লোকসভা সচিবালয়
azadi ka amrit mahotsav

ৰাজহুৱা ধনৰ প্ৰতিটো টকাৰ হিচাপ ৰাখিব লাগিব আৰু নিৰ্ধাৰিত উদ্দেশ্যতহে ব্যৱহাৰ কৰিব লাগিব : লোকসভাৰ অধ্যক্ষ

স্বচ্ছতা আৰু দায়বদ্ধতা গণতন্ত্ৰৰ মূল আধাৰ- ৰাজহুৱা ব্যয়ে যাতে নাগৰিকৰ জীৱনলৈ চকুত পৰাকৈ ইতিবাচক পৰিৱৰ্তন কঢ়িয়াই আনে, ৰাজহুৱা হিচাপ পৰীক্ষা সমিতিসমূহে তাক নিশ্চিত কৰিব লাগিবঃ লোকসভাৰ অধ্যক্ষ

দীৰ্ঘদিন ধৰি নিষ্পত্তি নোহোৱা হিচাপ পৰীক্ষাৰ আপত্তিসমূহ নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত নিষ্পত্তি কৰাৰ আহ্বান লোকসভাৰ অধ্যক্ষৰ, বিত্তীয় সততা আৰু ৰাষ্ট্ৰীয় কল্যাণৰ উমৈহতীয়া স্বাৰ্থত ৰাজনৈতিক মতভেদৰ ঊৰ্ধ্বলৈ উঠিবলৈ আহ্বান

বিত্তীয় তদাৰকী অধিক শক্তিশালী কৰা আৰু ৰাজহুৱা ধনৰ অপচয় ৰোধৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা, তথ্য বিশ্লেষণ আৰু দায়িত্বশীল প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ ৰাজহুৱা হিচাপ পৰীক্ষা সমিতিসমূহলৈ লোকসভাৰ অধ্যক্ষৰ আহ্বান

তিৰুৱনন্তপুৰমত সংসদ আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিধান মণ্ডলসমূহৰ ৰাজহুৱা হিচাপ পৰীক্ষা সমিতিৰ অধ্যক্ষসকলৰ সন্মিলন উদ্বোধন লোকসভাৰ অধ্যক্ষৰ

পোষ্ট কৰা হৈছে: 03 NOV 2026 3:51PM by PIB Guwahati

লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলাই আজি সংসদ আৰু ৰাজ্যিক বিধান মণ্ডলসমূহৰ ৰাজহুৱা হিচাপ পৰীক্ষা সমিতি (পি এ চি) সমূহক ৰাজহুৱা ধনৰ অভিভাৱক হিচাপে নিজৰ ভূমিকা অধিক শক্তিশালী কৰিবলৈ আহ্বান জনায়। তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰি কয় যে ৰাজকোষৰ পৰা উলিওৱা প্ৰতিটো টকাৰ যথাযথ হিচাপ ৰাখিব লাগিব আৰু যি উদ্দেশ্যৰ বাবে সেই ধন মঞ্জুৰ কৰা হৈছে, সেই উদ্দেশ্যতে তাক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিব লাগিব। তেওঁ কয় যে স্বচ্ছতা আৰু দায়বদ্ধতা গণতন্ত্ৰৰ মূল আধাৰ আৰু ৰাজহুৱা ব্যয়ৰ চূড়ান্ত মূল্যায়ন হ’ব লাগিব সাধাৰণ নাগৰিকৰ জীৱনলৈ ই কিমানখিনি ইতিবাচক পৰিৱৰ্তন আনিবলৈ সমৰ্থ হৈছে, তাৰ ভিত্তিত।

 

