পোষ্ট কৰা হৈছে:
28 OCT 2026 3:23PM by PIB Guwahati
যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়, শিক্ষা মন্ত্ৰালয় আৰু ইউনেস্ক’ই ‘প্ৰতিটো শ্ৰেণীকোঠাত ক্ৰীড়া মূল্যবোধ আহিলা' ৰ জৰিয়তে সমগ্ৰ ভাৰতৰ শ্ৰেণীকোঠালৈ পৰিষ্কাৰ ক্ৰীড়া মূল্যবোধ কঢ়িয়াই নিয়াৰ অৰ্থে এক বুজাবুজিৰ চুক্তিপত্ৰত ২৮ অক্তোবৰ, ২০২৬ ত স্বাক্ষৰ কৰে। ইয়াৰ লগে লগে বিষয়টোত খেলো ভাৰত নীতি ২০২৫ তো আলোকপাত কৰাৰ সমান্তৰালকৈ কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মান্দৱিয়া তথা কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশীয়ে বুধবাৰে ক্ৰীড়া আৰু শিক্ষাক একত্ৰিত কৰাৰ প্ৰয়োজনীয়তাৰ কথা পুনৰ দোহাৰে।
ৰাষ্ট্ৰীয় ডোপিং বিৰোধী সংস্থা (নাডা) ভাৰতৰ পৰিষ্কাৰ ক্ৰীড়া সন্মিলনত বুজাবুজিৰ চুক্তিপত্ৰ আদান-প্ৰদান কৰা হয়। এই পদক্ষেপৰ উদ্দেশ্য হৈছে শিক্ষা, ক্ৰীড়া আৰু দৈনিক শ্ৰেণীকোঠাৰ কাৰ্যকলাপৰ জৰিয়তে শিশুসকলৰ মাজত সন্মান, সততা আৰু ন্যায়পৰায়ণতাৰ দৰে মূল্যবোধ অন্তৰ্নিহিত কৰা। সমগ্ৰ দেশৰে শিক্ষাৰ্থীসকলৰ ওচৰলৈ যোৱা আৰু এটা শক্তিশালী তথা অধিক ন্যায়সংগত ক্ৰীড়া পৰিস্থিতিতন্ত্ৰ গঢ়ি তোলাৰ লক্ষ্যৰে এই টুলকিটৰ ভিডিঅ' মডিউলসমূহ ১৩টা ভাৰতীয় ভাষাত উপলব্ধ কৰা হ'ব।
ড° মান্দৱিয়া আৰু শ্ৰী যোশীৰ উপৰি এই সন্মিলনত ইউনেস্ক’ৰ দক্ষিণ এছিয়াৰ আঞ্চলিক কাৰ্যালয়ৰ সঞ্চালক ড° টিম কাৰ্টিছ, শিক্ষা মন্ত্ৰালয়ৰ বিদ্যালয় শিক্ষা বিভাগৰ সচিব ড° টি কে অনিল কুমাৰ, যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ ক্ৰীড়া বিভাগৰ সচিব শ্ৰী হৰি ৰঞ্জন ৰাও আৰু নাডাৰ সঞ্চালক প্ৰধান শ্ৰী অনন্ত কুমাৰ উপস্থিত থাকে। মঙলবাৰে ইউনেস্ক’ৰ ডোপিং বিৰোধী সন্মিলনৰ বিধিবদ্ধ সভাত অংশগ্ৰহণ কৰা আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিসকলেও এই সন্মিলনত অংশগ্ৰহণ কৰে। ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় জেভেলিন থ্ৰ’ খেলুৱৈ শচীন যাদৱেও এই সন্মিলনত অংশগ্ৰহণ কৰে।
ডঃ মান্দৱিয়া ই শিক্ষা মন্ত্ৰালয়ৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে এই সহযোগিতাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ক্ৰীড়া আৰু শিক্ষাক একত্ৰিত কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে। "ক্ৰীড়াৰ উৎকৃষ্টতা আৰু ক্ৰীড়া ঐক্য সমান্তৰালভাৱে আগবঢ়া উচিত। ক্ৰীড়াৰ সফলতাৰ বাবে প্ৰতিভা, অনুশাসন আৰু কঠোৰ পৰিশ্ৰম অত্যাৱশ্যকীয়, কিন্তু ঐক্য, নিৰপেক্ষতা আৰু বিশ্বাসযোগ্যতা সমানেই গুৰুত্বপূৰ্ণ", ভাৰতৰ ক্ৰীড়াৰ বৰ্ধিত উচ্চাকাংক্ষাৰ লগতে পৰিষ্কাৰ ক্ৰীড়া সজাগতা শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰি ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে কয়।
ভাৰতীয় ক্ৰীড়াৰ বৰ্ধিত শক্তি আৰু উচ্চাকাংক্ষাক প্ৰতিফলিত কৰি তেওঁ এছিয়ান গেমছ আৰু এছিয়ান পেৰা গেমছত ক্ৰমে ভাৰতৰ চতুৰ্থ স্থান লাভৰ কথাও উল্লেখ কৰে। অৱশ্যে শিক্ষা, প্ৰতিৰোধ, পৰীক্ষা আৰু বলৱৎ কৰাৰ ক্ষেত্ৰত ধাৰাবাহিক প্ৰচেষ্টাৰ প্ৰয়োজন সাপেক্ষে ডোপিং এক গুৰুতৰ উদ্বিগ্নতাৰ বিষয় হিচাপে পৰিগণিত হৈছে। "২০২৫-২৬ বৰ্ষত ভাৰতৰ ৰাষ্ট্ৰীয় ডোপিং বিৰোধী সংস্থাই ৩৫০ৰো অধিক পৰীক্ষা আৰু শিক্ষা তথা সজাগতা অধিৱেশন অনুষ্ঠিত কৰি অংশগ্ৰহণকাৰীসকলৰ কাষ চাপিছিল", ড° মান্দৱিয়াই লগতে কয়।
