স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
azadi ka amrit mahotsav

ঔষধ, চিকিৎসা সঁজুলি আৰু প্ৰসাধন সামগ্ৰী আমদানিৰ বাবে অনুমোদিত প্ৰৱেশপথৰ সংখ্যা বৃদ্ধিৰ প্ৰস্তাৱ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ

ঔষধ বিধি, ১৯৪৫ৰ সংশোধনীৰ প্ৰস্তাৱত স্বাস্থ্যসেৱা সম্পৰ্কীয় সামগ্ৰীৰ আমদানি আৰু শুল্ক নিষ্পত্তি প্ৰক্ৰিয়া অধিক সুচল কৰাৰ লক্ষ্যৰে অতিৰিক্ত আভ্যন্তৰীণ কণ্টেইনাৰ ডিপো, বিশেষ অৰ্থনৈতিক মণ্ডল আৰু এটা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ

পোষ্ট কৰা হৈছে: 03 NOV 2026 9:54AM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে দেশলৈ ঔষধ, চিকিৎসা সঁজুলি আৰু প্ৰসাধন সামগ্ৰী আমদানিৰ বাবে অনুমোদিত প্ৰৱেশপথৰ নেটৱৰ্ক সম্প্ৰসাৰণৰ উদ্দেশ্যে ঔষধ বিধি, ১৯৪৫ৰ ৪৩(ক) নং নিয়ম সংশোধনৰ প্ৰস্তাৱ আগবঢ়াইছে। এই সংশোধনী প্ৰস্তাৱৰ লক্ষ্য হৈছে আমদানি প্ৰক্ৰিয়া অধিক সুচল কৰা, পৰিবহণ আৰু যোগান ব্যৱস্থাৰ দক্ষতা বৃদ্ধি কৰা তথা স্বাস্থ্যসেৱা সম্পৰ্কীয় সামগ্ৰীৰ যোগান শৃংখল শক্তিশালী কৰা।

 

ঔষধ বিধি, ১৯৪৫ৰ ৪৩(ক) নং নিয়মত ভাৰতলৈ ঔষধ আমদানিৰ বাবে অনুমোদিত বন্দৰ, বিমানবন্দৰ, ৰে'ল ষ্টেচন, পথ সংযোগস্থল আৰু অন্যান্য প্ৰৱেশপথসমূহ নিৰ্দিষ্ট কৰা হৈছে। বাণিজ্যিক কাম-কাজ সুচল কৰা আৰু আমদানি সম্পৰ্কীয় প্ৰক্ৰিয়াসমূহৰ দক্ষতা বৃদ্ধিৰ লক্ষ্যৰে মন্ত্ৰালয়ে অনুমোদিত স্থানৰ তালিকাত অতিৰিক্ত অভ্যন্তৰীণ কণ্টেইনাৰ ডিপো (আই চি ডি), এটা বিশেষ অৰ্থনৈতিক মণ্ডল (এছ ই জেড) আৰু এটা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ দিছে।

 

প্ৰস্তাৱিত অতিৰিক্ত স্থানসমূহ হৈছে— হাৰিয়ানাৰ আই চি ডি সোনিপট, পিয়ালা আৰু হাৰছাৰু, উত্তৰ প্ৰদেশৰ আই চি ডি দাদৰি, গুজৰাটৰ আই চি ডি গান্ধীধাম/মুণ্ড্ৰা, তেলেংগানাৰ হায়দৰাবাদৰ আই চি ডি সনৎ নগৰ আৰু থিম্মাপুৰ, কৰ্ণাটকৰ বেংগালুৰুৰ আই চি ডি হোৱাইটফিল্ড, কৰ্ণাটকৰ এছ ই জেড বোম্মাছান্দ্ৰা আৰু আকাশীপথেৰে ঔষধ আমদানিৰ বাবে উত্তৰ প্ৰদেশৰ নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ।

 

