গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫১সংখ্যক জন্মজয়ন্তী উপলক্ষে ৰাষ্ট্ৰীয় একতা দিৱসত নতুন দিল্লীত ‘একতা দৌৰ’ৰ শুভাৰম্ভ কৰিলে কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে

নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছৰে পৰা চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মজয়ন্তী আমি ‘ৰাষ্ট্ৰীয় একতা দিৱস’ হিচাপে পালন কৰি আহিছোঁ

চৰ্দাৰ চাহাবে ভাৰতৰ ইতিহাস সলনি কৰাৰ লগতে ইয়াৰ ভূগোলকো এক নতুন ৰূপ দিছিল; বহুতো দেশীয় ৰাজ্যক একত্ৰিত কৰাৰ কঠিন কামটো হাতত লৈ চৰ্দাৰ পেটেলে আজি আমি দেখা ঐক্যবদ্ধ ভাৰতৰ মানচিত্ৰখন তৈয়াৰ কৰিছিল

চৰ্দাৰ চাহাবে কেৱল ভাৰতৰ ভৌগোলিক, ৰাজনৈতিক আৰু সাংস্কৃতিক একত্ৰীকৰণৰ বাবেই কেৱল প্ৰচেষ্টা চলোৱা নাছিল, তেওঁ সমগ্ৰ দেশক একত্ৰিত কৰি একতাৰ এনাজৰীৰে বান্ধি ৰাখিছিল

মাত্ৰ ১,২১৮ দিনৰ ভিতৰতে চৰ্দাৰ চাহাবে এখন অখণ্ড ভাৰত গঠন কৰিলে আৰু এনে এক সফলতা অৰ্জন কৰিলে যিটো বহু নেতাই তেওঁলোকৰ সমগ্ৰ জীৱনকালতো সম্ভৱ কৰিব নোৱাৰিলে

এই বছৰৰ ৩১ মাৰ্চত দেশখন মাওবাদী উগ্ৰবাদৰ পৰা মুক্ত হৈছে আৰু এতিয়া নিচামুক্ত ৰাষ্ট্ৰ হিচাপে গঢ় লৈ উঠাৰ দিশে আগবাঢ়িছে

২০২৯ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত দেশখনক সম্পূৰ্ণৰূপে নিচামুক্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এখন উন্নত ভাৰত গঢ়াৰ প্ৰথমটো খোজ হৈছে নিচামুক্ত ভাৰত

নিচামুক্ত ভাৰত গঢ়ি তোলাটোৱেই হ’ব দেশৰ যুৱ প্ৰজন্ম আৰু তেওঁলোকৰ ভৱিষ্যতৰ বাবে আটাইতকৈ ডাঙৰ সাফল্য

দেশৰ ভাষিক, সাংস্কৃতিক আৰু পৰম্পৰাগত বৈচিত্ৰ্যই হৈছে আমাৰ সৰ্ববৃহৎ শক্তি

সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ জৰিয়তে আমি সভ্যতা আৰু ৰাষ্ট্ৰীয় নৱজাগৰণৰ অভিজ্ঞতা লাভ কৰিছিলোঁ। এই মন্দিৰ পুনৰ নিৰ্মাণৰ ধাৰণাও চৰ্দাৰ চাহাবেই আগবঢ়াইছিল।

বিৰোধী পক্ষই চৰ্দাৰ চাহাবৰ কৰ্মৰাজিৰ যথোচিত স্বীকৃতি নিদি বহু বছৰ ধৰি তেওঁক উপেক্ষা কৰিছিল আৰু তেওঁক পাহৰাই ৰখাৰ চেষ্টা কৰিছিল। কিন্তু সূৰ্যৰ পোহৰ কোনেও ঢাকি ৰাখিব নোৱাৰে।

গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়ত মোদীজীয়ে যি ‘একতাৰ প্ৰতিমূৰ্তি’ ৰ পৰিকল্পনা কৰিছিল আৰু আধাৰশিলা স্থাপন কৰিছিল, সেই প্ৰতিমূৰ্তিয়ে চৰ্দাৰ চাহাবৰ বিশাল ব্যক্তিত্ব সমগ্ৰ দেশৰ সন্মুখত প্ৰতিষ্ঠা কৰিছে

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ‘ৰাষ্ট্ৰীয় একতা দিৱস’ উপলক্ষে দেশবাসীক একতাৰ শপতবাক্যও পাঠ কৰোৱায়

আজি প্ৰধানমন্ত্ৰী মোদীজীয়ে একেটা ঠাইৰ পৰাই দেশৰ বিভিন্ন প্ৰান্তৰ আৰক্ষী বাহিনীৰ পেৰেডৰ অভিবাদন গ্ৰহণ কৰিব আৰু ভাষণ প্ৰদান কৰিব

