পোষ্ট কৰা হৈছে:
02 NOV 2026 4:50PM by PIB Guwahati
"পৰিৱৰ্তনশীল বিশ্বত খাদ্য, পশুখাদ্য, জৈৱ ইন্ধন আৰু বহনক্ষমতাৰ বাবে গোমধান বিপ্লৱ" (এম৪এফএছ) শীৰ্ষক বিষয়বস্তুক লৈ আজি হায়দৰাবাদৰ জেডি কনভেনচন চেণ্টাৰত প্ৰথম আন্তঃৰাষ্ট্ৰীয় গোমধান সন্মিলন আৰম্ভ হয়। এই সন্মিলনে বিজ্ঞানী, নীতি নিৰ্ধাৰক, কৃষি প্ৰতিষ্ঠান আৰু ঔদ্যোগিক অংশীদাৰসকলক একত্ৰিত কৰি গোমধান গৱেষণা, উৎপাদনশীলতা আৰু মূল্য শৃংখলৰ বিকাশৰ কৌশলসমূহ আলোচনা কৰাৰ এখন মঞ্চ প্ৰদান কৰে।
সন্মিলনখনত অধিক উৎপাদনশীল জাত আৰু বৰ্ণসংকৰ (হাইব্ৰিড), উন্নত পুষ্টিগুণ, সম্পদৰ দক্ষ ব্যৱহাৰ, যান্ত্ৰিকীকৰণ, শক্তিশালী বীজ ব্যৱস্থা আৰু খাদ্য, পশুখাদ্য তথা শক্তি সুৰক্ষাত গোমধানৰ ক্ৰমবৰ্ধমান ভূমিকাৰ ওপৰত আলোকপাত কৰা হয়।
সন্মিলনখনত ভাষণ প্ৰদান কৰি ডিএআৰইৰ সচিব তথা আইচিএআৰৰ সঞ্চালক প্ৰধান ড° এমএল জাটে যোৱা এক দশকত লক্ষণীয় উৎপাদনশীলতা বৃদ্ধিৰ সমান্তৰালকৈ ভাৰতৰ গোমধান উৎপাদন প্ৰায় ৫৫ নিযুত টন হোৱাৰ বাবে গোমধান গৱেষণা সম্প্ৰদায়ক অভিনন্দন জনায়। তেওঁ প্ৰযুক্তিগত উদ্ভাৱন, উন্নত শস্য ব্যৱস্থাপনা আৰু সম্পদৰ দক্ষ ব্যৱহাৰৰ জৰিয়তে উৎপাদনশীলতা ১.৫ গুণ বৃদ্ধি কৰাৰ লগতে অহা দশকত উৎপাদন ৭৫ নিযুত টনলৈ বৃদ্ধি কৰাৰ আহ্বান জনায়।
কৃষকক কেন্দ্ৰবিন্দু হিচাপে লৈ খাদ্য, পশুখাদ্য, ঘাঁহ আৰু জৈৱ ইন্ধন অৰ্থাৎ পৰম্পৰাগত ৪এফ ধাৰণাটোক ৫এফ লৈ সম্প্ৰসাৰণ কৰাত গুৰুত্ব আৰোপ কৰি ড° জাটে উল্লেখ কৰে যে গৱেষণা আৰু সম্প্ৰসাৰণ কাৰ্যসূচীয়ে খেতিয়কসকলৰ বাবে অধিক লাভ আৰু উন্নত জীৱিকা নিশ্চিত কৰিব লাগিব। বিশেষকৈ শস্য ব্যৱস্থাপনাৰ পৰা উদ্ভৱ হোৱা উৎপাদনৰ ব্যৱধান দূৰ কৰিবলৈ আৰু অন্যান্য গুৰুত্বপূৰ্ণ শস্য, বিশেষকৈ তেলবীজ আৰু মাহজাতীয় শস্যৰ ক্ষতি নকৰাকৈ সকলো ঋতু তথা কৃষি-পৰিস্থিতিতন্ত্ৰ অঞ্চলত কৌশলগতভাৱে গোমধান খেতিৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ বাবে তেওঁ এটা ছিষ্টেম-ছায়েন্স পদ্ধতিৰ পোষকতা কৰে। ইয়াৰ উপৰি তেওঁ এটা শক্তিশালী বীজ ব্যৱস্থাৰ দ্বাৰা বিশেষকৈ ৰাজহুৱা খণ্ডৰ বৰ্ণসংকৰ (হাইব্ৰিড) বীজকে ধৰি সুলভ মূল্যৰ আৰু উন্নত মানৰ বীজ যোগান ধৰাৰ প্ৰয়োজনীয়তাতো গুৰুত্ব আৰোপ কৰে।
আইচিএআৰৰ উপ-সঞ্চালক প্ৰধান (শস্য বিজ্ঞান) ড° ডিকে যাদৱে গোমধানক খাদ্য, পুষ্টি আৰু শক্তি সুৰক্ষাৰ বাবে এটা আদৰ্শ শস্য বুলি অভিহিত কৰে। যোৱা পাঁচ বছৰত গোমধান গৱেষণা আৰু সম্প্ৰসাৰণৰ অগ্ৰগতি, যাৰ ভিতৰত ৩২৯ টা গোমধানৰ বৰ্ণসংকৰ জাত উদ্ভাৱনো অন্তৰ্ভুক্ত, সেই কথা স্বীকাৰ কৰি তেওঁ অল ইণ্ডিয়া ক’অৰ্ডিনেটেড ৰিচাৰ্চ প্ৰজেক্ট অন মেইজ (এআইচিআৰপি অন মেইজ) অধিক শক্তিশালী কৰাৰ আহ্বান জনায়। তেওঁ অধিক উৎপাদন, উন্নত