তিৰুৱনন্তপুৰমত সংসদ আৰু ৰাজ্যিক বিধান মণ্ডলসমূহৰ ৰাজহুৱা হিচাপ পৰীক্ষা সমিতিৰ অধ্যক্ষসকলৰ সন্মিলন উদ্বোধন কৰি শ্ৰী বিৰলাই কয় যে সংসদীয় গণতন্ত্ৰত ৰাজহুৱা হিচাপ পৰীক্ষা সমিতি এটা গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান। ৰাজহুৱা ব্যয় পৰীক্ষা কৰা, বিত্তীয় অনুশাসন নিশ্চিত কৰা আৰু কাৰ্যপালিকাক দায়বদ্ধ কৰি ৰখাৰ দায়িত্ব এই সমিতিৰ ওপৰত ন্যস্ত কৰা হৈছে। তেওঁ মত প্ৰকাশ কৰে যে সমিতিসমূহৰ দায়িত্ব কেৱল হিচাপ-নিকাচ আৰু নিৰীক্ষণৰ তথ্য পৰীক্ষাতে সীমাবদ্ধ নহয়, ৰাজহুৱা ধনৰ ব্যৱহাৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হ’ব পাৰিছে নে নাই আৰু যি উদ্দেশ্যৰে ধন আবণ্টন দিয়া হৈছিল, সেই মতে ফলাফল লাভ কৰিব পৰা হৈছে নে নাই, তাৰো তেওঁলোকে মূল্যায়ন কৰিব লাগিব।

 

দহ, পোন্ধৰ আনকি বিশ বছৰ ধৰি নিৰীক্ষণৰ আপত্তিসমূহ নিষ্পত্তি নোহোৱাকৈ পৰি থকাৰ বিষয়ত উদ্বেগ প্ৰকাশ কৰি শ্ৰী বিৰলাই কয় যে এনে দীৰ্ঘদিনীয়া নিষ্পত্তিবিহীন অৱস্থাই ব্যৱস্থাটোৰ কাৰ্যকাৰিতাক লৈ গুৰুতৰ প্ৰশ্নৰ অৱতাৰণা কৰে। তেওঁ নিৰীক্ষণৰ আপত্তি আৰু তাৰ পৰিপ্ৰেক্ষিতত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা যাতে অপ্ৰয়োজনীয়ভাৱে পলম নকৰাকৈ নিষ্পত্তি কৰা হয়, তাৰ বাবে সুনিৰ্দিষ্ট, পদ্ধতিগত আৰু সময় নিৰ্ধাৰিত কাৰ্যপন্থা প্ৰস্তুত কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে দায়বদ্ধতা যাতে কেৱল কাগজে-কলমে প্ৰতিষ্ঠিত হৈ নাথাকে, বৰঞ্চ সময়মতে সংশোধনমূলক ব্যৱস্থা গ্ৰহণৰ জৰিয়তে এয়া বাস্তৱত প্ৰতিফলিত হয়, তাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহে নিৰীক্ষণ, পৰ্যালোচনা আৰু পৰৱৰ্তী ব্যৱস্থা গ্ৰহণৰ প্ৰণালী শক্তিশালী কৰিবলৈ একেলগে কাম কৰিব লাগিব।

 

ৰাজহুৱা হিচাপ পৰীক্ষা সমিতিৰ অধ্যক্ষ হিচাপে বিৰোধী দলৰ একোগৰাকী সদস্যক নিযুক্তি দিয়াৰ বিশেষ গণতান্ত্ৰিক পৰম্পৰাৰ কথা উল্লেখ কৰি শ্ৰী বিৰলাই কয় যে এই প্ৰথাই ভাৰতৰ সংসদীয় গণতন্ত্ৰৰ পৰিপক্বতা, অন্তৰ্ভুক্তিমূলক চৰিত্ৰ আৰু শক্তিৰ প্ৰতিফলন ঘটায়। সমিতিখনত সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধিত্ব থকাৰ ফলত ৰাজহুৱা ব্যয় পৰীক্ষাৰ ক্ষেত্ৰত বিভিন্ন দৃষ্টিভংগীৰ প্ৰতিফলন ঘটে। তেওঁ এই ব্যৱস্থাক উজ্জ্বল উদাহৰণ হিচাপে অভিহিত কৰি কয় যে উমৈহতীয়া ৰাষ্ট্ৰীয় লক্ষ্যৰ স্বাৰ্থত গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহ ৰাজনৈতিক বিবেচনাৰ ঊৰ্ধ্বলৈ উঠিব পাৰে।

 

