উপ-ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

বিকশিত ভাৰত ২০৪৭-ৰ সপোন বাস্তৱায়িত কৰিবলৈ সৰ্বাংগীন গ্ৰাম্য উন্নয়নৰ আহ্বান উপ-ৰাষ্ট্ৰপতিৰ :: গান্ধীগ্ৰাম গ্ৰামীণ প্ৰতিষ্ঠানৰ সোণালী জয়ন্তী আৰু ৩৯সংখ্যক সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ

বিকশিত ভাৰত ২০৪৭ৰ লক্ষ্যত দেশৰ যাত্ৰা সবলীকৃত গাঁৱৰ পৰাই আৰম্ভ হ’ব লাগিব :: উপ-ৰাষ্ট্ৰপতি

উন্নত ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত গান্ধীবাদী আত্মনিৰ্ভৰশীলতা আৰু সমাজসেৱাৰ আদৰ্শ আজিও সমানেই গুৰুত্বপূৰ্ণ : উপ-ৰাষ্ট্ৰপতি

পোষ্ট কৰা হৈছে: 30 OCT 2026 3:02PM by PIB Guwahati

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি. পি. ৰাধাকৃষ্ণনে আজি তামিলনাডুৰ ডিণ্ডিগুলত অৱস্থিত গান্ধীব্ৰাম গ্ৰাম্য প্ৰতিষ্ঠানৰ (ডীমড টু বি ইউনিভাৰ্ছিটি) সোণালী জয়ন্তী উদযাপন আৰু ৩৯ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁ কৃতিত্বৰ পৰিচয় দিয়া ছাত্ৰ-ছাত্ৰীসকলক স্বৰ্ণ পদক প্ৰদান কৰে আৰু সকলো স্নাতক ডিগ্ৰীধাৰী ছাত্ৰ-ছাত্ৰীলৈ অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰে।

অনুষ্ঠানত ভাষণ দি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে গাঁৱৰ সৰ্বাংগীণ উন্নয়নৰ জৰিয়তেহে বিকশিত ভাৰত ২০৪৭ৰ সপোন বাস্তৱায়িত কৰিব পৰা যাব বুলি মত প্ৰকাশ কৰি লগতে কয় যে ভাৰতৰ প্ৰকৃত শক্তি গাঁৱত নিহিত হৈ আছে আৰু গ্ৰামোন্নয়ন ৰাষ্ট্ৰীয় উন্নয়নৰ মৌলিক স্তম্ভ হৈ থাকিব লাগিব।

 

তেওঁ কয় যে প্ৰতিখন গাঁৱক চহৰলৈ ৰূপান্তৰিত কৰাটো মূল লক্ষ্য হোৱা উচিত নহয়, বৰঞ্চ গ্ৰামাঞ্চলৰ নাগৰিকসকলেও যাতে উন্নত আন্তঃগাঁথনি, অত্যাৱশ্যকীয় ৰাজহুৱা সেৱা, জীৱিকাৰ সুযোগ আৰু নগৰাঞ্চলৰ সমপৰ্যায়ৰ মৰ্যাদাপূৰ্ণ জীৱন-যাপনৰ সুবিধা লাভ কৰে, সেই কথা নিশ্চিত কৰাটোহে প্ৰয়োজনীয়।

 

মহাত্মা গান্ধীৰ আদৰ্শৰ কথা স্মৰণ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে গান্ধীবগ্ৰামৰ ইতিহাস গান্ধীৰ দৰ্শনৰ সৈতে ওতপ্ৰোতভাৱে সাঙোৰ খাই আছে। তেওঁ স্মৰণ কৰে যে ড° জি. ৰামাচন্দ্ৰন আৰু ড° টি. এছ. সুন্দৰম ৰামাচন্দ্ৰনে মহাত্মা গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ গ্ৰাম্য শিক্ষা, উন্নয়ন আৰু সামাজিক পৰিৱৰ্তনৰ প্ৰসাৰৰ লক্ষ্যৰে এই প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা কৰিছিল।

 

সত্য আৰু অহিংসাৰ চিৰন্তন শক্তিৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই দুটা আদৰ্শৰ জৰিয়তে মহাত্মা গান্ধীয়ে ব্ৰিটিছ সাম্ৰাজ্যৰ শক্তিক প্ৰত্যাহ্বান জনাইছিল আৰু ভাৰতৰ স্বাধীনতা আন্দোলনক নেতৃত্ব দিছিল। গান্ধীবাদী মূল্যবোধে আজিও সমাজ আৰু ৰাষ্ট্ৰক সঠিক পথৰ সন্ধান দিয়ে বুলি তেওঁ মত প্ৰকাশ কৰে।

