বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

চেন্ট্ৰেল ব্যুৰ’ অব্ নাৰ্কোটিকছৰ (চিবিএন) মধ্যপ্ৰদেশ গোটৰ দ্বাৰা ৫৯৫.৪২০ কিলোগ্ৰাম কানি পাউডাৰ জব্দ; দুজন আটক

পোষ্ট কৰা হৈছে: 02 NOV 2026 12:34PM by PIB Guwahati

এটা নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰি চেন্ট্ৰেল ব্যুৰ’ অব্ নাৰ্কোটিকছৰ (চিবিএন) মধ্যপ্ৰদেশ গোটে মধ্যপ্ৰদেশৰ ধাৰ জিলাৰ বদনাৱাৰৰ সমীপত পঞ্জাবত পঞ্জীয়নভুক্ত এখন টাটা ট্ৰাক আগভেটি ধৰে আৰু ট্ৰাকখনৰ মজিয়াত বিশেষভাৱে নিৰ্মিত এটা গোপন কোঠালীত লুকুৱাই ৰখা ৫৯৫.৪২০ কিলোগ্ৰাম কানি পাউডাৰ জব্দ কৰে। এই ঘটনাত দুজন ব্যক্তিক আটক কৰা হয়।

চিবিএনৰ বিষয়াৰ এটা যৌথ দলে সন্দেহযুক্ত পথটোত চোকা নজৰ ৰাখিছিল আৰু দুজন আৰোহীসহ বাহনখন সফলতাৰে জব্দ কৰিবলৈ সক্ষম হয়। তন্ন তন্নকৈ চলোৱা তালাচীৰ সময়ত ট্ৰাকখনৰ মজিয়াত কৌশলেৰে সজা গোপন কোঠালীটোৰ পৰা ৫৯৫.৪২০ কিলোগ্ৰাম অবৈধ কানি পাউডাৰ ভৰ্তি ৬০ টা প্লাষ্টিকৰ বেগ উদ্ধাৰ কৰা হয়।

উদ্ধাৰ হোৱা নিষিদ্ধ সামগ্ৰীখিনিৰ লগতে টাটা ট্ৰাকখনো জব্দ কৰা হয় আৰু নাৰ্কোটিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক ছাবষ্টেন্সেছ (এনডিপিএছ) আইন, ১৯৮৫ ৰ প্ৰাসংগিক ধাৰাসমূহৰ অধীনত দুয়োগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয়।

নিষিদ্ধ সামগ্ৰীখিনিৰ মূল উৎস তথা ইয়াৰ পৰিবহণ আৰু বিতৰণত জড়িত চক্ৰটোক চিনাক্ত কৰাৰ উদ্দেশ্যে অধিক তদন্ত অব্যাহত আছে।

চিবিএনৰ মধ্যপ্ৰদেশ গোটে চোৰাংচোৱা তথ্যভিত্তিক নিৰন্তৰ অভিযানৰ জৰিয়তে মাদকদ্ৰব্য সৰবৰাহকাৰী নেটৱৰ্কসমূহ ধ্বংস কৰিবলৈ আৰু নিচাজাতীয় ঔষধৰ ভাবুকি ৰোধ কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ হৈ কাম কৰি আহিছে।

 

 

***

KT/KMN/MM


(ৰিলিজ আই ডি : 2331968) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Punjabi , Tamil