প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ছত্তীশগড় ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

পোষ্ট কৰা হৈছে: 01 NOV 2026 12:35PM by PIB Guwahati

ছত্তীশগড় ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে ছত্তীশগড় জনজাতীয় সংস্কৃতি, প্ৰাকৃতিক সম্পদ আৰু স্বকীয় লোক-পৰম্পৰাৰ বাবে বিশেষভাৱে পৰিচিত।ৰাজ্যখনৰ সমৃদ্ধ প্ৰত্নতাত্ত্বিক ঐতিহ্যও ইয়াৰ পৰিচয়ৰ এটা সুকীয়া অংশ।তেওঁ লগতে কয় যে সমৃদ্ধিশালী লোক-সংস্কৃতিৰে পৰিপূৰ্ণ ৰাজ্যখনৰ পৰিৱেশত  অপূৰ্ব আপোনত্বৰ ভাব নিহিত হৈ আছে, যিয়ে সকলোকে আকৰ্ষিত কৰে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে, “নক্সালবাদৰ শিপা উভালি পেলোৱাৰ সমান্তৰালভাৱে ছত্তীশগড়ে নতুন উদ্যমেৰে উন্নয়নৰ পথত অধিক ক্ষিপ্ৰতাৰে আগবাঢ়ি যোৱাটো দেখি আনন্দিত হৈছোঁ।ৰাজ্যখনৰ প্ৰতিভাশালী আৰু পৰিশ্ৰমী জনসাধাৰণৰ অংশগ্ৰহণেৰে ছত্তীশগড়ে দেশৰ সমৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই যাব।”

প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যম ‘এক্স’ত প্ৰকাশ কৰা এটি  বাৰ্তাত কয়—

“ছত্তীশগড়ৰ সকলো বাসিন্দালৈ ৰাজ্য প্ৰতিষ্ঠা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ!এই ৰাজ্যখন জনজাতীয় সংস্কৃতি, প্ৰাকৃতিক সম্পদ আৰু অনন্য লোক-পৰম্পৰাৰ বাবে বিশেষভাৱে পৰিচিত। ৰাজ্যখনৰ প্ৰত্নতাত্ত্বিক ঐতিহ্যই ইয়াক  সুকীয়া পৰিচয় প্ৰদান কৰিছে। ইয়াৰ লোক-সংস্কৃতিৰে পৰিপূৰ্ণ পৰিৱেশত অপূৰ্ব আপোনত্বৰ ভাৱ আছে, যিয়ে সকলোকে নিজৰ ফালে আকৰ্ষিত কৰে।

আজি নক্সালবাদৰ শিপা উভালি পেলোৱাৰ সমান্তৰালভাৱে আমাৰ এই ৰাজ্যখনে উন্নয়নৰ পথত অধিক ক্ষিপ্ৰতাৰে আগবাঢ়ি যোৱাটো দেখি আনন্দিত হৈছোঁ।

 প্ৰতিভাশালী আৰু পৰিশ্ৰমী পৰিয়ালৰ লোকসকলৰ অংশগ্ৰহণেৰে এই ৰাজ্যখনে দেশৰ সমৃদ্ধিৰ ক্ষেত্ৰত আগভাগ লৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই যাব বুলি মোৰ বিশ্বাস।

এই বিশেষ উপলক্ষ্যত ছত্তীশগড়ৰ সকলো বাসিন্দাৰ মংগল আৰু কল্যাণ সাধন হওক, এয়াই মোৰ কামনা।”

 

****

MJPS/SS/VJ/DM


(ৰিলিজ আই ডি : 2331155) অতিথি কক্ষ : 7