পোষ্ট কৰা হৈছে: 31 OCT 2026 2:09PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫১ সংখ্যক জন্মজয়ন্তী উপলক্ষে আয়োজিত 'ৰাষ্ট্ৰীয় একতা দিৱস' উপলক্ষে আয়োজিত ‘একতা দৌৰ’ ৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে। এই উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে দেশৰ নাগৰিকসকলক 'একতাৰ শপতবাক্য ' ও পাঠ কৰোৱায়। এই অনুষ্ঠানত দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰ শ্ৰী তৰণজিৎ সিং সান্ধু, কেন্দ্ৰীয় মন্ত্ৰী ড০ মনসুখ মাণ্ডভিয়া, দিল্লীৰ মুখ্যমন্ত্ৰী শ্ৰীমতী ৰেখা গুপ্তা, আৰু কেন্দ্ৰীয় গৃহ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায় আৰু শ্ৰী বন্দী সঞ্জয় কুমাৰকে ধৰি কেইবাগৰাকীও গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

RED1.jpeg

এই উপলক্ষে আগবঢ়োৱা ভাষণত কেন্দ্ৰীয় গৃহ মন্ত্ৰী আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় – “  শ্ৰী নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পৰাই আমি চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তী ‘ৰাষ্ট্ৰীয় একতা দিৱস’ হিচাপে পালন কৰি আহিছোঁ। আজি চৰ্দাৰ চাহেবৰ ১৫১ সংখ্যক জন্ম জয়ন্তী। তেওঁ এজন মহান ব্যক্তিত্ব আছিল, যিয়ে কেৱল ভাৰতৰ ইতিহাসকেই সলনি কৰা নাছিল, বৰঞ্চ ইয়াৰ ভৌগোলিক ৰূপো গঢ় দিছিল। বহুতো দেশীয় ৰাজ্য আৰু ৰাজকীয় ভূখণ্ড একত্ৰিত কৰাৰ কঠিন কাম হাতত লৈ চৰ্দাৰ চাহেবে আজি আমি দেখা অখণ্ড ভাৰতৰ মানচিত্ৰখন গঢ়ি তুলিছিল “।  তেওঁ কয় যে চৰ্দাৰ চাহেবে কেৱল ভাৰতৰ ভৌগোলিক, ৰাজনৈতিক আৰু সাংস্কৃতিক সংহতিৰ বাবে সফল প্ৰচেষ্টা চলোৱাই নাছিল, বৰঞ্চ সমগ্ৰ দেশখনক একত্ৰিত কৰি এটা অবিচ্ছেদ্য গোটত বান্ধি ৰাখিছিল।

RED2.jpeg

অমিত শ্বাহে কয় যে দেশে স্বাধীনতা লাভ কৰাৰ সময়ত সমগ্ৰ বিশ্বই ভৱিষ্যদ্বাণী কৰিছিল যে ভাৰত বিভাজিত হৈ পৰিব। কিন্তু স্বাধীনতা লাভৰ মাত্ৰ ১,২১৮ দিনৰ ভিতৰতে চৰ্দাৰ পেটেলে এখন ঐক্যবদ্ধ ভাৰত গঢ়ি তুলি বহুতে অসম্ভৱ বুলি ভবা কামটো সম্পন্ন কৰিছিল। আজি চৰ্দাৰ পেটেলে কল্পনা কৰা ভাৰতবৰ্ষই বিশ্বৰ সন্মুখত গৌৰৱেৰে মূৰ দাঙি থিয় দিছে।কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে চলিত বৰ্ষৰ ৩১ মাৰ্চত দেশখনে মাওবাদী উগ্ৰবাদৰ পৰা মুক্তি লাভ কৰিছে আৰু এতিয়া নিচামুক্ত ৰাষ্ট্ৰ হিচাপে গঢ় লৈ উঠাৰ পথত আগবাঢ়িছে। তেওঁ উল্লেখ কৰে যে নিচামুক্ত ভাৰত গঢ়ি তোলাটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘বিকশিত ভাৰত’ৰ সপোন বাস্তৱায়িত কৰাৰ প্ৰথম আৰু মূল পদক্ষেপ। অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত কেইবাটাও গুৰুত্বপূৰ্ণ লক্ষ্যত উপনীত হোৱা সম্ভৱ হৈছে। ইয়াৰ ভিতৰত সংবিধানৰ ৩৭০নং অনুচ্ছেদ বিলোপৰ জৰিয়তে কাশ্মীৰক স্থায়ীভাৱে ভাৰতৰ সৈতে একত্ৰিত কৰা, মাওবাদী উগ্ৰপন্থীৰ নিৰ্মূল আৰু দেশত একক কৰ ব্যৱস্থা প্ৰৱৰ্তন আদি উল্লেখযোগ্য। শ্বাহে কয় যে নিচামুক্ত ভাৰতৰ সপোন বাস্তৱায়িত কৰাটোৱেই হ’ব এই সকলোবোৰ সফলতাৰ ভিতৰত সৰ্বাধিক গুৰুত্বপূৰ্ণ সফলতা। ইয়াৰ ফলত দেশৰ যুৱ প্ৰজন্ম আৰু ভৱিষ্যত প্ৰজন্ম বিশেষভাৱে উপকৃত হ’ব।