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত বাৰ বছৰত হোৱা ভাৰতৰ উন্নয়ন যাত্ৰাৰ কথা উল্লেখ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে গ্ৰাম্য গৃহ নিৰ্মাণ, খোৱাপানী, বিদ্যুৎ, পথ, অনাময়, কৃষি আৰু ডিজিটেল সংযোগৰ ক্ষেত্ৰত লাভ কৰা উল্লেখযোগ্য অগ্ৰগতিৰ বিষয়ে দাঙি ধৰে।

 

তেওঁ উল্লেখ কৰে যে ২০১৪ৰ পৰা ২০২৩ চনৰ ভিতৰত প্ৰায় ২৫ কোটি লোক সৰ্বাত্মক দিশক সামৰি লোৱাদৰিদ্ৰতাৰ পৰা মুক্ত হৈছে। বিভিন্ন উন্নয়নমূলক আৰু কল্যাণকামী পদক্ষেপে লাখ লাখ লোকৰ জীৱন-ধাৰণৰ মান উন্নত কৰাত সহায় কৰিছে বুলিও তেওঁ উল্লেখ কৰে।

 

সংযোগ ব্যৱস্থাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে শিক্ষা, স্বাস্থ্যসেৱা, বজাৰ আৰু কৰ্মসংস্থাপনৰ সুযোগে যাতে গ্ৰামাঞ্চলৰ লোকসকলক সামৰি ল’ব পাৰে, তাৰ বাবে উন্নত পথ যোগাযোগ আৰু পৰিবহণ ব্যৱস্থাৰ জৰিয়তে গাঁওসমূহক চহৰ আৰু নগৰৰ সৈতে সংযুক্ত কৰিব লাগিব।

 

তেওঁ স্বচ্ছতা সন্দৰ্ভত অধিক সজাগতা সৃষ্টিৰ ক্ষেত্ৰত স্বচ্ছ ভাৰত অভিযানৰ প্ৰভাৱৰ বিষয়েও উল্লেখ কৰে। ৰাজহুৱা স্থানসমূহৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত হোৱা উন্নতিৰ কথা উল্লেখ কৰি তেওঁ কয় যে পৰিষ্কাৰ-পৰিচ্ছন্নতা কেৱল চৰকাৰৰ দায়িত্ব নহয়, বৰঞ্চ প্ৰতিগৰাকী নাগৰিকৰে সামূহিক দায়িত্ব।

 

কৃষকৰ কল্যাণ দেশৰ খাদ্য সুৰক্ষাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত বুলি উল্লেখ কৰি তেওঁ কৃষক সমাজক সহায় কৰাৰ গুৰুত্বৰ কথা দোহাৰে। তেওঁ যোগ্য কৃষক পৰিয়ালসমূহক বছৰি ৬,০০০ টকাকৈ তিনিটা কিস্তিত পোনপটীয়াকৈ বেংক একাউণ্টলৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ ব্যৱস্থাৰে সমৃদ্ধ পি এম-কিষাণ আঁচনিৰ বিষয়েও উল্লেখ কৰে।

 

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে যে কৃত্ৰিম বুদ্ধিমত্তা, স্বয়ংক্ৰিয়কৰণ আৰু ডিজিটেল প্ৰযুক্তিয়ে দ্ৰুতগতিত বিশ্বৰ ৰূপান্তৰ সাধন কৰাৰ লগতে কৰ্মসংস্থাপনৰ প্ৰকৃতি সলনি কৰিছে। তেওঁ শিক্ষাৰ্থীসকলক ক্ৰমান্বয়ে আগবাঢ়ি অহা প্ৰযুক্তিৰ সৈতে নিজকে খাপ খুৱাই লোৱাৰ লগতে সৃষ্টিশীলতা, সমস্যা সমাধানৰ দক্ষতা আৰু উদ্যোগশীল মনোভাৱ গঢ়ি তুলিবলৈ আহ্বান জনায়।

 

তেওঁ শিক্ষাৰ্থীসকলক কেৱল চাকৰি বিচৰাৰ পৰিৱৰ্তে চাকৰি সৃষ্টিকাৰী হ’বলৈ উৎসাহ প্ৰদান কৰে। সাম্প্ৰতিক কালত মহাত্মা গান্ধীৰ স্বদেশী দৰ্শনৰ প্ৰাসংগিকতাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে ঘৰুৱা উৎপাদন, থলুৱা প্ৰযুক্তি, স্থানীয় উদ্যোগ আৰু যুৱ ভাৰতীয়সকলৰ উদ্ভাৱনক প্ৰসাৰিত কৰাটোৱেই হৈছে স্বদেশীৰ আধুনিক ৰূপ।

 

