পোষ্ট কৰা হৈছে:
31 OCT 2026 5:57PM by PIB Guwahati
কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে ২০২৬-২৭ শৈক্ষিক বৰ্ষৰ বাবে ৰাষ্ট্ৰীয় আয়সহ মেধা ছাত্ৰবৃত্তি আঁচনি (‘নেচনেল মিন্স-কাম-মেৰিট স্কলাৰশ্বিপ’, এন এম এম এছ এছ)ৰ অধীনত আবেদন দাখিলৰ অন্তিম তাৰিখ অহা ১৫ নৱেম্বৰলৈ বৃদ্ধি কৰিছে। এই সময়সীমা বৃদ্ধিৰ ফলত যোগ্য শিক্ষাৰ্থীসকলে ৰাষ্ট্ৰীয় বৃত্তি পৰ্টেলত আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ অতিৰিক্ত সময় লাভ কৰিব। তদুপৰি সংশ্লিষ্ট কৰ্তৃপক্ষসমূহে সময়মতে আবেদনসমূহ পৰীক্ষা কৰি অনুমোদন জনোৱাৰ ক্ষেত্ৰতো সুবিধা হ’ব।
সংশোধিত সময়সূচী তলত উল্লেখ কৰা ধৰণৰ—
প্ৰক্ৰিয়া অন্তিম তাৰিখ
আবেদন দাখিল ১৫ নৱেম্বৰ, ২০২৬
প্ৰতিষ্ঠানৰ ন’ডেল বিষয়া
(এল ১)ৰ দ্বাৰা পৰীক্ষণ ৩০ নৱেম্বৰ, ২০২৬
জিলা ন’ডেল বিষয়া
(এল ২)ৰ দ্বাৰা পৰীক্ষণ ১৫ ডিচেম্বৰ, ২০২৬
ৰাষ্ট্ৰীয় বৃত্তি পৰ্টেল (এনে এছ পি)ত চলিত বৰ্ষৰ ১ জুনৰ পৰাই শিক্ষাৰ্থীসকলৰ বাবে আবেদন গ্ৰহণ প্ৰক্ৰিয়া মুকলি হৈ আছে। বৃত্তিৰ বাবে আবেদন কৰাৰ পূৰ্বে শিক্ষাৰ্থীসকলে পৰ্টেলত এবাৰৰ পঞ্জীয়ন (অ’ টি আৰ) সম্পূৰ্ণ কৰাটো বাধ্যতামূলক।
৩০/১০/২০২৬ তাৰিখ পৰ্যন্ত ৯০,৪৮৩খন নতুন আৰু ১,৯৯,৫৩১খন নৱীকৰণৰ আবেদন দাখিল কৰা হৈছে।
ইতিমধ্যে আবেদন দাখিল কৰা শিক্ষাৰ্থীসকলে আবেদনসমূহ সংশ্লিষ্ট প্ৰতিষ্ঠানৰ ন’ডেল বিষয়া (এল ১)ৰ দ্বাৰা অহা ৩০ নৱেম্বৰৰ ভিতৰত আৰু জিলা ন’ডেল বিষয়া (এল ২)ৰ দ্বাৰা অহা ১৫ ডিচেম্বৰৰ ভিতৰত পৰীক্ষণ কৰোৱাটো নিশ্চিত কৰিব লাগিব।
অষ্টম শ্ৰেণীৰ পাছত দ্বাদশ শ্ৰেণী পৰ্যন্ত শিক্ষাৰ্থীসকলৰ শিক্ষা অব্যাহত ৰখাত উৎসাহিত কৰাৰ লগতে আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ মেধাৱী শিক্ষাৰ্থীসকলক সহায় আগবঢ়োৱাই হৈছে এন এম এম এছ এছৰ মূল উদ্দেশ্য।
এই আঁচনিৰ অধীনত প্ৰতি বছৰে নৱম শ্ৰেণীৰ যোগ্য শিক্ষাৰ্থীসকলক ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহে অনুষ্ঠিত কৰা নিৰ্বাচনী পৰীক্ষাৰ ভিত্তিত এক লাখ নতুন বৃত্তি প্ৰদান কৰা হয়। নিৰ্ধাৰিত শৈক্ষিক চৰ্তসমূহ পূৰণৰ জৰিয়তে দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীতো বৃত্তিৰ ধন নৱীকৰণৰ ব্যৱস্থা কাৰ্যকৰী কৰা হয়।
ৰাজ্য চৰকাৰ আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয় তথা স্থানীয় স্বায়ত্তশাসিত সংস্থাৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহত অধ্যয়নৰত যোগ্য শিক্ষাৰ্থীসকলক বছৰি ১২,০০০ টকাকৈ বৃত্তি প্ৰদান কৰা হয়। এই ধন প্ৰত্যক্ষ লাভ হস্তান্তৰ (ডি বি টি) ব্যৱস্থাৰ জৰিয়তে পোনপটীয়াকৈ শিক্ষাৰ্থীসকলৰ বেংক একাউণ্টত জমা কৰা হয়।
নিৰ্বাচনী পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ শিক্ষাৰ্থীসকলে সপ্তম শ্ৰেণীৰ পৰীক্ষাত কমেও ৫৫ শতাংশ নম্বৰ অথবা সমতুল্য গ্ৰেড লাভ কৰাটো প্ৰয়োজনীয়। অৱশ্যে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ শিক্ষাৰ্থীসকলৰ বাবে এই নম্বৰৰ ক্ষেত্ৰত ৫ শতাংশ ৰেহাইৰ ব্যৱস্থা আছে। আবেদনকাৰীৰ পিতৃ-মাতৃৰ বাৰ্ষিক আয় ৩.৫০ লাখ টকাৰ অধিক হ’ব নালাগিব।
RRTN/UD