৰ্ধাৰণ, বিনিয়োগকাৰীৰ সৈতে যোগাযোগ, নিবিদাকাৰীক সহায় আৰু প্ৰতিযোগিতামূলক অনলাইন নিলামৰ ব্যৱস্থা অন্তৰ্ভুক্ত।
১২ অক্টোবৰ আৰু ৩ নৱেম্বৰত মাত্ৰ এমাহৰ ভিতৰতে ই-নিলামৰ দুয়োটা পৰ্যায় সফলতাৰে সম্পন্ন হোৱাটোৱে এন এল এম চিৰ বাবে গুৰুত্বপূৰ্ণ কাৰ্যকৰী মান স্থাপন কৰে। লগতে ৰাজহুৱা খণ্ডৰ কেন্দ্ৰীয় উদ্যোগ (চি পি এছ ই) আৰু চৰকাৰী সংস্থাসমূহৰ উদ্বৃত্ত ভূমি তথা অন্যান্য স্থাৱৰ সম্পত্তিৰ পৰা মূল্য আহৰণৰ একেধৰণৰ লেনদেন সম্পন্ন কৰাৰ ক্ষেত্ৰত ইয়াৰ কাৰ্যকাৰিতা অধিক শক্তিশালী কৰিছে।
দুয়োটা পৰ্যায়ৰ সফলতাৰ আধাৰত এন এল এম চিয়ে অৱশিষ্ট বিক্ৰী নোহোৱা ভূমিখণ্ডসমূহৰ বাবে শীঘ্ৰেই তৃতীয় পৰ্যায়ৰ ই-নিলাম অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে। অৱশ্যে এই প্ৰক্ৰিয়া প্ৰযোজ্য অনুমোদন আৰু চৰ্তসমূহৰ ওপৰত নিৰ্ভৰশীল হ’ব। নিলামৰ সময়সূচী আৰু অন্যান্য বিৱৰণ যথাসময়ত ঘোষণা কৰা হ’ব। স্বচ্ছ আৰু প্ৰতিযোগিতামূলক প্ৰক্ৰিয়াৰ জৰিয়তে উদ্বৃত্ত ৰাজহুৱা সম্পত্তিৰ পৰা মূল্য আহৰণৰ প্ৰচেষ্টা ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত এন এল এম চিৰ অব্যাহত প্ৰচেষ্টাৰ এয়া প্ৰতিফলন।
চৰকাৰৰ সম্পত্তিৰ পৰা মূল্য আহৰণৰ লক্ষ্যত সহায়
আৰ আই এন এলৰ ভূমিৰ ই-নিলামৰ সফল সমাপ্তিয়ে উদ্বৃত্ত আৰু অপৰ্যাপ্তভাৱে ব্যৱহৃত ৰাজহুৱা সম্পত্তিৰ অৰ্থনৈতিক সম্ভাৱনা উন্মোচনৰ জৰিয়তে ভাৰত চৰকাৰৰ সম্পত্তিৰ পৰা মূল্য আহৰণৰ লক্ষ্য আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এন এল এম চিৰ প্ৰচেষ্টাত গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্থাপন কৰিছে।
এই পদক্ষেপে সুপৰিকল্পিত সম্পত্তিৰ প্ৰস্তুতি, ফলপ্ৰসূ অংশীদাৰসকলৰ মাজত সমন্বয় আৰু স্বচ্ছ তথা প্ৰযুক্তিনিৰ্ভৰ নিলামৰ জৰিয়তে বৃহৎ পৰিসৰৰ সম্পত্তিৰ পৰা মূল্য আহৰণৰ লেনদেন সম্পন্ন কৰাৰ ক্ষেত্ৰত এন এল এম চিৰ ক্ৰমবৰ্ধমান প্ৰতিষ্ঠানিক সক্ষমতা প্ৰদৰ্শন কৰিছে।
ইয়াৰ লগতে প্ৰতিযোগিতামূলক বজাৰ ব্যৱস্থাই মূল্য নিৰ্ধাৰণ আৰু সম্পত্তিৰ প্ৰকৃত মূল্য আহৰণৰ ক্ষেত্ৰত কেনেদৰে সহায় কৰিব পাৰে, সেয়াও এই পদক্ষেপে স্পষ্ট কৰিছে। বিশেষকৈ কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ (চি পি এছ ই) ক্ষেত্ৰত ইয়াৰ গুৰুত্ব বিশেষভাৱে উল্লেখযোগ্য।
এই সফলতাৰ আধাৰত এন এল এম চিয়ে সম্পত্তিৰ মালিকানাধীন সংস্থাসমূহৰ সৈতে কাম কৰি উদ্বৃত্ত ভূমি আৰু অট্টালিকাসমূহ চিনাক্তকৰণ, প্ৰস্তুতকৰণ আৰু সেইবোৰৰ পৰা মূল্য আহৰণৰ কাম অব্যাহত ৰাখিব। ইয়াৰ জৰিয়তে সম্পত্তিসমূহৰ উৎপাদনশীল ব্যৱহাৰ, ৰাজহুৱা সম্পত্তিৰ দক্ষ ব্যৱস্থাপনা আৰু সামগ্ৰিক অৰ্থনৈতিক বিকাশত সহায় কৰা হ’ব।
এন এল এম চিৰ বিষয়ে
নেচনেল লেণ্ড মনিটাইজেচন কৰ্প’ৰেচন (এন এল এম চি) হৈছে ভাৰত চৰকাৰৰ সম্পূৰ্ণ মালিকানাধীন এটা কোম্পানী। ই বিত্ত মন্ত্ৰ্যালয়ৰ ৰাজহুৱা উদ্যোগ বিভাগৰ প্ৰশাসনিক নিয়ন্ত্ৰণৰ অধীনত পৰিচালিত হয়।
এই নিগমে কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ (চি পি এছ ই) আৰু অন্যান্য চৰকাৰী সংস্থাৰ হাতত থকা উদ্বৃত্ত ভূমি আৰু অট্টালিকাসমূহ চিনাক্তকৰণ, মূল্যায়ন, প্ৰস্তুতকৰণ আৰু সেইবোৰৰ পৰা মূল্য আহৰণৰ ক্ষেত্ৰত সহায় কৰে। ইয়াৰ বাবে সুপৰিকল্পিত, স্বচ্ছ আৰু বজাৰভিত্তিক প্ৰক্ৰিয়া অনুসৰণ কৰা হয়। এই পদক্ষেপে দক্ষ সম্পত্তি ব্যৱস্থাপনা আৰু সম্পত্তিৰ প্ৰকৃত মূল্য আহৰণৰ ক্ষেত্ৰত চৰকাৰৰ লক্ষ্যত অৰিহণা যোগায়।
অফিচিয়েল ৱেবছাইট : https://nlmc.dpe.gov.in/homepage/homepage.php
****
KT/AD/PB