এই স্থানসমূহক ইতিমধ্যে অনুমোদিত আমদানি প্ৰৱেশপথৰ নেটৱৰ্কত অন্তৰ্ভুক্ত কৰা হ'ব। বৰ্তমানৰ এই নেটৱৰ্কত মধ্যপ্ৰদেশৰ ইন্দোৰৰ ধন্নড় আৰু তিহিৰ আই চি ডিৰ লগতে ঔষধ আমদানিৰ বাবে ইতিমধ্যে অধিসূচিত বিমানবন্দৰসমূহ অন্তৰ্ভুক্ত হৈ আছে।

 

এই প্ৰস্তাৱিত সম্প্ৰসাৰণে আমদানিকাৰীসকলক তেওঁলোকৰ উৎপাদন কেন্দ্ৰ, গুদাম আৰু বিতৰণ কেন্দ্ৰৰ অধিক ওচৰতে আমদানিকৃত সামগ্ৰীৰ চালানসমূহৰ শুল্ক নিষ্পত্তি কৰাৰ সুবিধা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ ফলত স্থলপথেৰে পৰিবহণৰ দূৰত্ব হ্ৰাস, পৰিবহণ ব্যয়ৰ যুক্তিসংগত কৰি তোলা আৰু আমদানিকৃত সামগ্ৰীৰ পৰিবহণত ব্যয় হোৱা সময়ৰ পৰিমান হ্ৰাস কৰাৰ সম্ভাৱনা আছে। এই ব্যৱস্থাই আমদানিকাৰীসকলৰ কাৰ্যপৰিচালনাৰ সুবিধা বৃদ্ধিৰ লগতে দেশৰ বিভিন্ন অঞ্চললৈ ঔষধ, চিকিৎসা সঁজুলি আৰু প্ৰসাধন সামগ্ৰীৰ পৰিবহণ অধিক সুচল কৰাটো নিশ্চিত কৰাৰ ক্ষেত্ৰত সহায় কৰিব বুলি আশা কৰা হৈছে।

 

এই প্ৰস্তাৱিত সংশোধনৰ জৰিয়তে মন্ত্ৰালয়ে স্বাস্থ্যসেৱা সম্পৰ্কীয় সামগ্ৰীৰ আমদানিৰ বাবে সহায়ক আন্তঃগাঁথনি শক্তিশালী কৰা, ব্যৱসায়-বাণিজ্যৰ প্ৰক্ৰিয়া অধিক সহজ কৰা আৰু অধিক দক্ষ তথা সঁহাৰিমূলক যোগান শৃংখল গঢ়ি তোলাৰ লক্ষ্য লৈছে। ইয়াৰ ফলত অত্যাৱশ্যকীয় স্বাস্থ্যসেৱা সামগ্ৰীৰ সময়োপযোগী যোগান নিশ্চিত কৰাত সহায়ক হ'ব।

 

প্ৰস্তাৱিত সংশোধনীৰ সন্দৰ্ভত কোনো আপত্তি বা পৰামৰ্শ থাকিলে সংশ্লিষ্ট পক্ষই সেয়া কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ উপ-সচিব (ঔষধ নিয়ন্ত্ৰণ)লৈ এই ঠিকনাত প্ৰেৰণ কৰিব পাৰিব—

 

ইউ-৬, ৱৰ্ক হল, চি উইং, প্ৰথম মহলা, কৰ্তব্য ভৱন-১, নতুন দিল্লী–১১০০০১।

 

ই-মেইলৰ জৰিয়তেও drugsdiv-mohfw[at]gov[dot]in ঠিকনাত আপত্তি বা পৰামৰ্শ দাখিল কৰিব পৰা হ’ব।

 

ঔষধ বিধি, ১৯৪৫ৰ প্ৰস্তাৱিত সংশোধনী সম্পৰ্কীয় খচৰা অধিসূচনা চৰকাৰী গেজেটৰ তলত উল্লেখ কৰা লিংকৰ পৰা সংগ্ৰহ কৰিব পৰা হ’ব-https://egazette.gov.in/(S(s2ixpktncwy30a02dofwfeqh))/ViewPDF.aspx

 

SR/UD


(ৰিলিজ আই ডি : 2331960) অতিথি কক্ষ : 5