পুষ্টিগুণ আৰু জৈৱিক তথা অজৈৱিক প্ৰতিবন্ধকতা প্ৰতিৰোধৰ বাবে প্ৰজননৰ লগতে কৃষি সামগ্ৰী ব্যৱহাৰৰ দক্ষতা, যান্ত্ৰিকীকৰণ, সক্ষমতা বিকাশ আৰু শক্তিশালী ৰাজহুৱা খণ্ডৰ হাইব্ৰিড বীজ উৎপাদনত গুৰুত্ব আৰোপ কৰে। ইথানলৰ কেঁচামাল হিচাপে গোমধানৰ সম্ভাৱনাক বাস্তৱায়িত কৰিবলৈ গৱেষণা প্ৰতিষ্ঠান, বিশ্ববিদ্যালয় আৰু উদ্যোগসমূহৰ মাজত সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰতো তেওঁ আলোকপাত কৰে।
চিআইএমএমৱাইটিৰ সৈতে জড়িত বিশিষ্ট গোমধান বিজ্ঞানী তথা বিশ্ব খাদ্য বঁটা বিজয়ী পদ্মশ্ৰী ড° এছ ভাছালে কৃষকসকলৰ প্ৰয়োজন অনুসৰি উন্নত জাত আৰু বৰ্ণসংকৰ শস্যৰ বিকাশ ক্ষিপ্ৰতৰ কৰাৰ বাবে সহজ, কম খৰচী প্ৰজনন পদ্ধতি অৱলম্বনৰ পোষকতা কৰে।
অনুষ্ঠানৰ মুখ্য অতিথি, ডিএআৰইৰ প্ৰাক্তন সচিব তথা আইচিএআৰৰ প্ৰাক্তন সঞ্চালক প্ৰধান পদ্মভূষণ ড° আৰ এছ পাৰোদাই কৃষি আৰু ইয়াৰ আনুষংগিক খণ্ডসমূহৰ ক্ৰমবৰ্ধমান প্ৰয়োজনীয়তাৰ সৈতে গৱেষণাৰ অগ্ৰাধিকাৰসমূহৰ সমন্বয় স্থাপন কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ উন্নত প্ৰজনন পদ্ধতিৰ ব্যাপক ব্যৱহাৰ, প্ৰণালীবদ্ধভাৱে জাৰ্মপ্লাজম সংৰক্ষণ আৰু ব্যৱহাৰ, গোমধানৰ শক্তিশালী মূল্য শৃংখল গঢ়ি তোলা আৰু খাদ্য তথা পশুখাদ্যৰ বাবে গোমধানৰ সুৰক্ষা আৰু গুণগত মান নিশ্চিত কৰিবলৈ এফ্লাটক্সিনৰ ফলপ্ৰসূ ব্যৱস্থাপনাৰ আহ্বান জনায়।
ইয়াৰ পূৰ্বে, মেইজ টেকন’লজিষ্টছ এছ’চিয়েচন অব্ ইণ্ডিয়াৰ (এমটিএআই) সভাপতি ড° এইচ এছ জাটে বিশিষ্ট ব্যক্তিসকলক আদৰণি জনায় আৰু ভাৰতৰ কৃষি খণ্ডৰ ৰূপান্তৰত গোমধানৰ কৌশলগত গুৰুত্বৰ কথা দাঙি ধৰে। তেওঁ নতুনকৈ দেখা দিয়া প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ বাবে গৱেষণা প্ৰতিষ্ঠান, কৃষি বিশ্ববিদ্যালয়, নীতি নিৰ্ধাৰক আৰু উদ্যোগসমূহৰ মাজত অধিক শক্তিশালী সহযোগিতা গঢ়ি তোলাৰ আহ্বান জনায়।
এই অনুষ্ঠানত কেইবাখনো বৈজ্ঞানিক প্ৰকাশন উন্মোচন কৰা হয় আৰু গোমধান গৱেষণা তথা বিকাশৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে বিশিষ্ট বিজ্ঞানী আৰু গৱেষকসকলক বঁটা প্ৰদান কৰা হয়।
সন্মিলনখনে উৎপাদনৰ ব্যৱধান দূৰ কৰিবলৈ, বীজৰ উপলব্ধতা উন্নত কৰিবলৈ, প্ৰজনন কাৰ্যসূচী অধিক শক্তিশালী কৰিবলৈ, পুষ্টিগুণ বৃদ্ধি কৰিবলৈ আৰু বহনক্ষম গোমধান মূল্য শৃংখল গঢ়ি তুলিবলৈ সহযোগিতামূলক তথা কৃষককেন্দ্ৰিক গৱেষণাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। হায়দৰাবাদত ২০২৬ চনৰ ২-৪ নৱেম্বৰলৈ অনুষ্ঠিত এই সন্মিলনে ভাৰতত এক উৎপাদনশীল, লাভজনক আৰু বহনক্ষম গোমধান খণ্ডৰ দিশনিৰ্ণায়ক পথ প্ৰস্তুত কৰাৰ বাবে দেশ-বিদেশৰ বিশেষজ্ঞসকলক উমৈহতীয়া মঞ্চ প্ৰদান কৰিছে।


***
SS/MS/MM