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে স্নাতক শিক্ষাৰ্থীসকলক তেওঁলোকৰ শিক্ষা আৰু দক্ষতা কেৱল ব্যক্তিগত উন্নতিৰ বাবেই নহয়, বৰঞ্চ সমাজৰ কল্যাণৰ বাবেও ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে শিক্ষাৰ্থীসকলক সৰলতা, আত্মনিৰ্ভৰশীলতা, সামাজিক দায়বদ্ধতা আৰু সেৱাৰ গান্ধীবাদী আদৰ্শক জীৱনৰ পথ-প্ৰদৰ্শক হিচাপে গ্ৰহণ কৰিবলৈকো আহ্বান জনায়।

 

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে শিক্ষাৰ্থীসকলক ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যৰ অপব্যৱহাৰৰ পৰা আঁতৰি থাকিবলৈ আৰু বন্ধু-বান্ধৱ, পৰিয়াল তথা সমাজৰ মাজত সজাগতা সৃষ্টি কৰি নিচামুক্ত সমাজৰ দূত হিচাপে ভূমিকা পালন কৰিবলৈও আহ্বান জনায়।

 

ডীমড টু বি ইউনিভাৰ্ছিটি হিচাপে পঞ্চাশ বছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰা উপলক্ষে গান্ধীগ্ৰাম গ্ৰামীণ প্ৰতিষ্ঠানক অভিনন্দন জনাই উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে আশা প্ৰকাশ কৰে যে প্ৰতিষ্ঠানটোৱে বহনক্ষম গ্ৰাম্য উন্নয়ন, সৰ্বাংগীণ বিকাশ আৰু উদ্ভাৱনীমূলক গৱেষণাৰ আগশাৰীৰ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ অব্যাহত ৰাখিব।

 

এই উপলক্ষে তেওঁ নিজ নিজ ক্ষেত্ৰলৈ আগবঢ়োৱা অসামান্য অৱদানৰ স্বীকৃতিস্বৰূপে তিনিগৰাকী বিশিষ্ট ব্যক্তিক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে। তেওঁলোক হৈছে—বিশিষ্ট আধ্যাত্মিক গুৰু তথা তামিল পণ্ডিত তৱথিৰু কুন্দ্ৰাকুড়ি পন্নম্বলা আদিগলাৰ, ইছৰোৰ প্ৰাক্তন জ্যেষ্ঠ মহাকাশ বিজ্ঞানী শ্ৰী এছ নাম্বি নাৰায়ণন আৰু বিশিষ্ট শিক্ষাবিদ অধ্যাপক এছ এছ এম সুন্দৰম।

 

প্ৰতিষ্ঠানখনৰ শৈক্ষিক আৰু আন্তঃগাঁথনিগত সুবিধা শক্তিশালী কৰাৰ প্ৰয়াসৰ অংশ হিচাপে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে দুটা নতুন ভৱন-পৰীক্ষা আৰু আলোচনা চক্ৰ আয়োজনৰ উদ্দেশ্যে নিৰ্মিত আলোচনা কক্ষ আৰু এটা পুষ্পকুঞ্জ ঐতিহ্য ভৱন উদ্বোধন কৰে।

 

তেওঁ লগতে ডিজিটেল মাধ্যমেৰে আন তিনিটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পকেইটা হৈছে—২২ কেভি বিদ্যুৎ উপকেন্দ্ৰ আৰু নিয়ন্ত্ৰণ কক্ষ, শিক্ষা বিদ্যালয়ৰ বাবে এটা শৈক্ষিক ভৱন আৰু ৩০টা শ্ৰেণীকোঠা সম্বলিত এটা শৈক্ষিক ভৱন চৌহদ।

 

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে “Inclusivity of India’s Ageing Population” শীৰ্ষক এখন গ্ৰন্থও উন্মোচন কৰে। প্ৰতিষ্ঠানটোৰ যাত্ৰাৰ উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত সোণালী জয়ন্তী উপলক্ষে প্ৰকাশ পোৱা এটা স্মাৰক ডাক টিকট আৰু এখন ডাক আৱৰণো তেওঁ উন্মোচন কৰে।

 

এই অনুষ্ঠানত তামিলনাডুৰ ৰাজ্যপাল শ্ৰী ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰ, আচাৰ্য ড° কে এম অন্নামালাই, উপাচাৰ্য ড° এন পঞ্চনাথন, পঞ্জীয়ক ড° কে মাৰিমুথু, অধ্যাপক-অধ্যাপিকা, গৱেষক, শিক্ষাৰ্থী, অভিভাৱক আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

 

***

PR/ASM/VM/UD


(ৰিলিজ আই ডি : 2330476) অতিথি কক্ষ : 11