লোকসভাৰ অধ্যক্ষগৰাকীয়ে কয় যে সদস্যসকল বিভিন্ন ৰাজনৈতিক দলৰ হ’ব পাৰে, তেওঁলোকৰ আদৰ্শ আৰু নীতি তথা শাসন ব্যৱস্থাক লৈ মতামতৰ ভিন্নতা থাকিব পাৰে; কিন্তু ৰাজহুৱা ধন সুৰক্ষিত ৰখাৰ ক্ষেত্ৰত তেওঁলোকৰ দায়িত্ব উমৈহতীয়া। ৰাজহুৱা হিচাপ পৰীক্ষা সমিতিয়ে আলোচনা, সহযোগিতা, সহমত আৰু সামূহিক দায়িত্ববোধৰ মাজেৰে কাম কৰিব লাগিব। ইয়াৰ উদ্দেশ্য কোনো ব্যক্তি বা চৰকাৰক সমালোচনা কৰা নহয়, বৰঞ্চ ৰাজহুৱা ধনৰ যাতে অপব্যৱহাৰ বা অপচয় নহয়, অনিয়ম আৰু ধনৰ লুণ্ঠন ৰোধ হয় আৰু কাৰ্যপালিকা যাতে জনসাধাৰণৰ ওচৰত দায়বদ্ধ হৈ থাকে, সেই কথা নিশ্চিত কৰাহে। তেওঁ এই বিষয়ত গুৰুত্ব আৰোপ কৰি কয় যে নাগৰিকৰ আস্থাই গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ ভেটি। ৰাজহুৱা ধনৰ প্ৰতিটো টকাই জনসাধাৰণৰ আশা-আকাংক্ষা আৰু অৱদানক প্ৰতিনিধিত্ব কৰে। সেয়েহে সৰ্বোচ্চ বিত্তীয় সততা আৰু নীতি-নিষ্ঠা বৰ্তাই ৰাখি এই ধন ব্যয় কৰিব লাগিব বুলি তেওঁ মত প্ৰকাশ কৰে।

 

লোকসভাৰ অধ্যক্ষগৰাকীয়ে গুৰুত্ব আৰোপ কৰি কয় যে ৰাজহুৱা ধন ব্যয়ৰ মূল্যায়ন কেৱল পৰিসংখ্যা, আবণ্টন আৰু ধনৰ ব্যৱহাৰ সম্পৰ্কীয় প্ৰমাণপত্ৰৰ মাজতে সীমাবদ্ধ থাকিব নালাগে। আন্তঃগাঁথনিমূলক প্ৰকল্পৰ ক্ষেত্ৰত সমিতিসমূহে যথাস্থানত প্ৰকল্পস্থলী পৰিদৰ্শন কৰি কামৰ গুণগত মান, সময়মতে সম্পূৰ্ণ হোৱা আৰু নিৰ্ধাৰিত মান মানি চলা হৈছে নে নাই, তাক পৰীক্ষা কৰিব লাগে। তেওঁ কয় যে এনে প্ৰত্যক্ষ মূল্যায়নে ব্যয় কৰা ধনেৰে উদ্দেশ্যৰ সৈতে সামঞ্জস্য থকা আন্তঃগাঁথনি গঢ়ি উঠিছে নে নাই আৰু ৰাজহুৱা সম্পদ ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰা হৈছে নে নাই, সেই কথা নিশ্চিত কৰাত সহায় কৰিব। একেদৰে, সামাজিক কল্যাণমূলক আঁচনিৰ ক্ষেত্ৰতো কেৱল কিমান পৰিমাণৰ ধন ব্যয় কৰা হৈছে, সেয়া চোৱাই যথেষ্ট নহয়, তাৰ লগতে ব্যয়ৰ প্ৰকৃত প্ৰভাৱো পৰীক্ষা কৰাটো জৰুৰী। ৰাজহুৱা ব্যয়ৰ চূড়ান্ত লক্ষ্য হ’ব লাগিব সামাজিক কল্যাণ আৰু ৰাজহুৱা স্বাৰ্থ পূৰণ।

 