সমান্তৰালকৈ কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী জনে কয়-"ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়, গান্ধীনগৰ আৰু হায়দৰাবাদৰ ৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানত এই সম্পৰ্কীয় পৰীক্ষা সুবিধাসমূহে অনিচ্ছাকৃত ডোপিংৰ ঘটনা প্ৰতিৰোধ কৰাত অধিক সহায় কৰে। আনহাতে নাডাৰ ভিতৰত তদন্ত আন্তৰ্জাতিক অনুশীলনৰ সৈতে সংগতি ৰাখি শক্তিশালী কৰা হ’ব। এই বছৰ ৰাষ্ট্ৰীয় ডোপিং বিৰোধী আইন বলৱৎ হয় আৰু চৰকাৰে সংসদৰ আগত ডোপিং সম্পৰ্কীয় কাৰ্যকলাপৰ অপৰাধীকৰণৰ ব্যৱস্থাৰ বাবে প্ৰস্তুতি চলাই আছে"।
শিক্ষা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে এই বুজাবুজি চুক্তিয়ে শিক্ষা আৰু ক্ৰীড়াৰ মাজত দীৰ্ঘদিনীয়া ব্যৱধান দূৰ কৰাত সহায় কৰিব। শিক্ষাৰ ক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰা শিক্ষাৰ্থীসকলে সদায় ক্ৰীড়াত অংশগ্ৰহণ নকৰে বুলি উল্লেখ কৰি তেওঁ লগতে তৃণমূল পৰ্যায়ৰ সুযোগ শক্তিশালী কৰা আৰু যুৱ খেলুৱৈসকলৰ বাবে উন্নত পথ নিৰ্মাণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
"এই বুজাবুজি চুক্তিখন দীৰ্ঘদিন ধৰি অবহেলিত হৈ অহা শিক্ষা আৰু ক্ৰীড়াৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এই পদক্ষেপৰ জৰিয়তে আমি ক্ৰীড়াৰ মূল্যবোধবোৰ প্ৰতিটো শিশুৰ শৈক্ষিক অভিজ্ঞতাৰ এক অবিচ্ছেদ্য অংশ হোৱাটো নিশ্চিত কৰিবলৈ কাম কৰি আছো", শ্ৰী যোশীয়ে কয়। "মই অতি আনন্দিত যে শিশুসকলক এতিয়া পৰিষ্কাৰ ক্ৰীড়া আৰু ইয়াৰ সৈতে জড়িত মূল্যবোধৰ বিষয়ে শিক্ষিত কৰা হৈছে। এই আহিলাৰ জৰিয়তে প্ৰৱৰ্তন কৰা মূল্যবোধবোৰ শ্ৰেণীকোঠাৰ বাহিৰলৈও সম্প্ৰসাৰিত হ’ব লাগিব আৰু সমাজৰ প্ৰতিটো শ্ৰেণীত উপনীত হ’ব লাগিব। শিক্ষাৰ সৈতে ক্ৰীড়াৰ মূল্যবোৰ একত্ৰিত কৰি আমি দায়িত্বশীল নাগৰিকসকলক প্ৰতিপালন কৰাত আৰু কম বয়সৰ পৰাই নিৰপেক্ষতা তথা ঐক্যৰ সংস্কৃতি গঢ়ি তোলাত সহায় কৰিব পাৰোঁ। "
ডঃ টিম কাৰ্টিছে লাখ লাখ যুৱক-যুৱতীক স্পৰ্শ কৰা তথা আন দেশসমূহে শিকিব পৰা এক আৰ্হি আগবঢ়োৱাৰ সম্ভাৱনাৰে সমৃদ্ধ এই বুজাবুজি চুক্তিক ভাৰতৰ সৈতে ইউনেস্ক’ৰ অংশীদাৰিত্বৰ এক নতুন অধ্যায় আখ্যা দিয়ে।"শ্ৰেণীকোঠাৰ প্ৰতিটো শিশুৱে নিয়ম অনুসৰি খেলাৰ অৰ্থ কি সেয়া শিকিব পাৰে। এই আহিলাৰ জৰিয়তে আমি সন্মান, অখণ্ডতা আৰু নিৰপেক্ষতাকে ধৰি শিক্ষা আৰু ক্ৰীড়াত তিনিটা মৌলিক মূল্যবোধ আনিছোঁ", অষ্ট্ৰেলিয়াৰ নাগৰিক গৰাকীয়ে কয়।
"এই আহিলাই ধাৰণা গঢ়ি তোলাৰ লগতে ই হৈছে এটা ব্যৱহাৰিক সম্পদ। কিন্তু শিক্ষকসকলে এই মূল্যবোধবোৰ জীৱন্ত কৰি তোলে। আমি দৈনন্দিন বিদ্যালয়ত শিশুসকলৰ ৰেহ ৰূপ আৰু পৰস্পৰৰ প্ৰতি ব্যৱহাৰ পৰ্য্যবেক্ষণ কৰা প্ৰয়োজন। পৰ্য্যবেক্ষকৰ দৃষ্টিত নাথাকিলেও শিশুসকলে নিৰপেক্ষভাৱে খেলাৰ জৰিয়তে এই মূল্যবোধসমূহৰ প্ৰকৃত পৰীক্ষা সম্পন্ন হয় । এই ধৰণৰ ঐক্যক আমি কম বয়সৰ পৰাই উৎসাহিত কৰিব বিচাৰো।", ড° কাৰ্টিছে লগতে কয়।

*****
Ayushman Kumar/DD