পোষ্ট কৰা হৈছে:
01 NOV 2026 12:39PM by PIB Guwahati
কেৰালাপ্পিৰাভি উপলক্ষে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেৰালামৰ জনসাধাৰণক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।শ্ৰী মোদীয়ে কয় যে এই বিশেষ দিনটোৱে কেৰালামৰ সমৃদ্ধিশালী পৰম্পৰা আৰু অসাধাৰণ জীৱনীশক্তিক উদযাপন কৰে।প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ তথা চহকী সাংস্কৃতিক ঐতিহ্যৰে সমৃদ্ধ এই ৰাজ্যখনে দেশৰ ইতিহাসত সদায় এটা বিশেষ স্থান অধিকাৰ কৰি আহিছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে কেৰালামৰ সৰ্ববৃহৎ শক্তি হৈছে ৰাজ্যখনৰ জনসাধাৰণ।তেওঁলোকৰ নিষ্ঠা, একাগ্ৰতা আৰু উৎকৃষ্টতাৰ প্ৰতি থকা দায়বদ্ধতাই ভাৰতৰ সীমাৰ বাহিৰতো প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে।স্বাস্থ্যসেৱা, শিক্ষা, উদ্যোগী মনোভাব, বিজ্ঞানকে ধৰি বিভিন্ন ক্ষেত্ৰত কেৰালামৰ জনসাধাৰণে অৰ্জন কৰা সফলতাই সমগ্ৰ দেশক গৌৰৱান্বিত কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।
প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যম ‘এক্স’ত এইদৰে পোষ্ট কৰিছে—
“কেৰালামৰ মোৰ ভাই-ভনীসকলক কেৰালাপ্পিৰাভিৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ!
এই বিশেষ দিনটোৱে কেৰালামৰ সমৃদ্ধিশালী পৰম্পৰা আৰু অসাধাৰণ জীৱনীশক্তিক উদযাপন কৰে।প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ আৰু চহকী সাংস্কৃতিক ঐতিহ্যৰে সমৃদ্ধ এই ৰাজ্যখনে আমাৰ দেশৰ ইতিহাসত সদায় এটা বিশেষ স্থান অধিকাৰ কৰি আহিছে। কেৰালামৰ সৰ্ববৃহৎ শক্তি হৈছে ইয়াৰ জনসাধাৰণ।তেওঁলোকৰ নিষ্ঠা আৰু উৎকৃষ্টতাৰ প্ৰতি থকা দায়বদ্ধতাই ভাৰতৰ সীমাৰ বহু দূৰলৈকে প্ৰশংসা লাভ কৰিছে।স্বাস্থ্যসেৱা, শিক্ষা, উদ্যোগী মনোভাব , বিজ্ঞান আৰু অন্যান্য বিভিন্ন ক্ষেত্ৰত কেৰালামৰ জনসাধাৰণে অৰ্জন কৰা সফলতাই দেশক গৌৰৱান্বিত কৰিছে।
মই আশা কৰোঁ, আগন্তুক বছৰবোৰে কেৰালামৰ প্ৰতিগৰাকী ব্যক্তিৰ জীৱনলৈ নতুন সুযোগ, অধিক সমৃদ্ধি আৰু নিৰন্তৰ প্ৰগতি কঢ়িয়াই আনিব।”
****
MJPS/SS/VJ/DM