বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

এট দ্য টপ, বুৰ্জ খলিফা আৰু ৰিজ’ৰ্টছ ৱৰ্ল্ড চেণ্টোছাৰ অনলাইন বুকিঙৰ বাবে ইউ পি আই গ্ৰহণযোগ্য

সংযুক্ত আৰৱ আমেৰি ৰাষ্ট্ৰ আৰু ছিংগাপুৰলৈ অহা ভাৰতীয় পৰ্যটকসকলে এতিয়া ইউ পি আই-ৰ মাধ্যেমেৰে নিৰবিচ্ছিন্নভাৱে গ্ৰহণ কৰিব পাৰিব বিভিন্ন সেৱা

পোষ্ট কৰা হৈছে: 30 OCT 2026 6:48PM by PIB Guwahati

সংযুক্ত আৰৱ আমেৰি ৰাষ্ট্ৰ আৰু ছিংগাপুৰলৈ অহা ভাৰতীয় পৰ্যটকসকলে এতিয়া ইউ পি আই-ৰ মাধ্যেমেৰে  নিৰবিচ্ছিন্নভাৱে বিভিন্ন সেৱা গ্ৰহণ কৰিব পাৰিব। বিশ্বৰ দুটা প্ৰধান গন্তব্যস্থানলৈ ভ্ৰমণৰ পৰিকল্পনা কৰা ভাৰতীয় দৰ্শনাৰ্থীসকলে এতিয়া তেওঁলোকৰ পছন্দৰ ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ (ইউ পি আই) এপ ব্যৱহাৰ কৰি নিৰবিচ্ছিন্নভাৱে বিভিন্ন সেৱা গ্ৰহণ কৰাৰ লগতে অনলাইন পেমেণ্ট কৰিব পাৰিব। এই বিকাশে গোলকীয় ভাৰতীয় ভ্ৰমণকাৰীসকলৰ বাবে সহজ, মুদ্ৰা বিনিময়ৰ অসুবিধা মুক্ত পৰিকল্পনা সক্ষম কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ চিহ্নিত কৰিছে।

 

নেশ্যনেল পেমেণ্ট কৰ্পোৰেচন অৱ ইণ্ডিয়া (এন পি চি আই) ৰ আন্তঃৰাষ্ট্ৰীয় শাখা এন পি চি আই ইণ্টাৰনেশ্যনেল পেমেণ্টছ লিমিটেডে (এন আই পি এল) অনলাইন বুকিংৰ বাবে ইউ পি আই সক্ষম কৰিবলৈ ক্ৰমে ২০২৬ চনৰ ২৯ জুলাই আৰু ৯ ছেপ্টেম্বৰত ইউ এ ই আৰু ছিংগাপুৰৰ সৈতে ইয়াৰ কৌশলগত অংশীদাৰিত্বৰ কথা ঘোষণা কৰে। ইউ এ ই-ৰ বাবে, এন ই অ’ পি এ ৱাই আৰু এমাৰ এণ্টাৰটেইনমেণ্টৰ সৈতে অংশীদাৰিত্বত, এট দ্য টপ, বুৰ্জ খলিফাৰ বাবে ইউ পি আই গ্ৰহণযোগ্যতাৰ ব্যৱস্থা কৰা হৈছে ।ইয়াৰ জৰিয়তে ইউ এ ই-ত ই-কমাৰ্চৰ বাবে ইউ পি আই ব্যৱহাৰৰ প্ৰথম আকৰ্ষণ হিচাপে গ্ৰহণ কৰা পদক্ষেপ প্ৰতিফলিত হৈছে। ছিংগাপুৰৰ বাবে, এক আগশাৰীৰ পৰিশোধ প্ৰতিষ্ঠান ফ’ম’ পে-ৰ সহযোগিতাত, ইউপিআই গ্ৰহণযোগ্যতা ৰিজ’ৰ্টছ ৱৰ্ল্ড চেণ্টোছালৈ সম্প্ৰসাৰিত কৰাৰ পদক্ষেপ ২০২৫ চনত ছিংগাপুৰত ১২লাখ ভাৰতীয় দৰ্শনাৰ্থীক আদৰণি জনোৱাৰ পিছত গুৰুত্বপূৰ্ণ হিচাপে চিহ্নিত হৈছে।

 

এট দ্য টপ, বুৰ্জ খালিফা আৰু ইউনিভাৰ্চেল ষ্টুডিঅ’ ছিংগাপুৰ, ছিংগাপুৰ অ’চেনিয়াৰিয়াম আৰু এডভেঞ্চাৰ কোভ ৱাটাৰপাৰ্ককে ধৰি আইকনিক ৰিজ’ৰ্টছ ৱৰ্ল্ড চেণ্টোছাৰ দৰে  বিশ্বমানৰ  গন্তব্যস্থানসমূহত অনলাইন ক্ৰয়ৰ বাবে ইউ পি আই-ৰ একত্ৰীকৰণে বিশ্বস্ত আন্তঃসীমান্ত পৰিশোধ অভিজ্ঞতাৰ বৰ্ধিত চাহিদা প্ৰতিফলিত কৰে। ই ভাৰত আৰু ইউ এ ই  তথা ছিংগাপুৰৰ মাজত ডিজিটেল আৰু অৰ্থনৈতিক সেতু শক্তিশালী কৰাৰ লগতে ভাৰতীয় ভ্ৰমণকাৰীসকলক নিৰবিচ্ছিন্ন, সুৰক্ষিত আৰু পৰিচিত বিত্তীয় সঁজুলিৰে শক্তিশালী কৰে।

 

একত্ৰীকৰণৰ মূল বিশেষত্বসমূহ

বিত্ত মন্ত্ৰালয়ে ডিজিটেল উদ্ভাৱনক উৎসাহিত কৰা, সীমা অতিক্ৰমী বাণিজ্যক সুগম কৰা আৰু ভাৰতৰ প্ৰযুক্তিগত দক্ষতাক বিশ্ব মঞ্চত প্ৰক্ষেপ কৰা আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্বক লালন-পালন কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।

 

অতীতৰ পদক্ষেপসমূহ

 

ভাৰতৰ ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ (ইউ পি আই) ৰ জৰিয়তে আইফেল টাৱাৰৰ বাবে টিকটৰ সুবিধা ২০২৪ চনৰ ২৬ জানুৱাৰীত আৰম্ভ কৰা হৈছিল।

 

ইউ পি আই দহখন দেশত গ্ৰহণযোগ্য

ছিংগাপুৰ, সংযুক্ত আৰৱ আমেৰি ৰাষ্ট্ৰ, ফ্ৰান্স, মৰিচাছ, নেপাল, ভূটান, কাটাৰ, শ্ৰীলংকা, কম্বোডিয়া আৰু গ্ৰীছে ভাৰতীয় ভ্ৰমণকাৰীসকলক ইউ পি আই-ৰ জৰিয়তে বিদেশত নিৰবিচ্ছিন্নভাৱে ধন পৰিশোধ কৰিবলৈ সক্ষম কৰি তুলিছে।

 

২০২৬ চনৰ ৩০ আগষ্টত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীৰ উজবেকিস্তান ভ্ৰমণৰ সময়ত ঘোষণা কৰা এক বাণিজ্যিক চুক্তিৰ পিছত উজবেকিস্তান এই তালিকাত একাদশ স্থান লাভ কৰিবলৈ সাজু হৈছে।

 

 

*****

KT/AD/DD


(ৰিলিজ আই ডি : 2330759) অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , हिन्दी , Gujarati , Tamil , Malayalam