ভাৰতৰ মহালেখা নিয়ন্ত্ৰক (‘কেগ’)ৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰি শ্ৰী বিৰলাই কয় যে কেগৰ নিৰীক্ষণৰ তথ্য পৰীক্ষা, ব্যৱস্থা গ্ৰহণ সম্পৰ্কীয় প্ৰতিবেদন পৰ্যালোচনা আৰু পৰামৰ্শসমূহৰ পৰৱৰ্তী অগ্ৰগতি নিৰীক্ষণ কৰাটো ৰাজহুৱা হিচাপ পৰীক্ষা সমিতিৰ কাৰ্য পদ্ধতিৰ অবিচ্ছেদ্য অংগ। অৱশ্যে, এই সমগ্ৰ প্ৰক্ৰিয়াৰ বৃহত্তৰ উদ্দেশ্য হৈছে ৰাজহুৱা ধনৰ ব্যৱহাৰত স্বচ্ছতা, দক্ষতা আৰু অনুমোদিত উদ্দেশ্যৰ প্ৰতি কঠোৰ আনুগত্য নিশ্চিত কৰা। ব্যৱস্থাগত উন্নয়নৰ প্ৰয়োজন হ’লে সমিতিসমূহে উপযুক্ত দিহা-পৰামৰ্শ আগবঢ়োৱাৰ লগতে সংশোধনমূলক ব্যৱস্থাৰ পৰামৰ্শ দিব লাগে।

 

তেওঁ সংসদ আৰু ৰাজ্যিক বিধান মণ্ডলসমূহৰ ৰাজহুৱা হিচাপ পৰীক্ষা সমিতিসমূহক অভিজ্ঞতা, ধাৰণা, উদ্ভাৱন আৰু উত্তম কাৰ্যপদ্ধতিৰ আদান-প্ৰদানৰ এখন ফলপ্ৰসূ মঞ্চ হিচাপে এই সন্মিলনক ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। অধিক স্বচ্ছতা, শক্তিশালী বিত্তীয় তদাৰকী আৰু অধিক ফলপ্ৰসূ মূল্যায়নৰ নিদৰ্শন দাঙি ধৰা ৰাজ্যসমূহে গ্ৰহণ কৰা পদ্ধতিসমূহ আন ৰাজ্যসমূহৰ সৈতে আদান-প্ৰদান কৰিব লাগে, যাতে সকলোৱে তাৰ পৰা শিক্ষা গ্ৰহণ কৰিব পাৰে। দায়বদ্ধতাৰ ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত ৰাজ্যসমূহৰ মাজত সুস্থ প্ৰতিযোগিতাই সমগ্ৰ দেশতে উন্নত শাসন ব্যৱস্থা গঢ়ি তোলাত অৰিহণা যোগাব পাৰিব বুলিও তেওঁ মত প্ৰকাশ কৰে।

 

ভৱিষ্যতমুখী দৃষ্টিভংগীৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি অধ্যক্ষগৰাকীয়ে কয় যে পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে খাপ খুৱাই সমিতিসমূহে নিৰীক্ষণ আৰু তদাৰকীৰ পদ্ধতি ধাৰাবাহিকভাৱে শক্তিশালী কৰি যাব লাগিব। বৃহৎ পৰিমাণৰ ব্যয় সম্পৰ্কীয় তথ্য বিশ্লেষণ, নতুন ধাৰা চিনাক্তকৰণ, সম্ভাৱ্য বিত্তীয় অনিয়ম ধৰা পেলোৱা আৰু নিৰীক্ষণৰ আপত্তিসমূহৰ অগ্ৰগতি নিৰীক্ষণ অধিক উন্নত কৰাৰ ক্ষেত্ৰত প্ৰযুক্তি, তথ্য বিশ্লেষণ আৰু কৃত্ৰিম বুদ্ধিমত্তাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। তেওঁ শাসন ব্যৱস্থাত নাগৰিকৰ অংশগ্ৰহণৰ গুৰুত্বৰ কথাও উল্লেখ কৰি কয় যে ৰাজহুৱা সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত অধিক স্বচ্ছতাই গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহৰ প্ৰতি জনসাধাৰণৰ আস্থা শক্তিশালী কৰে। ৰাজহুৱা ব্যয়ৰ সূক্ষ্ম নিৰীক্ষণ, হিচাপ-নিকাচৰ পুংখানুপুংখ পৰীক্ষণ আৰু সময়মতে সংশোধনমূলক ব্যৱস্থা গ্ৰহণৰ ব্যৱস্থা থাকিলে চৰকাৰী সম্পদসমূহ জনসাধাৰণৰ কল্যাণৰ বাবে ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰাটো নিশ্চিত কৰিব পৰা যায়।