RED3.jpeg

অমিত শ্বাহে কয় যে আমাৰ দেশৰ ভাষিক, সাংস্কৃতিক আৰু পৰম্পৰাগত বৈচিত্ৰ্য কোনো দুৰ্বলতা নহয়, বৰঞ্চ এয়াই আমাৰ শক্তি। তেওঁ কয় যে এয়াই আছিল চৰ্দাৰ পেটেলৰ বাৰ্তা আৰু আমি আগবাঢ়ি যাবলগীয়া পথো এয়াই। আমাৰ ভাষিক, সাংস্কৃতিক আৰু ধৰ্মীয় বৈচিত্ৰ্যই হৈছে আমাৰ শক্তিৰ উৎস। আলোচনা,পাৰস্পৰিক বিশ্বাস আৰু সকলোকে সামৰি লোৱাৰ মানসিকতাৰ জৰিয়তে যোৱা ৮০ বছৰত আমি এক উমৈহতীয়া ৰাষ্ট্ৰীয় পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছোঁ। আমাৰ ভাষা, সাজ-পোছাক, সাংস্কৃতিক বিশ্বাস আৰু ধৰ্ম ভিন্ন হ’ব পাৰে, কিন্তু আমাৰ ৰাষ্ট্ৰ সদায় ঐক্যবদ্ধ হৈ আহিছে। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ জৰিয়তে সভ্যতা আৰু ৰাষ্ট্ৰীয় পুনৰুত্থানৰ এক অনন্য অভিজ্ঞতা লাভ কৰা হৈছিল। সোমনাথ মন্দিৰ নিৰ্মাণৰ পৰিকল্পনা চৰ্দাৰ বল্লভভাই পেটেলেই কৰিছিল। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ‘মেক ইন ইণ্ডিয়া’ আৰু ‘আত্মনিৰ্ভৰ ভাৰত’ৰ দৰে পদক্ষেপে বিশ্বৰ অৰ্থনীতিসমূহৰ ভিতৰত ভাৰতক এক শীৰ্ষস্থানত উপনীত কৰোৱাৰ দিশত আমাক পথ প্ৰদৰ্শন কৰিছে।

RED4.jpeg

অমিত শ্বাহে কয় যে চৰ্দাৰ চাহাবে দেশৰ প্ৰতি অনন্য  অৱদান আগবঢ়োৱা সত্বেও বহু বছৰ ধৰি তেওঁ প্ৰাপ্য স্বীকৃতি লাভ কৰা নাছিল। বিৰোধী পক্ষই সদায় চৰ্দাৰ চাহাবৰ স্মৃতি মচি পেলোৱাৰ চেষ্টা কৰিছিল। কিন্তু সূৰ্যৰ পোহৰ যেনেদৰে কোনেও ঢাকি ৰাখিব নোৱাৰে, ঠিক তেনেদৰে তেওঁৰ অৱদান আৰু গৌৰৱময় উত্তৰাধিকাৰো কোনেও ম্লান কৰিব নোৱাৰিলে। তেওঁ কয় যে নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়তে ‘একতাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ পৰিকল্পনা গ্ৰহণ কৰিছিল। এই সুউচ্চ স্মৃতিসৌধৰ জৰিয়তে চৰ্দাৰ চাহাবৰ বিশাল ব্যক্তিত্ব আৰু মহান অৱদান সমগ্ৰ দেশৰ সন্মুখত প্ৰতিষ্ঠা কৰা হৈছে। শ্বাহে কয় যে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই একেটা স্থানৰ পৰাই দেশৰ বিভিন্ন প্ৰান্তৰ আৰক্ষী বাহিনীৰ পেৰেডৰ অভিবাদন গ্ৰহণ কৰিব। ইয়াৰ জৰিয়তে ৰাষ্ট্ৰীয় ঐক্যৰ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰা হ’ব।

 

*******

RK / RR / PR / PS/DM


(ৰিলিজ আই ডি : 2330932) অতিথি কক্ষ : 9