পোষ্ট কৰা হৈছে:
30 OCT 2026 7:07PM by PIB Guwahati
ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ২০২৬ চনৰ ৩১ অক্টোবৰ আৰু ১ নৱেম্বৰত মহাৰাষ্ট্ৰ তথা হাৰিয়ানা ভ্ৰমণ কৰিব।
৩১ অক্টোবৰত ৰাষ্ট্ৰপতিগৰাকীয়ে মহাৰাষ্ট্ৰৰ নাছিকত অনুষ্ঠিত হ’বলগীয়া সিংহস্থ মহাকুম্ভৰ ধ্বজ স্তম্ভ পূজন, ধ্বজা পূজন আৰু ধ্বজাৰোহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই উপলক্ষ্যে আয়োজিত এক ৰাজহুৱা অনুষ্ঠানতো তেওঁ ভাষণ প্ৰদান কৰিব।
১ নৱেম্বৰত ৰাষ্ট্ৰপতিগৰাকীয়ে কুৰুক্ষেত্ৰত হাৰিয়ানা ৰাজ্য গঠনৰ ৬০সংখ্যক বৰ্ষপূৰ্তি উপলক্ষ্যে আয়োজিত ‘হীৰক জয়ন্তী’ উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ইয়াৰ লগতে কুৰুক্ষেত্ৰৰ গুৰুকুলত স্বামী শ্ৰদ্ধানন্দ জীৰ আত্মবলিদানৰ শতবৰ্ষ স্মৰণৰ উদ্দেশ্যে অনুষ্ঠিত হ’বলগীয়া বাৰ্ষিক অনুষ্ঠানতো তেওঁ উপস্থিত থাকিব।
****
MJPS/SS/PRK/DM