 

তেওঁ মন্তব্য কৰে যে বছৰ বছৰ ধৰি ৰাজহুৱা হিচাপ পৰীক্ষা সমিতিৰ পৰিসৰ আৰু দায়িত্বৰ পৰিৱৰ্তন ঘটিছে। নিৰীক্ষণৰ প্ৰতিবেদন আৰু ৰাজহুৱা হিচাপ পৰীক্ষাৰ উপৰি ৰাজহুৱা ব্যয়, চৰকাৰী বিভাগসমূহৰ কাৰ্যপদ্ধতি, প্ৰশাসনিক সংস্কাৰ আৰু আঁচনিৰ মূল্যায়ন সম্পৰ্কীয় পৰামৰ্শৰ জৰিয়তেও সমিতিখনে উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে।

 

শেহতীয়াকৈ ৰাজহুৱা হিচাপ পৰীক্ষা সমিতিৰ শতবৰ্ষ উদযাপনৰ কথা স্মৰণ কৰি তেওঁ কয় যে সমিতিখনৰ প্ৰতিষ্ঠাৰ সময়ৰ নীতিসমূহে ভৱিষ্যতৰ অগ্ৰাধিকাৰ নিৰ্ধাৰণৰ ক্ষেত্ৰতো পথ প্ৰদৰ্শন কৰি থাকিব লাগিব। সেই সেই উদ্দেশ্যে গ্ৰহণ কৰা প্ৰতিশ্ৰুতিসমূহে সমিতিখনৰ কাৰ্যপদ্ধতিৰ সুনিৰ্দিষ্ট উন্নয়নৰ ৰূপত বাস্তৱায়িত কৰিব লাগিব। কেন্দ্ৰ-ৰাজ্যৰ অংশীদাৰিত্বত ৰূপায়িত আঁচনি আৰু ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ (পি পি পি) অধীনৰ প্ৰকল্পসমূহৰ ক্ষেত্ৰতো সংশ্লিষ্ট সমিতিসমূহৰ নিৰ্ধাৰিত দায়িত্বৰ পৰিসৰৰ ভিতৰত ফলপ্ৰসূ বিত্তীয় পৰীক্ষা-নিৰীক্ষা নিশ্চিত কৰাৰ ওপৰত অধ্যক্ষগৰাকীয়ে গুৰুত্ব আৰোপ কৰে।

 

শ্ৰী বিৰলাই আশা প্ৰকাশ কৰে যে সন্মিলনৰ আলোচনাসমূহৰ জৰিয়তে বিত্তীয় অনুশাসন, স্বচ্ছতা আৰু দায়বদ্ধতা শক্তিশালী কৰাৰ বাবে গঠনমূলক পৰামৰ্শ আৰু সুনিৰ্দিষ্ট ফলাফল লাভ কৰিব পৰা হ’ব। তেওঁ কয় যে নিৰীক্ষণ, হিচাপ পৰীক্ষাৰ পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ আৰু ৰাজহুৱা ব্যয়ৰ গুণগত মান উন্নত কৰাৰ ক্ষেত্ৰত সন্মিলনত গ্ৰহণ কৰা প্ৰস্তাৱসমূহে উন্নয়নৰ পথ প্ৰদৰ্শন কৰিব লাগে। ৰাজহুৱা ধনৰ প্ৰতিটো টকা যাতে দায়িত্বশীলভাৱে আৰু নিৰ্ধাৰিত উদ্দেশ্যত ব্যৱহাৰ কৰা হয়, সেয়াই হ’ব লাগে সকলোৰে উমৈহতীয়া লক্ষ্য।

 

কেৰালমৰ মুখ্যমন্ত্ৰী শ্ৰী ভি ডি সতীশন, ৰাজ্যসভাৰ উপাধ্যক্ষ শ্ৰী হৰিবংশ, ভাৰতীয় সংসদৰ ৰাজহুৱা হিচাপ পৰীক্ষা সমিতিৰ অধ্যক্ষ শ্ৰী কে চি বেণুগোপাল, কেৰালম বিধানসভাৰ অধ্যক্ষ শ্ৰী তিৰুৱাঞ্চুৰ ৰাধাকৃষ্ণণ আৰু কেৰালম বিধানসভাৰ ৰাজহুৱা হিচাপ পৰীক্ষা সমিতিৰ অধ্যক্ষ শ্ৰী কে এন বালাগোপালে উদ্বোধনী অধিৱেশনত উপস্থিত থাকি ভাষণ দিয়ে। অনুষ্ঠানত বিভিন্ন ৰাজ্যৰ বিধান মণ্ডলৰ ৰাজহুৱা হিচাপ পৰীক্ষা সমিতিৰ অধ্যক্ষ আৰু সদস্যসকলৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলেও অংশগ্ৰহণ কৰে।

 

এই উপলক্ষে ৰাজহুৱা হিচাপ পৰীক্ষা সমিতিৰ সন্মিলনৰ স্মৃতিগ্ৰন্থ ২০২৬-ও উন্মোচন কৰা হয়।

 

জনসাধাৰণৰ কল্যাণমূলক আঁচনিসমূহৰ সুষম পৰ্যালোচনা আৰু সময়মতে নিৰীক্ষণৰ ওপৰত গুৰুত্ব- দায়বদ্ধতা নিশ্চিত কৰিবলৈ বিত্তীয় পৰীক্ষা-নিৰীক্ষা ফলাফলমুখী কৰি তোলাৰ আহ্বান ভাৰতীয় সংসদৰ ৰাজহুৱা হিচাপ পৰীক্ষা সমিতিৰ অধ্যক্ষৰ

 

অনুষ্ঠানত আদৰণী ভাষণ দি ভাৰতীয় সংসদৰ ৰাজহুৱা হিচাপ পৰীক্ষা সমিতিৰ অধ্যক্ষ শ্ৰী কে চি বেণুগোপালে ৰাজহুৱা ব্যয়ৰ ফলত যাতে বাস্তৱসন্মত সুফল, উন্নত সেৱা প্ৰদান আৰু নাগৰিকৰ বাবে অৰ্থপূৰ্ণ উপকাৰ নিশ্চিত হয়, তাৰ বাবে বিধানমণ্ডলীয় বিত্তীয় পৰীক্ষা-নিৰীক্ষা শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে দায়বদ্ধতা কেৱল ব্যয়ৰ হিচাপ পৰীক্ষাতে সীমাবদ্ধ থাকিব নালাগে। তেওঁ আৰু কয় যে, সংসদীয় তদাৰকীৰ ক্ষেত্ৰত অধিক ফলাফলমুখী দৃষ্টিভংগী গ্ৰহণ কৰিব লাগিব, যাতে ৰাজহুৱা ধনৰ প্ৰতিটো টকা বিবেচনাপূৰ্ণভাৱে ব্যয় কৰা হয় আৰু ই নিৰ্ধাৰিত উদ্দেশ্য পূৰণ কৰে।

 

তেওঁ সংসদৰ প্ৰতিখন অধিৱেশনতে কম পক্ষেও এখনকৈ ৰাজহুৱা হিচাপ পৰীক্ষা সমিতিৰ প্ৰতিবেদন আৰু তাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থা সম্পৰ্কীয় প্ৰতিবেদনৰ বিষয়ে আলোচনা কৰাৰ প্ৰস্তাৱো আগবঢ়ায়। তদুপৰি ৰাজহুৱা সম্পদ যাতে বৃহত্তৰ জনস্বাৰ্থত ব্যৱহাৰ কৰা হয়, তাক নিশ্চিত কৰাৰ বাবেও সময়মতে হিচাপ পৰীক্ষা, বিভিন্ন খণ্ডক সমতাপূৰ্ণভাৱে সামৰি লোৱা আৰু জনকল্যাণমূলক গুৰুত্বপূৰ্ণ ধ্বজ্জাবাহী আঁচনি তথা বৃহৎ আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহৰ অধিক সূক্ষ্ম পৰীক্ষা-নিৰীক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়তো তেওঁ গুৰুত্ব আৰোপ কৰে।

AM/UD


(ৰিলিজ আই ডি : 2332157) অতিথি কক্ষ : 3
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati , Kannada , Malayalam